চ’ৰাঘৰ / কথাশিল্প / কলমৰ গান (ৰুদ্ৰসিংহ মটক )

কলমৰ গান (ৰুদ্ৰসিংহ মটক )

(উৎসৰ্গ : ড হীৰেন গোহাঁই ছাৰৰ হাতত শ্ৰদ্ধাৰে)

বন্ধু , এয়া চোৱা
মোৰ কলমেৰে কিদৰে
নিগৰিছে হৃৎপিণ্ডৰ সেউজীয়া শ্বাস
টগবগ্ ধাতৱ শব্দবোৰ

জানো মই, কলম তৰোৱালতকৈ
হেজাৰগুণে শক্তিশালী
ই যে সভ্যতাৰ বিজুলীবুলীয়া চকু

কলা আৰু জীৱনৰ
নিৰ্ভুল ৰূপকাৰ
কলম কাহানিও অন্ধ নহয়, নিৰ্বিচাৰ হত্যাৰ হাতিয়াৰ নহয়
ফেচিষ্টহঁতৰ হাতৰ নিৰ্বোধ বন্দুক নহয় কলম
সাম্ৰাজ্যবাদী ঈগলবোৰৰ ডেউকাৰ
বোমাৰু বিমান নহয়
কলম মোৰ স্বাধীনতাৰ কন্ঠস্বৰ, মোৰ স্বপ্ন আৰু প্ৰভাতৰ
ৰুণ দিয়া এটা ৰ’দবুলীয়া চৰাই
সত্যৰ দৰেই সাহসী মোৰ কলম
আঘাতজৰ্জৰ আত্মাৰ ক’লা দাগ, ক’লা তেজৰ
গৰ্ভৰপৰা উঠি অহা ধুমুহাজাকৰ
দৰেই দুৰন্ত কোবাল
অপ্ৰতিৰোধ্য….
বন্ধু মোৰ, তুমি হয়তো নাজানা
মোৰ কলমটো আৰামী চকীৰ
আমোলাৰ হাতৰ ৰক্তহীন, নমনীয় কলম নহয়
মোৰ কলমটো নেতাহঁতৰ অভাৰকোটৰ পকেটৰ নিদ্ৰালু কিম্বা
উদ্ধত কলমবোৰৰ দৰে নহয়
বঁটাৰ বাবে ৰাতিটোৰ ভিতৰতে
বিক্ৰী হোৱা বুদ্ধিজীৱীৰ মগজুৰ
মামৰৰ শিল্পত
কাহানিও হেৰাই যোৱা নাই
মোৰ বিবেক, মোৰ এই জুই-চিয়াঁহীৰ কলম
আৰু কেৱল সেইবাবেই-
আমোলাহঁতে মোক সন্দেহৰ চকুৰে চায়
নেতাহঁতে মোক ঘৃণা আৰু অবিশ্বাসৰ চকুৰে চায়
বুদ্ধিজীৱীহঁতে মোক বিস্ময় আৰু পুতৌৰ চকুৰে চায়
ঘাতকহঁতে বন্দুকৰ নলীৰ সৰু
ফুটা এটাৰে খুব ভয় ভয়কে জুমি চায় মোক
মই হ’লে বুকু ফিন্দাই খোজ কাঢ়ো ৰাজপথত
মোৰ কলমটোৱে স্পন্দিত ধমনীৰ
তেজত ৰঙা বেলিৰ চকু মেলি থাকে
প্ৰতিটো এন্ধাৰ মুহূৰ্তত
যুদ্ধৰ বীভৎসতাৰ বিৰূদ্ধে, মোৰ
প্ৰিয়তম কবিতাৰ পাইকাৰী
মৃত্যুৰ বিৰুদ্ধে, কলম মোৰ যুদ্ধৰ ৰাইফল
অনিবাৰ্য জয়ৰ পতাকা
কলমেই মচিব আহত মাটিৰ দুখ
শব্দৰ কলিজাৰ ঘা, ইতিহাসৰ অশ্ৰু
কলমেই খুলিব এদিন
যুগৰ বন্দীশাল, মোৰ মানুহৰ স্বাধীনতাৰ দুৱাৰ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে