চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফিডেল, তুমি আকৌ আহিবা ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

ফিডেল, তুমি আকৌ আহিবা ( ডা: অজিত কুমাৰ পটঙ্গীয়া )

কিউবা দেখিছা, দেখা নাই কেতিয়াও
শুনিছো মাথোঁ…
নীলিম সাগৰৰ বুকুৰ ৰঙা নিচানৰ গাঁথা…

অতীতত মানুহ সত্য পালনৰ বাবে বনলৈ গৈছিল। ৰাম-লক্ষণ গৈছিল। ঋষি-মুনিসকল গৈছিল। পৃথিবীত সুদূৰ অতীতৰ পৰা আজিলৈকে ন্যায় বিচাৰি মানুহ বনলৈ গৈ আছে – সেউজ গছৰ ছাঁত বহি, সেউজ আভৰণ পিন্ধি অত্যাচাৰী কোনো শাসকে জনগণৰ প্ৰতি কৰা ভূলবোৰ শুধৰাই দিবলৈ, বতাহৰ গোন্ধ লৈ, গছৰ পাত খাই, বৰষুণৰে তৃষ্ণা নিবাৰণ কৰি নতুন সৰগ, নতুন মৰত ৰচনা কৰিবলৈ। তেনেদৰে এদিন লেটিন আমেৰিকাৰ কিংবদন্তি বিপ্লৱী চে গুৱেভাৰা আৰু ফিডেল কাষ্ট্ৰও বনলৈ গৈছিল। কিউবাৰ জনসাধাৰণক দুৰ্নীতিপৰায়ণ আৰু নিষ্ঠুৰ আমেৰিকাৰ পুতলা শাসক বাতিস্তাৰ স্বৈৰতান্ত্ৰিক অপশাসনৰ পৰা মুক্ত কৰিবলৈ।

শৈশৱ হৈছে পখিলা খেদাৰ বয়স। সোণালী সপোন দেখাৰ বয়স। শৈশৱতে মই এসময়ৰ পাণবাৰী চাহ বাগিছাৰ পৰিচালন সঞ্চালক বৰদেউতাৰ কোলাত বহি ফেন্টম, ৰবীন হুড, দস্যু ভাস্কৰ, পাঁচ ফুকনৰ কল্প কাহিনী যিদৰে শুনিছিলো, সেই একেদৰে শুনিছিলো লেটিন আমেৰিকাৰ চে গুৱেভাৰা আৰু ফিডেল কাষ্ট্ৰোৰ বনবাস আৰু গেৰিলা যুদ্ধৰ সঁচা কাহিনী। মেক্সিকোৰ পৰা কিউবালৈ মাত্ৰ ১৮ জন যাত্ৰী কঢ়িয়াব পৰা সেই গ্ৰানমা নামৰ অকণমানি জাহাজখনত ফিডেলৰ সৈতে ৮১ জন গেৰিলা যুঁজাৰু উঠি আহিছিল। লগত আছিল চে গুৱেভাৰা, ৰাউল কাষ্ট্ৰো, কেমিলো কেনফুজ। কিউবাত নমাৰ পাছত তাৰে মাত্ৰ ১৯ জনহে বাচি ৰৈছিল। বাকীসকলৰ মৃত্যু হৈছিল। সেই ১৯ জনৰেই আৰম্ভ কৰি কিউবান বিপ্লৱক সফলতাৰ ফালে আগুৱাই নিছিল। ফিডেল কাষ্ট্ৰোৰ ভাষাত – ‘বিপ্লৱ মানুহৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে ইয়াৰ আদৰ্শৰ ওপৰত| আদৰ্শক হত্যা কৰিব নোৱাৰি।’ গেৰিলা যুঁজৰ কৌশলবোৰৰ কথা শুনি থাকিলে শুনি থাকিব মন যোৱা। যি কল্প কাহিনীতকৈয়ো ৰোমান্টিক। এডভেন্সাৰ পুৰ্ণ। ফিডেল কাষ্ট্ৰো, চে গুৱেভাৰা, কেমিলো কেনফুজ, তানিয়া – তেওঁলোকৰ নাম পৃথিবীৰ বিপ্লৱৰ ইতিহাসত সদায় থাকি যাব। কেতিয়াবা মুখত হাভানা চিগাৰ লৈ এক অভিজাত ব্যৱসায়ীৰ ৰূপত উৰাজাহাজত, কেতিয়াবা কৃষক-শ্ৰমিকৰ ৰূপত, কেতিয়াবা অন্য এক সাজত – বেশ সলাই এইদৰে লেটিন আমেৰিকাত কিউবাৰ বিপ্লৱৰ বীজ চটিয়াই ফুৰাব খোজা কিংবদন্তি ডেকা চে গুৱেভাৰৰ সৈতে ফিডেলে মাত্ৰ কেইজনমান সৎ, দেশপ্ৰেমী, আদৰ্শবাদী গেৰিলা যুঁজাৰুৰে যুঁজ আৰম্ভ কৰি কিউবাৰ জনসাধাৰণক আমেৰিকান সাম্ৰাজ্যবাদৰ দালাল নিষ্ঠুৰ দুৰ্নীতিপৰায়ণ শাসক বাতিস্তাৰ স্বৈৰতান্ত্ৰিক অপশাসনৰ পৰা মুক্ত কৰা কিউবা বিপ্লৱৰ ৰোমাঞ্চকৰ কাহিনী। সেয়াও সম্ভৱ কৰিছিল বিশ্বত সাম্ৰাজ্যবাদৰ চৰ্দাৰ হিচাবে পৰিচিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাকৰ তলতে থাকি, ফ্ল’ৰিডাৰ পৰা সাগৰেদি মাত্ৰ ১৪৫ কি:মি: দূৰত থকা কিউবা নামৰ এটা সৰু দ্বীপত – ভাবিলে আচৰিত লাগে। মোৰ শৈশৱ – মোৰ যৌৱন পাৰহৈ তেতিয়াৰ পৰা আজিলৈকে মোক চে গুৱেভাৰা-ফিডেল কাষ্ট্ৰ হোৱাৰ সপোনে খেদি ফুৰিছে – বিশ্বৰ অগণন বিপ্লৱী চিন্তাৰে সমৃদ্ধ যৌৱনাদীপ্ত যুবক-যুবতীৰ দৰে।

১৯২৬ চনৰ ১৩ আগষ্টত কিউবাৰ এটি ধনী কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা ফিডেলে আলেকজেন্দ্ৰাৰ কাষ্ট্ৰো হাভানা বিশ্ববিদ্যালয়ত আইন পঢ়ি থকা সময়ত বাওঁপন্থী তথা সাম্ৰাজ্যবাদ বিৰোধী ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে। ১৯৫৩ ৰ পৰা ১৯৫৯ চনলৈকে হোৱা কিউবা বিপ্লৱৰ যোগেদি কিউবাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পৰা লৌহমানৱ ফিডেল কাষ্ট্ৰোৱে ১১ জনকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হুংকাৰক অংগুষ্ঠ প্ৰদৰ্শনৰে দেশখনত কিউবাৰ উপযোগীকৈ সমাজবাদী সমাজব্যৱস্থা প্ৰতিষ্ঠা কৰি আমেৰিকান সাম্ৰাজ্যবাদীৰ ক্ৰীড়াভূমিত পৰিণত হোৱাৰ পৰা ৰক্ষা কৰিছিল। আনকি ছোভিয়েট ৰাছিয়া আৰু চীনে বজাৰ অৰ্থনীতি আকোঁৱালি লৈ পুঁজিবাদৰ পিনে উভতনি যাত্ৰা আৰম্ভ কৰাৰ পাছতো তেওঁ সমাজবাদৰ পৃষ্ঠপোষকতা এৰি দিয়া নাছিল। ১৯৬০ চনৰ ২৬ ছেপ্তেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাত তেওঁ যি চাৰে চাৰি ঘন্টাজোৰা তথ্যসমৃদ্ধ আৰু তীক্ষ্ণ পৰ্যালোচনামূলক বক্তব্যৰে কিউবাত তেওঁলোকে গঢ়িব খোজা সমাজ ব্যৱস্থাৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ ৰূপৰেখা বিস্তৃতভাৱে তুলি ধৰিছিল সি আজিও এক ঐতিহাসিক দলিল। এই সমাজবাদী ব্যৱস্থাৰ যোগেদি তেওঁ আৰু তেওঁৰ উত্তৰসূৰীসকলে কিউবাত শ্ৰমিক শ্ৰেণীৰ জীৱনধাৰণৰ মান বৃদ্ধি কৰাৰ লগতে শিক্ষা আৰু স্বাস্থ্যৰ মান বিশ্বৰ উন্নত ৰাষ্ট্ৰৰ সমকক্ষ কৰি তুলিছে। এবাৰ নহয় দুবাৰ নহয় ৬৩৮ বাৰ আমেৰিকাৰ চিআইএ তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু প্ৰত্যেকবাৰেই ব্যৰ্থ হৈছিল। এই সম্পৰ্কে ৰসিকতা কৰি মোহনীয় ব্যক্তিত্বৰ অধিকাৰী কাষ্ট্ৰোয়ে কৈছিল – ‘যদি মোক হত্যাৰ ষড়যন্ত্ৰ ওফৰোৱা খেল অলিম্পিকত অন্তৰ্ভূক্ত হ’লহেঁতেন, মই নিশ্চিত ভাবে সোণৰ পদক পালোহেঁতেন।’ কাষ্ট্ৰো আছিল আদৰ্শ, সততা, ন্যায় আৰু সাহসৰ প্ৰতীক। তেওঁ কিউবাত নিজৰ কোনো মূৰ্তি সাজি বা তেওঁৰ নামত কোনো পথৰ নামাকৰণ কৰি যুগমীয়া হ’ব খোজা নাছিল। ফিডেল কাষ্ট্ৰোয়ে সমাজবাদৰ ৰক্ষাৰ হকে যুঁজি আমেৰিকাৰ নেতৃত্বত সাম্ৰাজ্যবাদীসকলৰ ভীতি প্ৰদৰ্শন, ষড়যন্ত্ৰ, আক্ৰমণ প্ৰতিহিত কৰাৰ দৰে যি প্ৰশংসনীয় সংগ্ৰাম আৰু নেতৃত্বকাৰী ভূমিকা পালন কৰিছিল৷ সেয়া অকল লেটিন আমেৰিকাই নহয়, সমগ্ৰ বিশ্বৰ সকলো দেশৰ সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰামী আৰু সাম্যবাদী বিপ্লৱী সকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব। এইগৰাকী প্ৰকৃত আন্তৰ্জাতিকতাবাদী নেতাই সমগ্ৰ বিশ্বৰ নিপিড়িত জনগণ আৰু পুঁজিবাদ বিৰোধী সমাজতান্ত্ৰিক বিপ্লৱ গঢ়ি তোলাৰ বাবে নিয়োজিত বিপ্লৱী সকলৰ হৃদয়ত চিৰদিন জীয়াই থাকিব। ফিডেল কাষ্ট্ৰ আজি মাথো এটি নাম নহয়, এক বিপ্লবী সত্তা – মুক্তিকামী লক্ষ্যজনৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস৷

চে গুৱেভাৰা আৰু ফিডেল কাষ্ট্ৰোৰ বিপ্লৱী দৰ্শনক কিছুমানে নসাৎ কৰিবলৈ কয় যে তেওঁলোক ৰোমান্টিক এডভেন্সাৰ প্ৰিয় বিপ্লৱী আছিল। পিচে সমাজবাদী ছোভিয়েট বিপ্লৱৰ ৰূপকাৰ লেনিনে কৈছিল: ‘এটা কথা নক’লেও হ’ব যে, ৰোমান্টিকতা এৰি আমি চলিব নোৱাৰো। ৰোমান্টিকতা ক’ম থকাত কৈ অলপ বেছি থকাতো ভাল। যিসকল বিপ্লৱী ৰোমান্টিক তেওঁলোকৰ প্ৰতি মই সকলো সময়তে মৰম অনুভৱ কৰো, আনকি যেতিয়া তেওঁলোকৰ লগত আমাৰ মতৰ অমিল হয় তেতিয়াও।’ কাৰণ ৰোমান্টিক মানুয়েহে ধনী-দুখীয়া নথকা এখন ধুনীয়া শ্ৰেণীহীন, শোষণহীন সমাজৰ সপোন দেখিব পাৰে।

বধ্যভুমিত যি গোলাপৰ জন্ম দিয়ে
মাত্ৰ এমুঠি বিপ্লৱী লৈ জেলৰ প্ৰাচীৰ ভাঙে
তাতহে সাম্ৰাজ্যবাদীৰ চাপ খোৱা বিবৰ্ণ মানুহৰ
তেজৰ টোপালৰ পৰা জন্ম লয় ৰঙা গোলাপ।

আজি প্ৰতীক্ষাত সাম্ৰাজ্যবাদৰ ধৰ্ষিত ভাৰতবৰ্ষ
আমাৰ সুতীক্ষ্ণ যন্ত্ৰণাত ভাহি থকা
আবেগ আৰু অনুভূতিত আঘাত হানি
কেতিয়া সপোনৰ পুৱাত জাগি উঠিব ভাৰতবৰ্ষ
এক দমবন্ধ প্ৰতীক্ষাৰ অৱসান হ’ব !

এটা জীৱন
যি দেখুৱাব সাম্ৰাজ্যবাদক ৰঙাচকু
সমগ্ৰ ভাৰতৰ
সমগ্ৰ বিশ্বৰ সংগ্ৰামী মানুহৰ নেতৃত্ব ল’ব !
নতজানু হৈ মাতৃৰ ওচৰত প্ৰাৰ্থনা জনাইছো
আৰু এজন ফিডেল কাষ্ট্ৰোৰ…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে