চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / পুৰুষৰ বাবে ‘নাৰী অধ্যয়ন’ৰ আৱশ্যকতা ( চন্দ্ৰালী শৰ্মা )

পুৰুষৰ বাবে ‘নাৰী অধ্যয়ন’ৰ আৱশ্যকতা ( চন্দ্ৰালী শৰ্মা )

‘নাৰী অধ্যয়ন’ক বিষয় হিচাপে লৈ স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থকাৰ কালছোৱাত বহুলোকে আমাক সোধা মনত পৰে; বিষয়টোনো কি? ইয়াৰ বিষয়বস্তু কেনেধৰণৰ ? বহুলোকৰ বিষয়টোক লৈ নানা ভ্ৰান্ত ধাৰণা থকাও দেখা পাইছিলো। বহুজনে আকৌ বিষয়টোক অপ্ৰাসংগিক বুলি উপলুঙা কৰাও মনত আছে।

‘নাৰী অধ্যয়ন’ বিষয়টো অনান্য পৰম্পৰাগত বিষয়তকৈ (সাহিত্য, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান ইত্যাদি) তুলনামূলক্ভাৱে নতুন। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় , বিষয়টো নাৰী আন্দোলনৰ ফলশ্ৰুতি হিচাপে ষাঠি/সত্তৰৰ দশকত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কিছু কিছু বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল। যুগ যুগ ধৰি পুৰুষৰ দ্বাৰা অৱহেলিত, উপেক্ষিত আৰু নানা ধৰণেৰে হিংসাৰ বলি হোৱা নাৰী জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, মানসিক ইত্যাদি অভিজ্ঞতাৰ গৱেষণামূলক অধ্যয়ন তথা সমাধানৰ পথ নিৰ্দেশক হিচাপে ‘নাৰী অধ্যয়ন’ সাম্প্ৰতিক কালত বৌদ্ধিক মহলত যথেষ্ট চৰ্চিত বিষয় হৈ পৰিছে।

‘নাৰী অধ্যয়ন’ কি বুলি ক’লে একে উশাহতে কৈ শেষ কৰা সম্ভৱ নহয় যদিও ইয়াৰ বিষয়বস্তু বুলিলে প্ৰাথমিকতে ‘sex’ আৰু ‘gender’ শব্দ দুটাৰ বিশ্লেষনে গুৰুত্ব লাভ কৰে। অক্সফৰ্ড ইংৰাজী অভিধানৰ মতে sex শব্দৰ অৰ্থ হ’ল a person’s genitals অৰ্থাৎ ব্যক্তিজনে কি লিংগ (পুৰুষ নে মহিলা) লৈ জন্ম গ্ৰহণ কৰিছে। আনহাতে gender শব্দৰ অৰ্থ হ’ল the state of being male or female .যদিও দুয়োটা শব্দৰ অৰ্থ একেধৰণৰ , তথাপি শব্দ দুটাৰ অৰ্থৰ সামান্য পাৰ্থক্য থকা দেখা যায়। বিশেষকৈ gender শব্দটোৰ লগত সামাজিকীকৰণ প্ৰক্ৰিয়াটো ওত:প্ৰোত ভাৱে জড়িত হৈ আছে। অৰ্থাৎ এজন ব্যক্তিৰ যি লিংগ লৈয়ে জন্মগ্ৰহন নকৰক কিয় , তেওঁ পুৰুষৰ দৰে আচৰন কৰিব নে মহিলাৰ দৰে ইয়াক gender শব্দটোৱে সূচায়। সামাজিকীকৰণ প্ৰক্ৰিয়াই নাৰী অধ্যয়ন বিষয়টোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এজন ব্যক্তিয়ে জন্মতে তেওঁৰ বাবে কেনেধৰণৰ আচৰন উপযুক্ত সেইয়া শিকি নাহে। বুজা হোৱাৰে পৰা তেওঁৰ চাৰিওঁফালৰ পৰিৱেশ দেখি শুনি সেই কথা আয়ত্ব কৰিবলৈ আৰম্ভ কৰে। গতিকে এজন পুৰুষক পুৰুষ হিচাপে আচৰণ কৰিবলৈ শিকোৱাত সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যথেষ্ট অৰিহনা আছে। বিশেষকৈ যুগ যুগ ধৰি নাৰী আচৰণৰ যথোপযুক্ততাত যথেষ্ট প্ৰশ্ন উত্থাপন হোৱা দেখা যায়।(নাৰী এগৰাকীয়ে কেনেকৈ খোজ কঢ়া উচিত, কেনেকৈ কথা পতা উচিত ইত্যাদি) নাৰী অধ্যয়নে gender আৰু ইয়াৰ গঠনৰ লগত জড়িত কাৰকসমূহক আৰম্ভণীৰ পৰাই প্ৰশ্ন কৰি আহিছে।

‘নাৰী অধ্যয়ন’ বিষটোৰ আন এটি দিশ হৈছে ই সাহিত্য তথা আন আন পৰম্পৰাগত বিষয়সমূহত নাৰীসত্বাই যে প্ৰাধান্য লাভ কৰা নাছিল সেই কথা প্ৰমাণ কৰি দেখুৱাইছে আৰু পৰৱৰ্তী কালত সেই বিষয়সমূহত নাৰীৰ গুৰুত্ব তথা তাৰ ওপৰত গৱেষণামূলক চিন্তা- চৰ্চাৰ বাট মুকলি কৰি দিবলৈ সক্ষম হৈছে।

‘নাৰীবাদ’, ‘নাৰী অধ্যয়ন’ৰ এটা অভিন্ন অংগ। নাৰীবাদ অথবা feminism শব্দটোৰ উৎপত্তি ফ্ৰান্সত হোৱা বুলি কব পাৰি। পুৰুষৰ দ্বাৰা উৎপিড়ীত , অৱদমিত নাৰীজাতিৰ সৰ্বতোপ্ৰকাৰ মুক্তিৰ হকে যুঁজ কৰাটোৱেই হৈছে নাৰীবাদৰ উদেশ্য। উদাৰতাবাদ, মাৰ্স্কবাদ , সমাজবাদকে ধৰি বিভিন্ন মতবাদৰ বিশ্লেষণেৰে নাৰীবাদ পৰিপুষ্ট আৰু এই মতবাদসমূহক নাৰীয়ে নিজৰ দৃষ্টিভংগীৰে অধ্যয়ন কৰিব পৰাকৈ ‘নাৰী অধ্যয়ন’-এ সুযোগ প্ৰদান কৰিছে।

‘নাৰী অধ্যয়ন’ বিষয়টোত প্ৰতিদিনেই নতুন নতুন তথ্য সংযোজিত হৈ আহিছে আৰু ভৱিষ্যতেও ইয়াৰ পৰিসৰ বৃদ্ধি পোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে।
এতিয়া প্ৰশ্ন হয় যে ‘নাৰী অধ্যয়ন’ বিষয়টো পুৰুষৰ বাবে আৱশ্যক হয় নে নহয়। নে নাৰীয়েই নিজৰ শোষণৰ কাৰণ আৰু তাৰ সমাধানৰ উপায় উলিয়াই আগবাঢ়ি যাব লাগিব। মানৱ জাতিৰ বিকাশত পুৰুষ আৰু নাৰী উভয়ৰে ভূমিকা অনস্বীকাৰ্য্য। চিকাৰ কৰি বন্য জীৱন যাপন কৰাৰে পৰা বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিৰে ভৰা যুগটোলৈকে নাৰী আৰু পুৰুষ দুয়ো দুয়োৰে পৰিপূৰক হিচাপে ভূমিকা গ্ৰহণ কৰি আহিছে। ত্ৎস্বত্বেও নাৰীৰ অৱদানসমূহ যুগ যুগ ধৰি অস্বীকৃত হৈয়ে থাকি গৈছে। প্ৰাচীন কৃষিভিত্তিক সমাজখনত নাৰীয়ো পুৰুষৰ সমানে কৃষিকাৰ্যত অগ্ৰাধিকাৰ লাভ কৰিছিল। ওঠৰশ শতিকাত পশ্চিমত আৰম্ভ হোৱা ঔদ্যোগিক বিপ্লৱৰ ফলস্বৰূপে কৃষিভিত্তিক সমাজখন লোপ পায় আৰু তাৰ স্থান ল’লে বৰ্তমানৰ পুজিবাদী সমাজখনে। ইয়ে পৃথক কৰি তোলে নাৰী আৰু পুৰুষৰ কৰ্মক্ষেত্ৰৰ পৰিসৰ। অৰ্থোপাৰ্জনৰ বাবে পুৰুষে ভৰি দিয়ে বাহিৰৰ কৰ্মক্ষেত্ৰখনত (public sphere) , তাৰ বিপৰীতে নাৰীৰ কৰ্মক্ষেত্ৰ সংকুচিত হৈ ঘৰৰ চাৰিবেৰৰ মাজত (private sphere) আৱদ্ধ হৈ পৰে। জীৱিকা নিৰ্বাহৰ উৎসৰ অভাৱত নাৰীৰ বাবে বিবাহ হৈ পৰে এক এৰাব নোৱাৰা অংগ আৰু ইয়ে নাৰীক পুৰুষৰ বশতীয়া হ’বলৈ ইন্ধন যোগায়।
পৰৱৰ্তী সময়ত নিজৰ নাৰীসত্বাক প্ৰাধান্য দিয়া কেইগৰাকী মান মুষ্টিমেয় নাৰীৰ প্ৰচেষ্টাৰ ফল হিচাপে নাৰীয়ে নিজৰ বিভিন্ন অধিকাৰৰ হকে যুঁজি আৰু জয়লাভ কৰি বৰ্তমানে উন্নতিৰ বাটত পুৰুষৰ সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে সলনি হৈছে নাৰী পুৰুষৰ সম্পৰ্কৰ সংজ্ঞা। বন্ধুত্বই হওঁক বা বৈবাহিকেই হওক, পাৰিবাৰিক নাইবা ব্যৱসায়িকেই হওক বৰ্তমানে সকলো ধৰণৰ সম্পৰ্কই হৈ পৰিছে টেকনিকেল।

নাৰী আৰু পুৰুষৰ আটাইতকৈ নিকটতম সম্পৰ্কই হৈছে বৈবাহিক। বৰ্তমানৰ শিক্ষিত সমাজত এই সম্পৰ্ক ইমানেই যান্ত্ৰিক হৈ পৰিছে যে ইয়াৰ বিজ্ঞানসন্মত বিশ্লেষণৰ অতীৱ প্ৰয়োজন। এটা কাল্পনিক উদাহৰণ আলোচনা কৰা যাওক। এজন বিবাহোপযোগী উচ্চ শিক্ষিত যুৱক দেশখনৰ ভিতৰতে নাম থকা শিক্ষানুষ্ঠান এটাত তেখেত কৰ্মৰত। উপাৰ্জন যথেষ্ট ভাল আৰু চাকৰিটোত তেওঁৰ পদোন্নতিৰ যথেষ্ট সুবিধা আছে। তেওঁক নিজৰ বিবাহৰ বাবে সকলোফালৰ পৰা সমকক্ষ এগৰাকী ছোৱালীৰ প্ৰয়োজন। বৰ্তমানৰ লগত খাপ খুৱাই তেওঁ ফেচবুকতে কইনাৰ অনুসন্ধানত লাগিল। তাৰে পৰা কেইগৰাকী মানক নিৰ্বাচনো কৰিলে। তেওঁলোকৰে প্ৰত্যেকৰে বায়’ডাটা গুটোৱাও হৈ গল। তাৰে মাজৰ পৰা তেওঁ যিগৰাকীক সকলো ফালৰ পৰাই উপযুক্ত বুলি বিবেচনা কৰিলে তেওঁৰ লগত কথা বাৰ্তা আগবঢ়োৱাত উঠি পৰি লাগিল .আনফালে যুৱতীগৰাকীও নিজৰ বাবে জীৱনসংগী বিচৰাৰ কথা মনে মনে ভাৱি আছিল। গতিকে তেওঁ প্ৰস্তাৱটো পাই পেটে পেটে বৰ ৰ্ং পালে। দুয়োৰে মাজত বেচ কিছুদিন ভালদৰেই কথা বাৰ্তা চলিল, দুয়ো একেলগে ঘূৰি ফুৰি সময়ো কটালে। কিন্তু কিছুদিনৰ পিছতে যুৱকজনে তেওঁৰ বাবে সকলো ফালৰ পৰা উপযুক্ত হ’ব বুলি ভাৱি পছন্দ কৰা ছোৱালীজনীক লৈ হীনমন্যতাত ভূগিবলৈ ধৰিলে। কিয়নো ছোৱালীজনীও উচ্চ শিক্ষাৰে শিক্ষিত এগৰাকী আধুনীক মনৰ নাৰী। তেওঁৰ সন্মুখত আছে এটা অতি উজ্জল কেৰিয়াৰ। নিজৰ দৃষ্টিভংগীক প্ৰাধান্য দিয়া ছোৱালীজনীৰ যথেষ্ট কেইজন ল’ৰা বন্ধুও আছে। এই সকলোবোৰ লগ হৈ যুৱকজনৰ মনত সন্দেহৰ ভাৱে দকৈ শিপাবলৈ ধৰিলে। সম্পৰ্কটোক লৈ তেওঁ দিনক দিনে অসুখী হৈও পৰিল আৰু এদিন তেওঁ সেই সম্প্ৰ্ক ছেদ কৰাৰ সিদ্ধান্ত্ত উপনীত হ’ল।
উপৰুক্ত উদাহৰণটো বৰ্তমান দিনত সতকাই দেখিবলৈ পোৱা যায়। ঘটনাটোত যুৱতীগৰাকীৰ ভূল মাত্ৰ কেইটিমান। তেওঁ যিহেতু এগৰাকী নাৰী গতিকে তেওঁৰ নিজস্ব দৃষ্টিভংগীক প্ৰাধান্য দিব নোৱাৰিব। তেওঁ যিমানেই শিক্ষিত নহওঁক স্বামীতকৈ তেওঁৰ কেৰিয়াৰ ভাল হ’ব নোৱাৰিব, তদুপৰি তেওঁৰ ল’ৰা বন্ধুৰ লগত বেছি সমিল মিলেৰে ঘূৰিব নোৱাৰিব। অন্যথাই তেওঁ এগৰাকী নষ্ট চৰিত্ৰৰ নাৰী বুলি বিবেচিত হ’ব।
শিক্ষিত যুৱকৰ মাজত এনে মানসিকতা অতি ক্ষতিকাৰক। কিয়নো বৰ্তমানৰ নাৰী পুৰুষৰ তুলনাত কোনো গুণেই পিছ পৰি থকা নাই। বৰঞ্ছ এতিয়াৰ নাৰীৰ হাতত ঘৰ আৰু বাহিৰ দুয়োটা সমানে দায়িত্ব থাকে। এনে এক গধুৰ দায়িত্বৰ বোজা লৈ জীৱনত আগবাঢ়ি যাওঁতে নাৰীগৰাকীক তেওঁৰ আপোনজনৰ পূৰ্ণ সহযোগীতাৰ প্ৰয়োজন। উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো যদি আজিৰ যুগতো ‘ লাও সদায় পাতৰ তল’ৰ দৰে নীচ মনোভাৱ পুহি ৰাখে তেন্তে সম্পৰ্ক্বোৰ যথেষ্ট জটিল হৈ পৰিব। এইখিনিতে এটা কথা ষ্পষ্ট কৰি দিয়া যাওঁক যে পুৰুষ বোলোতে ইয়াত একাংশ নীচ মনোভাৱাপন্ন পুৰুষৰ কথাহে কোৱা হৈছে। এই লেখাৰ দ্বাৰা সমগ্ৰ পুৰুষ জাতিৰ আৱেগত আঘাট সনাৰ কোনো উদ্দেশ্য নাই।
এনেধৰণৰ অসংখ্য উদাহৰণেৰে বৰ্তমান সমাজখন ভৰি পৰিছে। সেইবাবেই ‘নাৰী অধ্যয়ন’ বিষয়টো পুৰুষৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে।নাৰী অধ্যয়নে পুৰুষক নিজৰ পুৰুষতান্ত্ৰিক ভাৱধাৰাক উপলব্ব্ধি কৰাত সহায় কৰে। কৰ্তৃত্বসুলভ আচৰণে যে সম্পৰ্কবোৰৰ মধুৰতা বিনষ্ট কৰে সেই বিষয়ে অধ্যয়নৰ সুযোগ প্ৰদান কৰিছে। ব্যক্তিস্বতন্ত্ৰতাক গুৰুত্ব দিয়া নাৰী অধ্যয়ন বিষয়টোৱে পুৰুষক নাৰীৰ উপযুক্ত মৰ্যদা প্ৰদান কৰিবলৈ শিক্ষা প্ৰদান কৰিছে। সমাজবিজ্ঞানী Michael kimmel ৰ মতে ‘নাৰী অধ্যয়ন’ বিষয়টোৱে পুৰুষসত্বাক অধিক ষ্পষ্ট কৰি তুলিছে। তেওঁৰ মতে বিষয়টোৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পূৰ্বতে পুৰুষে নিজৰ সম্পৰ্কে সজাগ নাছিল। নাৰী অধ্যনে নাৰী পুৰুষৰ ষ্পষ্ট ধাৰণাৰ লগে লগে gender ধাৰণাটোকো ষ্পষ্ট কৰি তুলিছে। অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নাৰীৰ দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সহায়ত এখন ৰাষ্ট্ৰৰ বিকাশ কিদৰে ক্ষিপ্ৰতৰ কৰি তুলিব পাৰি ইয়াকো নাৰী অধ্যয়নে প্ৰমাণ কৰি দেখুৱাইছে।মুঠৰ ওপৰত নাৰী অধ্যয়ন বুলিলে ই কেৱল নাৰীৰ দ্বাৰা নাৰীৰ বাবেই অধ্যয়ন বুলি বুজি নাথাকি পুৰুষ সকলো ইয়াৰ বাবে আগবাঢ়ি যোৱা উচিত। সদৌশেসত বিদ্যালয়ৰ পৰ্যায়তো সৰুকৈ হ’লেও সুকীয়াকৈ নাৰী অধ্যয়নক বিষয় হিচাপে সংযোজন কৰি সৰুৰেপৰাই ল’ৰা ছোৱালীক এই সম্পৰ্কে শিক্ষা প্ৰদান কৰিলে সুদুৰ প্ৰসাৰী ফল লাভ কৰা যাব বুলি আশা কৰিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *