চ’ৰাঘৰ / কথাশিল্প / নগ্নতা বিষয়ক ( বিকাশজ্যোতি শইকীয়া )

নগ্নতা বিষয়ক ( বিকাশজ্যোতি শইকীয়া )

হে নগ্নতা, মেলি দিয়া তোমাৰ পোহৰৰ খিৰিকী
চাওঁ জুমি সেই শেষ দুৱাৰৰ ফাকেদি ভাস্কৰ্যৰ নিটোল চয়ন
পঢ়ো সেই মাজনিশাৰ জোনৰ পোহৰত জিলিকা কবিতা

সলনি হোৱা নগ্নতা, সলনি কৰা পৃথিৱী
কি নগ্ন নহয় কৈ দিয়া আকাশক, বতাহক, ফুলক
নৈৰ পানীত যেতিয়া পোহৰৰ বৰ্ণচ্ছটা পৰে
সেয়া কি মৈথুন নহয়

কেনেদৰে তোমাক চুইছোঁ নগ্নতা
যদি চুমা দিছোঁ কপালত ওঁঠত কি সুৰ বাজি থাকে কোৱা
যদি বৰষুণে তিয়াব পাৰে ফুলবোৰ ওৰে ৰাতি
কিয় তিয়াব নোৱাৰো তোমাৰ নমিত ওঁঠ নগ্নতা

পঢ়ি দিয়া নগ্নতা সেই সকলো দস্তাবেজ
আইৰ স্তনত চুমুক দিয়াৰ প্ৰাথমিক পাঠ
পিতাইৰ ঘাম লগা দেহৰ আলিংগন
শৈশৱৰ সমনীয়াৰ অনাকাংক্ষিত স্পৰ্শ

ক’ত থাকা নগ্নতা, কেনেদৰে থাকা
থাকানে সোণালী শৰীৰবোৰত শস্যৰ গোন্ধ এটা লৈ
আবেলিৰ বাউল বতাহত মেলি দিয়া নেকি আউল-বাউল চুলি

মোৰ দুচকুত পোহৰ দিয়া নগ্নতা
তোমাক পোহৰ কৰি চাব খোেজাঁ
শান দিয়া মনটোক
শালীন ভাৱনাৰে চুব খোেজা তোমাৰ পৰা সৰি পৰা পাহিবোৰ

কৈ দিয়া এই ভূগোল নগ্নতাৰ নিৰ্দিষ্ট আকাৰ
কৈ দিয়া এই স্পৰ্শ এক নিৰ্দিষ্ট ৰসায়ন
কৈ দিয়া নগ্নতা যৌনতাৰ প্ৰতিপাঠ নহয়

চাব খোজাঁ নগ্নতা তোমাক কাষৰ পৰা
কুঁৱলীৰ চাদৰখনৰ সিপাৰে
ৰ’দ থাকে সদায়
ডাৱৰ এখিনিৰ সিটোপাৰে
শাওণীয়া বৰষুণ থাকে

সেই নগ্নতা জীৱনৰ অন্য আৱিষ্কাৰ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে