চ’ৰাঘৰ / কথাশিল্প / মৌন নাদ ( লীনা শৰ্মা )

মৌন নাদ ( লীনা শৰ্মা )

মোৰ যিমান দূৰ মনত আছে, চহৰৰ কোনোবা এটা উপকণ্ঠ অঞ্চলত সেই ঘৰটো আছিল, ঘৰটোৰ সন্মুখেৰে এখন পাহাৰীয়া নদী বৈ গৈছিল আৰু ঘৰটোৰ অলপ আঁতৰৰ পৰাই এখন পাহাৰ এঢলীয়াকৈ ওপৰলৈ উঠি গৈ আকাশ স্পৰ্শ কৰাৰ স্পৰ্ধা কৰিছিল। ঘৰটো আৰু নদীখনৰ মাজত এজোপা বেলগছ আছিল আৰু সেইখিনিতে ৰৈ মই কেতিয়াবা নদীখনৰ ফালে, কেতিয়াবা আকাশলংঘী পাহাৰখনৰ ফালে আৰু কেতিয়াবা নীলা টিনৰ ঘৰটোৰ ফালে চাইছিলোঁ। পাতল সেউজ ৰঙৰ ঘৰটোৰ এটা নাম আছিল, নীলাচল। হয়তো উঠি যোৱা পাহাৰখনৰ লগত মিলাই দিয়া নাম।

এতিয়া ঘৰটো নাই। তাৰ ঠাইত এটা কেইবামহলীয়া ঘৰ, ‘নীলাচল শ্বপিং আৰ্কেড’ বা তেনেকুৱা কিবা এটা। পাহাৰখনো বহু দূৰলৈ যেন আঁতৰি গৈছে। সেইফালে গ’লেও মই কেইবামহলীয়া ঘৰটোলৈ নেচাওঁ, অলপ দূৰৈত এটা নৰ্দমাৰ নিচিনা হৈ পৰা নদীখনলৈও দৃষ্টি নিক্ষেপ কৰাৰ চেষ্টা নচলাওঁ।

সেই ঘৰটোলৈকে মানুহগৰাকী বিয়া হৈ আহিছিল। বৰ সুন্দৰী আছিল তেওঁ। বয়স বা কিমান আছিল? সোতৰ বা ওঠৰ। তেজৰঙা গালৰ লগত মিলা দগমগীয়া ৰঙা সেন্দুৰৰ ফোঁট, শিৰৰ পৰা সেন্দুৰবোৰ নামি পৰি কপালখনত বিয়পি পৰিছিল। তাৰে অলপ হয়তো সোণবৰণীয়া পাটৰ চাদৰখনতো লাগিছিল। ব্ৰাক্ষণ পুৰোহিতৰ কন্যা, বিয়াৰ সময় উকলি যোৱাৰ উপক্ৰম হৈছে বুলি আত্মীয়-কুটুম্বই আপত্তি উঠাওতেই হঠাৎ এই প্ৰস্তাৱটো আহি গ’ল। হোমৰ তলিত কন্যাদানৰ সময়ত হাতত হাত মিলাওঁতে তেওঁ দেখিছিল এখন ক’লা, খহটা হাত, তেওঁৰ গাখীৰৰ ফেনৰ নিচিনা হাতৰ লগত এক অদ্ভুত বৈসাদৃশ্য। তেওঁৰ মনটো সেমেকি উঠিছিল। শোৱনি-কোঠাত কথা-বতৰাৰ একো অৱতাৰণা নকৰাকৈ মানুহজনে তেওঁক স্পৰ্শ কৰিছিল। অমৰাগুটীয়া ৰঙা চকু দুটা,ভ্ৰূযুগল দেখি বিছা এডাললৈ মনত পৰিছিল। এয়া আছিল এক নিৰুপায় আত্মসমৰ্পণ এজন কোনো কালে নেদেখা মানুহৰ ওচৰত। ভীষণ খং উঠিছিল তেওঁৰ মনত। ক্ষোভৰ বৰ্হিপ্ৰকাশৰ কোনো অৱশ্যে অৱকাশ নাছিল। ঘৰখনত বিধৱা পেহীয়েক, বৰজনাক, জাক, কেইবাটাও ভতিজা আৰু ভতিজীৰ উপস্থিতি। অৱশ্যে কামকৰা মানুহৰো অভাৱ নাছিল। জানকী বাই আৰু গোপাল বাপুটি পাকঘৰত, বাকী কামৰ বাবেও অনেক লোক। বৰজনাক ডাঙৰ ঠিকাদাৰ, শহুৰেকো হেনো ডাঙৰ ব্যৱসায়ী আছিল। মানুহেৰে ঠাহ খাই থকা ঘৰখনত ন-কইনাৰ বাবে কাম নেথাকিলেও তেওঁ ইফালে-সিফালে ঘূৰি সকলোৰে মন যোগাবলৈ চেষ্টা চলাইছিল। বেচেৰী ন-কইনাৰ পাছে গিৰীয়েকৰ চেহেৰাটোহে চকুত পৰা নাছিল। মানুহজন যেন ছিটিকি ফুৰিব! কেতিয়াবা ইয়াত, কেতিয়াবা তাত, বিভিন্ন সম্পৰ্কীয় আৰু বন্ধু-বান্ধৱৰ ঘৰে ঘৰে দৌৰি ফুৰিছে। কেইদিনমানৰ ছুটী লৈ আহিছিল। তাতে আকৌ হঠাৎ চীন সেনাৰ আক্ৰমণ!

তৃতীয় দিনৰ গধূলিত মানুহজনে ন-কইনাক ক’লে যে তেওঁ পাছদিনা পুৱাই যাবগৈ লাগিব। কেইদিনমানৰ কথা। যুদ্ধ শেষ হ’লে আহিয়েই যাব। আৰু ইয়াত ইমানবোৰ মানুহ আছে যেতিয়া নতুন মানুহজনীৰ অসুবিধা হোৱাৰ কোনো অৱকাশ নাই। পিতৃসম ডাঙৰ ককায়েক, মাতৃসম ডাঙৰ বৌয়েক__ গতিকে চিন্তা কৰাৰ কোনো কাৰণেই তেওঁৰ চকুত পৰা নাই। তেৱোঁ শলাগি থৈ দিলে। আচলতে বাকীবোৰ মানুহৰ দৰে এইজন মানুহো তেওঁৰ অপৰিচিতই, গতিকে তেওঁ থকা-নথকাৰ ওপৰত মানুহগৰাকীৰ ভাল লগা বা নলগাৰ কোনো সম্পৰ্ক থাকিব নোৱাৰে। অৱশ্যে মানুহগৰাকীয়ে জনা নাছিল যে ইতিমধ্যে তেওঁৰ গৰ্ভত এই অপৰিচিত যেন লগা মানুহজনে এক চিহ্ন এৰি থৈ গৈছে।

বমি বমি লাগোতে, হাত-ভৰিৰ বিষত শুই থাকোঁতেও তেওঁ মানুহজনৰ অভাৱ অনুভৱ কৰা নাছিল। জাকে সৰিয়হ তেলেৰে হাত-ভৰিত মালিচ দিছিল, ভালৰো ভাল বস্তু ৰান্ধি খুৱাইছিল, কোঠাটোত এখন ৰংচঙীয়া বিছনাচাদৰ পাৰি দিছিল। ‘গাভাৰী মানুহৰ মন ভালে থাকিব লাগে।’ __ ঘৰত থকা বাল বিধৱা পেহীয়েকে মানুহগৰাকীক কৈছিল। মলিয়ন বগা কাপোৰেৰে তকলা মূৰটো অৰ্ধাংশ ঢাকি ইফালৰপৰা সিফাললৈ ঘূৰি থকা বৃদ্ধা মানুহজনীৰ মুখত স্নেহৰ ছায়া। সেই মানুহগৰাকী দেখিলে ন-কইনাৰ মনত বহুতো দুখে অগা-ডেৱা কৰে। স্বামীৰ মুখ নেদেখাকৈয়ে ৰৈ যোৱা এগৰাকী নাৰী। পাছফালৰ এটা আন্ধাৰ চেঁচুক কোঠাত এটা লেতেৰা ফটা কঁথাত মানুহজনী পৰি থাকে, এখন থালত ভিক্ষাৰীক দিয়াৰ নিচিনাকৈ আহাৰৰ যোগান ধৰা হয়। প্ৰায়ে উপবাস।

সন্তানসম্ভৱা মানুহগৰাকীৰ গা খুব বেয়া। কিন্তু পৰিয়ালৰ আল-পৈচানত সকলোবোৰ কষ্টৰ যেন উপশম ঘটিছে। মাজে-মাজে গিৰীয়েকৰ পৰা মানি-অৰ্ডাৰ আহে ককায়েকৰ নামত। নিজৰ পত্নীক এৰি থৈ যোৱাৰ বাবে সেই ব্যয় বহন কৰিবলৈ ককায়েকৰ হাতত কিছু ধন তুলি দিয়াটো স্বাভাৱিক। ককায়েকে হাঁহে__ ‘ই কিয় খৰচ পঠিয়ায়? মই তাৰ পৰিয়ালক পোহপাল দিব নোৱাৰিম বুলি ভাবিছে নেকি? সি মোৰ সৰু ভাই, মোৰ পুত্ৰসম। লখিমীৰ কৃপাত মোৰ অপৰ্যাপ্ত।’ ককায়েকে তাৰে এটা অংশ ভাই বোৱাৰীৰ হাততো দিয়েহি। তেওঁৰ ভাল লাগে, নিজকে গৃহিণী গৃহিণী বুলি ভাবিবলৈ আৰম্ভ কৰে। ৰঙা গুণাৰ ৰিহা এখন কিনি তাক সযতনে পেৰাৰ এচুকত ৰাখি থয়। দেহা শুৱনি হ’লে এদিন পিন্ধিব। এতিয়া তলপেটটো উখহি এক বিয়াগোম চেহেৰা হৈছে। হয়তো কাৰোবাৰ বিয়াত, নহ’লে কেঁচুৱাৰ এমহীয়াত তেওঁ লচপচকৈ সাজি-পাৰি সেই ৰিহাখন গাত মেৰিয়াই ল’ব।

সময়ত তেওঁৰ কোলালৈ তেওঁৰ কন্যা সন্তান আহিল। এটা লোদোৰ-পোদোৰ মৰমলগা কেঁচুৱা। বৰজনাকে ক’লে__ ‘বাপেকৰ চেহেৰা। বাপগঢ়ী ছোৱালী ৰাজঘৰলৈ যায়।’ সেইবাৰ প্ৰথমবাৰলৈ গিৰীয়েকৰ চিঠিও আহিল। মানুহজনৰ আনন্দত তত নাই। যুদ্ধখন শেষ হ’ল যদিও ছুটী পোৱা নাই। নিজৰ ছোৱালীজনীক বুকুত সুমুৱাই মৰম কৰিবলৈ মন গৈছে, কিন্তু উপায় নাই, তেওঁ অসহায়। সেইবাৰ পত্নীলৈ অলপ সৰহকৈ পইচাও পঠিয়াই দিলে।

সকলো ভাল দিন চাগে অতি শীঘ্ৰেই শেষ হৈ যায়। মানুহজনৰ পইচা অহা হঠাৎ বন্ধ হৈ গ’ল, তাৰ লগত চিঠি-পত্ৰও নোহোৱা হৈ গ’ল। বৰজনাকে যোগাযোগ আৰম্ভ কৰিলে, ডেকা ভতিজাক গৈ কৰ্মক্ষেত্ৰত ওলালগৈ। মানুহজন হেনো কোনো খবৰ নিদিয়াকৈ নোহোৱা হৈ গ’ল। তেওঁ হয়তো নিজেই ক’ৰবালৈ আঁতৰি গৈছে, কেতিয়াবা মানুহৰ হেনো এনেকুৱা হয়। মানুহবোৰ এনে ধৰণৰ যুদ্ধ বিগ্ৰহৰ নিয়মত চলি উন্মাদ হৈ যায়। নহ’লে হয়তো তেওঁক সীমান্তৰ সিফালৰপৰা কোনোবাই ধৰি সিফাললৈ লৈ গৈছে। কিন্তু তাৰো কোনো ধৰণৰ তথ্যপাতি তেওঁলোকৰ হাতত নাই।

মানুহজন এনেকৈ নোহোৱা হোৱাটোৱেও মানুহগৰাকীক বৰ বিশেষ ধৰণে টলাব পৰা নাই। আচলতে তেওঁ তেওঁৰ গিৰীয়েকক মাত্ৰ তিনিটা দিনৰ বাবেহে লগ পাইছিল, তাকো নিশাৰ আন্ধাৰত। তেওঁ মানুহগৰাকীক কোনো প্ৰেমৰ কথা কোৱা নাছিল, কাণে-কাণে গুনগুনাই এবাৰৰ বাবেও ‘তোমাক ভালপাওঁ’ বা ‘তুমি ধুনীয়া’ জাতীয় শব্দৰ উচ্চাৰণ কৰা নাছিল। এনেকৈ তিনিটা মাহ পাৰ হৈ যোৱাত এটা আচৰিত ঘটনা ঘটিল। ‘বাপগঢ়ী ছোৱালী ৰাজঘৰলৈ যায়’ বুলি কৈ থকা বৰজনাকে অকণমানি নোদোকা কেঁচুৱাটোৰ ফালে চাই ঠাট্টাৰ হাঁহি এটা মাৰি কৈ পেলালে__ ‘বাপেৰৰ নিচিনা শাওঁবৰণীয়া চেহেৰা।’ ভতিজা ল’ৰাটোৱে বাপেকৰ লগত সুৰ মিলাই খুকখুকাই হাঁহিলে। সেইদিনাখন মানুহগৰাকীৰ গিৰীয়েকলৈ হঠাৎ প্ৰথমবাৰৰ বাবে মনত পৰিল__ বাপেকটো থকা হ’লে?

আৰু দুমাহমান পাৰ হ’ল। গিৰীয়েকৰ কোনো খবৰ-খাতি তেতিয়ালৈকে পোৱা নাই। পাঁচমহীয়া ছোৱালীজনীক নতুন চোলা এটা পিন্ধাবলৈ মন গৈছে যদিও কাকো এডোখৰ নতুন কাপোৰৰ কাৰণে কুতুৰিবলৈ তেওঁ সাহস কৰা নাই। গিৰীয়েকে প্ৰথমতে পঠিওৱা পইচাৰে সেই ৰিহাজাতীয় দামী বস্তু নিকিনি যদি কণমানিজনীৰ কাৰণে পইচাখিনি জমা কৰি থ’লেহেঁতেন আজি তাইৰ গাত চোলাৰ নামত বহু দিন আগতেই ভতিজা ছোৱালীয়ে দলিয়াই দিয়া ফিচিকি থকা চোলাটো ওলমি নাথাকিলেহেঁতেন। ইতিমধ্যে ছোৱালীজনীৰ চেহেৰাটো লৈ ঘৰখনত সকলোৱেই মুকলিকৈ হঁহা আৰম্ভ কৰিয়েই দিছে। তেওঁ কিন্তু ছোৱালীজনীক খুব মৰমলগা বুলি ভাবে। লোদোৰ-পোদোৰ হাত-ভৰি, ভ্ৰূযুগল এতিয়াই ধেনুভিৰীয়া, হাঁহিলে গালত টোল পৰে। তেওঁ মৰমতে ছোৱালীজনীৰ গাল দুখন চুমাৰে ওপচাই দিয়ে।

বৃদ্ধা পেহীয়েকক এদিন ৰাতিপুৱাই বিছনাত মৃত অৱস্থাত পোৱা গ’ল। মানুহগৰাকীৰ বৰ দুখ লাগিল। এইগৰাকীয়েই একমাত্ৰ মানুহ আছিল, যি কেঁচুৱা ছোৱালীজনীক কোলাত ওলমাই আগচোতাল-পাছচোতালত ঘূৰি ফুৰিছিল, এনেকুৱা এক দুখৰ সময়ছোৱাত বিধৱা পেহীয়েকগৰাকী মানুহজনীৰ বাবে সহায়ৰ লাখুটিৰ নিচিনা হৈ পৰিছিল। তেওঁ বাৰে বাৰে মানুহগৰাকীক প্ৰবোধ দিছিল__ ‘সি আহিব। মোৰ পূৰ্ণ ভৰসা আছে যে সি ঘূৰি আহিবই।’ বৃদ্ধা মানুহগৰাকীয়ে কেতিয়াও লগ নোপোৱা নিজৰ মৃত স্বামীলৈ মনত পেলাই চকুপানী টোকে__ ‘মানুহটো নমৰাহেঁতেন মই এনেকৈ কাৰোবাৰ ঘৰৰ চুকত পৰি থাকিবলগীয়া নহ’লহেঁতেন।’ বৃদ্ধা মানুহগৰাকীৰ কথাখিনি শুনি তেৱোঁ ভাবিবলৈ লয়__ ‘মানুহটো ঘূৰি অহাহেঁতেন…’

ডাঙৰ ভতিজা ল’ৰাটোৱে এইবেলি মেট্ৰিক পৰীক্ষা দিব। ঘৰত তাকে লৈ একপ্ৰকাৰ হুৱাদুৱা। ভাল কৰিলে কটন কলেজত পঢ়িবলৈ যাব। কিন্তু তাক পঢ়িবলৈ এক পৰিৱেশ, এক সুকীয়া কোঠাৰ প্ৰয়োজন। ডাঙৰগৰাকী জাক মানুহগৰাকীৰ কোঠালৈ আহিল।
— তোমালোক দুটাহে। এইটো কোঠাৰ এতিয়া তোমালোকৰ প্ৰয়োজন নাই। আগতে পেহী থকা খালী কোঠাটোলৈকে তোমালোকক পঠিয়াই দিম বুলি ভাবিছোঁ।

সেইদিনাখন মানুহজনীয়ে পেহীয়েকে এৰি থৈ যোৱা ঘোকোট এন্ধাৰ কোঠোটোত সোমাই হেৰাই যোৱা গিৰীয়েকক সুঁৱৰি হুকহুকাই কান্দিলে। কোঠাটোৰ বেৰবোৰত সেউজীয়া-নীলা শেলুৱৈৰ পয়োভৰ। এখনো খিৰিকী নাইকিয়া এটা কোঠা। বালবিধৱা পেহীয়েকতকৈও যেন তেওঁৰ অৱস্থা আৰু অধিক শোচনীয়। পেহীয়েকে অন্ততঃ জানিছিল যে তেওঁৰ গিৰীয়েক মৃত। কিন্তু তেওঁ যে এইটোও সঠিককৈ নেজানে যে তেওঁৰ মানুহটো মৃত নে জীৱিত। পলাই গ’ল নে কোনোবাই ধৰি লৈ গ’ল? মানুহৰ হাতত নে বাঘ-ঘোঙৰ পেটত? এটা সময়ত একেবাৰেই ধূসৰ হৈ থকা মুখখন এতিয়া স্পষ্টকৈ চকুৰ আগত ভাহে। মানুহজনৰ বুকুত কুঁচিমুচি হৈ সোমাই পৃথিৱীখন পাহৰি যোৱাৰ সপোনো তেওঁ দেখে।

যিদিনাখন ছোৱালীজনীৰ এবছৰ পূৰ্ণ হ’ল, তেওঁৰ সেইদিনা ছোৱালীজনীক এটা নতুন ফ্ৰক পিন্ধোৱাৰ ইচ্ছা জাগিল। চুচুক-চামাককৈ গৈ জাকক কথাটো কোৱাৰ লগে-লগে মানুহজনী জকজকাই উঠিল– ‘ক’ৰপৰা নতুন ফ্ৰক দিম? দুটাকৈ মানুহক এনেকৈ বহি বহি খুৱাই থকাটোৱেই এটা জটিল সমস্যা হৈ পৰিছে! তাৰ ওপৰত এইবোৰ দাবী! সিটো মৰিল নে হজিল তাৰেই ঠিকনা নাই…।’ বহি বহি খুওৱাৰ গোকোট মিছা কথা কোৱাৰ কাৰণে তেওঁৰ দুখ লাগিল। যোৱা কেইটামান মাহত বাচন ধোৱা, ঘৰ সৰা-মোচা কৰা জাতীয় বহুতো কামৰ বোজা তেওঁৰ ওপৰত ধীৰে ধীৰে জাপি দিয়া হৈছেই।

একেবাৰে খং নুঠা মানুহজনীৰ গধূলি সময়ত এটা অঁকৰা খং উঠিল। নিজৰ ওপৰত, অদৃষ্টৰ ওপৰত।কোঠাটোৰ পেৰাত পেহীয়েকৰ বগা কাপোৰ এসাঁজ পৰি আছিল। তেওঁ পেৰাটো খুলি কাপোৰ সাঁজ উলিয়াই নিজে পিন্ধি পেলালে। কাপোৰসাঁজৰ পৰা নিৰ্গত হোৱা অকটা অকটা গোন্ধটোৱেও যেন তেওঁক জোকাৰিব পৰা নাই। তাৰ পাছত নিজৰ পেৰাৰপৰা উলিয়ালে নিজৰ নতুন ৰিহাখন আৰু কেঁচী এখনেৰে ফ্ৰকৰ জোখাৰে এযোৰ কাপোৰ কাটি উলিয়ালে। আজি নিশাটো শেষ হোৱাৰ আগেয়ে কেঁচুৱা ছোৱালীজনীৰ গাত নতুন ফ্ৰক এটা সুমুৱাবই। আজি তেওঁ একো নেখায় । জাক আহিল ভাত খাবলৈ মাতিবলৈ। তেওঁ মূৰ তুলিয়েই নেচালে। জাকে ভোৰভোৰালে__’ ভেমটো চোৱা হাকিমনীৰ। এক পইচাৰো সহায় নাই।’

সেই কোঠাত এটা পোহৰ নাইকিয়া বাল্ব। কিন্তু সেইবোৰলৈ তেওঁ ভ্ৰূক্ষেপ কৰা নাই। একান্ত মনেৰে বেজি সূতাৰে ফ্ৰক চিলাবলৈ আৰম্ভ কৰি দিলে। মনেৰে তেওঁ এক সিদ্ধান্তও গ্ৰহণ কৰিলে যে ইয়াৰ পাছৰ পৰা ছোৱালীজনীৰ প্ৰতিটো জন্মদিনত নিজৰ পেৰা ঠাহ খাই থকা কাপোৰ কাটি এটা এটা নতুন ফ্ৰক চিলাই তাইক প্ৰতিবাৰেই পিন্ধাব। নিজৰ কাৰণে ফটা-ছিটা কাপোৰ যি পায়, তাৰেই তেওঁৰ জীৱনটো চলি যাব। মানুহটো যোৱাৰ পাছৰ পৰা তেওঁৰ জীৱনৰ ৰঙৰ কোনো অৰ্থই নোহোৱা হৈ গ’ল। সকলোৱে মিলি গিৰীয়েকে ছটিয়াই যোৱা ৰঙবোৰ যেন নিষ্ঠুৰতাৰে কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ আৰম্ভ কৰি দিলে। মুখৰপৰা নিজৰ অজানিতে এক হুমুনিয়াহ বুকু ভেদি ওলাই আহিল__ ‘মানুহটো থকা হ’লে!’ একেটা কথাই মনৰ ভিতৰত বাৰে বাৰে পাকঘূৰণি খাই থাকিবলৈ ধৰিলে। আৰু চকুৰে পানীৰ ধল তেওঁৰ অজানিতেই ববলৈ ধৰিলে। এটা সময়ত চাগে তেওঁৰ টোপনি আহিল। হাতৰপৰা চিলাবলৈ ওলোৱা ফ্ৰক, বেজি, সূতা সকলো মজিয়ালৈ সৰি পৰিল। জীয়েকৰ কলকলনিত হঠাৎ তেওঁৰ টোপনিৰ আবেশ আঁতৰি গ’ল। জীয়েক এজন শুকান চেহেৰাৰ, কৃষ্ণক’লা মানুহৰ কোলাত উঠি আপোন মনেৰে , নিজৰ ভাষাৰে কথা কৈ গৈছে। তেওঁ সপোন দেখা নাইতো? দুচকু মোহাৰি তেওঁ থিয় হ’ল আৰু মানুহজনক হাতেৰে স্পৰ্শ কৰিলে। এক সুন্দৰ উত্তাপ। শেলুৱৈভৰা বেৰ আৰু জেকা মজিয়াৰপৰা নিৰ্গত হোৱা সেমেকা ভাবটো যেন ক’ৰবালৈ উৰা মাৰিছে। একো নভবাকৈয়ে তেওঁ মানুহজনৰ বুকুত মুখ গুঁজি উচুপিবলৈ ধৰিলে। মানুহজনেও এহাতেৰে তেওঁক সাবটি ধৰিলে।

— কথা নাই, বতৰা নাই, এওঁ কালি হঠাৎ পেহীয়ে থৈ যোৱা বগা সাঁজযোৰ পিন্ধি পেলালে।
দুৱাৰমুখত থিয় হৈ ডাঙৰ জাকে সকলোৱে শুনাকৈ কৈ উঠিল।
— একো নহয় বৌ। মই বগা ৰং বৰ ভালপাওঁ। মই ভালপোৱা বগা ৰং পিন্ধি এওঁ চাগে মই অহালৈকে অপেক্ষা কৰি আছিল।
মানুহজনীৰ চকুপানী হাতেৰে মচি তেওঁৰ শুকাই যোৱা মুখলৈ কিছু সময় চাই মানুহজনে বৰ মৰমেৰে ক’লে–‘বগা ৰঙেৰে তোমাক বৰ ধুনীয়া দেখি।’

বহু দিনলৈ ‘নীলাচল’ নামৰ ঘৰটোৰ পাছচোতালত বহি মায়ে মোক মোৰ দেউতাৰ লগত তেওঁৰ মিলনৰ সেই দৃশ্যৰ বৰ্ণনা কৰিছিল। ইয়াৰ পিছত অৱশ্যে দেউতাই মাক ‘তোমাক ভালপাওঁ’ বুলি কাহানিও কোৱা নাছিল বা ক’বলগীয়া হোৱাও নাছিল।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে