চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিকল্প সাংবাদিকতা কি? (মূলঃ ক্ৰিছ আটন, অনুবাদঃ গীতালী বৰপাত্ৰ গোহাঁই)

বিকল্প সাংবাদিকতা কি? (মূলঃ ক্ৰিছ আটন, অনুবাদঃ গীতালী বৰপাত্ৰ গোহাঁই)

বিকল্প মাধ্যমৰ গৱেষণাত শেহতীয়াকৈ সমসাময়িক পদ্ধতিৰে নব্য পদ্ধতি উদ্ভাসিত হৈছে, যি মূলসুঁতিৰ পৰা পৃথককৈ পৰিৱৰ্তনকামী উদ্দেশ্যেৰে সংবাদ পৰিবেশন কৰে। ‘Rodriguez’ (২০০১) –এ এনে মাধ্যমক ‘নাগৰিক’ৰ মাধ্যম’ বা ‘citizen’s media’ বুলি অভিহিত কৰিছে। ইয়াৰ দ্বাৰা তেওঁ ইয়াক সাংবাদিকতাৰ এক দৰ্শন, সাধাৰণ নাগৰিকৰ দৈনন্দিন জীৱনৰ লগত সংলগ্ন কিছুমান পদ্ধতি আৰু এনে এক মাধ্যম সূচীক বুজাব বিচাৰিছে, যি জনতাৰ দ্বাৰা তৈয়াৰ কৰা হয় আৰু জনতাৰ দ্বাৰাই পৰিচালিত হয় । এইদৰেই ‘বিকল্প’ মাধ্যম ক মূলসুঁতিৰ মাধ্যমৰ স্বীকৃত আৰু আনুষ্ঠানিক পদ্ধতিৰ এক পৰিৱৰ্তনকামী প্ৰত্যাহবান হিচাপে ভাৱিব পৰা যায়। বিকল্প মাধ্যমে প্ৰত্যক্ষ পক্ষপাতিত্ব আৰু বিৰোধী পদ্ধতিৰ উদ্দেশ্যৰ পুন:স্থাপন কৰি এনে এক সাংবাদিকতাৰ সুবিধা দিয়ে, যি নিকটভাৱে সামাজিক দায়বদ্ধতাৰ ধাৰণাৰ সৈতে সংযুক্ত হৈ থাকে। ইয়াৰ পদ্ধতিবিলাকে অংশগ্ৰহণকাৰীৰ চাক্ষুস অভিজ্ঞতা আৰু প্ৰথম পুৰুষক প্ৰাধান্য দিয়ে, সমূহীয়া আৰু ‘hierarchical’ বিৰোধী ৰীতি গঠন কৰে৷ নিৰ্দিষ্ট সীমা আৰু নিৰ্দিষ্ট বিশেষত্বও পৰিত্যাগ কৰে; সংবাদ পৰিবেশনৰ ‘পৰিৱৰ্তনকামী জনপ্ৰিয়’ দস্তুৰ আদায় কৰিবলৈ জনপ্ৰিয় টেবলয়ড বাতৰি কাকতসমূহে ন-কৈ কাম কৰিবলৈ গুৰুত্ব প্ৰদান কৰে।

যেতিয়া আমাক বিকল্প সাংবাদিকতা ‘praxis’ –ৰ সাৰুৱা অভিজ্ঞসম্পন্ন তত্বৰে শেহতীয়া বৃত্তি যোগান ধৰা হৈছিল (আৰু বিশেষভাৱে, নতুন সামাজিক আন্দোলনৰ অংশগ্ৰহণকাৰীৰৰ দ্বাৰা এনেধৰণৰ মাধ্যমৰ ব্যৱহাৰ হয়), তেতিয়া যাৰ তলত এইবিলাক মাধ্যমে তেওঁলোকৰ সাংবাদিকতা সম্পন্ন কৰে, সেই বুৰঞ্জীমূলক চৰ্তবিলাকৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাছিল, ই বিকল্প সাংবাদিকৰ ভূমিকা আৰু মৰ্যাদাৰ বিষয়ে সামান্য আভাসো দাঙি নধৰে বা এনে সাংবাদিকতা প্ৰকৃততে কেনেধৰণৰ সেইবিষয়ে কোনো পৰিচয় নিদিয়ে। বিকল্প সাংবাদিকতাৰ লক্ষ্য হৈছে এইবিলাক অনুপস্থিতিক পৰিচয় কৰি দিয়া। খবৰ কাগজৰ শিৰোনামসমূহৰ প্ৰতি সতৰ্ক হৈ আমি এনে এক বৰঙণী আগবঢ়াবলৈ চেষ্টা কৰো ,যি সূক্ষ্মভাৱে বিকল্প সাংবাদিকতাৰ প্ৰকৃতি মূল্যাংকণ কৰে তথা বুৰঞ্জীমূলক আৰু চলিত দুয়োটা পদ্ধতিৰ সন্ধান কৰাৰ অৰ্থে তাত্বিক ভিত্তিৰ সূচনা কৰে ।

আৰম্ভ কৰা হওক, বিকল্প সাংবাদিকতা পদ্ধতিৰ সেইবিলাক দিশ যিবিলাক অৰ্থনীতি আৰু সংগঠনৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য হয়। বিকল্প সাংবাদিকতাই তেনে কিছু বিশেষ গাঠনিৰ বিষয়ে দাঠি কয়, য’ত বিকল্প সাংবাদিকতাৰ লগত গণ-মাধ্যম ৰ বজাৰ-চালিত অনুষ্ঠানৰ যথেষ্ট অমিল পৰিলক্ষিত হয় । বিকল্প সাংবাদিকতা এইক্ষেত্ৰত পৰিৱৰ্তনকামী যে ই ‘hierarchical’, ‘elite’-কেন্দ্ৰিক অভিপ্ৰায় আৰু ব্যৱসায়-হিচাপে সাংবাদিকতাৰ বিৰোধী৷ ই এনে এক আদৰ্শ বহন কৰে, যাৰ জৰিয়তে সাম্যভাৱী, গুৰুত্বপূৰ্ণ মাধ্যম সংগঠন আৰু সামাজিকভাৱে দায়বদ্ধ সাংবাদিকতাৰ বিষয়ে ভৱাটো সম্ভৱপৰ হয়। বিকল্প সাংবাদিকতা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিক তথা ৰাজহুৱা সাংবাদিকতা আন্দোলনৰ সংস্কাৰকামী ধাৰণাতকৈও বেছি দূৰত্বলৈ শিপোৱাৰ সম্ভাৱণা আছে । সাংবাদিকতা অধ্যয়নৰ শেহতীয়া বৰঙণীয়ে দেখুওৱা অনুসৰি, ই ইমান পৰিৱৰ্তনকামী যে ই এক বৃহৎ দূৰত্বলৈ ‘public journalism’ বা ৰাজহুৱা সাংবাদিকতাৰ পক্ষপাতিত্ব আৰু শোষণকাৰী পদ্ধতিৰ বিৰোধিতা কৰে। ৰাজহুৱা সাংবাদিকতাই ইয়াত নিহিত থকা দাবীসমূহৰ স্বত্বেও বজাৰৰ অন্তৰ্ভাগত আৰু দীৰ্ঘস্থায়ী সাংগঠনিক, আনুষ্ঠানিক, বৃত্তিগত গাঠনিৰ ভিতৰত কাম কৰে আৰু মূলসুতিৰ সাংবাদিকতাৰ সৈতে একে পদ্ধতিৰে পৰিচালনা কৰে (যিয়েই নহওক,ই তাৰেই এক অংশ): পৰম্পৰাগত আৰু ৰাজহুৱা সাংবাদিকতাই একেই ধৰণৰ কৌশলগত বৃতান্ত বহন কৰে , সমাজৰ কাহিনী কোৱাৰ শক্তি সাংবাদিকৰ হাতত ৰাখি ,একে ধৰণৰ সমাপ্তিক কাৰ্যত পৰিণত কৰিবলৈ চেষ্টা কৰে । যিসকল কাৰ্যনিৰ্বাহক (executive ) আৰু সাংবাদিকে ৰাজহুৱা সাংবাদিকতাক সমৰ্থন কৰে৷ তেওঁলোকৰ অভিপ্ৰায়ৰ প্ৰতি অৱিশ্বাস নিহিত হৈ থাকে৷ Steve Davis–এ কৈছিল যে তেওঁলোকৰ ‘community outreach’ আৰু ‘reader responsiveness’ হৈছে মূল্যবোধৰ দিশেৰে অনিশ্চিয়তাপূৰ্ণ। তেওঁলোকৰ ৰাজহুৱা সম্পৰ্কৰ লগত নাগৰিকৰ দায়িত্ববোধ উৎপন্ন কৰাৰ লগতে পেপাৰ প্ৰচলন আৰু বিক্ৰী বৃদ্ধি হোৱাৰ হাবিয়াসো নিহিত হৈ থাকে।

এই বিশেষ সংখ্যাত প্ৰকাশ কৰা বহুতো প্ৰৱন্ধই যি চিনাকি কৰি দিছে, তাক ‘Theodore Glasser ‘– এ ‘ৰাজহুৱা সাংবাদিকতাৰ ন্যায়শাস্ত্ৰ. . . এক সম্পূৰ্ণকৈ অশাসকীয় ছপাশালৰ কাৰণে কেনেকৈ এক ৰাজনৈতিক উদেশ্যৰ দাবী জনোৱা হয়’ বুলি উক্তি দিছে . . . ‘Kevin Howley’-এ ‘ street paper’- ৰ লক্ষ্যৰ লগত ৰাজহুৱা সাংবাদিকতাৰ সমৰ্থনকাৰীৰ যথেষ্ট মিল উদ্ধাৰ কৰিছে । দুয়োটা ১৯৯০ ত আৰম্ভ হৈছে আৰু দুয়োটাই সাংবাদিকতাত গণতান্ত্ৰিক নাটনি শুধৰাবলৈ এনেধৰণৰ সাংবাদিকতা তৈয়াৰ কৰিছিল যি দৰ্শকৰ বাবে ৰীতি আৰু পদ্ধতিত বেছি ‘responsive’ তথা বেছি অৰ্থপূৰ্ণ আছিল। দুয়োটাই লেখক আৰু পঢ়ুৱৈৰ বাস্তৱিক মৌলিকতাৰ দিহা দিয়ে , কমিউনিটিৰ ‘re-coupling’ কৰে- যাৰ অন্তৰ্ভাগত কাৰ্যকৰ্তা আৰু দৰ্শকসকল পাৰ্যমানে সংযুক্ত হৈ থাকিব পাৰে। ৰাজহুৱা সাংবাদিকতাই আলোচনা কৰে, সংক্ষেপকৰণ বন্ধ কৰে, কিন্তু স্পষ্ট পক্ষপাতিত্ব স্বভাৱৰ বাবে ইয়াৰ লক্ষ্য ‘ street paper’ ৰ লক্ষ্যৰ পৰা আন দিশে গতি কৰিলে। তদুপৰি ‘street paper’ -ৰ গৃহহীন মানুহৰ দ্বাৰা লিখিত আৰু প্ৰকাশিত সমল পদ্ধতিয়ে লেখক আৰু পঢ়ুৱৈৰ কমিউনিটিৰ বেছি পৰিৱৰ্তনকামী কাৰ্য্য সাধন কৰাৰ অনুমোদন জনায় । এইদৰে ‘ street paper’ৰ ‘প্ৰগতিশীল সমাজ পৰিৱৰ্তনৰ আহিলা’ হোৱাৰ এক দক্ষতা আছে। ৰাজহুৱা সাংবাদিকতাৰ প্ৰকৃতভাৱে আৰু সমালোচনাত্মকভাৱে পুঁজিবাদী চৰ্তসমূহ প্ৰত্যাহবান জনাবলৈ থকা দক্ষতা পুঁজিবাদৰ ভিতৰত হোৱা ইয়াৰ অৱস্থিতিৰ দ্বাৰা সংক্ষেপকৰণ কৰি পেলোৱা হৈছে।

অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সম্পৰ্কৰ ব্যৱস্থা পুজিবাদক বুৰঞ্জীমূলক অস্ত্ৰ ৰূপেও গ্ৰহণ কৰিব পাৰি, যি আধুনিক ইংলেণ্ডত মেডিয়াৰ পূৰ্ব-প্ৰচলিত নিয়মৰ অংশগ্ৰহণক সক্ৰিয়ভাৱে জোৰ প্ৰদান কৰিছিল। James Hamilton –এ উমৈহতীয়া সম্পতিৰ ধাৰণাৰ ওপৰত বিভিন্ন ধৰণৰ দ্বিজাতীয় মেডিয়া পদ্ধতিৰ চিনাক্ত কৰিছিল, যি আগতীয়াকৈ সাংবাদিকতাৰ ধাৰণাক বৈশিষ্ট্যপূৰ্ণ হিচাপে মন্তব্য দিছিল আৰু বৃত্তিগত অৱস্থান তথা স্বকীয় পৰিচয়ত যথেষ্ট অনাগ্ৰহ প্ৰকাশ কৰিছিল। এনেধৰণৰ মেডিয়া অংশগ্ৰহণকাৰীক পুনৰুদ্ধাৰ কৰিবলৈ , Hamilton য়ে দুই ধৰণৰ দিহা প্ৰদান কৰিছে । প্ৰথমে, এনেধৰণৰ বুৰঞ্জীক সাংবাদিকতাৰ বুৰঞ্জীক বিশ্লেষণ কৰিবলৈ , এক প্ৰত্যাহবান হিচাপে গঠন কৰিব পৰা যায় ,যি ‘বাণিজ্যিকীকৰণ- বৃত্তিগতকৰণ, সাফল্যৰ চিন হিচাপে দৰ্শকৰ আকাৰ বৃহৎ কৰা , ব্যক্তিগত সম্পতিৰ অধিকৰ্তা আৰু বৌদ্ধিক সম্পতিৰ অধিকাৰ ’ ৰ বিষয়ে প্ৰবলভাৱে আলোচনা কৰে। দ্বিতীয়তে, প্ৰত্যাহবানবোৰ ইয়াৰ সীমালৈ ঠেলি, এই বুৰঞ্জীবিলাকে আবেদন জনায় যে গণ মাধ্যমৰ অনুষ্ঠানৰ ভিতৰত সাংবাদিকতাৰ শেহতীয়া বুৰঞ্জী হয়তো অলপমান বেছি অপ্ৰত্যাশিত আৰু Hamilton’ৰ দৰে গভীৰ বুৰঞ্জীমূলক ৰচনাই ধাৰণা আৰু কাৰ্যকৰী গাঠনিৰ পুন:গঠনৰ কাৰণে সুবিধা উপস্থাপন কৰিব পাৰে, যাৰ ওপৰত ভিত্তি কৰি বিকল্প সাংবাদিকতা গঠন কৰিব পৰা যায়।

প্ৰকৃততে ,কেনেধৰণৰ ভিত্তিৰ ওপৰত বিকল্প সাংবাদিকতা গঠন কৰা হয়, ইয়াৰ প্ৰৱন্ধবোৰে এই কথাখিনিৰ বাহিৰে আমাক বিশেষ একো নকয় যে; বিকল্প সাংবাদিকতা বহুল দ্বিজাতীয়, প্ৰাসংগিক আৰু সম্ভাৱ্যপূৰ্ণ পথেৰে আলোচনা কৰা হয়। পদ্ধতিৰ ক্ষেত্ৰত Hamilton’ৰ বুৰঞ্জী আৰু Howley’ৰ চলিত উদাহৰণে দেখুৱাই যে সামাজিক ভূমিকা আৰু দায়িত্ব (অন্তত: আশংকাহীন) ৰূপান্তৰ কৰাত আৰু এনেধৰণৰ ভূমিকাই কি উৎপন্ন কৰা উচিত তথা এজন সাংবাদিক হবলৈ কেনে দক্ষতাৰ প্ৰয়োজন, তাক সোধাত সকলোৱে আগ্ৰহ প্ৰকাশ কৰে। Deuze আৰু Platon-এ তেওঁলোকৰ ‘Indy media’ (Independent media center) সাংবাদিকতাৰ অধ্যয়নত, ‘ পঢ়ুৱৈ আৰু সূচীৰ মাজত বন্ধ আৰু ‘hierarchical’ বিৰোধী সম্পৰ্ক’ৰ আলোচনা কৰিছিল। তাৰ বাবে আমি লেখক আৰু পঢ়ুৱৈৰ মাজত নিকট সম্পৰ্ক স্থাপন কৰিব লাগিব৷ আনকি এনে এক দূৰত্বলৈ যে দুয়োটা এক হৈ পৰে আৰু ফলাফলত সমাজ সংস্কাৰক, সাংবাদিক,স্থানীয় সংবাদদাতা আদি বিভিন্ন ৰূপ লয়, য’ত সামাজিক আন্দোলনত অংশগ্ৰহণকাৰী আৰু সাংবাদিকৰ মাজৰ পাৰ্থক্যত মামৰে ধৰিবলৈ লয়। ই ৰাজহুৱা সাংবাদিকতাৰ সামাজিক দায়বদ্ধতা আৰু আনকি Howley’ৰ ‘street paper’-ৰ সমৰ্থনকাৰীক এক বৃহৎ পৰিৱৰ্তনকামী পৰিণতিলৈ লৈ যায় : আগ্ৰহ প্ৰকাশ আৰু উৎপন্ন কৰিবলৈ, সমুহৰ ‘পক্ষপাতী’ সদস্যসকলক (লাগিলে আগ্ৰহৰ সমুহ বা ভৌগোলিক সমূহেই হওঁক) সাংবাদিক হিচাপে, তেওঁলোকৰ নিজৰ সত্যৰ বিচাৰক হিচাপে।শিল্পবিষয়েৰে ইয়াক ‘Indy media’ৰ ‘মুক্ত প্ৰকাশন’ চফ্টৱেৰৰ দ্বাৰা আহৰণ কৰা হয়, যি ‘Indy media’ ৱেৱচাইটত সম্পাদনাৰ দিশত কোনো ধ্যান নোহোৱাকৈ নিজৰ লিখনি পোনপটীয়াকৈ পোষ্ট কৰিবলৈ বৰঙণি দিয়াত পাৰ্গত। কিন্তু প্ৰকৃতাৰ্থত,এই নিৰ্মলতাৰ কাৰণে কৰা শ্ৰম, ‘মুক্ত’ আৰু প্ৰকাশৰ স্বাধীনতাই ইয়াৰ লগতে ‘Indy media’ প্ৰজেক্ট লৈ প্ৰত্যক্ষ বিৰোধী দৃষ্টিভংগীৰ আগমনৰ সমস্যাও কঢ়িয়াই আনে। তথাপি, কিছুমানৰ বাবে, ‘Indy media’ৰ সাংবাদিকতাধৰ্মী পদ্ধতিয়ে অনুসন্ধান কৰিবলৈ উত্থাপন কৰা ‘স্বাধীনতা’ এনে এক স্বাধীনতা, যি মুক্তকৈ যিকোনো স্পষ্ট আদৰ্শগত ভিত্তি প্ৰচাৰ কৰে৷ ই যেন ইয়াৰ বাতৰি কৰাৰ ‘hierarchical’-হীন, অতি গণতান্ত্ৰিক আৰু বৃত্তিগতহীন পদ্ধতিৰ দ্ৰুতগামী ক্ষমতা, Indymedia প্ৰজেক্টে মুক্ত-প্ৰকাশ শিল্পবিদ্যাৰ জড়িয়তে ইয়াৰ আত্মনিৰ্ভৰশীলতালৈ অহা আশংকাক আওকান কৰে । যেতিয়া ‘racists’, ‘anti-Semites’ আৰু ‘ homophobes’ –এ যিমান পাৰি সহজে মানৱ অধিকাৰবাদী,পৰিৱেশ সংস্কাৰক বা সামাজিক নৈৰাজ্যবাদীৰ নিচিনাকৈ ইয়াৰ চাইটত প্ৰকাশ কৰিব পাৰে, তেতিয়া আমি সচাঁকৈ সামাজিকভাৱে দায়ৱদ্ধ সাংবাদিকতা কাৰ্যপন্থাত দেখিবলৈ পাঁওনে ? আনকি যেতিয়া উদাৰ মূলসুতিৰ ছপাশালে ইয়াৰ পৃষ্ঠাবিলাকত এনেধৰণৰ শিকলী নোহোৱা আগমণীৰ অনুমোদন নজনায়, তেন্তে প্ৰগতিশীল সমাজ পৰিৱৰ্তন আদৰ্শৰ বাবে বিকল্প সাংবাদিকতাই প্ৰযোজ্য নহয়নে?

সম্ভৱত Indy media’ ৰ সমস্যাৰ উদ্ভৱ হৈছে ইতিমধ্যে প্ৰচলিত বিশেষ কমিউনিটিৰ দ্বাৰা প্ৰচাৰ মাধ্যম ব্যৱস্থালৈ ইয়াৰ সূচীৰ প্ৰসাৰৰ অনুমোদন জনাবলৈ তেওঁলোকে কৰা ফ’কাচৰ পৰা। Forde, Foxwell আৰু Meadows –এ অষ্ট্ৰেলীয়ান কমিউনিটি প্ৰচাৰ মাধ্যমৰ সমসাময়িক অধ্যয়নত আলোচনা কৰিছিল যে ই হ’ল ‘স্থানীয় লোকৰ দৃষ্টিভংগী’-ৰে ;আমি বিকল্প সাংবাদিকতাক সাংস্কৃতিক সৱলীকৰণ ‘প্ৰক্ৰিয়া’ হিচাপে গ্ৰহণ কৰা উচিত . . [য’ত] সূচী উৎপন্ন কৰাটো প্ৰয়োজনীয়ভাৱে প্ৰাথমিক উদ্দেশ্য নহয় (আৰু) যিটো গুৰুত্বপূৰ্ণ হব পাৰে (বা বেছি) সেইটো হৈছে সেই পদ্ধতিসমূহ, য’ত কমিউনিটিৰ মাধ্যমে উমৈহতীয়া সংগঠন প্ৰক্ৰিয়াৰ পথক সম্ভাষণ জনায় । বিশেষ স্থানীয় কমিউনিটিৰ কাৰণে আৰু ইয়াৰ ভিতৰত কাম কৰা সাংবাদিকসকল ‘কমিউনিটিৰ সংস্কৃতি উৎপন্ন আৰু তদাৰক কৰিবলৈ’ আগবাঢ়ি আহিব পাৰে। সমসাময়িক পদ্ধতিত বিকল্প সাংবাদিকতাই কেনেকৈ স্থানীয় সৱলীকৰণ, ৰাজহুৱা পৰিধি সৃষ্টি কৰিবলৈ পাৰে, সেয়া স্পষ্ট কৰিবলৈ, সিহঁতৰ প্ৰমাণ আৰু যুক্তিসমূহ ওচৰ চাপি আহে।

বিকল্প ৰাজহুৱা পৰিধিৰ সৃষ্টিকৰ্তা তথা পৰিচালক হিচাপে বিকল্প মাধ্যমৰ অভ্যাসকাৰীসকলৰ আৱশ্যকীয়তাক; তেওঁলোকৰ কামৰ তৃণমূলৰ আৰু নাগৰীক-বিৰোধী গাঠনিৰ এক বুজাবুজিৰ কেন্দ্ৰ হিচাপে দীঘলীয়াভাৱে গ্ৰহণ কৰি অহা হৈছে। Tony Harcup –এ এইবিলাক ‘স্থানীয় সংবাদ দাতা’ ৰ কামৰ ওপৰত এক গুৰুতৰ ‘সংঘৰ্ষ’ কাহিনীৰ চিকিৎসাৰ তুলনামুলক বিশ্লেষণত দুখন উত্তৰফালৰ স্থানীয় ইংৰাজী কাকতৰ দ্বাৰা এক বহল স্থানীয় নক্সা আগবঢ়াইছিল;এখন প্ৰতিষ্ঠিত সান্ধ্য দৈনিক ,আনখন পৰিৱৰ্তনকামী উমৈহতীয়া প্ৰকাশনৰ। তেওঁ পাছৰটোৰ দ্বাৰা ব্যৱহিত ‘ পৃথক নিক্ষেপিত কন্ঠ’ত তলৰ পৰা কন্ঠৰ স্বত্ব দিয়াৰ এক থিৰ অভিপ্ৰায় উদ্ধাৰ কৰিছিল, সমাজৰ ‘elite’, বৃত্তিধাৰী গোটবিলাকৰ পৰা লোৱা পৰম্পৰাগত মুখীয়ালসকলৰ মাজেদি বাতৰি ‘hierarchy’ৰ গুৰিভাগত বাতৰিৰ উৎস উদ্ধাৰ কৰিছিল। এনেধৰণৰ সাংবাদিকতাই কেৱল কমিউনিটিৰ লগত পক্ষপাত্বিত্বৰ জড়িয়তে ‘common cause’ য়েই উদ্ধাৰ নকৰে ; সেই কমিউনিটিৰ ৰাজহুৱা পৰিধিৰ লগত ইয়াৰ স্পষ্ট সংযোগে , কমিউনিটিৰ ভিতৰত ইয়াৰ বাতৰিৰ উৎস অনুসন্ধানৰ কাৰণে যুক্তিবাদ হিচাপে কাম কৰে ।

Sujatha Sosale’ ৰ পৰিসৰে আমাক স্থানীয়ৰপৰা গোলকীকৰণলৈ লৈ যায়, য’ত তেওঁ আৰম্ভণী হিচাপে ১৯৭০-ৰ ‘New World Information and Communication Order’(NWICO) –ৰ যুক্তি-তৰ্কক গ্ৰহণ কৰিছিল। বিংশ শতিকাৰ কাৰণে সাংবাদিকতা পদ্ধতিবিলাক পুনৰ কল্পনা কৰিবলৈ, তেওঁ এক প্ৰত্যাহবানৰ আহ্বান কৰে ,যি ইতিমধ্যে আলোচিত বুৰঞ্জীমূলক আৰু সমসাময়িক অধ্যয়নসমূহৰ পৰা আমাৰ বাবে পৰিচিত । তেওঁ সাংবাদিকতালৈ ‘সামাজিকতা’ ৰ পুনৰ আগমণৰ কাৰণে নেৰানেপেৰাকৈ চেষ্টা কৰে আৰু সাংবাদিকতা পদ্ধতিত কমিউনিটিৰ নাম পুনৰ খোদিতকৰণৰ কাৰণে তৰ্ক কৰে। অষ্ট্ৰেলীয়া আৰু মাৰ্কিন যুক্টৰাষ্ট্ৰৰ আমাৰ ‘case studies’ –এ স্থানীয় পৰ্যায়ত কেনেকৈ কৰ্ম কৰিব সেয়া দেখুৱাই আৰু বিকল্প সাংবাদিকতাৰ কাৰ্যকাৰিতাৰ কাৰণে বলপূৰ্বক প্ৰমাণ আগবঢ়ায়, যি একে সময়তে বিৰোধী আৰু গঠনমূলক দুয়োটা। এইয়া Sosale’ৰ আশা যে এনেধৰণৰ কৌশলক বহুল-সামাজিক পৰ্যায়ত নিশ্চয়কৈ নিযুক্ত কৰিব পৰা যায়। । তেওঁৰ দৃষ্টিভংগী সৰলভাৱে NWICO তৰ্ক-যুদ্ধৰ এক তৰুণ অৱস্থা প্ৰাপ্তিৰ বাবে নহয়, কিন্তু সাংবাদিকতা ‘praxis’ ৰ সংস্কাৰকামী পৰিৱৰ্তনৰ কাৰণেহে।

এনে ধৰণৰ বৃহৎ দৃষ্টিভংগী শেষ কৰিবলৈ আমাক মুকলিকৈ এৰি দিব লাগে অতি বেয়াত সমাজ সংস্কাৰী ধাৰণাসমূহ আৰু অতি ভালত অনভিজ্ঞতাৰ তদাৰক কৰিবলৈ। পৰিবৰ্তনবোৰ লোৰ দৰে কঠিন , আচনি বোৰ সাফল্যমণ্ডিত হৈছে, কিন্তু গোলকীয় পৰিৱৰ্তন আশা কৰাটো যথেষ্ট অতিৰিক্ত হৈছে। তাত অন্ততঃ এটা কাৰক লুপ্ত হৈ আছে। সেয়া হৈছে ‘সাংবাদিকতাৰ শিক্ষা’ ।সাধাৰণতে , সাংবাদিকতাৰ শিক্ষকে বিকল্প সাংবাদিকতাৰ পদ্ধতি আৰু নীতি-নিয়ম অৱহেলা কৰে বা তেওঁলোকে ইয়াক ‘extreme case studies’ হিচাপেহে প্ৰকাশ কৰে। এনেধৰণৰ ধাৰণাসমূহ সাংবাদিকতা শিক্ষাৰ অন্তৰ্ভাগত ‘অভ্যাসকাৰী ধাৰণা’ ৰূপে প্ৰসাৰ হয়। যি পদ্ধতিৰ দ্বাৰা ‘সাধাৰণ জনতা’ ৰাজনৈতিক ঘটনা বিলাকৰ সাক্ষী হয় য’ত তেওঁলোকে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰে, তেওঁলোকৰ অসন্মতি বা চাক্ষুস অভিজ্ঞতা প্ৰকাশ কৰে আৰু বিকল্প মাধ্যমৰ ভিতৰত স্থানীয় সংবাদদাতা ৰূপে কাম কৰে তেনে পদ্ধতিয়ে শ্ৰেণীকক্ষত বাতৰি উৎপন্নৰ ‘epistemology’ বা ‘জ্ঞানৰ তাত্বিক দৰ্শন’ৰ পুন:চিন্তাৰ কাৰণে সম্ভাৱনীয়তা আগবঢ়াই দিয়ে। তেনেধৰণৰ পুন:চিন্তাৰ সময় আহি পৰিছে। সাংবাদিকতা শিক্ষকলৈ সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু আৱশ্যকীয় প্ৰত্যাহবানত , Skinner -এ যুক্তি দিছিল যে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বাতৰি মূল্যৰ আওঁৰোৱা শিক্ষণে বাতৰিৰ এনে এক স্বীকৃতকৰণ কঢ়িয়াই নিয়ে যি শিল্পবিদ্যা-ভিত্তিক আৰু যি ‘epistemology’ৰ লগত যিকোনো সম্পৰ্ক অস্বীকাৰ কৰে। ইয়াৰ বিপৰীতে বিকল্প মাধ্যমে সাংবাদিকতা অধ্যয়নৰ এনে পদ্ধতিৰ আলোচনা কৰে যি ‘epistemology’ ৰ প্ৰশ্ন, ‘বাস্তৱ তথ্যৰ’ ৰ সামাজিক গাথনি , জ্ঞান আৰু সূক্ষ্ম চিন্তা প্ৰতিফলন তথা বিকাশ কৰে। ৰাজহুৱা সাংবাদিকতাৰ সমালোচনাত্মক ভূমিকাত কিছু মূল্য বিচাৰিবলৈ যাওঁতে , তেওঁলোকৰ কাৰণে আৰু এই লেখকক অন্তৰ্ভুক্ত কৰি বৰ্তমানৰ ইছ্যুলৈ বৰঙণী দিওঁতাসকলৰ কাৰণে– বজাৰৰ ভিতৰত হোৱা ৰাজহুৱা সাংবাদিকতাৰ অৱস্থানে ইয়াক গণ মাধ্যমৰ গভীৰ গাঠনি , আনুষ্ঠানিক আৰু বৃত্তিগত শক্তি সম্পৰ্কলৈ যিকোনো কঠিন প্ৰত্যাহবানৰ চেষ্টা কৰিবলৈ বাধা দিয়ে। ইয়াৰ বিপৰীতে, বিকল্প সাংবাদিকতাই শ্ৰম আৰু মূলধনৰ ‘corporate’ ভিত্তিক বিভাজনৰ বাহিৰত কাম কৰে আৰু সাংবাদিকতা শিক্ষাত সমালোচনা আৰু প্ৰতিফলনৰ পৰিৱৰ্তনকামী পদ্ধতিৰ সৈতে চিনাকী হবলৈ আমাক সুবিধা প্ৰদান কৰে। বিকল্প সাংবাদিকতাৰ অধ্যয়নৰ তিনিধৰণৰ উদ্দেশ্য থাকিব পাৰে- (১)‘praxis’ ৰ জড়িয়তে সাংবাদিকতাৰ আনুষ্ঠানিক আৰু একেৰাহে সদায় প্ৰচলিত ৰীতিৰ সমালোচক হিচাপে কাম কৰা ; (২) সাংবাদিকতা কৰাৰ অন্য এক পদ্ধতিৰ দিহা দিয়া। (৩) যিসকলে নাগৰিক মাধ্যমত কাম কৰিব বিচাৰে -তেওঁলোকৰ কাৰণে কৌশল আৰু সম্ভাৱনীয়তা মুকলি কৰা । পাঠ্যক্ৰমত বিকল্প ধৰণেৰে বাতৰি কৰ্ম কৰাৰ ধাৰণা আৰু পদ্ধতিৰ সংযুক্তকৰণৰ দ্বাৰা ই যেনেকুৱাই আকৃতি গ্ৰহণ নকৰক কিয়; আমি নিশ্চয় আমাৰ নিজক, আমাৰ ছাত্ৰ-ছাত্ৰীসকলক আৰু বৃত্তি হিচাপে ইয়াক সবল কৰি তুলিব লাগিব।
এই বিষয়টোৰ বৰঙণীৰ আৰম্ভণী: বুৰঞ্জীমূলক আৰম্ভণী, স্থানীয় পদ্ধতিৰ আৰম্ভণী, শিল্প বিষয়ক আৰম্ভণী আৰু গোলকীয় দৃষ্টিভংগীৰ আৰম্ভণী আদি বিভিন্ন ধৰণৰ আৰম্ভণিৰ দ্বাৰা হ’ব পাৰে । সাংবাদিকতা শিক্ষাৰ কাৰণে ‘site’ হিচাপে আমি শিক্ষানুষ্ঠানক আন এক আৰম্ভণিৰ বিন্দু হিচাপে নিশ্চয়কৈ পুনৰ কল্পনা কৰিব লাগিব ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে