চ’ৰাঘৰ / সমকাল / অসমৰ ৰাজনীতি আৰু আঞ্চলিকতাবাদৰ বিপৰ্যয় ( অৰুণ বৰুৱা)

অসমৰ ৰাজনীতি আৰু আঞ্চলিকতাবাদৰ বিপৰ্যয় ( অৰুণ বৰুৱা)

স্বতন্ত্ৰতা মানুহৰ নিচা৷ মানুহৰ সমাজত মানুহ হিচাপে জীয়াই থাকিবলৈ মানুহক স্বাধীনতা লাগে৷ খাদ্য আৰু বস্ত্ৰৰ দৰে ইয়ো মানুহৰ মৌলিক প্ৰয়োজন৷ আদিম স্তৰ সামৰি সামাজিক জীৱনৰ ফালে ধাৱমান হোৱাৰে পৰা মানুহক ব্যক্তি স্বতন্ত্ৰতাৰ লগে লগে সামাজিক আৰু শেষত ৰাজনৈতিক স্বাধীনতাৰ আৱশ্যকতা আহি পৰিছিল৷ যাৰ ফলতেই পৃথিৱীৰ মানচিত্ৰৰ আভ্যন্তৰীণ সীমাৰেখা নিতৌ সলনি হৈছে৷
মধ্যযুগীয়া ৰাজতান্ত্ৰিক শাসনৰ পৰিসমাপ্তিৰ লগে লগে সৰ্বসাধাৰণৰ শক্তি আৰু সামৰ্থ্যই শাসনৰ বাঘজৰী তুলি ল’লে৷ লগে লগে দেশে-দেশে গণতন্ত্ৰৰ বাবে দুৱাৰ মুকলি হ’ল৷ নিেজই নিজকে শাসন কৰিবলৈ পোৱাৰ নিচাত পৃথিৱীৰ ইমূৰৰপৰা সিমূৰলৈ মানুহবোৰ মতলীয়া হ’ল৷ বিশেষকৈ ইউৰোপৰ জাতি ৰাষ্ট্ৰৰ ঔপনিৱেশিকতাৰ কবলৰ পৰা স্বাধীনতা লাভ কৰা এচিয়া আৰু আফ্ৰিকাৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ দৰিদ্ৰ দেশবোৰ৷ সেইবোৰ দৰিদ্ৰ জনসাধাৰণে স্বাধীনতা আৰু গণতন্ত্ৰ শব্দ দুটাৰ মাজত উন্নয়ন, বিকাশ আৰু আত্মস্বতন্ত্ৰতাৰ সপোন দেখিবলৈৰ ধৰিলে৷ পিছে গণতন্ত্ৰৰ হাততো যে জনগণৰ সকলো ইচ্ছা, আকাংক্ষা পূৰণ কৰাৰ সামৰ্থ্য নাথাকে, তাক বুজিবলৈ মানুহৰ বেছি দিন নালাগিল৷ অথচ ৰাজনৈতিক ক্ষেত্ৰখনত গণতন্ত্ৰতকৈ উৎকৃষ্ট বিকল্পও নোহোৱা হ’ল৷ সেইবাবে মানুহে গণতান্ত্ৰিক ব্যৱস্থাৰ মাধ্যমতে সীমিত সংখ্যক আৱশ্যকতা পূৰাবলৈ ৰাজনৈতিক দল—সংগঠনসমূহৰ আশ্ৰয় লোৱা আৰম্ভ কৰিলে৷ ক্ৰমশঃ ভিন্ন আদৰ্শ আৰু লক্ষ্যৰ বেনাৰেৰে বেলেগ বেলেগ ৰাজনৈতি দলৰ জন্ম হ’ব ধৰিলে৷ বহুতে আকৌ ৰাতিটোৰ ভিতৰতে ৰাজনৈতিক দল গঠন কৰি নেতৃত্ব প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে৷
আত্মকেন্দ্ৰিকতা মানুহৰ স্বাভাৱিক বৈশিষ্ট্য৷ নিজৰ, ঘৰখন, পৰিয়াল, সমাজ, জাতি আৰু ভাষাজনিত আত্মীয়তাৰে চিন্তাবোৰ আৰম্ভ কৰে আৰু উন্নতিৰ সমান্তৰালকৈ মানুহে ভাষিক আৰু স্বগোষ্ঠীয় বিকাশ আৰু নিৰাপত্তাৰ প্ৰতি ক্ৰমান্বয়ে সচেতন হ’বলৈ ধৰিলে৷ জাতি-ভাষা আৰু ধৰ্মীয় একতাৰ উদ্ধত থকা ৰাষ্ট্ৰীয় দলসমূহে ৰাজ্যিক আৰু জাতীয় সত্তাক সমভাৱে বিকশিত কৰিবলৈ বহু সময়ত অসমৰ্থ হৈ পৰে৷ তেনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰৰ অন্তৰ্গত অংগ ৰাজ্যসমূহে ৰাজ্যিক পৰ্যায়ৰ আৰু স্বজাতীয় উন্নয়নৰ স্বাৰ্থত আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম দিয়ে৷ জনপ্ৰিয়তাই এনেবোৰ দলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ পৰ্যবসিত কৰে ৷ জনসংখ্যা বিস্ফোৰণ আৰু গোলকীকৰণৰ বাবে পৃথিৱীৰ মানচিত্ৰৰ পৰা জাতি ৰাষ্ট্ৰসমূহৰ অস্তিত্ব নিঃশেষ হৈ পৰিছে৷ এতিয়া পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰৰে পৃথিৱীৰ প্ৰায় অৰ্ধেক জনগোষ্ঠীৰ প্ৰতিনিধিয়ে স্থায়ীভাৱে বসবাস কৰে৷ বিশেষকৈ ভাৰতবৰ্ষৰ দৰে প্ৰব্ৰজনকাৰীয়ে পৰিপূৰ্ণ ৰাষ্ট্ৰত বসবাস কৰা ভিন ভিন জনগোষ্ঠীৰ দাবী পূৰণ কৰাটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ দ্বাৰা অসম্ভৱ হৈ আহিবলৈ ধৰিলে৷ বিশেষকৈ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে বহু সময়ত উদাসীন হৈ পৰাৰ বাবে উপেক্ষিত ৰাজ্যসমূহত প্ৰয়োজনীয়তাৰ লগে লগে আৱেগিক ভাৱেও আঞ্চলিক দলবোৰ গঠিত হ’বলৈ ধৰিলে৷
যোৱা শতিকাৰ ৮০ দশকৰ পৰা ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত আঞ্চলিক দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ বৰ্তমানলৈকে ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত আঞ্চলিক দলৰ নেতৃত্বত চৰকাৰ গঠন হৈছে আৰু বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতাও লাভ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি বহু সময়ত কেন্দ্ৰীয় চৰকাৰৰ উত্থান-পতনতো আঞ্চলিক দলসমূহে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ ভাৰতৰ দৰে বিশাল আৰু বিচিত্ৰতাৰে ভৰপূৰ দেশ এখনত আঞ্চলিকতাবাদ, উপ-আঞ্চলিকতাবাদ আদিবোৰ এৰাব নোৱাৰা বৈশিষ্ট্য৷ নানা ভাষা, ধৰ্ম, বিভিন্ন জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়েৰে পৰিবেষ্টিত দেশ এখনত ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰ সমান্তৰালভাৱে সুস্থ আঞ্চলিকতাবাদৰো যে প্ৰয়োজনীয়তা আছে, সেয়া অস্বীকাৰ কৰিব নোৱৰি৷
আঞ্চলিকতাবাদৰ উত্তৰণৰ ফলস্বৰূপে ভাৰতত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে৷ এই দলসমূহে নিজ নিজ অঞ্চলৰ জাতি, মাটি, শিপা, সংস্কৃতি, ভাষা-সাহিত্য, সুৰক্ষাৰ কাৰণে সৰ্বতোপ্ৰকাৰে দায়বদ্ধ৷ এনে এক ঐতিহাসিক কাৰণতে অসমতো ১৯৮৫ চনত প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল৷ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা ঐতিহাসিক অসম আন্দোলনৰ সফল পৰিসমাপ্তিত অসম গণ পৰিষদৰ জন্ম হৈছিল৷ দলটোৰ লক্ষ্য আছিল বিদেশী মুক্ত অসম গঢ়াৰ লগতে জাতি-মাটি আৰু খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে দলটোৱে সকলো সময়তে অতন্দ্ৰ প্ৰহৰীৰ দৰে দায়িত্ব পালন কৰিব৷ সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে অসমৰ জ্বলন্ত সমস্যাৰ ওপৰত যিমান গুৰুত্ব দিব লাগে, সিমান গুৰুত্ব নিদিয়াৰ বাবে ৰাজ্যখন সীমাহীন সমস্যাত জৰ্জৰিত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে অসমক মাহীআইৰ দৃষ্টি পোষণ কৰে আৰু এই অঞ্চলৰ উন্নয়নৰ প্ৰতি কোনোধৰণৰ দায়বদ্ধতা প্ৰদৰ্শন নকৰে৷ অসম গণ পৰিষদে ৰাজনৈতিক ক্ষমতা লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাসূচক দৃষ্টিভংগীক উপযুক্ত প্ৰত্যুত্তৰ দিব আৰু অসমক দেশৰ বাকী অংশৰ সৈতে ফেৰ মাৰিব পৰাকৈ আগুৱাই নিব৷ ৰাজ্যখনৰ প্ৰায়বোৰ জ্বলন্ত সমস্যাই দলটোৱে ক্ষমতালৈ আহিলে সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল৷
অসমৰ শাসনৰ বাঘজৰী পোনপ্ৰথমবাৰৰ বাবে এটা আঞ্চলিক ৰাজনৈতিক শক্তিয়ে নিয়ন্ত্ৰণ কৰাৰ সুবিধা পালে৷ কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ পাছৰে পৰা অসমৰ প্ৰতি কৰা অৱহেলাৰ বিপৰীতে অসমৰ সৰ্বাংগীন বিকাশৰ উত্তৰ দায়িত্ব আহি পৰিল দলটোৰ ওপৰত৷ অসমৰ ৰাইেজ অসম চুক্তিৰ প্ৰতিটো দফাৰ বাস্তৱায়িত ৰূপ চাবলৈ উত্ৰাৱল হৈ পৰিল৷ পিছে বিড়ম্বনাৰ কথাটো হ’ল, অগপ দলে প্ৰথম পাঁচটা বছৰৰ কাৰ্যকালকে সুচাৰুৰূপে পাৰ কৰিব নোৱাৰিলে৷ অপৰিপক্কতা আৰু ৰাজনৈতিক বুদ্ধিমত্তাৰ অভাৱত অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰাত দলটো বিফল হ’ল৷ জনসাধাৰণে বুজি উঠিল যে সভা-সমিতিত উদাত্ত কণ্ঠেৰে ভাষণ দিয়া আৰু তাক কাৰ্যকৰী কৰাৰ মাজত থকা আকাশ-পাতালৰ তফাৎ৷ দুৰ্ভাগ্যজনকভাৱে শাসনৰ ভাৰ দখল কৰি দলটোৰ যুৱমন্ত্ৰী আৰু বিধায়কসকলে পৰিয়াল-পৰিজনৰ বাবে অৰ্থনৈতিক নিৰাপত্তা গোটোৱাৰ বাহিৰে প্ৰথম পাঁচটা বছৰত অসমবাসীৰ বাবে একো নকৰিলে৷ হতাশ হ’ল অসমবাসী৷ তথাপি, ৰাজনৈতিক ভাৱে অপৰিপক্ক বুলি ভাবি লৈ পাঁচটা বছৰৰ বিৰতিৰ পাছতেই পুনৰ দলটোৰ হাতত অসমবাসীৰ ভৱিষ্যৎ তুলি দিলে৷ অসমবাসীৰ আশা আৰু বিশ্বাস আছিল, দলটোৱে প্ৰথম পাঁচ বছৰত কৰা ভুলবোৰ সংশোধন কৰি ল’ব আৰু প্ৰতিশ্ৰুতিবোৰ বাস্তৱায়িত কৰিব৷ পিছে বাস্তৱতহে সেয়া ফলপ্ৰসূ হৈ নুঠিল৷ সুযোগ পাইয়ো সঠিকভাৱে ব্যৱহাৰ কৰাত ১০০ শতাংশ বিফল হ’ল৷ এইবাৰ অসমৰ জনসাধাৰণৰ বিশ্বাসৰ সকলো পৰিসীমা দলটোৱে নিঃশেষ কৰিলে৷ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু নানা কেলেংকাৰিয়ে দলটোৰ বাবে বিপৰ্যয় কঢ়িয়াই আনিলে৷ অসমৰ জনসাধাৰণৰ আস্থা একেবাৰেই নোহোৱা হৈ পৰিল দলটোৰ ওপৰত৷ ফলস্বৰূপে তিনিবাৰকৈ কংগ্ৰেছ দলে বিকল্পবিহীনভাৱে শাসনৰ গাদীখন ধৰি ৰাখিবলৈ সক্ষম হৈছিল৷
আঞ্চলিক দলটোৰ জন্ম যন্ত্ৰণাৰ লগত অসমবাসীৰ চৰম ত্যাগ জড়িত হৈ আছে৷ সহজ-সৰল অসমীয়াই ভাবিছিল যে আন্দোলনৰ নেতৃত্ব বহন কৰা ডেকাহঁতে সোণৰ অসম গঢ়িব নোৱাৰিলেও অন্ততঃ এখন সমৃদ্ধিশালী অসম প্ৰতিষ্ঠা কৰিব, য’ত অসমীয়াই ভৱিষ্যতে শান্তি আৰু নিৰাপত্তা লাভ কৰিব৷ ৮৫৫ জন অসমীয়া ডেকাৰ তেজৰ বিনিময়ত জন্মলাভ কৰা আঞ্চলিক দলটোৱে পৰৱৰ্তী সময়ত প্ৰত্যাশিতভাৱে ৰাজনৈতি ক্ষমতা হস্তগত কৰিছিল৷ কিন্তু দলটোৱে তাক সঠিক ৰূপত ব্যৱহাৰেই কৰিব নোৱাৰিলে৷ অসমীয়াৰ আৱেগ-অনুভূতি, আশা-আকাংক্ষাক সুযোগ হিচাপে ব্যৱহাৰ কৰি দুবাৰকৈ শাসনৰ গাদী দখল কৰিলে যদিও ৰাজ্যখনৰ কোনো এটা ভয়াবহ সমস্যাকে সঠিক ৰূপত সমাধান কৰিব নোৱাৰিলে৷ সাম্প্ৰতিক সময়ত ৰাজ্যখন যিবোৰ সমস্যাত ডুবি আছে, আজিৰ পৰা দুটা দশকৰ আগহতে সেই সমস্যাবোৰ ইমান জটিল আৰু ভয়াবহ নাছিল৷ ক্ষমতাত থকা সময়চোৱাতে আঞ্চলিক দলটোৱে উপযুক্ত কাৰ্যপ্ৰণালীৰে ৰাজনৈতিক শক্তি আৰু সদিচ্ছাৰে সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব পাৰিলেহেতেঁন৷ কিন্তু তাকে নকৰি আঞ্চলিক দলটোৱে ব্যক্তিগত আৰু পাৰিবাৰিক সুখ-সমৃদ্ধিত নিজকে নিয়োজিত কৰি জন্মলগ্নৰ লক্ষ্য আৰু উদ্দেশ্যক এক প্ৰকাৰ নস্যাৎ কৰি পেলালে৷ অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে বহু পৰিমাণে সেয়ে আঞ্চলিক দলটোক জগৰীয়া কৰিব পাৰি৷ তেওঁলোকে সুযোগ পায়ো সমাধান নকৰাৰ সমস্যাৰ কুফল ৰাজ্যবাসীয়ে আজি ভোগ কৰিছে৷ অসমবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱৰাটো দলটোৰ ইতিহাসত সৰ্বকালৰ বিড়ম্বনা হিচাপে লিপিবদ্ধ হৈ থাকিব৷
আভ্যন্তৰীণ গণতন্ত্ৰ শক্তিশালী নহ’লে দল বা সংগঠন এটাই কেতিয়াও দীঘলীয়া সময়ৰ বাবে সফলতা নিজৰ লগত ধৰি ৰাখিব নোৱাৰে৷ অসম গণ পৰিষদৰ ক্ষেত্ৰতো সেইটোৱেই হ’ল৷ দলটোৱে যোৱা সময়চোৱাত আভ্যন্তৰীণ গণতন্ত্ৰক মৰ্যদা দিব নোৱাৰিলে৷ পুৰণি নেতাসকলৰ মাজতেই নেতৃত্বক লৈ খোৱা-কামোৰা চলি থাকিল৷ নতুন প্ৰজন্মৰ এজনো প্ৰতিভাবান দক্ষ নেতা দলটোত নাই৷ সৰ্বানন্দ সোণোৱাল, অপূৰ্ব ভট্টাচাৰ্য, প্ৰবীণ বড়োকে আদি কৰি নতুন প্ৰজন্মৰ দুই-এজন প্ৰতিশ্ৰুতিসম্পন্ন নেতা দলটোলৈ আহিলেও দলে তেওঁলোকক উপযুক্ত মৰ্যদাৰে ধৰি ৰাখিব নোৱাৰিলে৷ তেওঁলোকেও হয়তো নিজৰ ৰাজনৈতিক ভৱিষ্যত আঞ্চলিক দলটোৰ মজিয়াত সুৰক্ষিত নহয় বুলি অনুভৱ কৰি আনদলৰ আঁচলত আশ্ৰয় গ্ৰহণ কৰিলে৷ নতুন মুখৰ নেতাৰ দলত কোনো গুৰুত্ব নাই বুলি এইচাম দলত্যাগী নেতাই সততে সমালোচনা উত্থাপন কৰিছিল৷ তেওঁলোকৰ অভিযোগ হ’ল, আশীৰ দশকৰ আন্দোলনত যিসকল নেতাই নেতৃত্ব বহন কৰিছিল সেইসকলেই দলটোৰ বৰ্তমানো কাণ্ডাৰী৷ বাৰে বাৰে বিগত নিৰ্বাচনবোৰত পৰাজয়ৰ সীমাহীন গ্লানি লৈয়ো এইসকল নেতাই ক্ষমতাৰ স্বাৰ্থতেই দলটোলৈ নতুন প্ৰজন্মৰ শক্তিশালী নেতাক আকৰ্ষণ নকৰে৷ দলটোৱে বহু সময়ত নিজৰ আঞ্চলিক চৰিত্ৰক ৰাষ্ট্ৰীয় ৰাজনৈতিক চৰিত্ৰৰ মাজত বিলীন কৰি দিবলৈ কৰা প্ৰয়াসেও দলটোক বিস্তৰ ক্ষতি কৰিলে৷ ৰাইেজ বাৰে বাৰে প্ৰত্যাখ্যান কৰাৰ পিছতো তেওঁলোকৰ কোনো আত্মসমালোচনা নাই আৰু ৰাইজৰ আশ্বস্ত কৰিব পৰাকৈ আত্মসংশোধনৰ বাবেও কোনো কাৰ্যসূচী নাই৷ এটা ৰাজনৈতিক দলৰ সাৰ্থকতা কেৱল ক্ষমতা অৰ্জন কৰাৰ ওপৰতে নিৰ্ভৰ নকৰে৷ তৃণমূল পৰ্যায়ত জনগণৰ মাজত দলৰ ভেটিটো সুসংগঠিত কৰি ৰখাৰ ওপৰতে দলটোৰ ভৱিষ্যত সৰ্বাধিক পৰিমাণে নিৰ্ভৰ কৰে৷ বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ দলৰ শসনৰ দিনত চৰকাৰখনে চকুৰ আগতে চৰম দুৰ্নীতিত নিমজ্জিত হোৱাৰ পাছতো অগপই বিৰোধীৰ দলৰ ভূমিকা পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছিল৷ গণতান্ত্ৰিক শাসন ব্যৱস্থা তেতিয়াহে শক্তিশালী আৰু সফল হ’ব যেতিয়া শাসক দলটোৰ বিপৰীতে এটা শক্তিশালী বিৰোধী দল থাকে৷ অসমত বিৰোধী দলৰ অনুপস্থিতিয়ে চৰকাৰখনক স্বৈৰাচাৰী হোৱাৰ দিশত উদগণি যোগাইছিল৷ ইয়াৰ বাবে অসম গণ পৰিষদকে নিশ্চয় জগৰীয়া কৰিব লাগিব৷ বিৰোধৰ আসনত থকা দলটোৰ শক্তিশালী স্থিতি থকা হ’লে ৰাজ্যখনৰ জনগণে আজিৰ দৰে চৰম দুৰ্ভোগ ভুগিবলগা নিশ্চয় নহ’লহেঁতেন৷
আঞ্চলিক দলটোৰ বৰ্তমানৰ দুঃখজনক পৰিস্থিতিৰ বাবে দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পোৱা প্ৰফুল্ল কুমাৰ মহন্ত সম্পুৰ্ণৰূপে জগৰীয়া৷ তেওঁৰ কিছামান কৰ্ম-কাণ্ডৰ বাবেই দলটোৰ ক্ৰমশঃ গণ বিছিন্ন হৈ পৰিছিল৷ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত তেওঁ বহুবোৰ অক্ষমণীয় ভুল কৰিছিল৷ ক্ষমতাৰ ৰাগীত মতলীয়া হৈ তেওঁ কোনোদিনে অসমবাসীৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰিলে৷ স্বয়ং ৰাজ্যখনৰ মুৰব্বীজনেই গুপ্তহত্যা, অলেখ দুৰ্নীতি-কেলেংকাৰিত নিমজ্জিত হৈ পৰিছিল৷ তদুপৰি তেওঁ অসম চুক্তিৰ দাবীসমূহ একপ্ৰকাৰ নস্যাৎ কৰি কিছুমান টুলুঙা মন্তব্যৰে ৰাজ্যবাসীক আভুৱা ভাঁৰিছিল৷ নিজেই স্বাক্ষৰ কৰা বহু প্ৰত্যাশিত অসম চুক্তিখনৰ এখন প্ৰতাৰণাৰ দলিললৈ ৰূপান্তৰ কৰিছিল৷ চুক্তিৰ দফাবোৰ হৃদযংগম কৰিব পৰাকৈ যেন তেওঁলোকৰ ৰাজনৈতিক সদিচ্ছা আৰু পৰিপক্কতাৰ অভাৱ আছিল৷ ৩ ১বছৰ এটা ৰাজনৈতিক দলৰ বাবে বৰ কম সময় নহয়৷ কিন্তু অসমবাসীৰ আগত অগপই আজিও নিজৰ ৰাজনৈতিক পৰিপক্কতাৰ পৰিচয় দাঙি ধৰিব পৰা নাই৷ দলটোৱে সময়ে সময়ে লোৱা কেতবোৰ ভুল নীতিৰ বাবে তৃণমূল কৰ্মীসকলক হতাশাগ্ৰস্ত কৰি তুলিছে৷ অসমীয়াৰ হিয়াৰ আমঠু দলটোৰ আজিৰ দুৰ্বল পৰিস্থিতি কাৰো কাম্য নাছিল৷ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ৰক্ষাৰকৱচ হ’ব খোজা দলটো নিজৰ স্থিতিয়েই সৱল নহয় এতিয়া৷ জাতি-জনগোষ্ঠীসমূহৰ আস্থা আৰু বিশ্বাসক ভৰিৰে মোহাৰি নেতৃত্বই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাত উঠিপৰি লগাৰ বাবেই দলটোৱে অসমবাসীৰ বিশ্বাস হেৰুৱাই পেলালে৷
দুবাৰকৈ চৰকাৰ গঠন কৰা আঞ্চলিক দলটোক ৰাইজে ১৫ বছৰ ক্ষমতাৰ পৰা আঁতৰাই ৰখাৰ পাছত বিগত বিধনসভা নিৰ্বাচনত কোনো দিনে অসমত চৰকাৰ গঠন নকৰা, আনকি তৃণমূল পৰ্যায়ত শক্তিশালী ভেটি নথকা ৰাষ্ট্ৰীয়তাবাদী বিজেপি দলৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰি ১৪ খন আসন লাভেৰে নাক বচাই ক্ষমতাৰ অংশীদাৰ হ’বলগীয়া হোৱাটো চৰম দুৰ্ভাগ্যজনক৷ সম্প্ৰতি ৰাষ্ট্ৰীয়তাবাদী বিজেপিৰ কবলত থকা আঞ্চলিক দলটোৱে চৰকাৰখনৰ অসম বিৰোধী দৃষ্টিভংগীৰ সময়তো অসমবাসীৰ কাষত বলিষ্ঠৰূপত থিয় হ’বলৈ সক্ষম হোৱা নাই৷ বিজেপিৰ আগ্ৰাসী ভূমিকাৰ কাৰণে পৰৱৰ্তী সময়ত আঞ্চলিক দলটোৱে যে একক ভবে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব, সেয়া সম্প্ৰতি সুদূৰ পৰাহত৷
বৰ্তমান পৰিস্থিতিৰ পৰা দলটোৱে নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ হ’লে নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পাৰিব লাগিব৷ জনসাধাৰণ আশা-আকাংক্ষাক সন্মান জনাই দলটোৰ প্ৰতি নৱ প্ৰজন্মৰ সমৰ্থন আদায় কৰিব নোৱাৰিলে অসম গণ পৰিষদে এককভৱে মূৰ দাঙি উঠা সম্ভাৱনা ক্ষীণ৷ অসমৰ ভৌগোলিক পৰিস্থিতিৰ ওপৰত জ্ঞান থকা, অসমৰ ভালপোৱা, এদল সম্ভাৱনাপূৰ্ণ নতুন নেতা দলে সৃষ্টি কৰিব লাগিব৷ ইয়াকে কৰিব নোৱাৰিলে কঁকাল ভঙা অসম গণ পৰিষদে কেতিয়াও শক্তিশালীৰূপত মূৰ পোন কৰিব নোৱাৰিব৷ জ্যেষ্ঠসকলে ক্ষমতা খামুচি ধৰাৰ পৰিৱৰ্তে নতুন উপযুক্ত নেতৃত্বক দলটোৰ প্ৰায়বোৰ দায়িত্বভাৰ অৰ্পণ কৰাৰ পৰিবেশ সূচনা কৰিব লাগিব৷ সমান্তৰালকৈ দলটোৱে অসমৰ জনসাধাৰণৰ মনত আস্থা আৰু বিশ্বাস জন্মাবলৈ হ’লে পূৰ্বৰ আদৰ্শ আৰু লক্ষ্যসমূহৰ বাস্তৱত ৰূপান্তৰ ঘটাব লাগিব৷ বৰ্তমান তেওঁলোকক অসমবাসীৰ দয়াৰ প্ৰয়োজন৷ তথাপিও অগপই যে আকৌ অসমীয়া জনজীৱনত পূৰ্বৰ আসন দখল কৰিব নোৱাৰে সেয়া নিশ্চিত৷ চিন্তাৰ বিষয়টো হ’ল ৰাষ্ট্ৰীয়তাবাদী দলসমূহৰ বিভাজনকামী চৰিত্ৰৰ বিপৰীতে অসমত এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক দলৰ অতি প্ৰয়োজন হৈছে, অসমীয়া জাতিয়ে মূৰতোলি জীয়াই থকাৰ স্বাৰ্থতে৷ কিয়নো অসমীয়া জাতিৰ অন্তৰ্ভুক্ত ভিন ভিন জনগোষ্ঠীসমূহে যি দ্ৰুত গতিত গোষ্ঠীৰ আৰু সাম্প্ৰদায়িক নিৰাপত্তাৰ আলম লৈ ভাগ ভাগ হৈ গৈ আছে, এনে পৰিস্থিতিত অসমখন সাম্প্ৰদায়িক আৰু গোষ্ঠীগত কাৰণত খণ্ডিত হৈ নিঃশেষ হ’বলৈ বেছি দিন নালাগিব৷ প্ৰায়বোৰ জাতি-জনগোষ্ঠীৰ বুকুতেই সশস্ত্ৰ বাহিনী গঠন হ’ব ধৰিছে৷ বি টি এ ডি ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ গতিকে জাতি, বৰ্ণ, নিৰ্বিশেষে অসমীয়া জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থতে অসমত এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হোৱা প্ৰয়োজন— যি দলে ভাষিক, সাম্প্ৰদায়িক আৰু ধৰ্মীয় ভিন্নতা অতিক্ৰম কৰি সমগ্ৰ অসমবাসীৰ বাবে সমদৃষ্টি ৰাখি কাম কৰিবলৈ সক্ষম হ’ব৷ নহ’লে এদিন অগপৰ দৰে অসমৰ আঞ্চলিক ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনলৈ এনে বিপৰ্যয় নামিব যে পৃথিৱীৰ মানচিত্ৰৰ পৰা অসম নামৰ ৰাজ্যখন আৰু সমান্তৰালভাৱে অসমীয়া জাতিটোও ভৱিষ্যত নিঃশেষ হৈ পৰিব৷ পিছে অগপৰ বিপৰ্যয় মানে অসমৰ আঞ্চলিক ৰাজনীতিৰ বিপৰ্যয় নুসূচায়৷ কিয়নো অসমীয়া জাতি, ভাষা আৰু অসমৰ সৰ্বাংগীন বিকাশৰ বাবে অসমৰ জনগণে আঞ্চলিক ৰাজনীতিৰ মােজদি আজিৰ পৰা বহু বছৰৰ আগতে যি যুদ্ধ আৰম্ভ কৰিছিল, অগপ সেই যুদ্ধৰ শেষ অস্ত্ৰ নহয়, হ’ব নোৱাৰে৷ গোষ্ঠীগত আৰু ধৰ্মীয় আৱেগ আৰু আদৰ্শক সমল হিচাপে লৈ ৰাজনৈতিক ক্ষেত্ৰখনত দুই-চাৰিটা আঞ্চলিক দলৰ জন্ম হৈছে৷ পিছে সেইবোৰ সম্পূৰ্ণ অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নহয়৷
এক সঠিক আৰু প্ৰগতিশীল জাতীয়তাবাদেহে অসম আৰু অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰিব৷ সংকীৰ্ণ তথা উগ্ৰ জাতীয়তাবাদে আন জনগোষ্ঠীসমূহৰ মাজত সন্দেহৰ বীজ ৰোপণ কৰিছে৷ গতিকে সকলো জাতি-জনগোষ্ঠীক বিশ্বাসত লৈ উদাৰ আৰু প্ৰগতিশীল জাতীয়তাবাদৰ দ্বাৰাহে অসমক কেন্দ্ৰৰ মাহীআই দৃষ্টিৰপৰা বচাব পৰা যাব আৰু তেতিয়াহে অসমবাসীয়ে প্ৰতিটো সমস্যা সমাধানৰ কাৰণে আন্দোলনৰ পথত ভৰি দিবলগীয়া নহ’ব৷ তদুপৰি কেন্দ্ৰই সদাই এই অঞ্চলৰ ওপৰত বিভাজনমুখী শাসন নীতি কাৰ্যকৰী কৰিবলৈ সদায় প্ৰচেষ্টা চলাই থাকে৷ সন্ত্ৰাস দমনৰ নমত সৰ্বসাধৰণৰ ওপৰত দমনমূলক নীতি জাপি ৰাক্ষিব পাৰিলে জনসাধাৰণৰ দৃষ্টি মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হয়৷ ১৯৯০ চনৰ পৰাই ৰাজ্যখনত বলবৎ কৰি ৰখা সামৰিক বাহিনীৰ (সশস্ত্ৰ) বিশেষ ক্ষমতা আইন ইয়াৰ জ্বলন্ত উদাহৰণ৷ কেন্দ্ৰই সদাই আমাৰ অনৈক্যৰ সুযোগ লৈ আহিছে৷ আমি সকলো জাতি-জনগোষ্ঠী মিলি ঐক্য আৰু সংহতিৰ ভিত্তিত শুদ্ধ আঞ্চলিকতাবাদ নিৰ্মাণ কৰিব পাৰিলে কেন্দ্ৰই আমাৰ প্ৰতি পোষণ কৰি অহা মনোভাৱ সলনি কৰিবলৈ বাধ্য হ’ব৷ সম্প্ৰতি আঞ্চলিক শক্তিবোৰ ৰাষ্ট্ৰীয়তাবাদৰ কবলত পৰি নিশকতীয়া হৈ পৰিছে৷ হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে আঞ্চলিক চৰিত্ৰ৷ আঞ্চলিক শক্তিসমূেহ ৰাষ্ট্ৰীয়তাবাদৰ পৰা মুক্ত হৈ পুনৰ শক্তিশালী ৰূপত মূৰ দাঙি উঠা উচিত৷ অন্যথাই অসমবাসীয়ে প্ৰৱঞ্চনাৰ আৰু বঞ্চনাৰ নব্য ইতিহাস সদায় লিখি থাকিব লাগিব৷ জাতি-মাটি-ভেটিক সুৰক্ষা দিব পৰা প্ৰকৃত জাতীয়তাবাদ অসমত আজিও জন্ম হোৱা নাই৷ যি হৈছিল সেয়া প্ৰকৃত জাতীয়তাবাদ নাছিল৷ ফলত বৰ্তমান সি মুজুৰা পৰা অৱস্থালৈ গতি কৰিছে৷ প্ৰকৃত জাতীয়তাবাদ ভিত্তত প্ৰতিষ্ঠিত আঞ্চলিকতাবাদেহে অসম অসমীয়াৰ অনাগত ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব৷ অসমৰ সাম্প্ৰতিক বাস্তৱ ৰাজনৈতিক প্ৰেক্ষাপটে এই সত্যকে প্ৰতিপন্ন কৰিছে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে