চ’ৰাঘৰ / ইত্যাদি / মাঘ বিহু আৰু কিছু বিক্ষিপ্ত চিন্তা ( ডঃ ছবি গগৈ )

মাঘ বিহু আৰু কিছু বিক্ষিপ্ত চিন্তা ( ডঃ ছবি গগৈ )

শৈশৱৰ স্মৃতিঃ
মাঘ বিহু বুলি ক’লেই শৈশৱলৈ মনত পৰে৷ ভেলাঘৰ, ভোজ, মেজি আৰু সহজ ধেমালি – এইকেইটা পৰম্পৰাৰ মধুৰ স্মৃতিয়ে মনটো দোলা দি যায় ৷ পুহৰ শেষৰ দিনটোত ভোজ খোৱা আৰু ভোজ খাই ৰাতিলৈ নঙলা-জপনা , ঢেঁকী , নাদৰ পানীতোলা টিং আদি এঘৰৰপৰা নি আন এঘৰত থোৱা সহজ ধেমালি , মাঘৰ প্ৰথম দিনটোত পুৱাই গা ধুই মেজি জ্বলাই সেক লৈ বছৰটোলৈ জুই ডাঙৰ হ’ল বুলি ভবা , এই জুইত সেক ল’লে বেমাৰ-আজাৰ ভাল হয় বুলি ভবা , মেজি জ্বলাই সন্ধিয়ালৈ গছত বান্ধ দি বৰদৈচিলাৰপৰা ৰক্ষা পাম বুলি বিশ্বাস কৰা আদিয়েই মাঘ বিহুৰ পৰম্পৰজড়িত স্মৃতি ৷ উৎসৱ-পাৰ্বনৰ কথা আহিলেই শৈশৱৰ দিনবোৰলৈ মনত পৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া নেকি নাজানোঁ ৷ সকলোৰে মুখত শৈশৱৰপৰাই শুনি আহিছোঁ “আমাৰ দিনত এনেকুৱা আছিল… আজিকালি দিন সলনি হ’ল…” এই ধৰণৰ কথা ৷ আমাৰো অনুভৱ হয় এই ধৰণৰ এটা নষ্টালজিয়া ৷ কিয় হয় সেইটোহে ভাবিবলগীয়া কথা হৈছেগৈ ৷
পৰম্পৰা বনাম সংহতিঃ
পৰম্পৰাগত ঋতুকালীন উৎসৱ হিচাপে মাঘ বিহুৰ মাজত লোক আৰু বৈদিক দুয়োটা পৰম্পৰাই সংমিশ্ৰিত হৈ আছে ৷ আৰ্য-হিন্দু প্ৰভাৱৰ আগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত নিজৰ নিজৰ লোক পৰম্পৰা অনুসৰিয়েই মাঘ বিহু পালিত হৈছিল ৷ আৰ্য-হিন্দুৰ প্ৰভাৱে মাঘ বিহুক বৈদিক বিষুবন উৎসৱৰ কাষ চপাই নিলে ৷ অসমত সামাজিক সংহতিয়ে ঋতুকালীন উৎসৱৰ পৰম্পৰাতো সংহতিৰ শতদল ফুলোৱাত সহায় কৰিছে ৷ বৈদিক আৰু বিভিন্ন লোক পৰম্পৰাৰ লগতে বৈষ্ণৱ পৰম্পৰা আৰু সৰ্বভাৰতীয় মকৰ সংক্ৰান্তিৰ প্ৰভাৱ সংমিশ্ৰিত হৈ মাঘ বিহুক বৰ্ণাঢ্য কৰি তুলিলে ৷ অসমৰ বিভিন্ন অঞ্চলত এনে বৰ্ণিল প্ৰতিফলন দেখা যায় ৷ বহু সময়ত কোনটো ক’ৰ প্ৰভাৱ তাক বিচাৰি উলিওৱাটোৱেই কঠিন হৈ পৰে ৷ যি কি নহওক , সকলো মিলি আনন্দ দান কৰাত কৃপণালি নকৰাটোৱেই মাঘ বিহুৰ উদ্দেশ্য ৷ কাৰণ খেতি চপোৱাৰ আনন্দ আৰু ভঁৰালত লখিমীক চপাই থোৱাৰ আনন্দই এই বিহুৰ সময়ত সকলোৰে মনবোৰ স্বাভাৱিকতে উদাৰ কৰি ৰাখে ৷ অসম কৃষিপ্ৰধান ৰাজ্য হিচাপে ইয়াৰ বাসিন্দাও সিংহভাগ কৃষিজীৱী ৷ কৃষিজীৱী লোকৰ মানসেই অসমীয়া জাতীয় মানস গঢ় দিছে ৷ সেয়ে কম-বেছি পৰিমাণে অসমৰ প্ৰায় সকলো অঞ্চলতে মাঘ বিহুৰ সাদৃশ্য দেখা যায় ৷ তাৰ মাজতে উজনি অসমত লোক-পৰম্পৰাৰ প্ৰভাৱ নামনি অসমতকৈ সামান্য বেছি আৰু নামনি অসমত লোক-পৰম্পৰাতকৈ ধৰ্মীয় পৰম্পৰাৰ প্ৰভাৱ সামান্য বেছি ৷ মায়ামৰা মটক সম্প্ৰদায়ে বৈষ্ণৱ পৰম্পৰাৰে এই বিহু উদযাপন কৰে ৷ বিহু সম্পৰ্কীয় বিভিন্ন তথ্যসমৃদ্ধ গ্ৰন্থ আৰু লিখনিবোৰত বিহুৰ এনে পৰিচয় আৰু বিৱৰণবোৰেই দিয়া আছে ৷ ভোজ খোৱা, ভেলাঘৰ সজা, মেজি জ্বলোৱা, মাঘ বন্ধা বা গছ বন্ধা, চৰাই, কুকুৰা, ম’হ, গৰু ইত্যাদি জীৱ-জন্তু যুঁজাই ৰং চোৱা, নাম-কীৰ্তন গোৱা, জা-জলপান খোৱা আদি মাঘ বিহুৰ লগত জড়িত লোকাচাৰ সমূহ কম-বেছি পৰিমানে প্ৰায় সকলোতে একে ৷ তাৰ লগতে স্থানীয় আৰু জনগোষ্ঠীয় লোকাচাৰবোৰে বিচিত্ৰতা অনাত সহায় কৰিছে ৷ তথাপিও কিয় কিবা সলনি হোৱাৰ আক্ষেপ যুগে যুগে মুখে মুখে উচ্চাৰিত হৈ আহিছে ? নিশ্চয় সেই কথা মন কৰিবলগীয়া ৷ সংহতিৰ মাজেৰে বিশিষ্টতাৰ পৰিচয় দিয়া অসম আৰু অসমীয়া সংস্কৃতিত সংমিশ্ৰণৰ মাত্ৰা বেছি হৈছে নেকি ? সেয়াও ভাবিবলগীয়া কথা ৷
বিক্ষিপ্ত চিন্তাঃ
এক.
শৈশৱৰ স্মৃতিৰপৰা বুটলি অনা মাঘ বিহুৰ ডুখৰীয়া ছবিবোৰে কিছুমান প্ৰশ্ন জগাই তোলে ৷ যেনে: সৰুতে ল’ৰাবোৰে যেতিয়া ৰাতি মেজি ৰখে, তেতিয়া আমাৰ মন থাকিলেও ছোৱালীবোৰে সেই কাম কৰাৰ অনুমতি সমাজ আৰু পৰিয়ালৰপৰা পোৱা নাছিলোঁ ৷ ৰাতি চোৰ কৰি পোৱা ধেমালিৰ আনন্দকণ আমাৰো ল’বলৈ মন গৈছিল; কিন্তু সেই অনুমতিও পোৱা নাছিলোঁ ৷ আমাৰ কাম কেৱল জা-জলপান যোগাৰ কৰাত সহায় কৰা ; বলে নোৱাৰিলেও ঢেঁকী দিয়াটো বাধ্যতামূলক হোৱা , ঘৰ-চোতাল সৰা , কাপোৰ-কানি ধোৱাতে সীমিত আছিল আৰু এতিয়াও তাৰ পৰিৱৰ্তন হোৱা যেন নালাগে ৷ বহু বাধ্যবাধকতা আঁতৰ হ’লেও কিছুমান কাম পুৰুষৰ আৰু কিছুমান কাম নাৰীৰ বাবে ভাগ কৰি পেলোৱা হৈছে যেন … এনে ধাৰণা এটা হয় ৷ মন গ’লেও বা সামৰ্থ্য থাকিলেও কিয় কিছুমান কামৰপৰা নাৰীক আঁতৰ কৰা হয় ? আনকি শিশু অৱস্থৰপৰাই মনত এই বিভাজন সোমোৱাই দিয়া নহয়নে ? নাৰীৰ শৰীৰটোৱেই যদি এই ক্ষেত্ৰত বাধা হয় ; তেন্তে তাৰ নিৰাপত্তা কিয় সুনিশ্চিত নহয় ? তাৰ বাবে জগৰীয়া নাৰীয়েই নে ? কোনে দিব এই নিৰাপত্তা য’ত শিশু কন্যায়ো ভেলাঘৰত শিশু ল’ৰাৰ লগত আনন্দ কৰিব পাৰিব ? এই পৰিৱেশ উৎসৱৰ লক্ষ্য নহয় নেকি ? আনন্দই যদি উৎসৱৰ লক্ষ্য হয় , এই ভাগ সকলোৱে ল’ব পৰা পৰিৱেশ কি কোনো দিন নাহিব ?
আহিছে ৷ আধুনিক জীৱন জীয়াবলৈ অনুমতি দিয়া সমাজতে আধুনিক সংস্কৃতিৰ নামত নিশাৰ ক্লাৱত নাচি-বাগি আজিৰ নাৰীয়ে সংকোচ নকৰে, পুৰুষে চাবলৈও সংকোচ নকৰে ৷ সংস্কৃতিৰ পৰম্পৰাগত উৎসৱ-উলাহতহে এতিয়াও এই মুক্ত পৰিৱেশ ৰচনা হ’বলৈ বাকী ৷ আমৰ সততা ইমানেই দুৰ্বল নেকি ? বিহুৰ সাংস্কৃতিক সন্ধিয়াবোৰতো পুৰুষ-নাৰী উভয়ে উপভোগ কৰাত বাধা নাই ৷ কিন্তু পৰম্পৰাত এই বাধা কিয় ? আজিকালি মাঘ বিহু আৰু কাতি বিহুতো সাংস্কৃতিক সন্ধিয়া পাতি শেষ নিশালৈকে অনুষ্ঠান চলি থকাটো চিনাকী দৃশ্য হৈ পৰিছে ৷ অথচ এই পৰম্পৰা মাঘ বিহু আৰু কাতি বিহুৰ লগত নাছিলেই ৷ ই নতুন সংমিশ্ৰণ ৷ ইয়াতো সকলোৱে আনন্দ সমানেই কৰে ৷ কিন্তু মেজিৰ জুইকুৰা লগাবলৈ, ৰাতি ভেলাঘৰ ৰখিবলৈ, নঙলা-জপনা চোৰ কৰি সহজ আনন্দ ল’বলৈ নাৰীক অনুমতি দিয়া নাই ৷ নতুন প্ৰজন্ম নিজৰ অধিকাৰক লৈ সচেতন আৰু এনেবোৰ কথাই নতুন প্ৰজন্মক পৰম্পৰাৰপৰা আঁতাৰাই নিয়া নাইতো ? ভাবিবৰ হ’ল ৷ এনে সহজ ধেমালিয়ে কাৰো একো ক্ষতি নকৰে ৷ উৎসৱৰ মাজত সমাজ-মানসিকতা প্ৰতিফলিত হয় আৰু ইয়াৰ বিশ্লেষণ কৰাটো অতিশয় প্ৰয়োজনীয় ৷ কাৰণ সমাজৰ বিকাশ আৰু উত্তৰণৰ প্ৰসংগটোক আমি পৰম্পৰাৰপৰা আঁতৰ কৰিব নোৱাৰোঁ ৷ কিবা এটা হেৰুৱাৰ অনুভৱে এনেবোৰ কাৰণতে হয়তো মনক পীড়া দি থাকে ৷ সহজ ধেমালিবোৰ এতিয়া বিকৃত হৈছে ৷ আনন্দৰ বাবে কৰা সৰু সৰু চুৰি কাৰ্য এতিয়া একোটা বৃহৎ চুৰিলৈ ৰূপান্তৰ হৈছে ৷ ঘৰত সোমাই জলপান গোটোৱাত ব্যস্ত থকা ছোৱালীজনী এতিয়া ক্লাৱত ব্যস্ত হৈছে ৷ ল’ৰাৰপৰা নিৰাপদ দূৰত্বত আঁতৰাই ৰখা ছোৱালীজনী এতিয়া বিবাহৰ পাছতো পৰকীয়া প্ৰেমত লিপ্ত হৈছে ৷ কেৰোণটো ক’ত আছে ? পৰম্পৰাগত বদ্ধমূল চিন্তাতেই নেকি ? ভাব আহে , ভাবিবৰ হ’ল ৷
দুই .
মাঘ বিহুত সাংস্কৃতিক সন্ধিয়াৰ পৰম্পৰাটো কেতিয়া কেনেকৈ সোমাল ভাবিলে এটা কাৰণেই মনলৈ আহে ৷ অসমৰ ইলেক্ট্র্নিক মেডিয়াই ব’হাগ বিহুত যি অনু্ষ্ঠান সম্প্ৰচাৰ কৰে, মাঘ বিহু আৰু শেহতীয়াকৈ কাতি বিহুতো তাৰ অনুৰূপ অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা দেখিবলৈ সুলভ হোৱাৰ পৰাই এইবোৰ নতুন বিজতৰীয়া সংযোজন ঘটিছে যেন লাগে ৷ মানসিকতাটো যদি বিশ্লেষণ কৰা যায়, তেন্তে সকলোৱে কৰিব পৰা বা ল’বপৰা আনন্দৰ কথাটো নুই কৰিব নোৱাৰি ৷ কাৰণ এনে অনুষ্ঠানৰ সপক্ষে কোৱা মানুহৰ সংখ্যা কম নহ’ব ৷ মুক্ত আনন্দই সকলোকে আকর্ষণ কৰাটো স্বাভাৱিক কথা ৷ তাৰ লগতে এচাম শিল্পীৰ উপাৰ্জনৰ প্ৰসংগটোও আজিকালি জড়িত হৈ পৰিল ৷ মাঘ বিহুৰ ঠিক আগে আগে সংযোজন হোৱা নিউ ইয়েৰ উদযাপনে মাঘ বিহুৰ আনন্দকে ম্লান কৰি পেলালে ৷ আৰু এটা তাড়ণা আজিকালি বেছি হ’ল .. সেয়া হ’ল বনভোজ খোৱা ৷ বনভোজৰ মাতাল-উত্তাল আনন্দ আৰু নিউ ইয়েৰ উদযাপনবিলাসিতাৰ পাছত অসমীয়াৰ বল, বুকু, সামৰ্থ্য যেন কমি আহে মাঘ বিহুত মুক্ত আৰু সহজ আনন্দ কৰিবলৈ ! কৃষিৰপৰা আঁতৰি অহা অসমীয়াই কৃষি চপোৱাৰ আনন্দক এশ শতাংশ অনুভৱ কৰিব পাৰে বুলি মনে নধৰে ৷ আন তোলনীয়া (adopted) উৎসৱৰ দৰেই এটা উৎসৱৰূপে পালন কৰে যেন ৷ সেয়ে বিজতৰীয়া হ’লেও গাত নালাগে ৷ পৰম্পৰাৰ প্ৰতি সচেতন নহয় বাবেই এনে হয় ৷ কিন্তু পুৰুষ-মহিলাৰ বাবে ভাগ কৰা কাম বোৰৰ ক্ষেত্ৰত পৰম্পৰা এতিয়াও শক্তিশালী ৷
ইয়াৰ পাছতো ক’ব লাগিব , ব্যতিক্ৰম আছে ৷ সকলো কথাৰে ব্যতিক্ৰম থাকে ৷ মাঘ বিহুৰ এই পৰম্পৰা পালনতো ব্যতিক্ৰম থকাৰ কথা পোহৰলৈ আহিছে ৷ ল’ৰা-ছোৱালী,পুৰুষ-মহিলা উভয়ে মিলি ভেলাঘৰ ৰখা, মেজি জ্বলোৱা, চোৰ কৰা আদি সকলো একেলগে সমানে সমানে কৰা মানুহো আছে ৷ তেওঁলোকলৈ ঈৰ্ষা জাগে৷ কিন্তু তেওঁলোকৰো মুখত সেই একেটাই কথা, “ আগৰ দিনবোৰ ভাল আছিল, আজিকালি সলনি হ’ল” ৷ কিয় এই দুখ এই আক্ষেপ সকলোৰে মুখে মুখে ? এনেবোৰ প্ৰশ্নই গোটেই চিন্তাবোৰকে উলট-পালট কৰি পেলায় ৷
তথাপি মাঘ বিহু ভোগালী, ভোগ আৰু আনন্দই ইয়াৰ উদ্দেশ্য ৷ এই উদ্দেশ্যত গাঁৱলীয়া, চহৰীয়া সকলোৱে নিজৰ নিজৰ ধৰণে নিষ্ঠাৰে আৰু নিৰ্মলতাৰে ভাগ লওক , ভগাই দিয়ক – তাকেই আশা কৰোঁ ৷ কিছু পৰম্পৰাৰ ভেটিতে নতুন যুক্তিসন্মত কিছু পৰিৱৰ্তনকো আমি স্বীকাৰ কৰিবই লাগিব ৷ কিন্তু এনে পৰিৱৰ্তনে যাতে ভেটিটোকে নোহোৱা নকৰে তাৰ বাবেও সচেতন দৃষ্টি ৰাখিব লাগিব ৷ এই সচেতনতাৰ বাবেই কিছু বিজ্ঞানসন্মত নিৰ্মোহ বিশ্লেষণৰো প্ৰয়োজন আছে ৷ পৰম্পৰাৰ সঁচ ৰখা আৰু সামাজিক নিৰাপত্তা গঢ়িব পৰা আৰু বঢ়াব পৰা চৰিত্ৰৰ অনুশীলন কৰা – এই দুটাই বৰ্তমান সকলোতকৈ চিন্তনীয় বিষয় ৷ ভোগালী হওক মনবোৰো৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে