চ’ৰাঘৰ / কথাশিল্প / মকৰা, শামুকৰ গল্প ( অভিজিত শৰ্মা বৰুৱা )

মকৰা, শামুকৰ গল্প ( অভিজিত শৰ্মা বৰুৱা )

ৰাতি এঘাৰমান বজাত ভাত খাবলৈ বহিছোঁ। পকেটত ম’বাইল ফোনটো আছেই। ভাত খাই থাকোঁতেই ওপৰা-উপৰিকৈ চাৰিটামান এছ এম এছ অহাৰ এলাৰ্ট পালোঁ। মেছেজ আহিলেই যেনিবা, সেইবুলি মই ভাত খোৱা এৰি সেইবোৰ চাই থাকিমনে? মই মেছেজলৈ ভ্ৰূক্ষেপ নকৰি প্ৰথমে ভাতকেইটা ভালদৰে খাই ল’লোঁ। তাৰ পাছত মুখ-হাত ধুই বিছনালৈ গ’লোঁ। বিছনাত পৰিহে ফোনটো উলিয়ালোঁ।
প্ৰথম মেছেজটো অজন্তাৰ। তাই মোৰ মাহীৰ ছোৱালী। মোৰ নিজৰ বাই-ভনী নাই। মাহীৰ ছোৱালীহঁতকে নিজৰ ভনী বুলি ভাবোঁ। বিশেষকৈ অজন্তা আমাৰ বৰ মৰমৰ। মোৰেই এজন বন্ধু, প্ৰখ্যাত বিজ্ঞানী উদ্দীপ্ত হাজৰিকাৰ লগত তাইৰ বিয়া ঠিক হৈ আছে। বিয়া মানে ‘লাভ মেৰেজ’। মোৰ যোগেদিয়েই সিহঁতৰ চিনাকি আৰু সি বিজ্ঞানী হোৱাৰ আগৰে পৰা দুয়োটাৰ প্ৰেম। অজন্তাই এছ এম এছত লিখিছে__ ‘পাৰিলে সোনকালে আহিবাচোন।’
দ্বিতীয় মেছেজটো তাইৰ ভনীয়েক মমতাৰ। তাই লিখিছে, ‘কাম ইমিডিয়েটলী।’
তৃতীয়টো? সেইটো দেখোন মাহীৰ। মাহীয়ে লিখিছে, ‘এবাৰ আহিবি।’
মোৰ হাঁহিহে উঠিল। একেখন ঘৰত থাকিয়েই তিনিগৰাকীয়ে একে মেছেজেই পঠিয়াইছে। বোধকৰো প্ৰত্যেকে বেলেগ বেলেগ কোঠাত থাকি পঠিয়াইছে আৰু ইজনে যে পঠিয়াইছে সিজনে গম নাপায়।
মাহীৰ ঘৰৰ প্ৰাণী চাৰিটা। মাহী-মহা, অজন্তা আৰু মমতা।এতিয়া যদি তিনিটা মেছেজ বাকী তিনিজনে দিছেই, তেন্তে বাকী থাকিল__কেৱল মহা!
মই চতুৰ্থ মেছেজটো চালোঁ__হয়, সেইটো মহায়েই দিছে। তাতো একেধৰণৰ কথায়েই। ‘কাম শ্বাৰ্প।মেটাৰ আৰ্জেন্ট।’
মই এইবাৰ অলপ চিন্তাত পৰিলোঁ। কি বা হৈছে? এতিয়া ৰাতিও দেৰি হৈছে। ফোন কৰিবলৈ ভাল লগা নাই; আৰু ফ’ন কৰিবলগীয়া আৰ্জেন্ট কথা হ’লে নিশ্চয় তেওঁলোকেই ফ’ন কৰিলেহেঁতেন। কি কৰোঁ-নকৰোঁ ভাবত মমতালৈকে এছ এম এছ এটা কৰিলোঁ। তাই অলপ দেৰিকৈ শোৱে। তাইক সুধিলোঁ__’সোনকালে যাব লাগে বুলি চাৰিটা এছ এম এছ পাইছোঁ। কথাটো কি জনোৱা। তেতিয়াহে টেনচন কমিব। ‘
তাই মেছেজ দিলে__ ‘ইমান চিন্তা কৰিবলগীয়া একো নাই। বিয়াৰ কথা। বাইদেৱে কিবা এটা গণ্ডগোল কৰিছে।’
মই তেতিয়াহে স্বস্তি পালোঁ। মানে তাই গণ্ডগোল কৰিছে যদি চিন্তা নাই। মই তাইক জানো, উদ্দীপ্তক জানো, লগতে ইটোৱে যে সিটোক এৰিব নোৱাৰে সেই কথাও জানো। গতিকে কিবা সমস্যা হ’লেও সমাধান কৰাত মোৰ বাবে অন্ততঃ দিগদাৰ নাই। হ’লেও মহা-মাহীয়ে বিচাৰিছে যেতিয়া মই এবাৰ যোৱাটো উচিত হ’ব। কাইলৈ আগবেলা দুটামান কাম আছে। সেইকেইটা কৰি আবেলি গুচি যাম। কিমান দূৰনো বাট? গাড়ীত তিনি ঘণ্টা লাগিব। মই মহালৈ এটা এছ এম এছ কৰি দিলোঁ__ ‘উইল ৰীচ্চ টুম’ৰ’ ইভিনিং।’ পিছে মহাই বা বাকীকেইজনক খবৰ দিব নে নাই? গতিকে বাকী তিনিগৰাকীলৈ সেইটো ফ’ৰৱাৰ্ড কৰি দিলোঁ।
মই গৈ পোৱাৰ পাছত মাহীয়ে মৰম-সাদৰেৰে নি ভিতৰ পোৱালেগৈ। আমাৰ ঘৰত যেনেকৈ ছোৱালী নাই, তেনেকৈ মহা-মাহীৰ ল’ৰা নাই। মোকে ল’ৰাৰ আসনত ৰাখে। গতিকে তাত মোৰ বেছ পাত্তা। মোক ডাইনিং টেবুলত বহুৱাই মাহীয়ে ক’লে, ‘তই ভাল পাবি বুলি মই লুচি-ভাজিৰ ব্যৱস্থা কৰিয়েই থৈছোঁ। গৰমে গৰমে ভাজি দিওঁ ৰ।’
লুচি-ভাজি খাই মই আহি পৰ্টিকত বহিলোঁ। বাকীকেইজনো কাষ চাপি আহিল। মই সুধিলোঁ, ‘কথাটো বা কি হ’ল?’
মাহীয়ে অজন্তাৰ ফালে চাই ক’লে, ‘তাই গণ্ডগোল কৰিছে, তায়েই কওক।’
অজন্তাই তলমূৰ কৰি ক’লে, ‘মই বিয়া নাপাতোঁ বুলি সিদ্ধান্ত লৈছোঁ।’
মই অলপ ৰৈ সুধিলোঁ, ‘ উদ্দীপ্তক নে আন কাৰোবাক?’
‘কাকো নাপাতোঁ’, তাই ক’লে।
মই এইবাৰ মমতাক সুধিলোঁ, ‘পিছে তাই বিয়া নপতাৰ কাৰণটো বা কি?’
‘কওঁনে?’ মমতাই বায়েকক সুধিলে।
‘ক’ব খুজিছ ক’, অজন্তাই ক’লে।
‘মানে তাই কালি লগৰ কেইজনীমানৰ লগত উদ্দীপ্তৰ লেব’ৰেটৰীলৈ গৈছিল। তাত কি হ’ল নাজানো, আহি তাই কৈছে, ‘উদ্দীপ্তদা হেনো পাগল হৈছে। তাইৰ লগৰকেইজনীয়েও সেইবুলি কৈছে।’
‘পাগল? হঠাতে সি কেনেকৈ পাগল হ’ল?… আৰু তুমি গম পালা কেনেকৈ?’ মই অজন্তাক সুধিলোঁ।
‘চোৱা। তেওঁ বিজ্ঞানী বাৰু বুজিছোঁ। কিন্তু বিজ্ঞানী হ’লে লেব’ৰেটৰীত পৰীক্ষা-চৰীক্ষা কৰি থাকিব লাগিছিলনে নাই?’ অজন্তাই সুধিলে।
‘লাগিছিল বাৰু! কিন্তু সি নো কি কৰিলে?’
‘এঠাইত এগাল বিয়াগোম মকৰা পুহিছে। দেখিলেই ভয় লাগি যায়। তাৰ পাছত আন এঠাইত পুহিছে শামুক। এটা-দুটা নহয়, হাজাৰ-বিজাৰ।’ তাই ক’লে।
‘শামুক…… মকৰা পুহিছে।’ ময়ো আচৰিত হ’লোঁ।
‘অ’, পাগল নহয় কি?… মোৰ লগৰকেইজনীয়েও কৈছে__ আগতে খুব ব্ৰিলিয়েণ্ট আছিল বাবেই নেকি এতিয়া হেনো মূৰত ধৰিছে। মূৰত ধৰিছে মানে কি? পাগলেইতো! এনে পাগলৰ লগত বিয়া হ’ব পাৰি নেকি?’
‘সেইটোতো নোৱাৰি’, মই অলপ ভাবি ক’লোঁ, ‘কিন্তু সি পাগল হয় নে নহয়, বা কেতিয়াৰ পৰা পাগল হ’ল, সেইবোৰ খবৰ কোনোবাই লৈ লোৱা ভাল নেকি? তাৰ পাছতে তুমি নহ’লে ‘ফাৰ্ম ডিচিছন’ ল’বা।’
‘অঁ, অঁ। সেইটোৱেই ভাল হ’ব’, মাহীয়ে মোক ক’লে,’তয়েই যা।খা-খবৰবোৰ লৈ আহ। আৰু তাইৰ মূৰৰ পৰা বাজে কথাবোৰ উলিয়াই দে। সি নহয়, তাইহে পাগল হৈছে।’
° ° ° °
মই উদ্দীপ্তৰ ওচৰলৈ গ’লোঁ। সি মোক দেখি আচৰিতেই হ’ল, ‘হঠাতে আহিলি যে!’
‘তহঁতৰ খা-খবৰ লৈ যাওঁ বুলিয়েই আহিলোঁ’, মই চমুকৈ ক’লোঁ।
‘ভালেই কৰিলি দে! মই তোৰ কথাই ভাবি আছিলোঁ’, উদ্দীপ্তই ক’লে।
‘কিয়?’ মই সুধিলোঁ।
‘মানে কিছুমান বিষয়ত আমাৰ গৱেষণা সফল হৈছে আৰু তোক, অৰ্থাৎ বিজ্ঞানৰ কথা ভালকৈ বুজি নোপোৱা এজনক, কিছুমান কথা কৈ আৰু দেখুৱাই মোৰ ভালেই লাগিব’, সি বোধহয় ইচ্ছা কৰিয়েই এটা কাট মাৰিলে।
‘কিয় বা ভাল লাগিব?’ মই সুধিলোঁ।
‘মানে যাদু বুলি ভাবিবি যে!’ সি ক’লে।
‘বিজ্ঞানৰ কথা বুজি নোপোৱা আৰু কিছু মানুহক তই হয়তো আগতেও সেইবোৰ দেখুৱাইছিলি, কিন্তু সিহঁতে সেয়া যাদু বুলি নাভাবি তই আশা নকৰা কথা এটাহে ভাবি ল’লে!’ ময়ো গহীনাই তালৈ এপাট শেল এৰিলোঁ।
সি হয়তো বিশেষ একো বুজি নাপালে আৰু মোক ক’লে, ‘আহ। চাহ-তাহ ঘূৰি আহি খাম দে।’
মই তাৰ পিছে পিছে আগবাঢ়ি গ’লোঁ।
‘মই তোক আগতে কৈছিলোঁৱেই নেকি যে আমি বহুতো কথা প্ৰকৃতিৰ পৰা শিকিবলগীয়া আছে।’ গৈ থাকোঁতেই সি কৈ গ’ল।
‘এবাৰ নহয়, একাধিকবাৰ কৈছিলি।’ মই ক’লোঁ, ‘তাৰ পাছত কি কাম কৰিলি, সেয়াহে নাজানিলোঁ।’
‘এতিয়া তেন্তে শুন, আমি তেনে ধৰণৰ কিছু কাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে তই কিছুমান আচৰিত ঘটনা চাবলৈ সাজু হ।’ সি ক’লে।
‘ আচৰিত হ’বলগীয়া কথা থাকিলে নিশ্চয় আচৰিত হ’ম’, মই ক’লোঁ।
সি একো নামাতি মোক তাৰ নতুন পৰীক্ষাগাৰৰ ফালে লৈ গ’ল। আমি মাজৰ কৰিড’ৰেদি গৈ এটা কাঁচ দিয়া কোঠা পালোঁগৈ। সি বাহিৰৰ পৰা লাইট জ্বলাই দিলে। মই কাঁচৰ মাজেদিয়েই সেই বন্ধ কোঠাটোত দেখিলোঁ__ সৰু-ডাঙৰ বহুত মকৰা। মই জিকাৰ খাই উঠিলোঁ। অজন্তা আৰু তাইৰ বান্ধৱীকেইজনীক যদি সি এইবোৰ দেখুৱাইছিল, সিহঁত চাগৈ ভিতৰি ভিতৰি আতংকিতই হৈ পৰিছিল। আৰু মকৰা কি কোনোবা স্বাভাৱিক মানুহে পোহে? পাগলৰ বাহিৰে!
‘এইবোৰ কি?’ মই সুধিলোঁ।
‘তই মকৰা চিনি নাপাৱ?’ তাৰ যেন খঙেই উঠিল।
‘মকৰা মই চিনি পাওঁ। কিন্তু ইমানবোৰ মকৰা ইয়ালৈ কেনেকৈ আহিল? আৰু তহঁতে ইমান আদৰ-সাদৰকৈ সিহঁতক ৰাখিছ কিয়?’ মই সুধিলোঁ।
‘তোৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ__ সিহঁত নিজে ইয়ালৈ অহা নাই, আমি আনিছোঁ। আৰু দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ হ’ল, ‘সিহঁতে আমাৰ কামেই কৰি আছে বাবে আমি সিহঁতক আদৰকৈ ৰাখিছোঁ’, সি ক’লে।
‘তহঁতৰ কি কাম সিহঁতে কৰি দিছে?’
‘ঠিক আমাৰো নহয়, সমগ্ৰ মানৱ জাতিৰ কাম। পৃথিৱীৰ আটাইতকৈ শক্তিশালী সূতা, তাঁৰ বা ‘কেবল’ তৈয়াৰ কৰাৰ কাম’, সি ক’লে।
‘কি?’ মই আচৰিত হৈ সুধিলোঁ।
‘ইয়াত আচৰিত হ’বলৈ কি আছে?’ মই আচৰিত হোৱা বাবে সিহে আচৰিত হ’ল, ‘অৱশ্যে মকৰাই মকৰাজাল সাজিবৰ বাবে তৈয়াৰ কৰা সূক্ষ্ম সূতাডালৰ যে ইমান শক্তি থাকিব পাৰে, সেয়া তহঁতৰ দৰে মানুহে ভাবিব নোৱৰা কথা। ‘
‘ভাবিব পৰা-নোৱৰাৰ কথা বাদ দে। মোৰ কথা হ’ল– মকৰাই শক্তিশালী সূতা তৈয়াৰ কৰাটো সম্ভৱ নহয়। আমি দেখোন মকৰাৰ জালৰ সূতা অনায়াসে ছিঙি দিব পাৰোঁ,’ মই ক’লোঁ।
‘ছিঙিব পাৰ হয়, কিন্তু সেইডাল তেনেই ক্ষুদ্ৰ ব্যাসৰ হোৱা বাবেহে তই টানি ছিঙি দিব পাৰ। কিন্তু আমি যদি সেই সূতাডালৰ ব্যাস এডাল তীখাৰ সমান কৰি দিওঁ, তেন্তে সেইডাল ছিঙিবলৈ তীখাৰ তাঁৰডালৰ তুলনাত প্ৰায় এশগুন বেছি বলৰ প্ৰয়োজন হ’ব’, সি ক’লে।
‘হয় নেকি? অৱশ্যে তই কৈছ যেতিয়া বিশ্বাস কৰিবই লাগিব,’ মই ক’লোঁ।
ইচ্ছা কৰিলে তই কোনোবা পৰীক্ষাগাৰত পৰীক্ষা কৰি প্ৰমাণ চাই ল’ব পাৰ’, সি নিৰ্লিপ্তভাৱে ক’লে, ‘আৰু এটা কথা শুন। বিজ্ঞানীসকলে এতিয়ালৈকে সৃষ্টি কৰিব পৰা আটাইতকৈ কঠিন তাঁৰডালো মকৰাৰ সূতাডালতকৈ দৃঢ় নহয়।’
‘মানে এতিয়া তহঁতে ইয়াত তৈয়াৰ কৰাবোৰৰ বাহিৰে!’
‘অঁ__’, সি হাঁহি মাৰি ক’লে, ‘শুন, আৰু কথা আছে। আমি এই মকৰাবোৰক জিনীয়ভাৱে বিকশিত কৰি সিহঁতক শকত সূতা তৈয়াৰ কৰিব পৰা কৰি তুলিছোঁ। গতিকে আমি শক্তিশালী সূতা তৈয়াৰ কৰিবলৈ অধিক কষ্ট নকৰিলেও হ’ব।’
‘কিন্তু সেইবোৰ সংগ্ৰহ কৰিবলৈ কোন যাব? এই ভয়ংকৰ মকৰাবোৰৰ মাজলৈ?’ মই সুধিলোঁ।
‘উঃ ৰাম! এই সামান্য কামটোও আমি কৰিব নোৱাৰিম বুলি ভাবিছনে? কাম হোৱাৰ পাছত তাত এনে এক ফ্ৰিকুৱেন্সীৰ শব্দ তৰংগ সৃষ্টি কৰা হ’ব, যাক মকৰাই সহ্য কৰিব নোৱাৰে। মানে মহ খেদা সঁজুলিৰ দৰে ব্যৱস্থা। সেই সময়তে সিফালৰ দুৱাৰখন খুলি দিয়া হ’ব আৰু মকৰাবোৰ য’ৰ জাল ত’তে এৰি ওচৰৰ কোঠাটোত সোমাই পৰিব। তেতিয়াই আমি সেইবোৰ সংগ্ৰহ কৰি ল’ম। বুজিলিনে?’ সি সুধিলে।
‘বুজিলোঁ’, মই ক’লোঁ।
‘ব’ল তেন্তে। আৰু আগবাঢ়ি যাওঁ।’ সি ক’লে।
আমি আকৌ আগবাঢ়ি গ’লোঁ। এইবাৰ আন এটা কোঠা পালোঁগৈ। তাতো কাঁচৰ সিফালে দেখোন শামুকেই শামুক। মই আকৌ জিকাৰ খাই উঠিলোঁ।
‘অজন্তাহঁত ইয়ালৈ আহিছিল বুলি মই গম পাইছোঁ। তই বাৰু এইটো কোঠাও সিহঁতক দেখুৱাইছিলি নেকি?’ মই হঠাতে সুধিলোঁ।
‘অঁ__ তো। ইমান ইণ্টাৰেষ্টিং বস্তুটো কিয় নেদেখুৱাম? … কিয়, কি হ’ল?’ সি সুধিলে।
মোৰ ক’বৰ মন আছিল, ‘বাপেৰৰ মূৰটো হ’ল!’ নাই অজন্তাৰ বান্ধৱীহঁতক দোষ দি লাভ নাই। তাত মকৰা, ইয়াত শামুক চাবলৈ গ’লে এইবোৰ পাগলৰ কাম নহয় কি?
মই পিছে সেইবোৰ নকৈ সুধিলোঁ, ‘সেই শামুকবোৰে কি কৰি আছে? মানে তহঁতৰ কামেই কৰি আছেতো! তহঁতৰনো কি কাম কৰি আছে?’
‘সিহঁতে জৈৱিকভাৱে কেলচিয়াম কাৰ্বনেট তৈয়াৰ কৰি আছে।’
‘সিহঁতে আকৌ সেই কাম কেনেকৈ কৰিব পাৰে?’ মই সুধিলোঁ।
‘আৰে! তাকো নাজান? শামুকৰ প্ৰথম কামেই হ’ল সেইটো। শামুকে তাৰ গোটেই শৰীৰটো আৱৰি নিজে সৃষ্টি কৰা খোলাটো হ’ল মূলতঃ কেলচিয়াম কাৰ্বনেট। কিন্তু আমি ৰাসায়নিকভাৱে তৈয়াৰ কৰা কেলচিয়াম কাৰ্বনেট আৰু এই কেলচিয়াম কাৰ্বনেটৰ মাজত আকাশ-পাতাল পাৰ্থক্য!’
‘মানে?’
‘মানে আৰু কি?’ শামুকে জৈৱিকভাৱে সৃষ্টি কৰা কেলচিয়াম কাৰ্বনেটৰ খোলাৰ ভংগনৰোধী ক্ষমতা ৰাসায়নিকভাৱে সৃষ্ট কেলচিয়াম কাৰ্বনেটতকৈ প্ৰায় তিনি হাজাৰগুন বেছি।’
‘বাপৰে বাপ!’ মই সঁচাকৈ আচৰিত হ’লোঁ ।
‘এতিয়া বুজিছতো! আমি জৈৱিকভাৱে প্ৰশিক্ষণ দিয়া শামুকবোৰে আমাৰ বাবে কিমান ডাঙৰ কাম কৰি আছে।’
‘বুজিছোঁ। কিন্তু আমি শামুকক বাদ দি ৰাসায়নিকভাৱে তেনে শক্তিশালী দ্ৰব্য তৈয়াৰ কৰিব নোৱাৰোঁ কিয়?’ মই সুধিলোঁ।
‘কাৰণ প্ৰাণীবোৰে জৈৱ সংশ্লেষণৰ জৰিয়তে সেইবোৰ তৈয়াৰ কৰে আৰু আমি ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা সেইবোৰ তৈয়াৰ কৰোঁ। এইক্ষেত্ৰত জৈৱ সংশ্লেষণৰ মূল আহিলা ডি এন এ আৰু প্ৰ’টিনবোৰৰ অদ্ভুত পাৰদৰ্শিতাৰ লগত আমাৰ পদ্ধতিৰ তুলনাই নহয়। আমি পাৰিলে সেই ডি এন এ আৰু প্ৰ’টিনবোৰক ডাইৰেক্ট ব্যৱহাৰ কৰি ন ন আৰু উন্নত ধৰ্মবিশিষ্ট জৈৱ দ্ৰব্য তৈয়াৰ কৰাৰ চেষ্টা কৰি আছোঁ। …… মানে ধৰ, ডি এন এৰ গঠন ক্ষমতা আৰু কাৰ্বন নেন’ টিউবৰ সহায়ত আমি নিজে নিজে গঠিত হ’ব পৰা নেন’ ট্ৰেনজিষ্টৰ প্ৰস্তুত কৰিম।’
‘বুজিছোঁ’, মই একো নুবুজিলেও তাৰ আগত লাজ পাওঁ বুলি বুজাৰ ভাও ধৰিলোঁ।
তাৰ পাছত সুধিলোঁ, ‘আৰু কিবা দেখুৱাবিনে?’
চাৱ যদি দেখুৱাব পাৰোঁ, আহ’, সি ক’লে। আমি দুয়ো আকৌ আগবাঢ়ি গ’লোঁ।
মোক এটা ডাঙৰ কোঠালৈ লৈ গৈ সি ক’লে, ‘এইকেইটা অৱশ্যে পৰীক্ষামূলক পৰ্যায়তে আছে। তথাপি চাই ল।’
মই দেখিলোঁ কোঠাটোৰ মাজতে আছে কাঁচৰ এটা আহল-বহল জলাশয়। কেইবাজনো গৱেষকে ওচৰত লেপটপ আদি লৈ সেইফালে চাই আছে, লগতে কিবা টুকিও আছে।
‘কি আছে ইয়াত?’ মই সুধিলোঁ।
‘তোৰ চকুৰ সন্মুখতে আছে দেখোন। তই নিজেই চাই ল’, সি গহীনাই ক’লে।
মই ভালদৰে চালোঁ– সেইটো আচলতে নানা জলজ উদ্ভিদ, পোক-পৰুৱা, মাছ আদিৰে ভৰি থকা এক কৃত্ৰিম জলাশয়। কিছুমান পতংগ তাৰ পৃষ্ঠইদি ক্ষিপ্ৰ গতিৰে গৈ আছে, মাছবোৰো ঘূৰি ফুৰিছে।
‘চালোঁ, কিন্তু কি হৈছে বুজি নাপালোঁ’, মই তাক ক’লোঁ।
সি ক’লে, ‘চা, কিছুমান পতংগই সিহঁতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঠেংকেইখনেৰে পানীৰ ওপৰেদি খৰকৈ খোজকঢ়া নাইনে? সেয়া যেন পানী নহয়, মাটিহে!’
‘অঁ অঁ__’ মই ক’লোঁ।
‘সেই একেই পদ্ধতিৰে আমি কিছুমান ক্ষুদ্ৰ ৰবটক একো নাও-চাও নোহোৱাকৈ বা ডুবি নোযোৱাকৈ পানীৰ ওপৰেদি অ’লৈ-ত’লৈ পঠিয়াব নোৱাৰিমনে? লাহে লাহে তাতকৈ গধুৰ ভৰৰ কিছুমান বস্তুক! আমাৰ গৱেষকসকলে তাৰেই চেষ্টা কৰি আছে!’
‘বুজিছোঁ’, মই এইবাৰ বুজি পায়েই ক’লোঁ।
‘আৰু চা, জলচৰ প্ৰাণীৰ ভিতৰত মাছবোৰ কেনে অদ্ভুত বৈশিষ্ট্যসম্পন্ন প্ৰাণী। মাছবোৰে নিমিষতে বেগ কম-বেছি কৰে, বা অবিশ্বাস্যভাৱে গতিৰ দিশ পৰিবৰ্তন কৰি কেনেকৈ বাৰু ইফালে-সিফালে গৈ থাকিব পাৰে? মন কৰিবিচোন লাহে লাহে গৈ থকা মাছ এটাই বিপদৰ গোন্ধ পালেই যিকোনো দিশত কেনে দ্ৰুত গতিত তৎকালেই আঁতৰি যায়!’
‘হয়তো!’
‘আচলতে মাছবোৰৰ ফিচাবোৰৰ সুবিধাজনক অৱস্থিতি, আকাৰ আৰু সেইবোৰ উপযুক্তভাৱে লৰচৰ কৰিব পৰাৰ বিৰল পাৰদৰ্শিতাৰ বাবেই মাছে এনেধৰণৰ অবিশ্বাস্য কামবোৰ কৰিব পাৰে। আমি এতিয়া সেই আৰ্হি কামত লগাবলৈ চেষ্টা কৰি আছোঁ।’
‘তেনে জলযান সাজিবলৈ বা কিমান দিন লাগিব?’ মই সুধিলোঁ।
‘বেছি দিন নালাগে। আমি ইতিমধ্যে যথেষ্ট আগ বাঢ়িছোঁৱেই। মানে সেই জৈৱিক পদ্ধতিবোৰৰ ৰহস্য উদ্ধাৰ কৰিব পাৰিছোঁ।’
‘তাৰ পাছত কি কৰিবি?’
‘বহুত কাম আছে। ধৰ__ পোহৰ সৃষ্টি কৰা। পোহৰ উৎপন্ন কৰাৰ ক্ষেত্ৰত আমাৰ সমস্যা বহুত, কিন্তু কিছুমান শেলায়ে কেনেকৈ বাৰু বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ বিক্ৰিয়া ঘটাই তাপ সৃষ্টি নোহোৱাকৈ পোহৰ বিকিৰণ কৰিব পাৰে?’
‘হয়তো!’ মই ক’লোঁ।
‘আমি তেনে বিক্ৰিয়া ঘটাই তাপ সৃষ্টি নোহোৱাকৈ পোহৰ উৎপন্ন কৰাৰ চেষ্টা কৰিম। আৰু ধৰ, কিছুমান বেক্টেৰিয়াই টলুইনৰ দৰে প্ৰদূষক দ্ৰব্যৰ সংস্পৰ্শলৈ আহিলে পোহৰ নিৰ্গত কৰে। গতিকে সেই বেক্টেৰিয়াৰ পোহৰৰ পৰা আমি তাত টলুইন আছে, সেই কথা জানিব পাৰোঁ। এতিয়া আমি এনে কিছুমান বেক্টেৰিয়া সৃষ্টি কৰাৰ কথা ভাবিছোঁ, যিবোৰে আৰ ডি এক্স বা বাৰুদৰ সম্ভেদ পালেই পোহৰ নিৰ্গত কৰিব। মানে কোনোবাই লুকুৱাই বিধ্বংসী বোমা-চোমা সংস্থাপন কৰিলেও আমি তাৰ অস্তিত্ব আগতেই গম পাই যাম।’
‘বঢ়িয়া’, মই নকৈ নোৱাৰিলোঁ। ‘ব’ল, ঘূৰি যাওঁ। অফিচতে বহি কথা পাতোঁ’, সি ক’লে।
আমি দুয়ো ঘূৰি আহিলোঁ।
তাৰ অফিচ কোঠাত আমি বহাৰ পাছত সি এজন পিয়নক মাতি ভালদৰে দুকাপ কফি আৰু আৰু বিস্কুট দিবলৈ ক’লে। সি ওলাই যোৱাৰ পাছত উদ্দীপ্তই অলপ দ্বিধাৰে ক’লে, ‘তোক এটা কথা কওঁ বুলি ভাবিছোঁ।’
সি মোৰ আগতে দ্বিধা কৰা দেখি মই অলপ মজাই পালোঁ। তাক ক’লোঁ, ‘ক, ক।’
‘মানে মই আচলতে বিজ্ঞানৰ গৱেষণা এক পবিত্ৰ কৰ্ম বুলি ভাবি আহিছিলোঁ। অৱশ্যে এতিয়াও ভাবোঁ। কিন্তু এতিয়া লগতে ভাবিছোঁ যে মই অলপ ধন ঘটাৰ কথাও চিন্তা কৰা ভাল।’
‘কিয় বা সেইবুলি ভাবিলি?’মই সুধিলোঁ।
‘মানে চা। বিয়াতো পাতিবই লাগিব। তাৰ পাছত অজন্তাই হয়তো বিজ্ঞানীৰ এই সন্যাসীৰ দৰে জীৱন ভাল নাপাবও পাৰে। তেওঁৰো ইচ্ছা-অনিচ্ছা, ৰুচি-অভিৰুচি আছে দেচোন। মই তাইক এক সচ্ছল জীৱন দিব লাগিব। তাৰ বাবে লাগিব ধন। মই সেইবোৰ মাল্টিনেশ্যনেল কোম্পানীৰ লগত কথা পাতিছোঁ। মই সিহঁতক মকৰাৰ দৰে শক্তিশালী কেবল আদি তৈয়াৰ কৰা প্ৰযুক্তি দিম, বিনিময়ত সিহঁতে আমাক মোটা পৰিমাণৰ ৰয়েল্টি দিব। আন এটা কোম্পানীক অতি শক্তিশালী কেলচিয়াম কাৰ্বনেটৰ তৈয়াৰ কৰাৰ প্ৰযুক্তি দিম। সিহঁতেও আমাক যথেষ্ট ধন দিব। মই মোৰ ভাগৰ ধনেৰে অজন্তাক সুখী কৰিবলৈ চেষ্টা কৰিম।’
‘কিন্তু কেৱল ধনেৰে কাকো সুখী কৰিব নোৱাৰি’, মই ক’লোঁ।
‘সেয়া মই জানো। মৰম-আন্তৰিকতাতো পূৰা মাত্ৰাত থাকিবই। লগতে কিছু ধনো লাগিব। ধনে মানুহক সুখ দিব নোৱাৰিলেও ধনৰ অভাৱে দুখ দিব পাৰে।’
‘তাৰ মানে অজন্তাক সুখ দিয়াটোৱেই তোৰ মূল উদ্দেশ্য?’ মই ইচ্ছা কৰিয়েই সুধিলোঁ।
‘অজন্তাক সুখ দিয়াটো কেৱল মূলেই নহয়, সেয়া মোৰ একমাত্ৰ উদ্দেশ্য বুলিও তই ধৰিব পাৰ’, সি ক’লে।
মাহীহঁতৰ ঘৰত মই সকলোৰে আগত ক’লোঁ,’মকৰা, শামুক__ এইবোৰ ৰখাটো তাৰ অস্বাভাৱিকতাৰ লক্ষণ নহয়, এয়া হ’ল সিহঁতৰ এক মহান গৱেষণাৰ অংশ মাত্ৰ। এনেধৰণৰ গৱেষণা এতিয়ালৈকে বিশ্বৰ ক’তো সফল হোৱা নাই, কিন্তু সিহঁত সফল হৈছে। কি ঠিক, এই আৱিষ্কাৰৰ বাবে উদ্দীপ্তহঁতে নোবেল পুৰস্কাৰো পাই যাব পাৰে।’
সকলো নিস্তব্ধ। তাৰ পাছত অস্বস্তিকৰ নীৰৱতা ভংগ কৰি মহাই সুধিলে, ‘কিন্তু সি আমাৰ এইৰ বিষয়ে কি কয়?
ক’বলৈ পাহৰিছো, মই উদ্দীপ্তৰ কোঠাত বহি থাকোঁতে মোৰ ম’বাইলৰ ৰেকৰ্ডিংটো অন কৰি তাৰ কথাবোৰ ৰেকৰ্ড কৰি লৈছিলোঁ। ভাল উদ্দেশ্যতে অৱশ্যে। দুখন হৃদয় যাতে জোৰা লাগে, সেই কথা চিন্তা কৰি। এতিয়া মহাৰ প্ৰশ্নৰ উত্তৰত মই ম’বাইলটো উলিয়াই সেই কথাখিনিয়েই বজাই দিলোঁ___
‘……বিয়াতো পাতিবই লাগিব। তাৰ পাছত অজন্তাই হয়তো বিজ্ঞানীৰ এই সন্যাসীৰ দৰে জীৱন ভাল নাপাবও পাৰে। তেওঁৰো ইচ্ছা-অনিচ্ছা, ৰুচি-অভিৰুচি আছে দেচোন। মই তাইক এক সচ্ছল জীৱন দিব লাগিব। তাৰ বাবে লাগিব ধন। মই সেইবোৰ মাল্টিনেশ্যনেল কোম্পানীৰ লগত কথা পাতিছোঁ। মই সিহঁতক মকৰাৰ দৰে শক্তিশালী কেবল আদি তৈয়াৰ কৰা প্ৰযুক্তি দিম, বিনিময়ত সিহঁতে আমাক মোটা পৰিমাণৰ ৰয়েল্টি দিব। আন এটা কোম্পানীক অতি শক্তিশালী কেলচিয়াম কাৰ্বনেটৰ তৈয়াৰ কৰাৰ প্ৰযুক্তি দিম। সিহঁতেও আমাক যথেষ্ট ধন দিব। মই মোৰ ভাগৰ ধনেৰে অজন্তাক সুখী কৰিবলৈ চেষ্টা কৰিম।… অজন্তাক সুখ দিয়াটো কেৱল মূলেই নহয়, সেয়া মোৰ একমাত্ৰ উদ্দেশ্য বুলিও তই ধৰিব পাৰ।’
‘মই এতিয়াই তেওঁৰ ওচৰলৈ যাম’, হঠাতে গিৰিসাই উঠি অজন্তাই ক’লে।
ইঃ অলপ আগতে বিয়া নকৰায়! আৰু এতিয়া প্ৰেম জাগি উঠিছে! মই ক’লোঁ,
‘এতিয়া নালাগে নেকি? ৰাতিয়েই হ’ল। ফোন এটাকে কৰা নহ’লে। নিজৰ কোঠাৰ পৰাই কৰা।’
অলপ পাছতে উদ্দীপ্তৰ ফ’ন বাজিল। সি মোক ক’লে,’কি হ’ল কচোন। অজন্তাই দেখোন কথা নাই, বতৰা নাই__’আই লাভ ইউ। আই লাভ ইউ ভেৰি মাচ্চ’ বুলি কেইবাবাৰো কৈ ফোনটো কাটি দিলে।’
‘এঃ। তহঁতে প্ৰেম কৰিবি, বিয়া পাতিবি…… আৰু মাজতে মোক টেনছন দিবি, কষ্ট কৰাবি!’ ময়ো কথাখিনি কৈয়েই ফোনটো কাটি দিলোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে