চ’ৰাঘৰ / ইত্যাদি / বনভোজৰ আনন্দ ( আইলুং লাহন বৰা )

বনভোজৰ আনন্দ ( আইলুং লাহন বৰা )

হেমন্তৰ সেমেকা কুঁৱলিৰ আচ্ছাদনৰ আঁৰেৰে লাহে লাহে ধৰালৈ নামি আহিছে শীত৷ শীত এক উন্মনা পৰশ – নিজা বৈশিষ্ট্যৰ স্বকীয়তাৰে ভৰুণ শীতৰ আগমনৰ লগে লগে আৰম্ভ হয় এটা বছৰক বিদায় দি আন এটা বছৰক আদৰাৰ প্ৰস্তুতি৷ ডিচেম্বৰ-জানুৱাৰী মাহৰ সময়খিনিত সকলোৱে হেঁপাহ কৰে বনভোজলৈ যাবলৈ৷
দৈনন্দিন জীৱনৰ বিৰতিহীন লৰা-ঢপৰাৰ মাজত মানুহবোৰ ভাগৰুৱা হৈ উঠে মন-মগজুৰে৷ তাতে শীতৰ এলেহুৱা দিনবোৰত নিজকে সতেজ কৰি তুলিবলৈ যেন অত্যাৱশ্যকীয় হৈ উঠে এটা দিনৰ বিৰতি, যিদিনা যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি মানুহে প্ৰকৃতিৰ নিৰ্ভেজাল সৌন্দৰ্যৰ মাজত বিলীন হৈ বন্ধু-বান্ধৱ তথা আত্মীয়সকলৰ সৈতে এসাঁজ আনন্দ -স্ফূৰ্তিৰে খাই নৃত্য-গীতৰ আমেজ ল’ব পাৰে৷

অকলশৰে কৰা আনন্দ উদযাপনতকৈ সমূহীয়াভাৱে কৰা আনন্দ উদযাপনৰ আমেজ সুকীয়া৷ শীতৰ কুহুমীয়া সূৰ্যোদয়ৰ পুৱা এখন বাছত বন্ধুবৰ্গ বা আত্মীয়ৰ সৈতে একেলগে যাত্ৰা কৰাৰ আনন্দ কি, সেয়া সকলোৱে জানে৷ সমূহীয়া সংগীত, হাঁহি-ধেমালি, শীতৰ সেমেকা পৰশেৰে প্ৰকৃতিৰ মাজলৈ কৰা যাত্ৰাটো হৈ উঠে বাৰে বৰণীয়া৷

বনভোজ বুলি ক’লেই সাধাৰণতে আমাৰ মনলৈ আহে জিৰি জিৰিকৈ বৈ থকা এটা নিজৰাৰ পাৰ নাইবা এখন নদীৰ বালিচৰ নাইবা এখন সৰিয়হতলীৰ কাষৰ এখন বৃহৎ পথাৰ, পাহাৰৰ সমতল ইত্যাদি ইত্যাদি৷ এনে প্ৰাকৃতিক পৰিৱেশৰ মাজত ভাঁহি অহা কোনো পক্ষীৰ সুমধুৰ কলকলনি,পানীৰ গতিৰ কলৰোল, এজাক মানুহৰ মুকলি আনন্দ উপভোগ, বিভিন্ন মুখৰোচক খাদ্যসম্ভাৰ….৷

বনভোজ হৈছে এক সামাজিক মনোৰঞ্জনৰ অনুষ্ঠান, য’ত সমূহীয়াভাৱে এসাঁজ ৰান্ধি, হাঁহি-ধেমালিৰে খাই বিভিন্ন ধৰণৰ খেলা-ধূলা, নৃত্য-গীতৰ আনন্দ লোৱা যায়৷ বনভোজৰ এই আনন্দৰ মাজত পৰিবেশ-পৰিচ্ছন্নতাৰ বিষয়টোলৈ বিশেষভাৱে মন দিয়া উচিত৷ খাই-বৈ উঠাৰ পাছত বিভিন্ন প্লাষ্টিকৰ পেকেট, বটল আদি যাতে য’তে-ত’তে পেলাই ঠাইডোখৰ লেতেৰা কৰি থৈ অহা নহয়, তাৰ প্ৰতি বিশেষভাৱে মন দিয়া উচিত৷ ইয়াৰ উপৰি ৰাগীয়াল বস্তুৰ অপব্যৱহাৰ কৰি অৰুচিকৰ কাৰ্যকলাপত যাতে জড়িত হৈ পৰা নাযায়, এইবিষয়েও সচেতন হোৱা উচিত৷

মুঠৰ ওপৰত, বনভোজ এটা যাতে কেৱল সুখকৰ হয়, আনন্দ-স্ফূৰ্তিৰে উপভোগ্য হয়, তাৰ বাবে প্ৰতিজন ব্যক্তিয়েই সচেতন হোৱা উচিত৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে