চ’ৰাঘৰ / কথাশিল্প / জীৱনৰ অৰ্থ কি ? ( মিনাক্ষী বৰুৱা )

জীৱনৰ অৰ্থ কি ? ( মিনাক্ষী বৰুৱা )

” এই গ্ৰন্থখন নীৰস বক্তব্যৰ সমাহাৰ নহয় । ই কিছুমান লঘু চিন্তাৰ বাহকো নহয়; কিছুমান খেয়ালি চিন্তাৰ থুপো নহয় । ইয়াৰ ভিত্তি হ’ল ‘বাস্তৱ জগত ‘ । ই এক আশাবাদী আৰু সাহসী গ্ৰন্থ ।”
হয়,এখন কিতাপৰ কথাই ক’ব খুজিছো__ Will Durant ৰ On the meaning of life । অসমীয়া অনুবাদ প্ৰফুল্ল কটকীদেৱৰ । বহুদিন আগৰেপৰা পঢ়িম বুলি মন বন্ধা হেঁপাহৰ কিতাপখন অৱশেষত হাতত পৰিলহি – “জীৱনৰ অৰ্থ সম্পৰ্কত।”ডুৰান্তে কৈছে –
” মানবজাতিৰ স্বাভাৱিক প্ৰবৃত্তি হ’ল আশা । ইয়াৰপৰা দাৰ্শনিকসকলো বাদ নপৰে । মোৰ নিজৰ স্বভাৱত মই ইমান হতাশাগ্ৰস্ত হ’ব নোৱাৰোঁ । … জীৱনৰ গভীৰতম সমস্যাবোৰ একাষৰীয়া কৰি থৈ এক উপৰুৱা আশাবাদৰ ওপৰতো মই নিৰ্ভৰ কৰিব খোজা নাই । মানুহে সাধাৰণতে তাকেই কৰে । … ধৰ্মীয় বিশ্বাস নোহোৱা হোৱাৰ পৰাই জীৱনৰ অৰ্থ সম্পৰ্কে মই চিন্তা কৰি আহিছোঁ । ..সত্য সুন্দৰ নহয় । মানুহৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভুলটো হ’ল সত্যৰ আৱিষ্কাৰ । ..”
জন্ম, বিবাহ আৰু মৃত্যুৰ দৈনন্দিন পৰিক্ৰমাতকৈ মানৱ জীৱনত আৰু কি আছে – এই সন্দৰ্ভত কিতাপখনত এটা পোহনীয়া কুকুৰৰ জীৱন্ত কাহিনী বৰ সুন্দৰকৈ বৰ্ণনা কৰা হৈছে । ডুৰাণ্টে ধৰ্ম, দৰ্শন, ইতিহাস,পদাৰ্থ বিজ্ঞান, ভূ-তত্ত্ব, জ্যোতিৰ্বিজ্ঞান, জীৱবিজ্ঞান, মনোবিজ্ঞান আদি বিভিন্ন দৃষ্টিকোণৰপৰা জীৱনৰ অৰ্থ চালি-জাৰি চাবলৈ চেষ্টা কৰিছিল যদিও কোনোটোৱেই তেওঁক সন্তোষজনক উত্তৰ দিব নোৱাৰিলে । ‘আমি কিয় জীয়াই আছোঁ!’ – প্ৰাপ্তবয়স্ক প্ৰতিজন লোকৰে জীৱনৰ কোনোবা নহয় কোনোবা ক্ষণত এবাৰলৈ হলেও মনলৈ অহা ই এক চিৰন্তন প্ৰশ্ন । এনে এক কঠিন প্ৰশ্নৰে সন্মুখীন হৈ, ইয়াৰ কোনো সন্তোষজনক উত্তৰ উলিয়াব নোৱাৰি ১৯৩১ চনৰ ১৫ জুলাই তাৰিখে এইজনা মহান দাৰ্শনিকে সমসাময়িক এশগৰাকী মনস্বী লোকলৈ এখন চিঠি লিখিলে । চিঠিখনত তেওঁ জানিব খোজা প্ৰশ্নকেইটা আছিল এনেধৰণৰ :
১) আপোনাৰ জীৱনৰ অৰ্থ কি ?
২) কিহে আপোনাক সক্ৰিয় কৰি ৰাখিছে ?
৩) আপোনাৰ অনুপ্ৰেৰণা আৰু শক্তিৰ উৎস কি ?
৪) আপোনাৰ সান্ত্বনা, সুখ আৰু সম্পদ ক’ত ?
৫) ধৰ্ম্মই আপোনাক কিবা সহায় কৰিছেনে ?
উক্ত এশগৰাকী ব্যক্তিৰ ভিতৰত আছিল বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী কবি , দাৰ্শনিক , সংগীতজ্ঞ, সাধু-সন্ত, এথলিট, মনস্তত্ত্ববিদ, নবেল পুৰস্কাৰ বিজয়ী আদি । মহাত্মা গান্ধী , জৱাহৰলাল নেহৰু , জৰ্জ্ বাৰ্নাড শ্ব, বাৰ্ট্ৰাণ্ড ৰাচেল, চি.ভি.ৰমন, চাৰ্লচ.বেয়াৰ্ড, আঁদ্ৰে মৰোৱা আদিৰ উপৰিও আটাইতকৈ হৃদয়স্পৰ্শী উত্তৰটো আহিছিল চিং চিং বন্দীশালত যাবজ্জীৱন কাৰাৱাস ভোগ কৰি থকা এজন কয়দীৰপৰা । সৰহভাগ উত্তৰেই দৃঢ় ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত আছিল যদিও যিসকল চৰকাৰী চাকৰিজীৱি আছিল তেওঁলোকে জবাব দিবলৈ অস্বীকাৰ কৰিছিল ।
ডুৰাণ্টৰ মনলৈ এই প্ৰশ্নটো কিয় আৰু কেনেকৈনো আহিছিল ?
এদিন উইল ডুৰাণ্টে নিউয়ৰ্কৰ ঘৰৰ চোতালত কাম কৰি থাকোঁতে হঠাতে এজন ডেকা ল’ৰাৰ আগমন ঘটিছিল । সেই সময়ত যুক্ত ৰাষ্ট্ৰত প্ৰতিবছৰে প্ৰায় ২,৮৪,১৪২ টা আত্মহত্যাৰ ঘটনা সংঘঠিত হৈছিল । অত্যাধিক নিৰাশাই জীৱনৰ বিনাশ ঘটোৱাত সহায় কৰিছিল । উক্ত ডেকা ল’ৰাজনেও হতাশগ্ৰস্ত হৈ দাৰ্শনিক উইল ডুৰাণ্টৰ কাষ চাপিছিল আৰু সুধিছিল আপোনঘাটী হ’ব নলগাৰ এটা যুক্তিপূৰ্ণ কাৰণ । এই ঘটনাটোৰ পৰিপ্ৰেক্ষিততে এই বিখ্যাত গ্ৰন্থৰ সৃষ্টি ।
ডুৰাণ্টৰ চিঠি পাই এই গুণী ব্যক্তিসকলে যি উত্তৰ দিলে সেয়া আছিল নিসন্দেহে প্ৰেৰণাদায়ক । সেইবোৰত প্ৰকাশ পাইছিল জীয়াই থকাৰ আনন্দ আৰু জীৱনক অৰ্থবহ কৰি তুলিব পৰা অন্তৰ্দৃষ্টি । ঔপন্যাসিক থিওদৰ ড্ৰেইজাৰে লিখিছিল -” ধৰ্ম্ম বুলিবলৈ মোৰ প্ৰায় নায়েই । ধৰ্ম্মতত্ত্ব সম্পৰ্কে মই বহুত পঢ়া-শুনা কৰিছোঁ, কিন্তু মোৰ ধাৰণা সলনি কৰিব পৰা একো কাৰণ বিচাৰি পোৱা নাই । জীৱন ধাৰণ কৰা প্ৰতিটো জীৱৰ ক্ষেত্ৰতে একোটা দুৰ্বোধ্য কিন্তু শক্তিশালী প্ৰৱণতা সক্ৰিয় হৈ থাকে । জীৱনে জীয়াই থকাটো দাবী কৰে । ব্যক্তি এজনৰ কৰ্ম্ম নিৰ্দ্ধাৰিত হয় বংশগতিৰদ্বাৰা । কৰ্ম্মহীনতা স্বাস্থ্যকৰ গঠন প্ৰক্ৰিয়াৰ বাবে বেদনাদায়ক আৰু বিপজ্জনক- দৰাচলতে, ই প্ৰায় অসম্ভৱ । ৰুচিবোধৰ মিল থকা পুৰণি বন্ধু আৰু সংগীতে জীৱনৰ আন বাহ্যিক বিষয়তকৈ মোক অধিক আনন্দ দিছে । “
এই উত্তৰ আছিল ডুৰাণ্টৰ বাবে আশাপ্ৰদ । অৰ্থাৎ যি প্ৰস্তুতি( প্ৰতিভা) লৈ মানুহ জন্ম হয় তাকে কৰি জীয়াই থাকিব পৰাজনেই ভাগ্যৱান হয় । বাধ্যবাধকতাত সন্তুষ্টি নাই । ইয়াৰোপৰি পাৰিবাৰিক আবেগ-অনুভূতিসমূহৰ সমতাই মানুহৰ জীয়াই থকাৰ প্ৰেৰণা যোগায় । দুখ-বেজাৰৰ অন্তহীন বোজাতকৈ বিতৰ্কইহে সৃষ্টি কৰে বিৰাগৰ ।
চাৰ্লচ. এ. বেয়াৰ্ডৰ উত্তৰটো আছিল এনেধৰণৰ – ” সংসাৰখন মাত্ৰ এখন পিটনি, আৰু নাৰী-পুৰুষে তাত ককবকাই থাকি মৰে- এই ধাৰণাটোত মই বিশ্বাস নকৰোঁ । নিষ্ঠুৰতা আৰু ট্ৰেজেডিবোৰ স্বত্বেও এই জগতত চমৎকাৰ কিবা এটা ঘটিব লাগিছে । বুদ্ধিমত্তাৰ প্ৰতি চৰম প্ৰত্যাহ্বানটো হ’ল আমাৰ ঐতিহ্যৰ (heritage) উত্তম আৰু অভিজাতটো বৰ্ত্তাই ৰখাটো । সৎ জীৱন যাপন নিজেই এটা লক্ষ্য, প্ৰেয় আৰু উপভোগ্য, আৰু বুদ্ধিদীপ্ত কৰ্ম্মই ইয়াক ক্ৰিয়াশীল কৰি ৰখাত সক্ৰিয় হয় । এই সীমিত চিন্তা বৃত্তৰ মাজতে মই মোৰ সৰু ঘানিটো ঘূৰাই থাকোঁ । “
বিখ্যাত পিয়ানোবাদক অচ্চিপ গেব্ৰিলউইটচেও ডুৰাণ্টৰ প্ৰশ্নৰ উত্তৰত ড্ৰেইজাৰে কোৱাৰ ধৰণেই মন্তব্য কৰিছিল । তেওঁৰ সুখ আৰু সান্ত্বনাৰ অৱলম্বন আছিল আৰ্ট আৰু পৰিয়াল । সস্তীয়া সন্তুষ্টিয়ে কলাৰ প্ৰকৃত সৌন্দৰ্য্য ধ্বংস কৰে বুলিও তেওঁ শংকা প্ৰকাশ কৰিছিল । এজন লোকৰ জীৱন দৰ্শন ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নহৈ বিস্তৃত আৰু পক্ষপাতশূন্য পৰ্য্যবেক্ষণৰ ওপৰত হ’ব লাগে বুলি তেওঁৰ বিশ্বাস ।
উদাহৰণস্বৰূপে নিজে দিনটোত তিনি সাঁজ আহাৰ খাবলৈ পালেই সংসাৰত ক’তো লঘোনীয়া লোক নাই বুলি ভবাটো ভুল । নিজে সু-স্বাস্থ্যৰ গৰাকী হোৱা বাবেই প্ৰতিদিনে হাজাৰ হাজাৰ লোকে শাৰীৰিক যন্ত্ৰণাত ভোগা কথাটো উপেক্ষা কৰা অনুচিত । অচ্চিপৰ পৰিশুদ্ধ সততাই ডুৰাণ্টক ৰহস্যময়তাৰ ক্ষুদ্ৰ গণ্ডীৰপৰা উদ্ধাৰ কৰা বুলি তেওঁ উল্লেখ কৰিছে ।
এনেকৈ ডুৰাণ্টে পোৱা বহুমূলীয়া চিঠিসমূহৰ প্ৰায় প্ৰতিখন চিঠিৰে মূল বক্তব্য আছিল কৰ্ম । চিন্তাতকৈ কৰ্ম অধিক সুস্থতাৰ পৰিচায়ক । কৰ্মলৈ পৰ্যবসিত নোহোৱা চিন্তা মাত্ৰেই একো একোটা বেমাৰ । চিন্তা গঠনমূলক নহলে হতাশাই বিস্তৰ ক্ষতি কৰে ।
ভাৰতীয় উত্তৰসমূহৰ ক্ষেত্ৰত ডুৰাণ্টে এটা বৰ উৎসাহজনক মন্তব্য আগবঢ়াইছে । তেওঁ কৈছে মানবজাতিৰ নৈতিক আদৰ্শবাদ আজিৰ বিশ্বৰ আন যিকোনো ঠাইতকৈ ভাৰতত অধিক উজ্জ্বলভাবে দীপ্যমান । কিতাপখনত প্ৰকাশিত তিনিজন বিখ্যাত মনীষিৰ উত্তৰসমূহ সংক্ষিপ্ত ৰূপত আছিল এনে ধৰণৰ :
মহাত্মা গান্ধী : ধৰ্ম্ম আৰু নৈতিকতা মোৰ বাবে সমাৰ্থক শব্দ । পূৰ্ণ উপলব্ধিৰ প্ৰচেষ্টাই মোক সক্ষম কৰি ৰাখে । মোৰ সান্ত্বনা আৰু সুখ নিহিত হৈ আছে সমস্ত জীৱৰ সেৱাত । অন্ধকাৰ আৰু অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াতেই মোৰ সমস্ত সম্পদ লুকাই আছে ।
নেহৰু : মই বিজ্ঞান, যুক্তিবিদ্যা আৰু যুক্তিত বিশ্বাস কৰি আহিছোঁ কিন্তু মাজে মাজে সেইকেইটাত কিবা এটাৰ অভাৱ দেখা পাওঁ আৰু জীৱনটোক অন্য আৰু সবলতৰ শক্তিয়ে নিয়ন্ত্ৰণ কৰা যায় লাগে । সেই শক্তিটো হয়তো প্ৰবৃত্তি বা অপ্ৰতিৰোধ্য কৰ্ম্মশক্তি ( প্ৰেৰণা ) । এটা মহৎ উদ্দেশ্য সাধনৰ বাবে মই মোৰ সামান্য কৰণীয়খিনি কৰিছোঁ, তাৰপৰা মানসিক ভাৰসাম্য, শক্তি আৰু অনুপ্ৰেৰণা পাইছোঁ ।
চি. ভি. ৰমন : জীৱনটো কেনেকৈ ক্ষন্তেকীয়া বাসনা-লালসা চৰিতাৰ্থ কৰিবৰ বাবে বা অনাগত দিনৰ সামন্য আশা-আকাঙ্ক্ষা পূৰ্ণ কৰিবৰ বাবে বুলি মই কস্মিন কালেও বিশ্বাস কৰা নাই ।.. বৌদ্ধিক আৰু বৈজ্ঞানিক প্ৰবণতাই হৈছে মোৰ জীৱন আৰু কৰ্ম্মাৱলীৰ মুখ্য উদ্দেশ্য । ধৰ্ম্মীয় কাজকাম আৰু মতবাদসমূহৰ মোৰ বাবে কোনো তাৎপৰ্য্য নাই । কিন্তু বুদ্ধ বা যীশুখ্ৰিষ্টৰ শিকনিসমূহৰ মোৰ বাবে মূল্য আছে , কালৰ গতিত সি হ্ৰাস নাপায় । পৰিশ্ৰমৰ বাসনা , সফলতা অৰ্জ্জনৰ আকাঙ্ক্ষা, পৰোপকাৰৰ হাবিয়াস আদিয়ে মোক কাৰ্য্যক্ষম কৰি ৰাখিছে । ভোগ-লালসা নহয়, আত্ম-সংযমহে সুখৰ প্ৰকৃত উৎস ।
নাৰীসকলৰপৰা অহা উত্তৰৰ মুষ্টিমেয় কেইগৰাকীমানেহে জীৱনৰ সমস্যা সমূহৰ কথা উল্লেখ কৰা বুলি ডুৰাণ্টে মন্তব্য কৰিছে । তেওঁলোকে জীয়াই থকাৰ প্ৰেৰণা হিচাপে প্ৰথমে প্ৰেম-শক্তিৰ কথাই দৃঢ়তাৰে কৈছে । পৰিয়ালৰ প্ৰতি প্ৰেম , সমাজৰ প্ৰতি প্ৰেমেই হ’ল জীৱনৰ যুক্তি । সুন্দৰ প্ৰত্যুত্তৰটো দিছিল লেখিকা আৰু টেনিচ খেলুৱৈ হেলেন উইলচ মুদিয়ে । তেওঁ লিখিছিল মনটোক আলোড়িত কৰি ৰখা অস্থিৰতা নিয়ন্ত্ৰণ নোহোৱা পৰ্য্যন্ত তেওঁ কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিল, আৰু এই প্ৰেৰণাদায়ক পৰিশ্ৰম শক্তিয়েই আছিল তেওঁৰ ধৰ্ম্ম । ভালপোৱা বিষয়টোত ধীৰে-স্থিৰে নিবিষ্ট থাকিলে মই মোৰ মনৰ পৰা খন্তেকীয়া বিষাদগ্ৰস্ততা, উত্তেজনা বা ক্ৰোধ দূৰ কৰিব পাৰো, আৰু তাৰপিছত সুখী আৰু প্ৰায় শান্তিপূৰ্ণ অনুভৱ কৰো ।
এতিয়া আহিছোঁ ডুৰাণ্টে বিশেষভাৱে উল্লেখ কৰা যাৱজ্জীৱন কাৰাদণ্ডিত ব্যক্তিজনৰ চিঠিখনৰ কথালৈ । এটা শূন্য ভৱিষ্যতৰ সন্মুখত এজন লোকৰ জীৱনৰ অৰ্থ কি হ’ব পাৰে ? এই প্ৰসংগত কাৰাবন্দী অৱেন চি. মিডলটনৰ উত্তৰ আছিল যথেষ্ট বুদ্ধিদীপ্ত । তেওঁ লিখিছিল- “বন্দীশালৰ জীৱনো মুক্ত জীৱন এটাৰ দৰেই আকৰ্ষণীয় হ’ব পাৰে । এইটো নিৰ্ভৰ কৰে এজন লোকৰ নিজৰ দৰ্শনৰ ওপৰত থকা আস্থাৰ ওপৰত । মোৰ জীৱন দৰ্শন কেইবাটাও সৰল বিশ্বাসেৰে গঠিত । সুখ হ’ল মানসিক সন্তুষ্টিৰ এক প্ৰকাৰ । ই কাৰাগাৰতো লাভ কৰিব পাৰি । মুক্ত জীৱনতো বহু মানুহ অসুখী হয়, বহু ধনী মানুহো অসুখী হয় । ভৱিষ্যতৰ কথা মই বৰকৈ নাভাবো । কৰিবলগীয়া কামটো কিদৰে সম্পন্ন কৰো সেইটোহে মোৰ ধান্দা । শাৰীৰিক যন্ত্ৰণা, বিষাদগ্ৰস্ততা, বা বন্দী দশাই মোৰ পৰা মোৰ ক্ৰিয়াকলাপ আঁতৰাই নিব নোৱাৰে বুলি হোৱা উপলব্ধিতেই মোৰ সান্ত্বনা, অনুপ্ৰেৰণা আৰু সম্পদ ।”
যিসকল ব্যক্তিয়ে তেওঁলোকৰ চিঠিত মূল বিষয়টো এৰাই চলিব বিচাৰিলে তেওঁলোকক ডুৰাণ্টে সন্দেহবাদী আখ্যা দিলে । সেইসকলৰ ভিতৰত বাৰ্ট্ৰাণ্ড ৰাছেল, বাৰ্ণাৰ্ড শ্ব অন্যতম । সদৌশেষত লেখক ডুৰাণ্টে আপোনঘাতী হ’ব খোজা লোকলৈ এটি বৰ মূল্যবান টোকা আগবঢ়াইছে । প্ৰতিটো কথাৰে একোটা চূড়ান্ত তাৎপৰ্য্য থাকে বুলি ধাৰণা হ’লেও আমাৰ সৰু সৰু মনবোৰৰ সীমাবদ্ধতাই সিবোৰৰ গভীৰতা জুখিব নোৱাৰে । সংসাৰ আৰু জীৱন, চিৰন্তন আৰু অসীম, আৰম্ভণি আৰু সমাপ্তি আদি শব্দ লৈ মানুহে খেলা কৰে, কিন্তু এইবোৰ অভিজ্ঞানহে ( পৰিচয় জ্ঞাপক চিহ্ন ) । ভগৱানক স্থানচ্যুত কৰি দৰ্শনে মানুহক তেওঁৰ স্থানাভিষিক্ত কৰিছে আৰু মানুহক এনে এক বিশ্বজনীন ধাৰণা আৰু সৃষ্টি সংক্ৰান্তীয় দৃষ্টিকোণেৰে অভিষিক্ত কৰিছে যিটোৰ অধিকাৰী এক মহত্তম আৰু অতিপ্ৰাকৃত শক্তিহে । মানসিক সীমাবদ্ধতাখিনি খোলাখুলিকৈ স্বীকাৰ কৰিলে মানুহে নৈৰাশ্যকো অধিক বিনয়েৰে গ্ৰহণ কৰিব পাৰে । আনুমানিক ধাৰণাসমূহৰ ওপৰত গুৰুত্ব দি মগজু ঘোলা কৰা উচিত নহয় । অপ্ৰমাণিত ধৰ্ম্মীয় ধাৰণাৰ ওপৰত গুৰুত্ব দিলে অবাস্তৱ ধৰ্ম্মীয় মতবাদৰ ভিত্তিত মৃত্যুবৰণ কৰা শ্বহীদসকলৰ লাইনটো আৰু দীঘলীয়া কৰাহে হ’ব । যান্ত্ৰিক দৰ্শনৰ ওপৰত হতাশা প্ৰতিষ্ঠিত হোৱাটো হাস্যকৰ । বিজ্ঞানৰ ক্ষেত্ৰত নিশ্চিত হ’ব পৰা কথাটো হ’ল ইয়াৰ বস্তুগত কৃতিত্বসমূহহে; ভাপ জাহাজ, আকাশী যান, স্বাস্থ্য ব্যৱস্থাসমূহ টেষ্ট টিউবে দৰ্শনত তোলা বুৰবুৰণিতকৈ অধিক বাস্তৱ । বিমানেৰে আকাশমাৰ্গত ঘূৰাৰ সময়তেই অনুভৱ কৰিব পাৰি ইঞ্জিনৰ বেপৰোৱা সাহস আৰু ক্ষমতা । বিপদ আৰু গতিবেগৰ উত্তেজনা গ্ৰহণৰ সময়তে বিজ্ঞানৰ বাস্তৱতা আৰু ইয়াৰ অলৌকিক( transcendental) তত্ত্বসমূহৰ প্ৰতি অনুভৱ কৰিব পাৰি উল্লাস । মৰিব খোজা কথাটোতে লাগি থকাৰ বিপৰীতে বিপজ্জনক কাম কিছুমান হাতত ল’ব লাগে । প্ৰদৰ্শনৰ বাবে মৃত্যুবৰণ কৰাতকৈ জন্ম-মৃত্যুৰ কিছু তাৎপৰ্য্য দিবলৈ চেষ্টা কৰিব লাগে । ত্ৰুটিপূৰ্ণ দৃষ্টিকোণে জীৱন বিষাদগ্ৰস্ত আৰু তিক্ততাপূৰ্ণ কৰি তোলে । ধনী আৰু দৰিদ্ৰৰ পাৰ্থক্যটো সাধাৰণতে সুযোগ আৰু দক্ষতাৰ মাজৰ পাৰ্থক্য । নিজৰ লগতে নিৰ্ভৰশীল পৰিজনৰ জীৱন নিৰাপদ নোহোৱালৈকে মানুহ সঞ্চয়ৰ প্ৰতি লালায়িত হৈয়েই থাকিব । সম্ভৱতঃ চৰকাৰৰ নিশ্চয়তা প্ৰদান, শৃংখলাবদ্ধভাৱ কৰ্ম্মবিভাজন আৰু সৰ্ব্বজনৰ বাবে বেতনৰ ব্যৱস্থাৰ দ্বাৰা এই সঞ্চয়ৰ প্ৰবৃত্তিটো নিয়ন্ত্ৰণ কৰিব পৰা যায় । সুৰক্ষা আৰু নিশ্চিতিৰদ্বাৰাহে ভয় আৰু লোভ হ্ৰাস কৰা সম্ভৱ । সভ্যতাৰ আটাইতকৈ বেছি হতাশজনক দৃশ্যটো দৰিদ্ৰতা নহয়, নৈতিক আঁহবোৰৰ দেখদেখ অৱনতিহে ।
জীৱনৰ অৰ্থ জীৱনৰ মাজতেই থাকিব লাগিব, ব্যক্তিগত মৰণৰ পৰা ই স্বতন্ত্ৰ হ’ব লাগিব, জাতীয় অৱক্ষয়ৰ লগতো ইয়াৰ সম্পৰ্ক বিচাৰিবলৈ যাব নালাগিব । জীৱনৰ স্বকীয় বাসনা আৰু স্বাভাৱিক পূৰ্ণতাতে ইয়াক বিচাৰিব লাগিব । প্ৰকৃতিৰ সৌন্দৰ্য্য পৰ্য্যবেক্ষণেই জীৱনটোক ভালপোৱাৰ বাবে পৰ্য্যাপ্ত । আৰু প্ৰেম ? যদিও মূলতঃ ই এক জলবাহী চাপ আৰু ৰাসায়নিক অস্বস্তি, ইয়াৰ শীৰ্ষত ই হৈ পৰে গভীৰ অনুৰক্তিৰ এক বেলাড- পাৰস্পৰিক অস্থিৰ কামনাৰ নহয়, পাৰস্পৰিক বিবেচনাৰ ।
মানুহে নিজকে এক সমগ্রৰ সহযোগী অংশ বুলি বিবেচনা কৰিব পাৰিলে কেতিয়াও হতাশাগ্ৰস্ত নহয় । জীৱনটোক অৰ্থ দিবলৈ নিজৰ জীৱনতকৈ বৃহত্তৰ আৰু অধিক সহনশীল উদ্দেশ্য থাকিব লাগিব । ব্যক্তিৰ মাজত নিহিত থকা সমস্ত মহানতা, এটা সমষ্টি বা দলে উলিয়াই আনিব পাৰে আৰু তেওঁক এনে একোটা মহান কামত প্ৰবৃত্ত কৰাব পাৰে যিটো তেওঁৰ মৃত্যুত ছেদেলি-ভেদেলি হৈ নাযায় ।
যিকেইটা প্ৰশ্নই ডুৰাণ্টক কিতাপখন লিখিবলৈ উদ্বোদ্ধ কৰিলে সেই প্ৰশ্নসমূহৰ উত্তৰ সদৌশেষত ডুৰাণ্টে খুব সচেতনতাৰে ব্যক্ত কৰিছে ।
১) জীৱনৰ অৰ্থ নিহীত থাকে এটা ক্ষুদ্ৰ গণ্ডীৰ ভিতৰত – মোৰ পৰিয়াল আৰু মোৰ কাৰ্যত ।
২) মই সুখী হলোহেঁতেন এক মহত্তৰ উদ্দেশ্যত আত্ম-নিবেদন কৰিব পৰাহেঁতেন ।
৩) মোৰ শক্তিৰ উৎস, প্ৰশংসাৰ প্ৰতি ব্যাকুল আকাঙ্ক্ষা( egotism) আৰু মোৰ ওপৰত নিৰ্ভৰশীল সকলৰ প্ৰতি এক উদ্ভ্ৰান্ত আত্ম-নিবেদনৰ প্ৰগাঢ় প্ৰচেষ্টা ।
৪) মোক সক্ষম কৰি ৰাখে মোৰ চাৰিওফালৰ লোকসকলৰ সুখ-সন্তোষ, আৰু অন্ততঃ মোতকৈ শ্ৰেষ্ঠসকলৰ মোৰ প্ৰতি অনুকূল ধাৰণাই ।
৫) মোৰ সুখৰ উৎস – মোৰ ঘৰখন, মোৰ কিতাপবোৰ, মোৰ কলম আৰু চিয়াঁহী । মই নিজকে সুখী বুলি নকওঁ, কিন্তু মই পৰিতৃপ্ত আৰু বৰ্ণনাতীতভাৱে কৃতজ্ঞ ।
৬) মোৰ শেষ সম্বল সৰ্ব্বত্ৰ । এজন লোকৰ হাতত একে সময়তে বহুত কাম থাকিব লাগে । নিজৰ সুখ-সন্তোষ সম্পূৰ্ণৰূপে সন্তান, খ্যাতি, ধন আনকি স্বাস্থ্যৰ ওপৰতো নিৰ্ভৰশীল হ’বলৈ দিব নালাগে । এইবোৰৰপৰা সন্তোষ পাব লাগে যাতে আটাইবোৰ নাইকিয়া হ’লেও অন্ততঃ কোনোবা এটাত খোপনি পুতিব পাৰে। মোৰ শেষ আশ্ৰয় হ’ব প্ৰকৃতি ।
৭) ধৰ্ম্মই মোক কিভাবে সহায় কৰে সেই কথা কোৱাটোৱেই আটাইতকৈ টান । এই মনোৰম অবাস্তবতাটো সম্পৰ্কে মোৰ মনত প্ৰত্যয় জন্মাব পৰাজনৰ প্ৰতি মই কৃতজ্ঞ নহৈ নোৱাৰিম । ব্যক্তিগত অমৰত্বৰ অভিলাষটোত কিবা এক স্বাৰ্থপৰতা আছে । উশাহ ল’ব নোৱাৰাকৈ সীমাহীন অহং ভাবেৰে ঠাহ খোৱা স্বৰ্গ এখন নিঃসন্দেহে এক অসহ্য স্থান হ’ব; তেনে এখন স্থানলৈ যাবলৈ মোৰ মন নাযাব ।
উপদেশ মাত্ৰেই একান্তই অনৰ্থক আৰু আত্মম্ভৰি( snobbish)। এজন মানুহে আন এজনক বুজিব পৰাটো নিতান্তই টান কথা । কাম-বন নথকা মানুহবোৰহে হতাশাগ্ৰস্ত হয় । সেয়েহে জীৱন কালত কাম আৰু কথা-বাৰ্তাৰ যোগেদি জীয়াই থকাৰ পথ বিচাৰি উলিয়াব পাৰি । বছৰৰ আৰম্ভণিতে পঢ়া হেঁপাহৰ কিতাপখনিয়ে মোৰ মনত বুৰবুৰণি তুলি থকা বহু প্ৰশ্নৰ যেন উত্তৰ দিলে ! নিঃসন্দেহে এইখন কিতাপে পঢ়ুৱৈক যান্ত্ৰিক জীৱনৰ অৱসাদ নিৰাময় কৰি এক সতেজ জীৱনৰ বাবে উদগনি যোগোৱাত সহায় কৰিব ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে