চ’ৰাঘৰ / কথাশিল্প / ঈশ্বৰ তেজীমলা হ’ল ( প্ৰশান্ত কুমাৰ বৰুৱা )

ঈশ্বৰ তেজীমলা হ’ল ( প্ৰশান্ত কুমাৰ বৰুৱা )

বনজুই  যেন অচিনাকী হেঁপাহৰ ৰঙে বৰকৈ পুৰিছে মোক
হিমকণাই কিনকিনাই যায় বৰষুণৰ দৰে
ধপধপাই উৰি যায় ভয়তে বৰবাদুলীৰ জাক
কুঁৱলী সনা ৰোমান্টিক সপোন এটাই
পদূলিত অগা-দেৱা কৰিছিলহিহে মাথোঁ
বাঢ়ি আহে বনজুই
মাজতেই ক’ৰ জানো এজাক জল্লাদ
পিনপিনাই ফুৰেহি এতিয়া
মোৰ আয়ে মচি থোৱা চোতাল গচকি
বিচাৰি ফুৰে কোন আছে তেজত
আল্লা নে ইশ্বৰ! নে গড?

বনজুইৰ উন্মাদ গানে যেন ভোকাতুৰ অজগৰৰ দৰে মেৰিয়াই পেলাইছে
বলীয়া বতাহ বলিছে
নিঃশব্দ উচুপনিত বন্দী নাৱিক
কিমাননো আৰু শান দিবি অ’ মাণিকী
ঢেকীশালৰ বেৰত গুজি থোৱা দীঘল দৰীয়া কাঁচিত
বনজুইয়ে দহিছে
বনৰ বিৰিখে উচুপিছে
চুবুৰীয়ে চুবুৰীয়ে
ঈশ্বৰৰ বাবে জল্লাদে বনাইছে ফাঁচীকাঠ
তেজীমলাৰ দৰে হাত-ভৰি খুন্দিছে ঢেকীত ঈশ্বৰৰ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে