চ’ৰাঘৰ / কথাশিল্প / কবিতা ( ঋতুৰঞ্জন গগৈ )

কবিতা ( ঋতুৰঞ্জন গগৈ )

আমি গৈ আছিলো বহল শস‍্যভূমিৰ ওপৰেৰে; আমাৰ সমুখত এটা ৰাতিৰ পয়োভৰ,
জোনাকীবোৰ উৰি আহিছিল আমাৰ সৈতে,

আমাৰ দুচকুৰ পৰা সৰি পৰিছিল অজস্ৰ তৰাৰ ধূলিয়াৰি পোহৰ।

স্মৃতি কিম্বা অতীত,
যেন আইনাত জিলিকা এটা নীৰৱ সন্ধ‍্যা;
লাহে লাহে জ্বলি উঠা শৰতৰ চাকিত দেখা বহুতো অস্পষ্ট মুখ…

আমাৰ বহু কথাই মনত পৰিছিল,
ছাঁয়াঘন বাটত বতাহৰ সৈতে খোজকাঢ়ি আহি থকা,
খৰ আঙুলিবোৰ যেতিয়া কঁপি আছিল গীটাৰৰ তাঁৰত;

আমি আকৌ সেউজীয়া দেশলৈ গুছি গলো,
য’ত গছৰ পাতবোৰ মুনিচুনিৰ সৈতে চুপতি মৰাত ব‍্যস্ত,
য’ত নদীবোৰ গুণগুণাই থাকে পাহাৰৰ দুবাহুত!

কথাবোৰ এনেকুৱাই,
মনত পৰা আৰু পাহৰি থকাৰ দৰে;

পুৰণি হোৱা ক্ষুদ্ৰ ফুচফুচনিবোৰ নতুন ক্ষুদ্ৰ শব্দবোৰ
পুৰণি হোৱা ক্ষুদ্ৰ হাহিঁবোৰ নতুন ক্ষুদ্ৰ চৰাইবোৰ
পুৰণি ঠিকনাৰ খবৰবোৰ নতুন জুই একুৰা য’ত জ্বলি
উঠে;

ৰাতিবোৰ ৰাতিয়েই হৈ থাকে; আমি জোনাক বিচাৰি গৈ থাকো…।

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে