চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ( ৰুবী এন বৰা )

এগৰাকী ধৰ্ষিতাৰ ডায়েৰীৰ পৰা ( ৰুবী এন বৰা )

ধৰ্ষিতা শব্দটো শুনিয়ে হয়তো বহুতৰে কপালৰ ভ্ৰূ কোঁচ খাই গৈছে। ভুল নুবুজিব মই কাকো বিপথে পৰিচালিত কৰিব খোজা নাই। ময়ো এজনী তেজ মঙহৰ মানুহ, মোৰো এটা জীৱন আছে। মোৰ জীৱনৰ পাৰ কৰি অহা দিনবোৰৰ কথা অলপ শুনকচোন।

তেতিয়া মই নৱম শ্ৰেণীত পঢ়ো। সপোন দেখি উৰি ফুৰাৰ দিন। বাটত অকলে গৈ থাকোতে ল’ৰাৰ জুম দেখিলে লাজতে জয় পৰি যাওঁ। ল’ৰাবোৰে জোকালে কিবা এটা ভালো লাগে। ঘৰৰ মানুহৰ বাদে বেলেগ কাৰোবাৰ মৰমত জী উঠিব মন যায়। এদিন তেনেকুৱা এজন বিচাৰি পাইছিলো। যি মোলৈ চিঠিৰ জৰিয়তে পঠিয়াই মৰমবোৰ। ভুল কৰিলে যেতিয়া মা দেউতাই গালি দিয়ে, এনেকুৱা লাগে যেন তেওঁৰ কাষলৈ গুছি যামগৈ। অলেখ সপোন দেখোঁ আমি চিঠিৰ মাজতে। মুখামুখিকৈ খুব কমেই লগ পাইছিলো। এদিন ঘৰত মা-দেউতা নথকাত তেওঁ আহিল মোৰ ওচৰলৈ। ভয়ো লাগিছিল। তেওঁৰ ব্যৱহাৰবোৰ কিবা ভাল লগা নাছিল। অলপ দূৰে দূৰে থাকিব চেষ্টা কৰিছিলো। ঘৰৰ পৰা ওলাই যাব কৈছিলো। মই অন্তৰ দিয়া মানুহজন যেন এইজন নহয়। হঠাৎ মোক টানি সি ভিতৰলৈ লৈ গ’ল আৰু মুখখন জোৰেৰে সোপা মাৰি ধৰিলে…..মই চিঞৰি চিঞৰি কান্দি থাকোতেই মা-দেউতা ঘৰ পালেহি। মই একো নোকোৱাকেই মায়ে সকলো বুজি পালে। দেউতাই খঙত দাখন লৈ ওলাই গ’ল। কাষৰ ঘৰত মানুহবোৰ গোট খাইছিল। কেইজনমানেহে আহি কথা পাতিছিলহি।

পিছদিনা মাহঁতে আলোচনা কৰি থানালৈ যোৱাটো ঠিক কৰিলে। ময়ো গ’লো। যাওঁতে মানুহবোৰে ৰৈ ৰৈ চাইছিলে। দেউতাই ক’লে; এইবোৰ কথাত গুৰুত্ব নিদিবি।পুলিচ আহিল যদিও তাক নাপালে।পলাল সি। কোৱা শুনিলো তাৰ মাক-দেউতাকে হেনো মোৰ মা-দেউতাক কৈছে “ছোৱালী শাসন কৰিব নাজানে, মোৰ ল’ৰাক দোষি কি লাভ। ” তাৰ ভনীয়েকজনী আমাৰ স্কুলতে পঢ়ে। এসপ্তাহ স্কুল নগ’লো। প্ৰথম যেতিয়া গৈছিলো, কোনোবাই কোৱা শুনিলো-“এইজনী স্কুল গৈছে যেতিয়া গোটেই ল’ৰা-ছোৱালীবোৰ বৰবাদ হ’ব।” নগ’লো স্কুল, ঘূৰি আহি খুব কান্দিলো। মায়ে ক’লে–“এতিয়া কান্দি কি লাভ? সকলোৰে নাক কাণ কাটিলি।” ভুলটো মোৰ হৈছেই। কিন্তু ভুল বুজিবলৈ যে মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিল, মোৰ শুধৰোৱাৰ পথেই বন্ধ হৈ গ’ল। কেইদিনমান স্কুল গ’লো যদিও মোৰ পৰা সকলো আঁতৰি থাকিল। ছাৰহঁতেও গুৰুত্ব নিদিয়া হ’ল। নাৰী সবলীকৰণৰ সক্ৰিয় কৰ্মী তথা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱেও কথাবোৰ কিবা বেলেগ সুৰত ক’বলৈ ল’লে। কিন্তু আমি সকলোৱে বেয়া পোৱা খঙাল অংক ছাৰে মোক বুজাইছিল, এইবোৰ পাহৰি যাবলৈ কৈছিল। কেনেকৈ পাহৰো মই সেই ভয়ানক সময়খিনি? ৰাতি ৰাতি সপোনত চিঞৰি উঠিছিলো, তাৰ ভয়ংকৰ মুখ দেখি। চকু মুদিলেই কেৱল সেই ভয়ানক ছবিখনেই মনলৈ আহে। বাদ দিলো স্কুল। ঘৰৰ মানুহে এটা আৱৰ্জনাৰ দৰে ব্যৱহাৰ কৰা হ’ল। দিনৰ দিনটো ঘৰতে সোমাই থাকো। অলপ ওলাই গ’লেও মানুহৰ অসহ্যকৰ দৃষ্টিবাণ। উঠি অহা ল’ৰাবোৰৰ অশ্লীল ইংগিত। ভাইটি আৰু ভণ্টিয়ে মোৰ লগত কথা পতা বন্ধ কৰি দিলে। এদিন ভাইটিয়ে মাক ক’লে–“মা বাক ক’ৰবালৈ পঠিয়াই নিদিয়া কিয়? মই ক’তো যাব নোৱাৰো চবেই খালী সেইবোৰ কথাকে কয়। এনেকৈ ঘৰতে সোমাই থাকিলে তাই মানুহ হৈ নাথাকে। সেই পাষণ্ডটোকটো কোনেও একো নকয়। তাক মই শেষ কৰি দিম, আহক সি।” মোৰ বুকুখন মোচৰ খাই গৈছিল। এইকেইদিনতে মই যথেষ্ট ডাঙৰ হৈ গৈছিলো। ভাইটিয়ে যে মোক বেয়া পাই নহয় বৰঞ্চ দুখতহে কথা পতা নাছিল বুজি পাইছিলো। সময় খিনি পিছুৱাই যেন ভূলৰ শুদ্ধৰণি কৰি আনিম এনেকুৱা লাগিছিল। মাঁহতে দূৰ সম্পৰ্কীয় মামা এজনৰ ঘৰলৈ পঠিয়াই দিলে। তাত কথাটো কোনেও গম পোৱা নাছিল। নতুনকৈ স্কুল যোৱা আৰম্ভ কৰিলো। কথাবোৰে অহৰহ মনত খুন্দিয়াই থাকে।

ঘৰৰ পৰা আঁতৰি বৰ দুখ লাগিছিল যদিও কিন্তু অনুভূতিহীন হৈ পৰিছিলো। ইতিমধ্যে এটা বছৰ লোকচান হৈছিল। নৱম শ্ৰেণীৰ পৰীক্ষা দিলো৷ ৰিজাল্ট ঠিকেই আছে। দশম শ্ৰেণীৰ দিনবোৰ আগুৱাই আছে।মাজে মাজে দেউতা আহে, মামীৰ হাতত পইচা পাতি দি যায়। মোৰ লগত সিমান কথা নাপাতে। মেট্ৰিকৰ আগে আগে এদিন ভাইটি আহিল। মোক ক’লে:”তোৰ ভূলৰ শুদ্ধৰণিৰ সময় বা। ভালকৈ দে পৰীক্ষা।” মোতকৈ এবছৰ সৰু ভাইটিটো বহুত ডাঙৰ হৈ গ’ল। পৰীক্ষা দিলো। ৰিজাল্টৰ দিন আহিল। মামাৰ ঘৰতে আছো। সময়ত ৰিজাল্ট দিলে, ৮৪% পাইছো। মা-দেউতা, ভাইটি-ভণ্টি সকলো আহিল। ঘৰলৈ যাব ওলাইছো প্ৰায় আঢ়ৈ বছৰৰ পিছত।

মোৰ বাবে সকলো গৌৰাৱান্বিত। মানুহবোৰৰ কি আদৰ! মোৰ মনটো কিন্তু বিদ্ৰোহী হৈ উঠিছিল। ভাইটি খঙত জ্বলি-পকি আছিল। মই কেৱল মানুহবোৰৰ ৰেহ-ৰূপ চাই আছিলো। দুদিন পিছত মোক সম্বৰ্ধনা অনুষ্ঠানলৈ নিমন্ত্ৰণ দিলে। প্ৰথম বাৰলৈ মই মুখ খুলিবলৈ সাজু হ’লো।যথা সময়ত মই মোৰ বক্তব্য আৰম্ভ কৰিলো -” নমস্কাৰ গ্ৰহণ কৰিব। আজি আপোনালোকৰ আদৰ সম্ভাষণত মই অতিশয় আনন্দিত। মই ধৰ্ষিতা। আজি তিনিবছৰৰ আগতে মোক এজন যুৱকে ধৰ্ষণ কৰিছিল। তাৰ বাবে এইখন সমাজে মোক লেই-লেই চেই-চেই কৰিছিল। মই মোৰ জীৱনৰ এটা মূল্যবান শিক্ষাবৰ্ষ হেৰুৱাইছিলো আৰু হেৰুৱাই পেলাইছিলো মোৰ জীৱনৰ ৰং। যদিও আজি মোক আপোনালোকে এজনী মেধাৱী ছোৱালী হিচাপে চিনাকী দিয়াইছে, মোৰ প্ৰথম পৰিচয় মই এজনী ধৰ্ষিতা। এজনী পেছাদাৰী বেশ্যাক আমাৰ সমাজত আগস্থান দিয়ে, এজন বিয়া হোৱা পুৰুষৰ আন নাৰীৰ লগত সম্পৰ্ক থাকিব পাৰে, এগৰাকী বিয়া হোৱা মহিলাৰ আন পুৰুষৰ লগত সম্পৰ্ক থাকিব পাৰে; কিন্তু এজনী ছোৱালীৰ লগত যেতিয়া আন এজনে ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰিলে সেই কাপুৰুষৰ ভুল শুদ্ধ বিচাৰ হওক বা নহওক ছোৱালীজনীৰ জীৱনলৈ কিন্তু আন্ধাৰ নমাই অনাত সম্পূৰ্ণ অৰিহণা যোগাব পাৰে। মোৰ অন্ধকাৰ জীৱন পোহৰাব পাৰিছো একমাত্ৰ আপোনালোকৰ প্ৰতি থকা ঘৃণাৰ বাবে। কি পৰিস্থিতিত ছোৱালী এজনী ধৰ্ষিত হয় অনুধাৱন কৰিব চেষ্টা কৰিছেনে? ধৰ্ষিতা হ’ল বুলিয়েই যে এজনী ছোৱালীক জীৱন্তে মৃত্যুমুখলৈ ঠেলি দিব বিচাৰে কিয়? এজনী ছোৱালীৰ সত্বাক অনিচ্ছাকৃত ভাৱে যেতিয়া আনে কাঢ়ি লয় সেইজনী ছোৱালীৰ মানসিক অৱস্থাটোৰ কথা ভাৱি চাইছেনে? মই আজি সুখী যে মই মোৰ জীৱনটো পোহৰাব পাৰিছো।মই কেতিয়াও পাহৰি নাযাওঁ যে মই এজনী ধৰ্ষিতা।”

গুছি আহিছিলো মঞ্চৰ পৰা ঘৰলৈ। তাৰ পিছত মই ভালদৰে পঢ়ি ডিগ্ৰী গ্ৰহণ কৰিলো। মোলৈ কোনেও বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা নাছিল। মোৰ কাৰণে ভন্তিৰো বিয়াৰ প্ৰস্তাৱ নাকচ হৈছিল। এদিন হঠাৎ এজন পুৰুষ লগ পালো। অ’, প্ৰকৃতাৰ্থত পুৰুষ। মোলৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। মাহঁতেও যিমান পাৰে সোনকালে দিব চেষ্টা কৰিলে। বিয়া হৈ গ’লো। এতিয়া মোৰ এটা ল’ৰা, এজনী ছোৱালী। ল’ৰা-ছোৱালীহালক প্ৰতি খোজতে ভাল চৰিত্ৰৰ পাঠ পঢ়াও।ভাল বেয়াবোৰ যাতে বুজি পায়।জীৱনত থেকা খাই পোৱা শিক্ষাৰে সিহঁতক শিক্ষিত কৰি তুলিব চেষ্টা কৰোঁ।মোৰ স্বামী ,সন্তানৰ আগত সমাজৰ সকলো মানুহৰ আগত মই চিঞৰি চিঞৰি ক’ব পাৰো-“অ’ মই এজনী ধৰ্ষিতা” ।

(সমাজৰ পৰা আত্মগোপন কৰিব খোজা প্ৰতি জনী ধৰ্ষিতাৰ হাতত)