চ’ৰাঘৰ / ইত্যাদি / ঐতিহাসিক পটভূমিত কছাৰী সকল ( জিতুল ৰাজ সোনোৱাল )

ঐতিহাসিক পটভূমিত কছাৰী সকল ( জিতুল ৰাজ সোনোৱাল )

অসমৰ ইতিহাসৰ গতিধাৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম ইতিহাসক আদি বা প্ৰাচীন, মধ্য আৰু আধুনিক– এই তিনিটা যুগত ভাগ কৰা হৈছে। ব্ৰক্ষ্মপুত্ৰ উপত্যকাত সভ্যতাই গঢ় লোৱা দিন ধৰি এই অঞ্চললৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। এই অঞ্চলৰ ভাষাগত বৈশিষ্ট্য, বিভিন্ন পৰম্পৰা, ৰীতি-নীতি, ঠাইৰ নাম আদি পৰা ক’ব পাৰি যে অষ্ট্ৰিক ভাষা গোষ্ঠীৰ লোকে ইয়াত প্ৰাচীন কালতেই থিতাপি লৈছিল। এই ভাষা গোষ্ঠীৰ লোকসকল কেতিয়া অসমত প্ৰৱেশ কৰিছিল, তাক সঠিক কৈ ক’ব পৰা নগ’লেও এইটো ক’ব পাৰি যে পশ্চিমৰ পৰা আৰ্যসকল আগমনৰ বহু আগতেই তেওঁলোকৰ প্ৰৱেশ ঘটিছিল। অষ্ট্ৰিক ভাষাগোষ্ঠীৰ পিছত তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ লোকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বসতি আৰম্ভ কৰে। অসমৰ সমতল ভূমি অঞ্চলত বসতি কৰা বড়োসকলক এই ভাষাগোষ্ঠীৰ লোক হিচাপে চিনাক্ত কৰা হয়। সমগ্ৰ অসমত বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বা যুগত এই বড়োসকল বা কছাৰীসকলে আধিপত্য বিস্তাৰ কৰিছিল। অসমৰ বিভিন্ন ঠাই, নদী ইত্যাদিৰ নাম বড়োসকলৰ ভাষাৰ পৰাই উত্পত্তি হৈছে বুলি বাণীকান্ত কাকতি আদিৰ দৰে ভাষাতাত্বিক পণ্ডিতে বিশ্লেষণ কৰি দেখুৱাইছে। ছাৰ এডৱাৰ্ড গেইটৰ মতে, কছাৰীসকলক ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ আটাইতকৈ পুৰণি বাসিন্দা বুলিব পাৰি। উত্তৰ বংগ আৰু গোৱালপাৰাৰ মেছসকল এওঁলোকৰ দৰে একে কছাৰী জাতিৰ মানুহ। বাহিৰাগত লোকেহে তেওঁলোকক বেলেগে বেলেগে নাম দিছে। ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ কছাৰীসকলে নিজকে বড়ো বা বড়ো ফিছা(বড়োৰ সন্তান) বোলে। উত্তৰ কাছাৰৰ পাহাৰীয়া ঠাইৰ কছাৰীসকলে নিজকে ডিমাছা বোলে। ডিমাছা শব্দটো ডিম ফিছাৰ পৰা উদ্ভৱ হৈছে। ডিম ফিছা মানে হল ডাঙৰ নৈৰ সন্তান। আহোম সকলে এইলোকসকলক তিমিছা বুলিহে কৈছিল। তিমিছা শব্দটো নিশ্চয় ডিমাছাৰ অপ্ৰভংশ। ধনশিৰি নৈৰ দাঁতি-কাষৰিয়া অঞ্চলত এই লোকসকল থকাৰ কালতে কছাৰী এই মান পাইছিল যেন অনুমান হয়। সুনীতি কুমাৰ চট্টোপাধ্যায় মতে, বড়োসকল পুৰাণ, মহাভাৰত আদি সংস্কৃত গ্ৰন্থবিলাকত কিৰাত নামেৰে জনাজাত ইন্দো-মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত। লিম্বু কিংবদন্তিৰ মতে, ব্ৰক্ষ্মপুত্ৰ আৰু কুশী নদীৰ মাজত থকা হিমালয়ৰ নামনিত কাছাৰ বা খচাৰি দেশত কছাৰীসকলে বসবাস কৰিছিল। গতিকে দেখা যায় যে কছাৰীসকল আছিল বহুধা বিভক্ত। ভাৰতৰ পূৰ্বৰ কিছু অংশৰ লগতে উত্তৰ-পূব ভাৰতৰ সমগ্ৰ অঞ্চলজুৰি কছাৰীসকল বিয়পি আছে আৰু বিভিন্ন সময়ত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰিছে। কছাৰীসকলে এই অঞ্চলত কেনেধৰণেৰে ব্যাপ্ত হৈছে তাৰ এখন মানচিত্ৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে কিৰাত-জন-কৃতিত সন্নিবিষ্ট কৰিছে।

খৃ:দ্বাদশ শতিকাৰ আগলৈকে অসমত কোনো বৃহৎ কছাৰী ৰাজ্যৰ অস্তিত্ব সম্পৰ্কে একো লিখিত সম্বল আৱিস্কাৰ হোৱা নাই। তদুপৰি দ্বাদশ শতিকাৰ আগৰ সময়চোৱাত বৰাক উপত্যকাকে ধৰি কামৰূপ বৰ্মন-শালস্তম্ভ-পাল বংশৰ, পূব-বংগত চন্দ্ৰবংশীয় ৰজা, সমতটত সামন্ত ৰজা সকলৰ ৰাজত্ব আৰু আঞ্চলিক শ্ৰীহট্ট ৰাজ্যলৈকে ক্ৰমে ক্ৰমে এটা ঐতিহাসিক ধাৰাবাহিকতা দেখা যায়। অৱশ্যে ষষ্ঠ শতিকাৰ মাজভাগ মানলৈকে নগাঁও কপিলী অঞ্চলত বৃহত্তৰ কছাৰী জনগোষ্ঠীৰ এটি ঠাল ত্ৰিপুৰীসকলৰ দ্বাৰা স্হাপিত এখন ৰাজ্যৰ অস্তিত্ব সম্পৰ্কে কিছু বুৰঞ্জীমূলক তথ্য পোৱা যায়। ত্ৰিপুৰাৰ বুৰঞ্জী শ্ৰীৰাজমালা, চীনৰ চাং-চ্যু-বংশৰ উত্স আৰু সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিৰ পৰা কনকলাল বৰুৱাই ও এই অভিমতৰ সমৰ্থনত খৃঃ ষষ্ঠ শতিকাৰ আগলৈকে ত্ৰিপুৰীসকলৰ ৰাজ্যখন কপিলী উপত্যকাতে আছিল বুলি মন্তব্য কৰিছে। এই ত্ৰিপুৰীসকল পিছলৈ বৰাক উপত্যকাৰ আৰু শেষত বৰ্তমানৰ ত্ৰিপুৰালৈ স্হানান্তৰিত হয়। শ্ৰীৰাজমালাতেই আৰু এখন কছাৰী ৰাজ্যৰ অস্হিত্বৰ উমান পোৱা যায়, যিখন নাম আছিল হেড়ম্ব ৰাজ্য। এই হেড়ম্ব ৰাজ্যৰ ৰজাৰ হাতত পৰাস্ত হৈয়েই কপিলী উপত্যকাৰ ত্ৰিপুৰী সকলে বৰাক উপত্যকাৰ খলংমাত ৰাজধানী পাতিছিলগৈ। কছাৰীসকলৰ কোনো লিখিত তথ্য-পাতি নথকাত কছাৰীসকলৰ বিষয়ে জানিবলৈ কিংবদন্তি, লোকসাহিত্য, অন্যান্য সমসাময়িক তথ্য-পাতিৰ আশ্ৰয় লব লগা হয়। অলিখিত সূত্ৰৰ ভিত্তিত বহুতে কামৰূপ আৰু শদিয়াত ডিমাছা-কছাৰীসকলৰ এখন প্ৰাচীন ৰাজ্য থকাৰ কথা উল্লেখ কৰা দেখা যায়।কছাৰীসকলৰ ইতিহাস সৰ্ম্পকে পোন প্ৰথমবাৰৰ বাবে অনুসন্ধান কৰা বৃটিছ বিষয়া কেপ্তেইন টমাচ ফিচাৰে কামৰূপত কছাৰী ৰাজ্যৰ অস্তিত্ব সৰ্ম্পকে উত্তৰ-কাছাৰৰ কছাৰীসকলৰ মাজত প্ৰচলিত পৰম্পৰাৰ কথা উল্লেখ কৰিছে।পুৰণি সাঁচিপতীয়া অসমীয়া বুৰঞ্জী পুথিৰ পৰা উদ্ধৃত আৰু ঐতিহাসিক ড˚সূৰ্য্যকুমাৰ ভূঞাৰ দ্বাৰা সম্পাদিত কছাৰী বুৰঞ্জীতো কছাৰীসকলৰ শদিয়াস্হিত ৰাজ্যখনৰ কথা পোৱা যায়। তাত কোৱা হৈছে-এসময়ত শদিয়া অঞ্চলত মাণিক নামেৰে কছাৰীলোক এজন বাস কৰিছিল আৰু ৰজা হৈ তেওঁ দিখৌমুখলৈকে ৰাজ্য বিস্তাৰ কৰিছিল। তেওঁৰ জোৱায়েক মুকুতা কছাৰীসকলৰ পৰৱৰ্তী ৰজা হৈছিল। বুৰঞ্জীখনৰ দ্বিত্বীয় অধ্যায় হেড়ম্বিয়াল কছাৰী আদি কথা ত বিচাৰপতিফা নামৰ হেড়ম্ব ৰজাৰ আখ্যান দিয়া হৈছে। এওঁৰ পিছত বিক্ৰমাদিত্যফা ৰজা হৈছিল। বিক্ৰমাদিত্যফাৰ দিনত কছাৰী ৰাজ্য নামচাং ৰ পৰা বৰহাটলৈকে বিস্তৃত আছিল। বিক্ৰমাদিত্যৰ পিছত মহামাণিক্য, মণিফা, লাড়ফা আৰু খোৰোফা ক্ৰমান্বয়ে হেড়ম্বৰ ৰজা হৈছিল।

বিভিন্ন বুৰঞ্জীত পোৱা তথ্য-পাতিৰ ভিত্তিত শদিয়াৰ ৰাজ্যখন পূৰ্বে শদিয়াৰ পৰা পশ্চিমে দিখৌ নৈলৈকে আৰু উত্তৰে দিহিং নদীৰ পৰা কেন্দুগুৰিলৈকে বিস্তৃত আছিল বুলি সূৰ্য্যকুমাৰ ভূঞাই অনুমান কৰিছে। কিন্ত্ত হেড়ম্ব ৰাজ্য ডিমাপুৰক কেন্দ্ৰ কৰিহে গঢ়ি উঠিছিল। ডিমাপুৰত ডিমাছা কছাৰীৰ ৰাজত্বৰ বাস্তবিকতা বিভিন্ন সূত্ৰৰ দ্বাৰা স্বীকৃত। এই কালছোৱাত (খৃ: ত্ৰয়োদশ চতুৰৰ্দশ শতিকা) আহোমসকলৰ সৈতে সংঘৰ্ষৰ তথ্য-পাতিৰ (বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জী) বাহিৰেও ডিমাপুৰত থকা কছাৰীসকলৰ প্ৰত্নতাত্বিক নিদৰ্শনে এই কথা প্ৰমাণ কৰে। সোণাৰাম থাওচেনৰ মতে ১০৮৫ খৃ ত ডিমাপুৰত ডিমাছা কছাৰীসকলে ৰাজধানী পাতি ১৫৩৬ খৃ: লৈ ৰাজত্ব কৰিছিল।ইয়াৰ উপৰিও চ্যু-কা-ফাৰ সময়ত ডিমৌ-দিচাং নৈৰ মাজৰ অঞ্চলত বৰাহীৰাজ্য এখনৰ কথাও পোৱা যায়, যি খন পিছলৈ চ্যু-কা-ফাই নিজ ৰাজ্যৰ অৰ্ন্তভূক্ত কৰি লৈছিল।
(বি:দ্ৰ :- সহায় লৈ।)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে