চ’ৰাঘৰ / শিল্প / “নিজৰ জীৱনটোক লৈ মই সুখী”__ চিত্ৰশিল্পী দেবানন্দ উলুপ (সাক্ষাৎগ্ৰহণঃ প্ৰাণজ্যোতি নাথ)

“নিজৰ জীৱনটোক লৈ মই সুখী”__ চিত্ৰশিল্পী দেবানন্দ উলুপ (সাক্ষাৎগ্ৰহণঃ প্ৰাণজ্যোতি নাথ)

স্বসৃষ্টি আৰু স্বগৰিমাৰে সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠা বিশিষ্ট অসমীয়া চিত্ৰশিল্পীজনেই হ’ল, মাৰ্ঘেৰিটাৰ উলুপৰ সুসন্তানঃ দেবানন্দ উলুপ। জন্ম মাৰ্ঘেৰিটাতে, ১৯৬৪ চনত। জন্মস্থান সম্পৰ্কে স্বভাৱশিল্পীগৰাকীয়ে নিজা অনুভৱ ব্যক্ত কৰিছে এনেদৰে– ‘মাৰ্ঘেৰিটা চহৰৰ উজনিৰ ফালে ডিবং, কেটেটং পাৰ হৈ মোৰ জন্মৰ গাঁও উলুপ। ইয়াতেই মই খেলা-ধূলা কৰি ডাঙৰ হৈছো। মাৰ্ঘেৰিটা অঞ্চলত চিংফৌৰ উপৰিও বহুতো জনগোষ্ঠীয়ে বাস কৰে…টাই ফাকে, খামটি, টাংচা, আহোম, মৰাণ, নেপালী, আদিবাসী আদি। সকলোৱে সমিল-মিলেৰে থাকে। কোনো জাতিগত ভেদা ভেদ নাই। সৰুৰেপৰা এনে এখন সমাজত ডাঙৰ-দীঘল হৈ মই মুক্ত মন এটা পাইছো। এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহে মোৰ মন আজিও জীপাল কৰি ৰাখিছে।’

চিংফৌসকলৰ আছে নিজা ইতিহাস। “এই জনগোষ্ঠীৰ আদি বাসভূমি আছিল ম্যানমাৰৰ হুৱাকাং উপত্যকালৈকে বিস্তৃত পাটকাই পৰ্বতমালাৰ দক্ষিণৰ এঢলীয়া অঞ্চলত। বৰ্তমানে তেওঁলোকৰ বাসভূমি মাৰ্ঘেৰিটাৰ ফালে অসম অৰুণাচলৰ সীমাৰ দুয়োপাৰে আৰু দক্ষিণ চীনৰ ইউনান প্ৰদেশত। এওঁলোক ঘাইকৈ বাৰটা গাম বা গোষ্ঠীত বিভক্ত। গাম প্ৰধানসকলৰ ভিতৰত বিছাগাম, দাফা গাম, ছাতুগাম আৰু লাট্টোৰা গামেই আছিল সবাতোকৈ প্ৰতিপত্তিশালী।” (‘চিংফৌ  ৰজা বিছা নং চিংফৌৰ মুখামুখি’–ড° অনিমা গুহ)  ৰৰ্বাট ব্ৰুছ চাহাবে চিংফৌ নেতা বম বিছা গামৰ হাউলিত চাহৰ জুতি লওঁতেই গঁঠা হৈছিল, বৰ্তমানে বিশ্বপ্ৰসিদ্ধ অসমৰ চাহখেতিৰ অপাৰ সম্ভাৱনাময় সপোন। চিংফৌ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, জীৱনশৈলী, পুৰাকথা আদিকে মূল বিষয় ৰূপ লৈ চিত্ৰশিল্পী উলুপদেৱে অংকন কৰিছে তেখেতৰ প্ৰখ্যাত ‘মাই ভেলী’ চিৰিজৰ চিত্ৰসমূহ। এই চিৰিজটোৰ শিল্পকৰ্মসমূহৰ বাবেই উলুপদেৱ ঘাইকৈ চৰ্চিত আৰু সমাদৃত। চিৰিজটো অসমৰ মাৰ্ঘেৰিটা আৰু অৰুণাচলৰ টিৰাপ আৰু চাংলাং অঞ্চলক লৈ কৰা প্ৰজেক্টৰ অংশবিশেষ। উলুপ দেৱৰ ভাষাত; “My creation are deeply influenced from Singpho community of Assam. My art works are like a visual language that reflects the cultural fragments like myths, folk narratives, textile, architecture of the community house, living hood and socio-political scenarios, the individual memories etc. The ‘My valley’ series is an aesthetic rapture of having this cultural position and engagement. To me, in this post-industrial age the cultural participation of performative mode is the only way of re contextualising the aesthetic progression.”

শিল্পীজনক আৰু অলপ ওচৰৰপৰা জনাৰ, বুজাৰ আগ্ৰহেৰে আমি তেখেতৰ সৈতে ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ হৈ যোগাযোগ কৰিছিলোঁ আৰু তেখেতৰ ব্যক্তিগত জীৱন আৰু শিল্পকৰ্ম সম্বন্ধে দুই-চাৰিটা প্ৰশ্ন কৰিছিলোঁ। ব্যস্ততাৰ মাজতো আমাৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই আমাক উৎসাহিত কৰাৰ বাবে শিল্পীজনাৰ ওচৰত আমি চিৰ কৃতজ্ঞ হৈ ৰ’ম। আহকচোন, তেখেতৰ শিল্পীজীৱনত এপাক ভুমুকিয়াও……
বৌদ্ধিক বিচাৰঃ চাৰ, আপোনাৰ শিল্পীজীৱনৰ বিষয়ে কওকচোন। ক’ত, কেনেকৈ, কেতিয়া আৰম্ভণি? কেনেদৰে এইখন পৃথিৱীত সোমাই পৰিল? ক’ত কেনেকৈ শিক্ষাগ্ৰহণ কৰিলে?
দেবানন্দ উলুপঃ ১৯৭৯ চন, অসমত বিদেশী খেদা আন্দোলনৰ ভৰপক সময়। মই তেতিয়া ক্লাচ চেভেন। ঘৰত মা, দেউতা, ভাইটি আৰু চাৰিজনী ভণ্টি। ঘৰৰ অৱস্থা শোচনীয়। এটা ভাল দিনৰ সন্ধানত ওলাই আহিলোঁ। অনাই-বনাই আহি যোৰহাট পালোঁহি। সৌভাগ্যক্ৰমে যোৰহাটৰ এটি সম্ভ্ৰান্ত পৰিয়ালৰ আদৰ পালোঁ। সেইখন আছিল যোৰহাট নেহৰু পাৰ্কৰ বিখ্যাত অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱ শৰ্মাৰ ঘৰ। সৰু ল’ৰা দেখি তেখেতসকলৰ পৰিয়ালে মোক আশ্ৰয় দিলে। মোৰ হাতত দিস্তা কাগজত অঁকা কেইখনমান দ্ৰয়িং আছিল। এদিন বন বাইদেৱে (বন বাইদেউৰ পোচাকী নাম শকুন্তলা দেৱী, তেখেত জয়ন্ত চাৰৰ ভনীয়েক) ছবিকেইখন দেখিলে আৰু ভাল পাই মোক যোৰহাট ফাইন আৰ্ট ছ’চাইটিৰ আৰ্ট স্কুলত নাম লগাই দিলে। তাত বিখ্যাত শিল্পী প্ৰয়াত মাধৱ বৈশ্য চাৰক লগ পালোঁ। ভৃগুপতি হাজৰিকা, তপন চাংকাকতিৰ দৰে জেষ্ঠ শিল্পীসকলক লগ পালোঁ। এয়াই মোৰ আৰ্টৰ লগত প্ৰথম চিনাকি। তাত প্ৰতি দেওবাৰে ছমাহমান ক্লাচ কৰিলোঁ। লাহে-লাহে মোৰ মনটো অস্থিৰ হৈ উঠিল। মোৰ উদ্দেশ্য কি, লক্ষ্য কি মই নিজে নাজানো। ১৯৭৯’ৰ শেষৰ ফা লে গুৱাহাটীলৈ গুচি আহিলোঁ। গুৱাহাটীত আহি এখন কিতাপ আৰু ৰঙৰ দোকানত কামত সোমালোঁ। দোকানখনত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ শিল্পী আৰু ছাত্ৰ-ছাত্ৰীসকলে ৰং কিনিবলৈ আহে। তেনেকৈয়ে গীল্ডৰ শিল্পীসকলৰ লগত চিনাকী হয়। এদিন গুৱাহাটী আৰ্টিষ্ট গীল্ডত নাম লগালোঁ। কিন্তু অলপ দিন ক্লাচ কৰাৰ পিছত বাদ দিবলগীয়া হ’ল। কাৰণ দোকানৰ কামৰ দায়িত্ব বাঢ়িল, আনহাতে ফীজ দিবলৈ পইচাৰ নাটনি। ছবিৰ শিক্ষা ইমানতে অন্ত পৰিছিল।
বৌদ্ধিক বিচাৰঃ প্ৰকৃতিয়ে অকৃত্ৰিমভাৱে আপোনাৰ শিল্পীমনক গঢ়িছে। সেয়ে হয়তো প্ৰকৃতিৰ প্ৰতি আপোনাৰ ইমান মোহ, ভালপোৱা। ব্ৰহ্মপুত্ৰ নদী প্ৰদূষণক লৈ আপুনি উজান বজাৰ ফেৰী ঘাটত ইনষ্টলেচন আৰু পাৰ্ফমেঞ্চ কৰিছিল। এই বিষয়ে কওকচোন।
দেবানন্দ উলুপঃ ব্ৰহ্মপুত্ৰৰ উজানবজাৰ ফেৰী ঘাটত কৰা Public Art ৰ নামাকৰণ কৰা হৈছিল__ “এখন নদীৰ ক্ৰন্দন”। এই পেৰি ফেৰি প্ৰজেক্টটো , ‘ললিত কলা একাডেমি,নতুন দিল্লী’ৰ উদ্যোগত হৈছিল। কলাব’ৰেট কৰিছিল ‘ডেচাৰ্ট মেচিন কলেক্টিভে।’ ইয়াৰ মূল বিষয় বস্তু আছিল নদী প্ৰদূষণ। ইয়াত মই ব্ৰহ্মপুত্ৰক নাৰী হিচাপে প্ৰতিষ্ঠা কৰিছো। সেয়ে ব্ৰহ্মপুত্ৰৰ ৰূপত চিংফৌ-সাজত ছোৱালী এজনীক অভিনয় কৰোৱাইছিলোঁ। প্লাষ্টিক হিচাপে বিকৃত বেশ-ভূষাৰে পুৰুষক অভিনয় কৰোৱাইছিলোঁ। ইয়াৰ মূল উদ্দেশ্য আছিল জনসাধাৰণক প্ৰদূষণৰ বিষয়ে সজাগ কৰা। ইয়াত সেইসময়ত ফেৰীৰ যাত্ৰী আৰু মাছমৰীয়া সকলোৱে স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ কৰিছিল।
বৌদ্ধিক বিচাৰঃ আপোনাৰ চিত্ৰকৰ্মসমূহ প্ৰথমৰফালে বিষয়বস্তুৰ ফালৰপৰা এতিয়াতকৈ কিছু ভিন্ন আছিল। চিংফৌ সম্প্ৰদায়ৰ ওপৰত কাম কৰাৰ কথা আপোনাৰ মনলৈ কেনেকৈ আৰু ঠিক কেতিয়া আহে? চিত্ৰকৰ্মৰ প্ৰথম কালচোৱাৰ বিষয়ে, বিষয়বস্তু নিৰ্বাচনৰ বিষয়ে কওকচোন।
দেবানন্দ উলুপঃ ইতিমধ্যে মই মোৰ কামৰ কেইবাটাও ধাৰা অতিক্ৰম কৰি আহিছো। সেয়া Street of hunger, Yellow Bird, Bagh Manuh, Patkai আদিৰ মাজেৰে প্ৰতিফলিত হৈছে। মই জন্ম হোৱা গাঁওখনত অভাৱ অনাটন আছিল যদিও ভোকাতুৰ আৰু অঘৰী মানুহ দেখা পোৱা নাছিলোঁ। ১৯৮০ চনৰেপৰা গুৱাহাটীত আছো। দেখিলোঁ যে ফুটপাথত ভোকাতুৰ মানুহ, অঘৰী মানুহ। এয়া প্ৰথম ডাঙৰ চহৰৰ অভিজ্ঞতা। এইবোৰ দৃশ্যই মোক আঘাত দিলে। ১৯৮৭ মানত এই ছবিবিলাক ( Street of hunger) আঁকিলো। অৱশ্যে এইখিনি অপৈণত কাম আছিল। তেতিয়া আঁকিবলৈ শিকিছোহে। ১৯৯৯ চন মানত Yellow Bird চিৰিজৰ ছবি আঁকিছিলোঁ। মোৰ জন্মৰ ঠাই মাৰ্ঘেৰিটাত সেই সময়ত বৃহৎ চাহ পুঁজিপতিয়ে খিলঞ্জীয়া মানুহৰ মাটি চলে-বলে কৌশলে হস্তগত কৰি লৈছিল। মোৰ মনটো বিদ্ৰোহী হৈ উঠিছিল। এয়াই Yellow Bird ছবিৰ বিষয়-বস্তু। খং-দুখ-আৱেগ প্ৰশমনৰ বাবে ছবিসমূহ আঁকিছিলোঁ। ঠিক তেনেকৈ মাৰ্ঘেৰিটাৰ লিডু অৰ্থাৎ পাটকাই পাহাৰৰ বুকুত কয়লাৰ মুকলি খনন চলি আছে। পাটকাই পাহাৰ ভিতৰি ভিতৰি ফোপোলা হৈ পৰিছে। মোৰ পাহাৰখনৰ পৰা দিনে-নিশাই লুণ্ঠন চলি আছে। ইয়াৰ আলম লৈ PATKAI চিৰিজৰ ছবি আঁকিছিলোঁ। ইতিমধ্যে মই গুৱাহাটী নগৰৰ বাসিন্দা হৈ পৰিলোঁ। ৮৫ চনৰ পিছৰফালে গোটেই অসমখনক গুপ্তহত্যাই জোকাৰি গৈছিল। Bagh Manuh ছবিৰ দৃশ্যপটত আছিল আধা মানুহ, আধা বাঘ। চহৰত বাঘ মানুহৰ বিচৰণ। সৰুতে মায়ে কৈছিল; বাঘে মানুহ মাৰিলে সেয়া জন্তু বাঘ নহয়। মানুহে বাঘৰ ৰূপ ধৰি হত্যা কৰে। ইয়াৰ কল্পচিত্ৰ লৈয়েই বাঘ মানুহ আঁকিছিলোঁ। ২০১০- ১১ মানত এক দীঘলীয়া যাত্ৰাৰ পিছত কৌশলগত হেঁচা-ঠেলা আৰু মানসিক চাপৰ পৰা মুক্ত হ’ব বিচাৰিছিলোঁ। সেই সময়ত সম্পূৰ্ণ মোৰ ছবিৰ বিপৰীতধৰ্মী ছবি আঁকিছিলোঁ। বৃহৎ আকাশ, বৃহৎ সমতল ভূমি। শূন্য ঠাই । মানুহবিলাক সৰু আকাৰৰ। ইয়াৰ অৰ্থ বিশ্ব ব্ৰহ্মাণ্ডত আমি মানুহবোৰ মাত্ৰ ধূলিকণা।
বৰ্তমান মই My Valley নামৰ চিৰিজৰ কাম কৰি আছো। ছবিৰ বিষয় বস্তু আচলতে নিজে নিজে আহে। ইয়াক জোৰ কৰি আনিব নোৱাৰি। সময় আৰু অভিজ্ঞতাই আনি দিয়ে। বহু দূৰ যাত্ৰা কৰাৰ পাছত, বিদেশত থকাৰ পাছত নিজৰ জন্মভূমিলৈ মনত পৰে। ঠিক তেনেদৰে মোৰো জন্মৰ ঠাই মাৰ্ঘেৰিটালৈ মনত পৰে। মোৰ সমাজখনলৈ মনত পৰে। তেনেকৈয়ে My Valley চিৰিজৰ ছবি আৰম্ভ হ’ল।
বৌদ্ধিক বিচাৰঃ চিংফৌ কৃষ্টি-সংস্কৃতিক আপুনি ছবিৰ মাধ্যমেৰে বিশ্বদৰবাৰলৈ আগবঢ়াই লৈ গ’ল। ৰাইজে আপোনাৰ কলাক আদৰি ল’লে আৰু প্ৰশংসাৰে ওপচাই পেলালে। কিবা এনে অভিজ্ঞতা হৈছে নে যে আপোনাৰ ছবি চাই চিংফৌসকলক জনাৰ আগ্ৰহেৰে কোনো বিদেশী পৰ্যটক/শিল্পী অসমলৈ আহিছে?
দেবানন্দ উলুপঃ হয়, ছবি অনলাইন দেখি বহুতে যোগাযোগ কৰে। অসমৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰে। বিশেষকৈ South East Asia’ৰ মানুহে । কিন্তু মই ক্ষুদ্ৰ অংশক লৈহে কাম কৰিছো। কৰিবলৈ আৰু বহুত বাকী।
বৌদ্ধিক বিচাৰঃ ঘাইকৈ কোনজন বিশ্ববিখ্যাত চিত্ৰশিল্পীৰ জীৱন আৰু শৈলীয়ে আপোনাক প্ৰভাৱিত কৰিছিল? এতিয়াও সেই প্ৰভাৱ আছেনে? কোনো কোনোৱে ক’ব খোজে– ৰামকিংকৰ বেইজৰ চিত্ৰকৰ্মৰ সৈতে আপোনাৰ চিত্ৰকৰ্মৰ ক’ৰবাত, কোনোবাখিনিত সাদৃশ্য পোৱা যায়। এইবিষয়ে আপুনি কি ক’ব?
দেবানন্দ উলুপঃ মহান শিল্পী ৰামকিংকৰ বেইজৰ লগত মোৰ কামৰ কোনখিনিত মিল আছে মই নাজানো। কিন্তু মই আৰম্ভণিতে শিল্পী গনেশ পাইনৰ কামৰ গুনগ্ৰাহী আছিলোঁ। তেখেতৰ ছবি মোৰ প্ৰিয়। স্বনামধন্য শিল্পীসকলৰ বিষয়ে পঢ়িলে যথেষ্ট উৎসাহ পাওঁ। কিন্তু কাৰো জীৱনৰ স’তে নিজকে ৰিজাই নাচাওঁ। মোৰ জীৱনক লৈ মই সুখী।
বৌদ্ধিক বিচাৰঃ আপুনি ১৯৯৭ চনত ইন্দিৰাগান্ধী মেম’ৰিয়েল ট্ৰাষ্ট এৱাৰ্ড পায়। ইয়াৰ উপৰিও আৰ্ট ক্লাৱ আৰু আৰ্ট পিপ’লে আয়োজন কৰা All India Art Exhibition ত কেইবাবাৰো পুৰস্কৃত হৈছে। ইয়াৰ উপৰিও আমাৰ অজ্ঞাতে ৰোৱা কোনো বিশেষ স্বীকৃতি, সন্মানৰ কথা আমাক জনালে ভাল পাম।
দেবানন্দ উলুপঃ তুমি উল্লেখ কৰা পুৰস্কাৰখিনি মোৰ প্ৰথম পৰ্যায়ৰ স্বীকৃতি। যেতিয়াৰেপৰা গভীৰ ভাবে ছবিত মন দিলোঁ তেতিয়াৰেপৰা পুৰস্কাৰ আৰু স্বীকৃতিৰ প্ৰতি মোৰ অনিহা। ছবি আঁকোতে এতিয়া মই এক অবৰ্ণনীয় সুখ আৰু গভীৰ প্ৰশান্তি অনুভৱ কৰোঁ। সেই সুখ আৰু মোৰ ছবিৰ অনুৰাগীয়ে কৰা এটা মন্তব্য মোৰ বাবে ডাঙৰ পুৰস্কাৰ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে