চ’ৰাঘৰ / কথাশিল্প / ইয়াত এখন দলং হ’ব ( জুৰী বৰা বৰগোহাঞি )

ইয়াত এখন দলং হ’ব ( জুৰী বৰা বৰগোহাঞি )

(১)
মণিৰাম দত্ত, আৰিফ চিদ্দিকি, নবনীত গোস্বামী একেলগে উঠিল৷ আধাখোৱা গিলাচ, ভজা মাংসৰ প্লেট, চিগাৰেট, কেঁচা পিঁয়াজৰ গোন্ধ কোঠাটোত এৰি গ’ল৷ পুলিন দাস তীব্ৰ নিচাত বহি আছে৷ মাজে মাজে উষ্ণতাত তেওঁৰ গাল-মুখ তিতি আহে৷ ৰুমাল লৈ মচে৷ আকৌ ঘামে৷ নবনীতৰ নতুন গাড়ীৰ মিহি শব্দ দূৰ হৈ গ’ল, মণিৰাম দত্তৰ বুলেটৰ প্ৰচণ্ড শব্দও নুশুনা হৈ গ’ল৷ আৰিফ চিদ্দিকি কিজানি খোজকাঢ়ি আহিছিল৷

পুলিন দাসে কোঠাৰ টিভিটো আকৌ লগালে৷ বেৰৰ এক তৃতীয়াংশ বেৰি লোৱা দামী এল.ই.ডি. টিভিৰ পৰ্দাত ব্ৰেকিং নিউজ৷ পৌনঃপুনিক ঘোষণা, কিছু উত্তেজনাৰে ভৰা স্বৰ৷ দ্বীপটোলৈ এখন দলং হ’ব৷ তাক লৈ চৰকাৰৰ তৎপৰতা, বাটে পথে দ্বীপবাসীৰ আনন্দ, উল্লাস-উদ্দীপনা, হৈ-চৈ, ঢোল-খোল, বিহু, হৰিনাম, দুই এক উৎসাহী শোভাযাত্ৰাৰ লাইভ, দুই এজন গণ্য-মান্য ব্যক্তিৰ আগ্ৰহী মতামত, কাষত দুই একৰ কেমেৰাত মুখ দেখুওৱাৰ প্ৰাণপণ অপচেষ্টা৷ দুগৰাকীমান উৎসাহী মহিলাই উত্তেজনাত কেমেৰাৰ সন্মুখতে হঠাৎ উকিয়ালে৷ পুলিন দাস উচপ খাই উঠিল৷ চিনাকী-অচিনাকী কত মুখ৷ দীৰ্ঘদিনৰ দাবী, কাগজে পত্ৰই লেখা-লেখি চলি আছে৷ এতিয়া চৰকাৰে প্ৰস্তাৱ লৈছে৷ হয়তো হৈ যাব পাৰে দুই তিনি বছৰৰ ভিতৰত, উন্নয়নৰ লগত তীব্ৰ সম্প্ৰসাৰণ৷ দলংখনৰ লগত এটা ৰাজপথৰ সংযোগৰ সম্ভাৱনা৷ দলং হোৱাৰ সপক্ষে যুক্তি বহুত৷

পুলিন দাস দ্বীপটোৰ পুৰণি ব্যৱসায়ী৷ উত্তৰাধিকাৰ সূত্ৰে শূন্য দুহাত, উগ্ৰ চাতুৰালিৰে ভৰা মগজুৰ অধিকাৰী৷ চালাক-চতুৰালিৰে গঢ় দিছে নিজা এক গোপন সাম্ৰাজ্য৷ দ্বীপটোত মদৰ দোকান নাই৷ অবাধে ব্যৱসায় বঢ়াই তুলিছে৷ দ্বীপটোৰ সকলো উচ্চ পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী তেওঁৰ সুপৰিচিত, সন্ধ্যাৰ আড্ডাৰ নিত্য-সংগী৷ স্থানীয় এম.এল.এ., নেতা-পালিনেতা, ঠিকাদাৰ, ছাত্ৰনেতা সকলো তেওঁৰ বন্ধু, বন্ধু-স্থানীয়৷ পুলিচ বিষয়া নবনীত গোস্বামী, ব্ৰহ্মপুত্ৰ বৰ্ডৰ আৰিফ চিদ্দিকি, জলসিঞ্চনৰ মণিৰাম দত্তই দাসৰ ধনৰ বানত উছৰ্গিত জীৱনৰ ৰঙীন সন্ধিয়া সদায় ভাগ-বতৰা কৰে৷ এই আড্ডাই তেওঁৰ দ্বীপটোত মৰ্যাদা বঢ়োৱাত সহায় কৰে৷ আজিও কৰিছিল– ঘৰৰ নিৰাপদ, সুসজ্জিত, বিলাসী, বাতানুকুল কোঠাত; য’ত কোনেও আমনি নকৰে৷ আড্ডা জমি উঠিছিল৷ হঠাৎ টিভিৰ বাতৰিটোৱে সন্ধিয়াৰ উচ্চল আড্ডাটো ভাঙি পেলালে৷ কোনেও মুখেৰে নকলেও হঠাৎ নিস্তব্ধ হৈ গ’ল৷

পুলিন দাসৰ সকলো বিস্বাদ লাগিল৷ চিদ্দিকিৰ হঠাৎ কাম এটা ওলাল৷ মণিৰাম দত্তৰ ঘৰুৱা বজাৰ আছিল– মনত পৰিল৷ নবনীত গোস্বামীলৈ বচৰ ফোন আহিল৷ বিশাল কোঠাৰ নিৰ্জনতা ভাঙি টিভিৰ সাতশ ৱাটৰ ডলবি ষ্টেৰিঅ’ৰ শব্দই তেওঁৰ বুকুত বেহিচাপী আঘাত কৰি থাকিল৷ পুলিন দাসে ব্ৰেকিং নিউজটো অকলে অকলে চাই থাকিল৷

দুবছৰত দলং হোৱাৰ সম্ভাৱনাই তেওঁক ভবাই তুলিছে৷ বিশাল সাম্ৰাজ্য প্ৰতিপত্তিলৈ খহনীয়া আহিব৷ দলং নথকাটোৱে তেওঁক প্ৰভুত সহায় কৰিছে৷ তেওঁৰ অবৈধ ব্যৱসায়ে আকাশীলতাৰ দৰে চৌপাশ বেৰি ধৰিছে৷ একচাইজৰ ঝামেলা নাই৷ গোপনীয় বাবেই গ্ৰাহক বেছি৷ লাভৰ মূৰত লাভ৷ মূলধন নোহোৱাকৈ আৰম্ভ কৰা ব্যৱসায় এতিয়া সবল৷ দলং হলে এই গভীৰলৈ শিপাই থকা ব্যৱসায় নাথাকিব৷ নাথাকিব প্ৰতিপত্তি৷ কি ঠিক দলঙৰ লগত সোমাই আহিব, পাৰ্মিট, একচাইজৰ দৰে কথাবোৰ৷ আন কোনোবাই সুবিধা লৈ লব৷ সকলোৱে জনাকৈ কৰা গোপন ব্যৱসায় নাথাকিলে তেওঁৰ হাত খালী হৈ যাব৷ এই সামাজিক স্থান, প্ৰস্থিতি গঢ়িবলৈ সুদীৰ্ঘ দিন পাৰ কৰিছে৷ খমখমীয়া নোটে তেওঁক দিছে প্ৰাচুৰ্য, বিলাস-বৈভৱ৷ পত্নী-পুত্ৰই তেওঁক সমীহ কৰে৷ তাতকৈ ডাঙৰ বস্তু সন্মান, সমাজত আগস্থান৷ তেওঁ শূন্যৰ পৰা আৰম্ভ কৰা মানুহ৷ সন্মানৰ প্ৰতি সচেষ্ট৷ হেৰাই গলে ঘূৰি যাব লাগিব সৌ সিদিনালৈকে থকা তেওঁৰ দৰিদ্ৰ পিষ্ট অতীতলৈ৷ গৃহহীন, মৰ্যাদাহীন, ভোকাতুৰ পেটেৰে তিক্ততাৰে ভৰা ঘৃণনীয় অতীতলৈ৷
পুলিন দাসে দৰিদ্ৰতাক ঘৃণা কৰে৷
সঘনাই তেওঁ ৰুমাল উলিয়ালে৷ কপাল মচিলে৷ মাজে মাজে টিভিৰ পৰ্দালৈ চকু দি থাকিল৷

(২)
এম.এল.এ-ৰ ফোনটো কাটি প্ৰাঞ্জলে সন্মুখলৈ চালে৷
ঃ হবগৈ দলং৷ টিভিত দি আছে৷ লাইভ হৈ আছে বোলে৷ মোক চাৰে টিভিত বাইত এটা দিব কৈছে৷
তাচ পাত এৰি সন্থাৰ আটাইবোৰ জপিয়াই উঠিল৷
ঃ বাহ প্ৰাঞ্জল দা! এইজন এম.এল.এ. কিন্তু বেলেগ দেই৷ সিদিনা ইলেকচন হৈছিলহে!
ঃ ধুৰ এম.এল.এ.? দলঙৰ বাবে ইমান চিঞৰ-বাখৰ, আন্দোলন কোনে কৰিলে ক’চোন৷ মই৷ দেখিলি মোৰ কামাল?
নেতৃত্বৰ অহঙ্কাৰেৰে প্ৰাঞ্জলে নিজৰ বুকুত হাত থলে৷
ঃ তহঁত যা৷ আজি পাৰ্টি হ’ব লাগিব৷ এৰেঞ্জ কৰগৈ৷ মই গৈ আছো৷ টিভিৰ মানুহক লগ কৰি যাম৷
ঃ প্ৰাঞ্জলদা বটল…
ঃ পুলিনদাক মোৰ কথা কবি৷
ল’ৰাজাক হুৰমূৰাই ওলাই গ’ল৷ প্ৰচণ্ড শেব্দৰে কেইবাখনো বাইক একেলগে গৰজি উঠিল৷ দুটামান উকি৷ শব্দবোৰ ক্ষন্তেকতে নোহোৱা হৈ গ’ল৷ নিৰ্জন কোঠাত প্ৰাঞ্জলে চিগাৰেট জ্বলালে৷ দলং হব৷ দুবছৰ সময় লৈছে৷ দেখা শুনাকৈ দলঙৰ সমৰ্থনত এটা আন্দোলন চলাইছিল৷ অথচ দলঙৰ বিৰোধিতা কৰিছিল৷ বিৰোধী দলতে সংগোপনে চহী কৰি দিছিল৷ ৰাজ্যপালৰ ওচৰলৈ গৈ সেই কাগজ নিজ হাতে দি আহিছিল৷ দ্বীপটোৰ ঐতিহ্য, পৌৰাণিক সংস্কৃতি-সম্পদৰ দোহাই দি দলঙৰ বিৰোধিতা কৰা দলৰ আছিল৷ গোপনে এম.এল.এ.-ৰ পৰা নদীবান্ধৰ ভাগ, পুলিন দাসৰ ভাগ, ঘাটৰ নাও থকা বিনোদ হাজৰিকা, দেবেন পায়েঙৰ ভাগৰ মোটা অংশ নেতা হিচাপে প্ৰাঞ্জলৰ ভাগত আছিল৷ ব্ৰহ্মপুত্ৰ বৰ্ড, জলসিঞ্চন আদিৰ ভাগ বেলেগ৷ নহলে সন্থাৰ হৈ প্ৰতিবাদী হোৱাৰ হুংকাৰ দিয়ে৷ দুই এদিন আন্দোলন, প্ৰতিবাদ, অনশন কৰিলেই ভাগৰ বৰষুণ পৰে৷ আন্দোলন বন্ধ হয়৷ প্ৰাঞ্জল নাথৰ জেপ গৰম হয়৷ দুদিনমান শ্বিলং-চেৰাপুঞ্জী ফুৰি আহে৷ দুই এজনী গাভৰুৰ উদ্দাম সান্নিধ্যই সোণত সুৱগা চৰে৷ দুবছৰ পিছত সেই ভাগ নাথাকিব৷ নাথাকিব এই নেতৃত্বৰ সোৱাদ, এম.এল.এ.-য়েও লাগ বুলিলেই লাখ টকা দিব পৰা সোঁহাত প্ৰাঞ্জলক নিবিচাৰিব৷ এই যে দুখন টেঙ্কাৰ ডিগবৈত চলি আছে, টিয়কৰ তেল ডিপ’, যোৰহাটত গোপনে ঠন ধৰি উঠা তিনিমহলীয়া ঘৰ, যিটো অতি সোনকালে স্থায়ী ঠিকনা হব তাৰেই ফল৷ দীৰ্ঘদিনৰ নেতা হিচাপে থকা ক্ষমতাৰ নিচা এৰি দিয়াটো কঠিন হব৷ এই দ্বীপৰ আচল নেতাৰ মজাই বেলেগ৷ প্ৰাঞ্জলে দীৰ্ঘ সপোন এটা পুহি ৰাখিছে৷ এই এম.এল.এ.-ক ক্ষীপ্ৰ প্ৰতিবাদেৰে দুৰ্বল কৰি এদিন টিকট দাবী কৰাৰ সপোন৷ মিটিং মাটাঙৰ পৰা বিয়া সবাহলৈ, ৰাজনীতিৰ পৰা কাজিয়া ভঙালৈকে সকলোতে আগভাগ, সন্মান, মৰ্যাদা৷ কিছু সামাজিক কামেৰে মানুহৰ মন জয় কৰাৰ কৌশল শিকি আছে৷ কিছু অৰ্থহীন ব্যস্ততা; সকলোতে থকা দম্ভ, ভবিষ্যতৰ সম্ভাৱনা এইবোৰ নাথাকিব৷ হয়তো পইছা থাকিব৷

ইমান দিন নন্দিতাই উপেক্ষা কৰিলে৷ আশা কৰিছিল প্ৰাচুৰ্যৰ লোভ দেখুৱাই নন্দিতাক নিজৰ কৰাৰ শেষ চেষ্টা এটা কৰিব৷ বয়সো হৈছে৷ এতিয়া নন্দিতা জিকি যাব৷ সি হাৰিব৷ দলং হলে নেতৃত্ব নাথাকিব৷ নিস্বঃ হৈ যাব৷ প্ৰাঞ্জল ঘামি উঠিল৷
জেপত ৰুমাল বিচাৰিলে৷ নাই৷ ক্ষোভত সন্মুখৰ চকীত এক গোৰ মাৰিলে৷ চকীখন উফৰি পৰাৰ থনথন শব্দই নিৰ্জন কোঠাটো ভৰি গ’ল৷

(৩)
বিনোদ হাজৰিকাই সাংবাদিকক পাৰ্টি এটা দিছে৷ দুদিনমান ফেৰীৰ ভাৰা বঢ়াক লৈ বাতৰি ওলাই আছে৷ তাৰে ব্যৱস্থা কৰিব লাগে৷ ৰেকৰ্ড বেয়া হলে অহাবাৰ ঘাটৰ ডাক মাৰিব নোৱাৰিব৷ যিহে প্ৰতিপক্ষৰ মানুহ ওলাইছে৷
প্ৰায়বোৰ সাংবাদিক আহিছে৷ তিনিটা ঘাটৰ সৰ্বমুঠ ছয়খন ফেৰী চলোৱাৰ কথা৷ লেচীৰ পৰা অস্থায়ী বনুৱালৈকে দৰমহা৷ সাংবাদিকৰ পৰা পুলিচলৈকে, এম.এল.এ.-ৰ পৰা জলপথ বিভাগলৈ ভাগ কৰোতে সামান্য ক্ষতি হয়৷ সেয়ে ভাড়া বাঢ়িছে৷ কথাটো বুজাব লাগিব৷ বুজাই বাতৰিটো বন্ধ কৰিব লাগিব৷ তাৰ বাবে বিশাল আয়োজন৷ সুসজ্জিত বাতানুকুল অতিথি কোঠাত আপ্যায়নৰ সকলো প্ৰস্তুতি হৈ গ’ল৷ মদ, কেইবাবিধো মাংস৷ দুই একে মুখতেই নিদিয়ে৷ পেপচি, ক’কা-ক’লা..৷ তেওঁৰ ঘৰ-ঘৰুৱা আজি ব্যস্ত হৈ পৰিছে৷ পত্নীও আজি বহুত দিনৰ মূৰত ইয়ালৈ আহিছে৷ সুন্দৰকৈ সাজি-কাচি আলহীৰ লগত ব্যস্ত৷ নিৰ্মেদ দেহ, উদ্ধত বুকুৰ মানুহজনীৰ এটা কথা তেওঁ বেয়া পায়৷ ডেকা মানুহৰ লগত কথা হওতে শাড়ী সঘনে পিছলি যায়৷ যাওক আজি৷ তেওঁৰ কাম হলেই হ’ল৷ পত্নীৰ স’তে সুন্দৰ ৰাতি এটাৰ কল্পনাত হাজৰিকাৰ শৰীৰ, মন তলমল কৰি আছে৷

সন্মুখৰ টিভিত ঘপহকৰে ওলোৱা বাতৰিয়ে পৰিবেশ সলাই দিলে৷ সাংবাদিকমখা স্ফূৰ্তিত জপিয়াই উঠিল৷ ফোনৰ উপৰি ফোন বাজিল৷ দুই একে হাজৰিকাৰ পত্নীক মাত দি গুচি গ’ল৷ পুলিন দাসে দি পঠোৱা ভাল লেবেলৰ বটল, পোৰা গাহৰিৰ মঙহ, শুকানকৈ ভজা কুকুৰাৰ মঙহ, ভজা কাজু… নিৰ্জন কোঠাত পৰি থাকিল৷

তেওঁৰো মূৰ আচন্দ্ৰাই কৰিলে৷ তেওঁ যোৱা বিশ বছৰ ঘাটৰ ডাক খাইছে৷ গুৱাহাটীত দুটাকৈ ঘৰ, যোৰহাটত তিনি ঠাইত মাটি-বাৰী৷ ল’ৰা-ছোৱালীক, পত্নীক ভাগে ভাগে ৰাখিছে৷ দ্বীপটোৰ লগত সম্পৰ্ক কেৱল ব্যৱসায়ৰ৷ ঘাটেৰে যোৱা মাছ মাংসৰ ভাগ, গাখীৰৰ ভাগ, ফেৰীত অনা পেট্ৰলৰ ভাগ, মদৰ বটলৰ ভাগ পাইছে৷ ফেৰীৰ মালিক হোৱাৰ স্বাৰ্থত ঘাটৰ পাৰৰ বৰশীৰ টোপ গিলা দুই এক মিচিং ছোৱালীলৈকে তেওঁৰ ভাগ৷ দ্বীপটোত ৰজা হৈ আছে৷ এইবাৰেই টিকট বিচাৰিছিল৷ নাপালে৷ কিন্তু জানে– এদিন পাব৷
দুবছৰত দলং… দুবছৰত দলং…৷
তেওঁ অকলে বিৰবিৰাই থাকিল৷

পিছলি যোৱা আঁচল কান্ধত সামৰি পত্নী তেওঁৰ কাষেৰে পাৰ হৈ গ’ল৷ তেওঁ মন কৰিলে পত্নীৰ চকুত সামান্য অবজ্ঞা৷ হাজৰিকা আহত হ’ল৷

(৪)
ঃ চহী কৰক প্ৰভু ঈশ্বৰ৷
ছোৱালীজনীৰ মাত কঠিন৷ সেই মাতত বৈষ্ণৱী বিনয় নাই৷ সত্ৰাধিকাৰে চকুলৈ চালে৷ তাই অন্য বৈষ্ণৱৰ দৰে আঁঠু লৈ শিৰ তল কৰি ৰোৱা নাই৷ উদ্ধত ভংগী, দাবী আৰু বাধ্য কৰাৰ দৰে কঠোৰ চাৱনি৷
কিছু সময় সত্ৰাধিকাৰ বহি থাকিল৷ তাইৰ পিতৃ এইখন সত্ৰৰ শুভাকাংক্ষী৷ পিতৃৰ ভূমিদানেৰে সত্ৰৰ এটা হাটী বহিছিল৷ কেইবাপুৰুষো সত্ৰৰ শৰণীয়া৷ বিনয়ী মানুহজনে সত্ৰক ভৰষা কৰে৷ তেওঁৰ ঘৰুৱা সকলো বিষয়ী সিদ্ধান্তৰ কথা সত্ৰখন, সত্ৰাধিকাৰক জনাই লয়৷ অথচ এই নন্দিতা ছোৱালীজনী ইমান উদ্ধত৷ কিয় হ’ল এনেকুৱা? তাই চোকা৷ অতিপাত যুক্তিবাদী৷ সৰুৰে পৰা বাহিৰত পঢ়িছে বাবে? যাৰ বাবে তেওঁক, সত্ৰৰ প্ৰাচীন পৰম্পৰাগত নিয়ম নীতিক অস্বীকাৰ কৰাৰ শক্তি পালে৷ আঁঠু নোলোৱাকৈ, শিৰ নত নকৰাকৈ কথা কলে! প্ৰাচীন সত্ৰখনৰ চ’ৰাঘৰত এইয়া অভূতপূৰ্ব ঘটনা৷ তেওঁ অপ্ৰস্তুত। অস্থিৰ৷ বিৰক্ত৷ অথচ কৃটিম, সন্তোষিত পৰিচিত হাঁহিটোক এৰিব নোৱাৰে৷ অভ্যাস হৈ গৈছে৷

সন্মুখত আবেদন– দীঘলীয়া৷ তাত দ্বীপটোৰ বহুকেইজন গণ্যমান্য ব্যক্তিৰ চহী৷ দুজনমান সত্ৰাধিকাৰৰো৷ পিছে সেইকেইখন সত্ৰৰ ভূমিকাক গণ্য কৰা নহয়৷ গণ্য কৰে তেওঁক ধৰি দুজনমানকহে৷ তেওঁৰ চহীটো অমূল্য৷ দলঙৰ দাবীত নন্দিতাইবহু বছৰ আন্দোলন কৰি আছে৷ লেখালেখি কৰিছে৷ ইতিমধ্যে দ্বীপটোত তাইৰ প্ৰতিপত্তি বাঢ়িছে৷ এই লৈ সত্ৰাধিকাৰৰ সামান্য ঈৰ্ষা আছে৷ তেওঁ ভয় কৰে৷ নিজৰ মৰ্যাদা হানি হোৱাৰ ভয়ত তেওঁ প্ৰায়ে অস্থিৰ হৈ থাকে৷ মুখত স্মিত হাঁহি, কপাল বোৱাই লোৱা চন্দনৰ ৰেখা, শুভ্ৰ পাটৰ কাপোৰ, ভাৱ-ভংগীৰে এক ভাৱ-মূৰ্তি গঢ়ি তুলিছে৷ এই মূৰ্তিৰ বাবে তেওঁক সমীহ কৰে৷ তেওঁৰ প্ৰাচুৰ্য আছে, বিলাসী জীৱন কটাইছে৷ ঠিকাদাৰৰ পৰা ৰাজনৈতিক নেতালৈ তেওঁৰ অনুগ্ৰহ বিচাৰে৷ এইবোৰে তেওঁক অহংকাৰী কৰি তোলে৷ আমৃত্যু তেওঁ মৰ্যাদাহীন হব নোখোজে৷

ঔছোৱালীজনী এতিয়া এখন পত্ৰ লৈ হাজিৰ৷ চহী কৰিব লাগে৷ চৰকাৰে দলঙৰ প্ৰস্তাৱ লৈছে৷ সকলো দল সংগঠনৰ পৰা সহায়-সহযোগিতা লাগে৷ আগতেও তাই আহিছিল, কেইবাজনো সত্ৰাধিকাৰ, দুই এক সাংবাদিক, ঘাটৰ ব্যৱসায়ী, দুই এজন ঠিকাদাৰে চহী নকৰিলে৷ সত্ৰাধিকাৰ সেই দলত চামিল হ’ল৷ এইবাৰ দলং হয়তো হ’ব, তেওঁ টিভি চাইছে, বতাহ হোৱাৰ অনুকুলে৷ সুবিধা লব লাগিব৷ হয়তো দুই এজন সাংবাাদিক আহি ওলাবহি৷ টিভি চেনেলৰ মানুহো৷ তেওঁক অনুভৱ সুধিব৷ তেওঁ কৃটিম অথচ সন্তোষিত হাঁহি ওলোমাই সুখী বুলি ক’বই লাগিব৷ আদৰণি জনাইছো বুলি ক’বই লাগিব৷ দলং নাথাকিলেও তেওঁৰ দিগদাৰ নাই৷ নিজা ফেৰীৰে যেতিয়াই তেতিয়াই পাৰ হ’ব পাৰে৷ পৰিয়াল-পৰিজনৰ চিন্তা নাই৷ নদীখনে সত্ৰৰ গাম্ভীৰ্যতা বঢ়াইছে৷ দুবছৰৰ ভিতৰত দলং হলে প্ৰতিপত্তি, সন্মান কি হ’ব? যি আধুনিকতা হুৰহুৰাই সোমাই আহিব তাত তচনচ হৈ যাব ভকত বৈষ্ণৱৰ আত্মসমৰ্পণৰ ভাব৷ অগ্ৰাহ্য কৰিব ধৰ্মৰ ভয়ত চলি থকা এই প্ৰাচীন অনুষ্ঠানক৷ তেওঁ মৰ্যাদা হেৰুৱাই পেলাব! এই সৰল মানুহখিনিৰ নিৰ্ভৰশীলতাই সত্ৰখনৰ বাবে সম্পদ৷ তাৰ ওপৰত ঠিয় দি থাকে তেওঁৰ সন্মান৷ দিনে দিনে বাঢ়ি আহিছে জনপ্ৰিয়তা৷ সভা সমিতিত আগস্থান৷ সেইবোৰ হেৰুওৱাৰ শঙ্কাত তেওঁ কুন্ঠিত হৈ ৰয়৷

হতাশ আৰু বিব্ৰত ভংগীৰে তেওঁ কাগজখন কাষ চপাই ললে৷ চহীবোৰত ক্ষীপ্ৰতাৰে চকু দিয়ে৷ ছোৱালীজনীয়ে কলমৰ সাফৰ খুলি দিলে৷ তেওঁ চহী কৰিলে…
ঃ থেংক ইউ…
কাগজখন লৈ সত্ৰাধিকাৰক সেৱা এটা নকৰাকৈ ছোৱালীজনী দপদপাই তেওঁৰ চ’ৰাৰ পৰা নামি গ’ল৷ চ’ৰালৈ উঠা খটখটিত টাইলচ লগাই আছে৷ তাইৰ উজুটিত এচটা খহি পৰিল৷ নিৰ্জন চৌহদত খটকৈ শব্দ হ’ল৷ দুই এক আঠু কাঢ়ি থকা ভকতে অবাক লাগি চাই থাকিল৷
কান্ধত লোৱা বগা ধকধকীয়া চেলেংখনৰ আগটোৰে সত্ৰাধিকাৰে ঘাম মচিলে৷ দূৰৈত দুজন সাংবাদিক৷ মুখত আপ্ৰাণ স্মিত হাঁহিটো অনাৰ চেষ্টা কৰিলে৷

(৫)
পুলিন দাসে ফোন কৰিলে প্ৰাঞ্জল নাথক৷ ফোন নধৰিলে৷
প্ৰাঞ্জল দাসে ফোন কৰিলে বিনোদ হাজৰিকাক৷ ফোন ব্যস্ত৷
বিনোদ হাজৰিকাই ফোন কৰিছিল দেবেন পায়েঙক৷ দেবেন পায়েঙে ফোনটো এম.এল.এ.-লৈ লগোৱাৰ চেষ্টা কৰিছিল৷
এম.এল.এ.-য়ে সত্ৰাধিকাৰলৈ ফোন কৰি আছে৷ সত্ৰাধিকাৰে তেতিয়া কেমেৰাৰ সন্মুখত হাঁহি মুখে দলঙৰ সপক্ষে নিজা অভিমত দি আছিল৷ ফোন চাইলেঞ্চড্ মুডত আছিল৷

(৬)
নন্দিতা ফেৰীত উঠোতে মানুহ ভৰ্তি৷ বাইক, গাড়ী, কেঁচা মাছৰ টুকুৰি, গাখীৰৰ প্ৰকাণ্ড জগ, বস্তাত অনা কল, বান্ধি থোৱা ছাগলী দুটামান…৷ ঠিয় দিবলৈ ঠাই নাই৷ চিনাকী-অচিনাকী কত মানুহ৷ গাঁৱৰে গিৰিশদাক দেখিলে৷ জধলা হৈ আছে৷ কিছু অস্থিৰ, বিভ্ৰান্ত চাৱনি৷ তাই মাত এষাৰ দিবলৈ ডিঙি মেলিছিল, সিয়েই আগবাঢ়ি আহিল৷
ঃ বৌৰ গাটো বেয়া৷ কালিয়েই ডাক্তৰে যোৰহাট নিবলৈ কলে৷ কালি কেনেকৈ নিয়? ঘাটৰ সময় পাৰ হৈ গ’ল৷ বৰ কষ্ট পাইছে মানুহজনীয়ে৷ পাৰ পাবলৈ আৰু ডেৰ ঘণ্টামান লাগিব নহয়নে?
গিৰিশদাই মুখখন মোহাৰিলে৷
ঃ পেইন পৰহিয়েই আহিল৷ আজি একেবাৰে লেবেজান দিছে৷
নন্দিতাই ভিতৰলৈ ডিঙি মেলি চালে৷ মানুহৰ ভিৰৰ ফাঁকেৰে দেখিলে, ওফোন্দা পেট লৈ ফেৰীৰ ঠেক তক্তাত পৰি মানুহজনীয়ে কেকাই আছে৷
ঃ এম্বুলেন্স ফেৰীখন নাপালি?
ঃ সেইখন বেয়া হৈ আছে৷ বহুত দিন হ’ল৷
হঠাৎ বৌৱেকৰ তীব্ৰ চিৎকাৰ৷ গিৰিশদা দৌৰ মাৰি গ’ল৷ নন্দিতা মানুহ ফালি যাবলৈ চেষ্টা কৰিলে৷ মানুহবোৰে উত্তেজনাৰে বাট এৰি দিলে৷ গিৰিশদাৰ মাকে বৌৱেকৰ মূৰত নাৰিকল তেল ঘঁহি বিচি আছে৷বৌৱেকে ফেৰীৰ কাঠত ধৰি, ওঁঠ চেপি যন্ত্ৰণা সহ্য কৰাৰ আপ্ৰাণ চেষ্টা কৰিছে৷ মানুহবোৰে চাই আছে বৌৱেকক৷ ওচৰ পাই নন্দিতাৰ অনুভৱ হ’ল মানুহজনীয়ে ভীষণ কষ্ট পাইছে৷ শৰীৰে পাণ্ডু বৰণ লৈছে৷ দুৰ্বল৷ সেই দুৰ্বল মাতেৰে মানুহজনীয়ে কেঁকাই আছে৷ কেঁকনিটো বৰ কৰুণ, বেদনাদায়ক৷
ঘৎ ঘৎ ঘৎ ঘৎ…
নিৰ্দিষ্ট গতিত গৈ থকা ফেৰীখনৰ মানুহবোৰে আজি কথা পতা নাই৷ উদিগ্ন, উত্তেজিত৷ বৌৰ কৰুণ কেঁকনিটো মাজে মাজে ভাহি আহিছে৷
ঃ আস্ বৌতি মৰিলো ঐ..
হঠাৎ হিয়া বিদাৰি অহা মাতত নন্দিতাই বৌৱেকলৈ চালে৷ বৌৱেকৰ দুই কৰঙণেৰে বৈ আহিছে তেজৰ দৰে ঘোলা পানীৰ নৈ৷ মানুহজনীৰ বিকট চিঞৰে ফেৰীৰ ঘৎ ঘৎ শব্দকো চেৰ পেলাইছে৷
ঃ আই অ কাপোৰ এখনে আৰ দে৷ মানুহজনীৰ কেঁচুৱা হৈছে৷
নন্দিতাক থেলি গিৰিশদাৰ মাকে এজন মানুহৰ কান্ধৰ পৰা চেলেং এখন থপিয়াই আনিলে৷ মানুহজন কোনোবা সত্ৰৰ ভকত৷ বগা ধকধকীয়া চেলেঙেৰে বেৰ দিয়া ঠাইতে বৌৱেকৰ মেখেলা ৰঙা কৰি কেঁচুৱা এটা জন্ম হ’ল৷ উত্তেজনা আৰু শংকাত নন্দিতাৰ ভৰি কঁপিল৷ বৌৱেকৰ দুই কৰঙন তিয়াই তেজৰ নৈ৷ চেলেঙখনকে সামৰি গিৰিশদাৰ মাকে কেঁচুৱাটো সামৰিবলৈ লৈ ৰৈ গ’ল৷ বৌৱেকৰ শৰীৰ ঢপঢপাই আছে৷ তেজ ওলাই আছে৷ কেঁকনি চিৎকাৰ একো নাই৷ মাথো ঘন ঘন উশাহ৷ ফেৰীৰ ঘৎ ঘৎ শব্দ আৰু বান্ধি অনা ছাগলীৰ মাত৷ দুই এক উৎসুক যাত্ৰীয়ে বৌৱেকৰ ফালে চাবলৈ চেষ্টা কৰিছে৷

নন্দিতাই চকু মুদি দিলে৷ মানুহৰ শৰীৰত কি ইমান তেজ থাকে!
হঠাৎ নন্দিতাৰ ভাৱ হ’ল বৌৱেকৰ শৰীৰটো লৰচৰ কৰি থকা নাই৷ স্থিৰ হৈ গৈছে৷ দুই মিনিটমানৰ পাছত নন্দিতাৰ ভাব হ’ল, বৌৱেকে উশাহ লোৱা নাই৷ বৰমাকলৈ চালে৷
ঃ মাক-পুতেক দুইটা গ’ল৷
বৰমাকৰ কলিজাৰ পৰা শব্দকেইটা বাহিৰ হ’ল৷ চেলেং আঁতৰালে৷ গিৰিশদাৰ বৌৰ গৰ্ভ ফালি ওলাই অহা কেচেমাকেচেম তেজৰ¸ গোন্ধেৰে চৌপাশ ভৰি গ’ল৷ তেজত লেটি লৈ পৰি আছিল কুসুম কোমল কেঁচুৱাটো৷ ওচৰতে বৌৰ নিঃসাৰ দেহ৷ নন্দিতাৰ বাবে একেবাৰে নতুন, আকস্মিক অভিজ্ঞতা৷ কি বিভৎস, কি নিদাৰুণ!
গিৰিশদাই কি কৰিছিল নন্দিতাৰ চাবলৈ সাহস নাই৷ গিৰিশদাৰ মাকৰ কান্দোন বাঢ়ি আহি ফেৰীৰ ঘৎ ঘৎ বিৰক্তিদায়ক শব্দক চেৰ পেলাইছে৷

ফেৰীৰ ডেৰশ যাত্ৰীৰ লগতে নন্দিতাই বাট চাইছিল পাৰ পোৱালৈ…
সৌ সিদিনা নন্দিতা ঘৰমুৱা হওতে প্ৰবল ধুমুহাত ফেৰীখন ৰৈ গৈছিল৷ ৰাতি হৈ গৈছিল৷ কেইবাটাও ল’ৰা-ছোৱালী লৈ মাকবোৰে হাহাকাৰ কৰিছিল৷ ভোকত কেঁচুৱাবোৰে ৰাউচি জুৰি কান্দিছিল৷ আন্ধাৰৰ সুযোগ লৈ কোনোবা এটাই ধুনীয়া মিচিং ছোৱালী এজনীৰ গাত হাত দিছিল৷ কি নিৰ্লজ আছিল সেই সময়৷ তাই অশ্লীল শব্দৰে মানুহটোক গালি দিছিল৷ কান্দিছিল৷ মাজ নিশা অহা এখন ফেৰীয়ে মানুহবোৰক উদ্ধাৰ কৰিছিল৷

এদিন নন্দিতাৰ সন্মুখতে তাইৰে একালৰ বান্ধৱী নীতাশ্ৰীয়ে ব্ৰহ্মপুত্ৰত জঁপিয়াই দিছিল৷ বিয়াৰ পিছত গিৰিয়েকৰ অবৈধ সম্পৰ্কই তাইক হতাশ কৰিছিল৷ তীব্ৰ পকনীয়াত নীতাশ্ৰীৰ শৰীৰটো ক্ষন্তেকতে নোহোৱা হৈ গৈছিল৷ মাকে তালফাল লগাইছিল৷ দুঘণ্টা সময় মাকৰ হিয়া বিদাৰি কৰা তালফালত নিঃসহায় মানুহবোৰ বহি ৰৈছিল৷
আৰু মণিকংকনা গাম! গান গোৱা ছোৱালীজনীয়ে যে এদিন এই নাৱতেই শেষ নিশ্বাস এৰিছিল৷ দ্বীপটোক গৌৰৱাম্বিত কৰা ছোৱালীজনীৰ মৃত্যুত গোটেই ফেৰীৰ মানুহে কান্দিছিল৷ আধা বাটৰ পৰা ফেৰী ঘূৰি গৈছিল ৷
কল্পজ্যোতিয়ে এদিন নদীখনকে গইনা লৈ তাইক প্ৰত্যাখ্যান কৰিছিল৷
ঃ মাহঁতে নদী পাৰ হৈ বোৱাৰী অনাৰ ইচ্ছা কৰা নাই৷
দিল্লীত পঢ়ি অহা নন্দিতাৰ বাবে অপমান৷ কল্পজ্যোতিৰ লগত নন্দিতাৰ কাহিনীৰ শেষ হৈছিল৷
আজি আকৌ এই মৃতু্য দেখিলে!
নিৰ্বাক হৈ যোৱা যাত্ৰীক এৰি নন্দিতা বাহিৰত ৰ’ল৷ ৰিণিকি ৰিণিকি পাৰ দেখা গৈছে৷ পিছলৈ চাব নেকি এবাৰ৷ য’ত বৌৱেকৰ দেহ পৰি আছে! নাই নন্দিতাৰ সেই সাহ নাই৷
পাৰ কাষ চাপি আহিছে৷
গিৰিশদাৰ বাবে এতিয়া পাৰ পোৱাৰ কোনো অৰ্থ নাই৷
বাহিৰৰ মানুহৰ মাজত লাহে লাহে আলোচনা হৈছে৷ এইবাৰ দলং হ’বই৷ টিভিত দিছে৷ দুই একে সন্দেহ দেখুৱালেও বেছি ভাগেই আশাবাদী৷ বিচিত্ৰ মত, বিচিত্ৰ ভাবনা, বিভিন্ন কথকতা৷ দলং কেন্দ্ৰিক আলোচনাই নন্দিতাৰ চেতনাত বিক্ষিপ্ত ভাবনাৰ জন্ম দিছে৷
মাজে মাজে গিৰিশদাৰ মাকৰ কান্দোন শুনা গৈছে৷
সিপাৰত হেঁচা-ঠেলাকৈ এজাক মানুহ ৰৈ আছে৷ এইখন ফেৰীতে দ্বীপটোলৈ যাব৷
এই কষ্টকৰ দীৰ্ঘ যাত্ৰা, অনিশ্চিত সময়, বেমাৰী মানুহ, গৰু ছাগলী, কেঁচামাছ, গাখীৰ, অত্যধিক বোজাই অনাৰ শংকা, ধুমুহা বৰষুণে অনা বিপদ, নিদাৰুণ মৃত্যু, বালিত লাগি ৰৈ যোৱা নাৱৰ অনিশ্চিত সময় দুবছৰৰ পিছত কিজানি ইতিহাস হৈ যাব!
আজি নন্দিতাই তিনিখন কাগজত বহু মানুহৰ চহী লৈ আহিছে৷ সকলোৱে কৰিছে৷ এতিয়া দলং বিৰোধী বুলি নাই৷ উজনি অসমৰ আয়ুক্তক দিব৷ ক’বগৈ আপোনালোকে ভবাৰ দৰে দলঙৰ কামত আমাৰ কাৰো আপত্তি নাই৷ চাওক এইয়া আটায়ে চহী কৰিছে– নেতা প্ৰাঞ্জল নাথৰ পৰা আদি কৰি সত্ৰাধিকাৰ হৰিকান্ত গোস্বামী পৰ্যন্ত৷
এতিয়া দলঙৰ কাম আৰম্ভ কৰক৷
এই মানুহখিনিয়ে আশা কৰিছে৷ সপোন দেখিছে৷ নন্দিতাই সেই সপোনক সাৰপানী যোগাইছে৷
নন্দিতাই জানে সেই সপোন এতিয়াও সুদূৰ পৰাহত৷ তথাপি…
পাৰলৈ নমাৰ আগতে নন্দিতাই ঘূৰি চালে৷ গিৰিশদাৰ মাকে মৃত কেঁচুৱাটো দাঙি লৈছে৷ গিৰিশদাই চেলেং কাপোৰ খনেৰে বৌৰ শৰীৰ ঢাকি দিছে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে