চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপজ্জনক ( ময়ূৰ বৰা )

মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপজ্জনক ( ময়ূৰ বৰা )

এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আমাৰ সমাজৰ অধিকাংশ মানুহেই সহজ হ’ব নোৱাৰে। কিবা এক লাজ, ভয়, অস্বস্তি আৰু ভণ্ডামিয়ে সন্মিলিতভাৱে এইক্ষেত্ৰত মানুহক আমনি কৰি থাকে। ৰাজহুৱা স্থানত তেনেবোৰ বিষয়ৰ ওপৰত সুস্থ আৰু যুক্তিসিদ্ধ আলোচনাৰ উদ্ভৱ হ’লে বহু লোকে মূৰ পোলোকা মৰাও দেখা যায়। ই অৱশ‍্যে বিষয়টোৰ প্ৰতি থকা তেওঁলোকৰ উদাসীনতাক নুবুজায়। নুবুজায় তেওঁলোকৰ অনিচ্ছাও। বিষয়টোৰ প্ৰতি সহজাত আকৰ্ষণ আৰু উৎসুকতাই বহু লোকৰ মন আৰু হৃদয় তোলপাৰ লগাই থাকে, কিন্তু মুকলিকৈ প্ৰকাশ কৰাৰ ক্ষেত্ৰত এক অজানা প্ৰাচীৰে বাধা দিয়ে। বিষয়টো হৈছে বিপৰীত লিংগৰ প্ৰতি থকা আমাৰ আকৰ্ষণ আৰু তাৰ লগত অৱধাৰিতভাৱে আহি পৰা নাৰী-পুৰুষৰ দৈহিক সম্পৰ্কৰ কথা। নাৰী-পুৰুষৰ বহুমাত্ৰিক সম্পৰ্কটোক কেৱল শাৰীৰিক সম্বন্ধৰ মাজেৰে চোৱা অনুচিত। কিন্তু আনবোৰ বৈবিধ‍্যময় উপাদানৰ লগতে যৌনতাৰ কথাটোও যে তেনে সম্বন্ধৰ মাজত অত‍্যন্ত গুৰুত্বপূৰ্ণ, সেই কথাটো কোনেও নুই কৰিব নোৱাৰে। ভিক্তোৰিয়ান মানসিকতা আৰু মৌনতাৰ ওৰণিৰে বহু লোকে বান্ধি থবলৈ বিচৰা যৌনতা বিষয়ক ভালেমান যুগান্তৰকাৰী ৰায় প্ৰদান কৰি উচ্চতম ন‍্যায়ালয়ে যোৱা তিনি বছৰমানত এক উদাৰ আৰু প্ৰগতিশীল মনোভাৱৰ প্ৰমাণ দিছে। বিজ্ঞানমনস্কতা আৰু উদাৰচিতীয়া চিন্তাক আধাৰ স্বৰূপে লৈ আমি যদি এখন সুস্থ আৰু সবল সমাজৰ সপোন দেখোঁ, তেনেহ’লে সেই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নাৰী- পুৰুষৰ সম্বন্ধক আমি সমদৰ্শী ভাবেৰে চাবলৈ শিকিব লাগিব। ইয়াৰ অন‍্যথা বিভিন্ন ঐতিহাসিক কাৰণত নাৰী চিৰদিন পুৰুষৰ ভোগৰ সামগ্ৰী আৰু সন্তান জন্ম দিয়া যন্ত্ৰ ৰূপেহে পৰিগণিত হৈ থাকিব। দিল্লী মুম্বাইকে আদি কৰি কেইখনমান চহৰৰ মুষ্টিমেয় এচাম লোকৰ বাহিৰে ভাৰতীয় সমাজৰ অধিকাংশ লোকেই যৌনতাকেন্দ্ৰিক আলোচনাবোৰ এৰাই চলে। মোৰ দৃষ্টিত অসমৰ সংবাদ মাধ‍্যমো এইক্ষেত্ৰত কিছু পৰিমানে জগৰীয়া।

২০১৫ চনৰ ২৩ জুলাই তাৰিখে ভাৰতৰ উচ্চতম ন‍্যায়ালয়ে নাৰী-পুৰুষৰ বিবাহ-বহিৰ্ভূত সম্পৰ্ক অৰ্থাৎ live in relationship ক গ্ৰহণযোগ‍্য বুলি আখ‍্যা দি এক অভূতপূৰ্ব ৰায় প্ৰদান কৰে। উচ্চতম ন‍্যায়ালয়ে উপলব্ধি কৰিছে যে সময় পৰিৱৰ্তনশীল আৰু পৰিৱৰ্তনশীল সময়ৰ লগত খাপ খুৱাই দেশৰ বিধি-বিধানসমূহ নতুনকৈ প্ৰণয়ন কৰিব লাগিব। পূৰ্বতে এনে সম্পৰ্কক বেআইনী বুলি আখ‍্যা দি উপলুঙা বা বিদ্ৰূপ কৰিব খোজা মানসিকতাকহে সলোৱাৰ প্ৰয়োজন বুলি ন‍্যায়ালয়ে ঘোষণা কৰিছে। সাধাৰণতে ন‍্যায়ালয়ৰ ৰায়দানৰ পাছত দেশৰ সংবাদ মাধ‍্যমত সেই বিষয়ে বিতংকৈ আলোচনা-বিলোচনা হয়। কিন্তু, দেখা গৈছে সেই একেই ভিক্তোৰিয়ান মানসিকতাৰ হেঁচাত অসমৰ বিভিন্ন সচেতন লোক এইক্ষেত্ৰত নিমাত হৈ আছে। যৌনতাৰ ক্ষেত্ৰত মৌনতা ভংগ কৰি এক সুস্থ চিন্তা-চৰ্চাৰে সমাজক গতি দিবলৈ যি ভৱিষ‍্যদৰ্শী চিন্তাৰ প্ৰয়োজন, তাক জানি-শুনি আওকাণ কৰি আমি যেন ভাৰতবাসীৰ আগত নিজৰ বিষয়ে অত‍্যন্ত নেতিবাচক চাৰ্টিফিকেট ডাঙি ধৰিছোঁ। এই স্পৰ্শকাতৰ বিষয়টোক বস্তুনিষ্ঠভাৱে নিৰীক্ষণ বা বিশ্লেষণ কৰিবলৈ আমাৰ বৌদ্ধিক পৰিপক্কতা নাই নেকি?

এনেবোৰ কথা মনলৈ আহিলে মোৰ মনত পৰে এগৰাকী অদম‍্য সাহসী অসমীয়া নাৰীলৈ– যি কেইবা দশকৰ আগতেই নাৰীৰ নিম্ন স্থানৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। গান্ধীজীৰ শিক্ষাৰে অনুপ্ৰাণিত মহিলাগৰাকীয়ে গৰজি উঠিছিল জাতিভেদ, অস্পৃশ‍্যতা আৰু বাল‍্যবিবাহ আদি সামাজিক ব‍্যাধিৰ বিৰুদ্ধে। কিন্তু তেওঁৰ বিশেষ এষাৰ কথাই প্ৰমাণ কৰে এগৰাকী অসমীয়া নাৰী কিমান দৃঢ় মনোভাৱাপন্ন, সৎ, সাহসী আৰু নিষ্ঠাবান হ’ব পাৰে। সমাজৰ বিভিন্ন কামত লাগি হঠাতে মহিলাগৰাকীৰ এজন বিশিষ্ট অসমীয়া সাহিত‍্যিকৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন হয়। সেই সম্পৰ্কত মান‍্যতা দিবলৈ দুয়ো গৈ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত গন্ধৰ্ব প্ৰথাৰে গোপনে বিয়াত বহে। গোপনে বহাৰ একমাত্ৰ কাৰণ আছিল অসমীয়া সমাজৰ ভয়ংকৰ জাতিভেদ প্ৰথা। পুৰুষজন আছিল সমাজৰ তথাকথিতভাৱে উচ্চকুলৰ আৰু মহিলাগৰাকী তথাকথিতভাবে নীচ কুলৰ। কালক্ৰমত সেই গভীৰ প্ৰেমৰ সাক্ষী স্বৰূপে মহিলাগৰাকীয়ে গৰ্ভধাৰণ কৰিলে। ইফালে নানা চেষ্টাৰ ফলতো পুৰুষজনে নিজৰ পৰিয়াল আৰু সমকালীন সমাজখনৰ প্ৰতিনিধিসকলক বুজাই সৈমান কৰিব নোৱাৰিলে। মহিলাগৰাকীকো বহু লোকে বুজালে যে যিহেতু তেওঁলোকৰ বিবাহক সমাজে স্বীকৃতি নিদিলে, গতিকে তেওঁৰ গৰ্ভৰ সন্তানটোক নষ্ট কৰি স্বাভাবিক জীৱনযাপন কৰিব লাগে। তেতিয়া সেই মহীয়সী নাৰীয়ে কৈছিল সেইষাৰ কথা- যি কথা ক’বলৈ বৰ্তমানৰ অধিকাংশ উচ্চশিক্ষিত আৰু আধুনিক মহিলাৰো সাহস নাই বুলি মই অনুভৱ কৰোঁ। দণ্ডিনাথ কলিতাৰ দ্বাৰা প্ৰতাৰিত হোৱা সেইগৰাকী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে কৈছিল– ‘গৰ্ভৰ সন্তান মই নষ্ট নকৰোঁ, কাৰণ মই এজন জাৰজ সন্তানৰ মাতৃ নহওঁ। মই মাতৃ হ’ম এগৰাকী বিখ‍্যাত সন্তানৰহে।’ স্বাধীনতাৰ পাছতে কলকাতাত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত অবিশ্বাস‍্যভাৱে সাহসী ভূমিকা পালন কৰি অসমীয়াৰ হকে কাম কৰা অতুল শইকীয়াই প্ৰমাণ কৰিছিল তেওঁ দৰাচলতে কাৰ সন্তান। পৰিতাপৰ কথা আমি অতুল শইকীয়াক মনত ৰাখিছোঁ কেৱল এজন শ্ৰমিক নেতা বা প্ৰাক্তন বিধায়ক হিচাপেহে।

সাম্প্ৰতিক ইতিহাসৰ পৰা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ দৃঢ় মনোভাব আৰু সুস্পষ্ট ভাষাৰ কথা এই কাৰণেই উল্লেখ কৰিলোঁ, কিয়নো মোৰ বিশ্বাস অসমীয়া সমাজৰ কোনো পুৰুষ-মহিলাই বৰ্তমান সময়তো তেনে বলিষ্ঠ স্থিতি ল’বলৈ সক্ষম হোৱা নাই। হয়, আমি আধুনিক হৈছোঁ, আধুনিক প্ৰযুক্তিবিদ‍্যাই প্ৰদান কৰা উপাদানসমূহ ব‍্যৱহাৰ কৰি আমি এখন ডিজিটেল পৃথিৱীত মত্ত হৈ আছোঁ। ভাৰ্ছুৱেল পৃথিৱীখনত আমাৰ বন্ধু বহুত; কিন্তু প্ৰকৃত বন্ধুৰ অভাৱ আমি ক্ৰমবৰ্ধমানভাৱে অনুভৱ কৰি আহিছোঁ। সুবিধা পালে আপোনাৰ-মোৰ দৰে বহু ব‍্যক্তিয়ে বিপৰীত লিংগৰ লোকৰ লগত সময় কটাবলৈ ভাল পাওঁ। গোপনীয়তাৰ বিষয়টো সুনিশ্চিত হ’লে অবাধ যৌনাচাৰক লৈও আমাৰ মাজৰ বহুতৰে আপত্তি নাথাকে। তেনেবোৰ কথা ভাল নে বেয়া সেয়া মই ক’বলৈ যোৱা নাই। কেইটামান বাস্তৱ সত‍্যহে ডাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু সেই বাস্তৱ সত‍্যৰ মাজৰ আটাইতকৈ দৃষ্টিকটু অংশটো হ’ল আমাৰ পৰিমাপহীন ভণ্ডামি। মান‍্যতা আৰু গ্ৰহণযোগ‍্যতাৰ পাৰাপাৰ ভেদ কৰি বৰ্ণনাতীতভাৱে শক্তিশালী হৈ পৰা আমাৰ ভণ্ডামিয়ে আমাক বৌদ্ধিকভাৱে বীৰ্যহীন কৰি তুলিছে। নিজৰ অস্তিত্ব, নিজৰ ভাষা, সাহিত‍্য-সংস্কৃতিৰ বিৰুদ্ধে শ্লোগান দি থাকোঁতে আমি পাহৰিলে নচলিব যে দৰাচলতে শিপাহীন, চেতনাহীন হৈ পৰিছোঁ। ভণ্ডামিৰ চক্ৰবেহুত নিৰ্লজ্জভাৱে পৰি থকা অসমীয়াই যদি কেৱল আন্দোলন, পথ অৱৰোধ কৰি নাইবা এন আৰ চি কেন্দ্ৰত বোন্দাপৰ দি নিজৰ সবল স্থিতিৰ কথা বিশ্বক জনাব বিচাৰে, তেনেহ’লে তেওঁলোকৰ বিফলতা নিশ্চিত। শুনিবলৈ অৰুচিশীল যেন লাগিলেও যৌনতা হ’ব পাৰে আমাৰ সমাজখনৰ বাবে এনে এটা বিন্দু- যিটোৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ এক বৌদ্ধিকভাৱে প্ৰাণচঞ্চল, মানসিকভাৱে সৎ আৰু সবল উত্তৰণমুখী যাত্ৰা। ৰূপাকাত্মক দৃষ্টিভংগীৰে লক্ষ‍্য কৰিলে নাৰী-পুৰুষৰ সম্পৰ্কৰ অন‍্যতম আধাৰস্বৰূপ সুস্থ যৌনতা এখন সুস্থ আৰু সন্তুলিত সমাজৰো ভেটি হ’ব পাৰে। কিন্তু তাকে নকৰি যিকোনো যৌনতাকেন্দ্ৰিক বাকধাৰাক দূৰতে বিদূৰ কৰাৰ ভিক্তোৰিয়ান মানসিকতা অব‍্যাহত ৰাখিলে, আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ম আমি। সমাজত নানা অপৰাধ বৃদ্ধি পাব আৰু নাৰী-পুৰুষৰ মাজৰ সম্পৰ্কটোও সমভাবাপন্ন সমমৰ্যাদাসম্পন্ন নহ’ব।

পুৰুষপ্ৰধান সমাজত নাৰীৰ সমঅধিকাৰৰ প্ৰশ্নটোৱে গুৰুত্ব নাপায় বাবে তেওঁলোক নানা বঞ্চনা আৰু উৎপীড়নৰ সন্মুখীন হয়। এটা পৰ্যায়লৈকে সমাজেও মহিলাসকলৰ অনুভৱক গুৰুত্ব দিব নিবিচাৰে। নাৰী মুক্তি আন্দোলনৰ অন‍্যতম হোতা Virginia Woolf- এ সেয়েহে হয়তো ক’বলৈ বাধ‍্য হৈছিল- ‘The history of men’s opposition to women emancipation movement is more interesting than women emancipation movement itself.’ তুলনামূলকভাৱে অসমীয়া সমাজত নাৰীৰ স্থান হিন্দী বলয়তকৈ যথেষ্ট উচ্চ আছিল। কিন্তু হিন্দী বলয়ৰ উৎসৱ আদিক আদৰি লোৱাৰ উদগ্ৰীৱতাৰ সময়ত অসমীয়া সমাজে যৌতুকৰ দৰে বহু সামাজিক ব‍্যাধিও নিজৰ সমাজৰ অংগ কৰি ল’লে। বহু অসমীয়া নগৰীয়া বিয়াত বিয়ানাম আজিকালি সম্পূৰ্ণ এলাগী হ’ল। তাৰ স্থান ল’লে ‘মেহেন্দী’, ‘সংগীত’ আদি ফটুৱা হিন্দী চিৰিয়েলৰ যোগেদি জনপ্ৰিয় হোৱা আমদানিকৃত উৎসৱে। তেনে নিম্নখাপৰ উৎসৱক অসমীয়া বিয়াৰ মাজত সুমুৱাই বিবাহৰ গাম্ভীৰ্য হানি কৰিলে আমাৰ মাজৰ উচ্চশিক্ষিত অসমীয়াই। বহু সময়ত যথেষ্ট টকা পইচা খৰচ কৰি পতা তেনে বহুতো বিবাহৰ কিছুদিন পিছতেই বিবাহ বিচ্ছেদৰ বাতৰিও ওলায়।

পৰিশেষত ক’বলৈ হ’লে চেতনাহীন অসমীয়াই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বলিষ্ঠ ভাবাদৰ্শৰ কথা কেতিয়াবাই পাহৰিলে। জানিও নজনাৰ ভাও ধৰে উচ্চতম ন‍্যায়ালয়ে নাৰী-পুৰুষৰ দৈহিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত যোৱা কেইটামান বছৰত দিয়া যুগান্তকাৰী ৰায়বোৰৰ বিষয়ে। নিজৰ সাংস্কৃতিক পৰিচয় হেৰুৱাই আপোনঘাতী হ’বলৈ ওলোৱা বিশেষকৈ নগৰীয়া মধ‍্যবিত্ত অসমীয়া আজি স্থূল জীৱনবোধৰ উপাদানবোৰক লৈ আপোনপাহৰা। সেইসকল কক্ষচ‍্যূত অসমীয়াই সমাজক কি দিগ্ নিৰ্দেশনা দিব, নিজৰ ক্ষেত্ৰতে ক’ব নোৱাৰে ক’লৈ গৈছে বা কি কৰিব? তেওঁলোকৰ- অৰ্থাৎ আপোনাৰ বা মোৰ মনত সেই বোধ, সততা আৰু সাহস আছেনে, যাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ যৌনতাৰ ওপৰত থকা মৌনতা আৰু ভণ্ডামিৰ পৰ্দাখন নিঃচিহ্ন কৰি আমি নাৰী আৰু পুৰুষৰ মাজৰ সম্পৰ্কক সুস্থ, প্ৰেমময় আৰু মৰ্যাদাপূৰ্ণ কৰি তুলিব পাৰিম? যদি ইয়াৰ উত্তৰ নেতিবাচক হয়, তেনেহ’লে কোনো ক্ষেত্ৰতে আমি এখন সবল আৰু সুস্থ সমাজ গঢ়িব নোৱাৰোঁ।

মন্তব্য

  1. কেইটামান বানান Technical error আছে৷” ্য” বোৰ সঠিকৈ অহা নাই ৷ বিৰুদ্ধে ৰ ঠাইত হিৰুদ্ধে হৈ আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *