চ’ৰাঘৰ / কথাশিল্প / ফিটা ছিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প ( জুৰি বৰুৱা )

ফিটা ছিঙা হাৱাই চেণ্ডেলযোৰ আৰু এটা শেষ নোহোৱা গল্প ( জুৰি বৰুৱা )

এই যাত্ৰা বৰ আমোদজনক নহবও পাৰে । অথচ এই যাত্ৰাতে আমি সহস্ৰবাৰ চিঞৰো । এই যাত্ৰা গৈ থকা মানুহৰ ভৰিৰ ঘামেৰে ভিঁজি থাকে। এই যাত্ৰাত কোনো চৰ্তৰ প্ৰতিলিপি নাই । এই এটা মাত্র যাত্ৰাৰে আমি কেঁচা মাটিৰ বাটৰ পৰা শিলগুটি দিয়া ৰাস্তালৈ উঠো । ঠিক কিহৰ প্ৰয়োজনত এই এটা মাত্র যাত্ৰাৰ চেতনাৰে আমি জী উঠিব খোজো তাৰ ব্যাখ্যা কোনো দিনে দিয়া নহয় । কোনো দিনে এজনে আনজনৰ চকুত চকু থৈ শুধৰোৱা নহয় কথাৰ মাজৰ কথাবোৰ ।

তেওঁলোকে গোচৰ তৰিছে মই কোৱা কথাবোৰ একঘেয়ামী হৈছে । অথচ তেওঁলোকে প্ৰতিদিনে আইনা চাইছে । নিউজ চেনেলটো খুলি কোনোবা আচায্যৰ উপদেশ বাণী শুনিছে । কফিৰ ধোৱাত উপঙি সন্তানক কনভেণ্ট নে ডনবক্সত পঢ়াব তাৰে সাৰাংশ এটাত উপনীত হৈছে । নহলেবা বাওঁপন্থী চৰ্বিৰে ভগাই লৈছে ডনাল্ড ট্ৰাম্পৰ বিজয়ৰ খবৰ – ৰেলৰ বৰ্ধিত টিকটৰ হাৰ – অথবা কেপচিকাম দি ৰন্ধা শেষ ৰেচিপিৰ স্বাদ । তাৰ মাজতো ৰবীন্দ্ৰ সংগীত বাজি আছে । মাজে মাজে শুনা গৈছে মোৰ দেশ মানুহৰ দেশ । টিভিত তেতিয়া বিগ বছ চিজন -১০ । বাস্তৱত আটায়ে সচেতন নাগৰিকৰ আৱেশত বন্দী । সেই একেবোৰ মুখেই বাৰে বাৰে সমালোচনা কৰিছে ৰোমাণ্টিক ভুলবোৰক আৰু মুখ কোচাই গুগলত চাৰ্চ কৰিছে দ্যা এলকেমিষ্ট ।

বি: দ্ৰ : এই কাহিনীৰ সৈতে কোনো জীৱিত অথবা মৃত ব্যক্তিৰ কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ সংযোগ নাই ।

সংযোগ হেৰাই যায় । সংযোগনো কি ? মাজে মাজে আহে । মাজে মাজে নোহোৱা হয় । গাঁৱৰ ইলেকট্ৰিচিটিৰ দৰে । কিন্তু কিছুমান বস্তু নেহেৰায় । এই ধৰক গাঁৱৰ চতিয়না জোপাৰ বাউলি গোন্ধে অঁকাই পকাই সুৰ তোলা দোতৰাখন । সৰুমনে ভলুকাৰ বাৰীৰ পৰা চুৰ কৰি আনি বেচা বাঁহ গাজ ভৰাই ৰখা হৰলিক্সৰ বটলটো খোলোতে নাকত লগা গোন্ধ । বাচাহঁতৰ পুৰণিকলীয়া মিলটোত ওলমি থকা মকৰা জালৰ মাজেৰে সোমাই অহা হেমন্তৰ এচেৰেঙা ৰ’দ । সেই ৰ’দত মিলৰ ফিটা টানি হালি ধান কুটাবলৈ লৈ উৎপলে গোৱা বিহু ফাঁকি ‘অ ৰঙামণি নাযাবি পাহৰি ‘।

ৰঙামণিৰ বিয়া হৈ যায় । খনিকৰ গাঁৱৰ পৰা ৰজাপুললৈ যাওঁতে পোৱা নিৰ্জন দলংখনত সন্ধিয়া সিহঁতক একেলগে দেখা পোৱাৰ পিছতে ৰঙামণিৰ বিয়া খাটাং কৰি পেলোৱা হয় । গাঁৱত আপেক্ষিকতাবাদৰ আকাল নাই । আধি খেতি কৰি সন্ধিয়া সাজ অকণ ধৰা উৎপলতকৈ টেটৰ মাস্টৰেই ভাল । দলংৰ কাষৰ আঁহতজোপাৰ তলতে চুলাই খাই উৎপল পৰি থাকে। ৰঙামণিক গাওঁখনে পাহৰি পেলায় । পাহৰিব নোৱাৰে উৎপলক । তাৰ মাতটোক । বিহুগীতবোৰক ।

বাচাহঁতৰ মিল তেতিয়াও চলে । ফিটাডাল চিঙিলে ঘৈনীয়েকক গালিও পাৰে। ‘ মাৰে বাপেৰে পুৰণি মিলটোহে যৌতুকত দিবলৈ পালে ‘ । উৎপলহঁতৰ কেঁচা পৰ্টিকত ওলমি থাকে স্টেপলাৰ পিনেৰে গুঠি ৰখা পুৰণি গ্ৰীটিংছ কাৰ্ড । এটা চুকত বিষ্ণু ৰাভাৰ ফটো আৰু আনটো চুকত উৎপলৰ ভনীয়েকে এম্ৰদায়েৰী কৰা টেবুল কল্থৰ তলত সাতামপুৰুষীয়া হাৰমনিয়ামখন ।

এমাহমানৰ পিছত মিলটো আকৌ ঘৰ ঘৰাই বাজে । দলনিৰ পৰা নোদোকা হাঁহবোৰ সন্ধিয়া ডবা বজাৰ আগতেই ঘৰলৈ উভতে । জাতি বাঁহজোপা যিখিনিত হাওলি পৰিছে সেইখিনিতে মাজে মাজে হাঁহ একোটা হেৰায় । কোনোৱে কয় হেঁপাই নিয়ে । কোনোৱে আকৌ সৰুমনৰ নাম লয় । ধেইত তেৰি সংযোগ নেহেৰায় । হেৰায় সংযোগবোৰ ঘটোৱাৰ সুযোগকণ ।

বি: দ্ৰ : এই কাহিনীৰ সৈতে জড়িত জীৱিত অথবা মৃত ব্যক্তিসকলৰ সৈতে এতিয়াও বহুতৰে সংযোগ আছে ।

এনেকৈয়ে গল্প এটা আৰম্ভ হোৱা হ’লে ভাল আছিল। কিন্তু গল্পবোৰ কোৱা যিমান সহজ সিমানে সহজ পাহৰি পেলোৱাও । পাহৰি পেলাবলৈ সহজ গল্পবোৰ কৈ কৈ সময়ো এদিন ভাগৰি পৰে। তথাপি যাত্ৰা ৰৈ নাথাকে । পুলটোত বেলিটোৰ সৈতে মাছৰ পুনিবোৰ বুৰ মৰালৈকে যাত্ৰা চলি থাকে । যদিও টিভিৰ পৰ্দাত উখল মাখল লাগে বুৰ্জোৱা বুদ্ধিজীৱি চিন্তাৰ । নহ’লেবা সেই একেই আফচোচ কত দিন হ’ল ৰেডিঅৰ চেনেল পকাই মুকুংচুঙৰ স্টেচনৰ পৰা ডিলানৰ মাতে খামুচি ধৰা নাই ঢেঁকীয়াত বাগৰি ফুৰা জোনাকী পৰুৱাবোৰ। সেই মাতত বিট মিলাই চিঞৰি থকা জিলিবোৰে জগাই তোলা নাই ফাঁচী জালত ফচি থকা ঢোঁৰা সাপটো । তাৰপাছতো সিহঁতে কয় একঘেয়ামী হোৱাৰ কথা। পৰীক্ষাগাৰ নহয় যে এই যাত্ৰা সেই কথা বহুতে পাহৰি পেলায়। পৰকীয়া প্ৰেমৰ দৰে জ্যামিতিক হাৰত বাঢ়ি অহা খবৰ লাগে সিহঁতক আৰু লাগে দাৰ্শনিক যশস্যাৰে লালিত পালিত এক্সক্লুচিভ ক্লাইমেক্সবোৰ ।

বি: দ্ৰ : গল্প আৰম্ভ ।

ইমানো সহজ নহয়। কেৰম বৰ্ডৰ গুটিৰ চলাচলত খটখটাই থকা সন্ধিয়াটোত ক’ৰবাৰ পৰা প্ৰতিধ্বনিত হৈ ভাঁহি আহে সেই বাক্য – ইমানো সহজ নহয় ফিডেল কাষ্ট্ৰোৰ মৃত্যু । চহকী কৃষকৰ সন্তান অথচ পুঁজিবাদৰ বিৰোধীতা কৰাৰ সাহস । বেটিষ্টা বাহিনীৰ বিৰুদ্ধে সংগ্ৰাম । মুখত কিউবান চিগাৰ , দীঘল ডাড়ি , সামৰিক পোছাকেৰে মানুহটো যেন চিনাকি । গোবিন্দই ডাঙৰিটো আধাতে নমাই বাৰে বাৰে কৈ উঠে ‘ইমানো সহজ নহয় ‘ । ডাঙৰিটোৰ ওজনতকৈ কাষ্ট্ৰোৰ মৃত্যুৰ বাতৰিটোৰ ওজন তাৰ বাবে অধিক হৈ পৰে । শেষৰখন নাও ঘাট পোৱাৰ আগতেই আৰু দুটা ডাঙৰি আনি পোৱাবহি লাগিব । কিন্তু কাষ্ট্ৰো ? কাষ্ট্ৰোক এনেকৈ এৰি দিব পাৰি নেকি ?
মণিহাৰী দোকানৰ সমুখৰ চালিখনত গৰম তেলত পকৰীবোৰ উপঙিবলৈ ধৰে । আজিকালি চালিখনৰ তলত ৰেডিঅ’ নাবাজে । দুজনমানৰ হাতে হাতে ম’বাইলবোৰ দুলি থাকে । তাতে হেনো বহুত খবৰ আহে । কাষ্ট্ৰোৰ মৃত্যুৰ খবৰো এনেকৈয়ে আহে ।

গোবিন্দৰ ল’ৰাহঁতক ক’বলৈ মন যায় বাৰে বাৰে ৰেডিঅ’ত শুনা কাষ্ট্ৰোৰ ভাষণৰ সেই পুনৰাবৃত্তি – ‘I joined the people’ । পুলিচ স্টেচনৰ পৰা টনা আঁজোৰা কৰি অনা বন্দুকটো যেতিয়া জনতাৰ ঠেলা হেঁচাত ভাঙি পৰে , তেতিয়াই , ঠিক তেতিয়াই কাষ্ট্ৰোৰ সমুখত এখন সংগ্ৰামে মূৰ ডাঙি উঠে । মানুহৰ বাবেহে যে কাষ্ট্ৰোৰ জীৱন সেই কথা বুজি উঠে তেওঁ । অৰণ্যত দিক্ নেহৰুৱাই কাষ্ট্ৰোই । কোন ধনী , কোন দুখীয়াতকৈ কোন কেনেকৈ ধনী , কেনেকৈ দুখীয়া সেয়া নুবুজিলে অৰণ্যত দিক্ নিৰ্ণয় কৰিব নোৱাৰে কোনেও ।

এই কথাই কাষ্ট্ৰোই কৈছিল হেনো । গোবিন্দই ডাঙৰিটো আকৌ তুলি লয় । পকৰীবোৰ ৰঙা হ’বলৈ আৰম্ভ কৰোতেই দূৰৈত জিলিকি উঠে শেষৰখন নাও । দিচাংৰ সিপাৰে সোণালী গাওঁ যোৱা নাও । আজি দুটা ডাঙৰি কমকৈ কঢ়িওৱাৰ বাবে গোবিন্দৰ আক্ষেপ নহয় । মৰণাৰ খেৰবোৰত বাগৰি বাগৰি কণমানি এহালে পূৰণৰ বৰ নেওঁতা মাতে । গোবিন্দৰ বিৰিয়াৰ চেও যিমানেই বাঢ়ে , নিয়ম ভাঙি কুঁৱলীৰ চাদৰ এখনে দিচাংক সিমানেই মেৰিয়াই ধৰে । দূৰৈৰ পানী দিহিঙ হাবি হৈ উঠে এক সাঁথৰ ।

আৰু এনেকৈয়ে দিচাংৰ পাৰৰ গাওঁ এখনত কাষ্ট্ৰোৰ বাবে ক্ষন্তেকলৈ হ’লেও কোনোবা ৰৈ যায় । গোবিন্দই নাৱত উঠিয়ে ইপাৰৰ গাঁৱলৈ আকৌ এবাৰ চায় । সদায়ে চোৱা গাওঁখন আকৌ এবাৰ তাৰ চকুত তুঁহ জুই হৈ জ্বলি উঠে । সেই একেই তিনি পট্টিৰে কঁপি থকা ধানৰ মিলৰ সন্ধিয়া – স্কুলৰ মধ্যাহ্ন ভোজনৰ সৈতে খাহী মাংসৰে কোনোবা মাষ্টৰে পুতেকৰ জন্মদিনৰ বাবে দিয়া ভোজ – চাঙঘৰৰ তলত বেঙুনীয়া মেখেলাত তোলা সৰিয়হ ফুল । নহ’লেবা টিপচাকিৰ পোহৰত মেলি লোৱা ভূচিত্ৰাৱলীত আঁক বাঁক হোৱা মেপবোৰ । ইয়াত কাষ্ট্ৰো নাই । অথচ এতিয়াও কাষ্ট্ৰোৰ কথা ভাবি দুটা ডাঙৰি কমকৈ কঢ়িওৱা কোনোবা আছে ।

সৰি পৰা আঁহতৰ পাতবোৰত বতাহৰ শব্দ লাগি খৰখৰীয়া শব্দ একোটা হয় । পূৰণৰ বৰ নেওঁতাৰ সুৰ যিমানেই বাঢ়ে সিমানেই চাঙঘৰৰ ভিতৰত টিপচাকিৰ পোহৰবোৰ নাচিবলৈ ধৰে । এই নাচোন আৰু বহুতো পথৰ একো একোটা অধ্যায় । আগতে গোবিন্দইও এনেকৈয়ে ভাবিছিল কথাবোৰ । আজিকালি কথাবোৰ হেনো সলনি হৈছে । সলনি হৈছে নোট আৰু বাটবোৰো । চহকী বাটবোৰত গোবিন্দৰ বিৰিয়া আৰু তমালৰ গুৰুত্ব নাই । বি এ পাছ গোবিন্দই সেয়ে চহকী বাটবোৰৰ পৰা ফালৰি কাটে । সি নিজৰ দৰে চহকী হ’ব খোজে । সেয়েহে সি তুঁহ জুইতকৈ বনজুয়ে ভালপায় । প্ৰতিদিনে পাৰ হোৱা দিচাংখনক সি বহু কথা কয় আৰু বহু নতুন কথা শিকি ইপাৰ সিপাৰ হয় । গোবিন্দৰ বাবে গুটি ধানৰ ভঁৰালটোৰ গুৰুত্ব দিনে দিনে বাঢ়ি আহে । দূৰৈৰ পৰা চালে এনে লাগে সোণালী গাঁৱৰ বাট নোহোৱা চাপৰিটোতো কাষ্ট্ৰো সাৰে থাকে । সাৰে থাকে দৌৰত হেৰাই নোযোৱা গোবিন্দৰ দৰে আৰু বহু সতীৰ্থৰ মজবুত খোজবোৰ ।

বি. দ্ৰ . সকলো গল্প সৰলৰৈখিক নহয় ।

লংকা ষ্টেচনত এজুম মানুহ লৈ গুৱাহাটীমুখী ট্ৰেইনৰ বাবে অপেক্ষা কৰে বিতু সোণোৱালে । প্লেটফৰ্মৰ পৰা সামান্য দূৰত্বত থকা বেঞ্চখন যিখন ইতিমধ্যে চৰাইৰ আতিথ্যত বগা হৈ পৰিছে – তাতে নিজস্ব ভংগীমাৰে পৰি থাকে বিতু সোণোৱাল । মাজে মাজে সি গুৱাহাটীৰ বন্ধুবোৰলৈ ফোন লগায় । অচল নোটবোৰৰ খবৰ পায় আৰু পায় এ টি এমৰ দীঘল শাৰীৰ সুদীৰ্ঘ বৰ্ণনা । বেঞ্চখনক পহৰা দিয়া বগৰীজোপাৰ মাজেৰে সৰকি অহা জোনৰ পোহৰবোৰ দেখি কিছু আচৰিত হয় বিতু সোণোৱাল । জোনো ইমান ধুনীয়া হ’ব পাৰে – সেই কথা বহুদিনৰ মূৰত তাৰ মনলৈ আহে ।

জোনৰ পোহৰত প্লেটফৰ্মৰ জুমবোৰ তাৰ বাবে হৈ উঠে একোটা সাঁথৰৰ উত্তৰ । হিন্দু মুছলমান পৰিধিৰ উৰ্ধ্বত মানুহবোৰে যেতিয়া অদল বদল কৰি বেঞ্চবোৰত বহে দৃশ্যটো বৰ মনোমোহা হৈ পৰে । হিন্দু বাংলাদেশীৰ বিৰোধীতা কৰি ওলাই অহা এই খাটিখোৱা মানুহখিনিৰ ধৈয্য দেখি খন্তেকলৈ ৰৈ যায় বিতু সোণোৱাল । আচলতে সাঁথৰটোৰ উত্তৰ একেবাৰে সহজ। কোনো হিন্দু বাংলাদেশীৰ বিৰুদ্ধে এওঁলোক ওলাই অহা নাই । এওঁলোক ওলাই আহিছে নিজৰ চৌকাটোৰ বাবে । নিজৰ ভেঁটিটোৰ বাবে। ওলাই আহিছে মাটি কেইবিঘাৰ স্বাৰ্থত । মাটি কাদুৰী , ঢেঁকীয়া, দোণবনসহঃ পেটে ভাতে খাই থকা মানুহে ৰাজনীতিৰ অংকত সময় নষ্ট নকৰে । এই যে উৎপলহঁতৰ ভঁৰালটো ভঙাৰ বাবে পৰ্টিকতে ৰণ্জিত ধানবোৰ থ’ব লগা হৈছে – এই যে গোবিন্দই ক্লাছ এইট নাইনত স্কুল এৰা ল’ৰাবোৰক তিন পট্টিৰ সলনি ধনী দুখীয়া শ্ৰেণীৰ ব্যাখ্যা শুনাইছে – এই যে ৰঙা বেঞ্চখন বগা হৈ যোৱা স্বত্বেও বিতু সোণোৱালৰ কোনো কুণ্ঠাবোধ হোৱা নাই – তাৰ সকলোৰে আঁৰত সেই এটাই সাঁথৰ । যাৰ সহজ উত্তৰ সেই চৌকাটো- সেই ভঁৰালটো – সেই হাত দুখন ন’হলেবা একুৰা দপদপাই জ্বলা বনজুই যি মানুহক টোপনিৰ পৰা জগাব পাৰে । জগাব পাৰে এনেদৰেই চলি থাকিব লাগিব বুলি ভবা নিচাৰ পৰাও। কোনো তত্ত্বগধুৰ ৰাজনৈতিক ব্যাখ্যা নোহোৱাকৈয়ে চৰাইৰ আতিথ্যত বগা হৈ উঠা বেঞ্চখন সেই ৰাতি বিতু সোণোৱালৰ বাবে হৈ পৰে এক সৰলীকৃত মেৰুদণ্ডস্বৰূপ ।

বি. দ্ৰ . এটা টেলিফোনিক বাৰ্তালাপৰ চমুটোকা ।

“‘৮৩ ৰ জুইৰ পিছত মানুহবোৰৰ মন মৰি গৈছে । কিয় মৰি গৈছে ঘৰে ঘৰে সোমালেই বুজি পাব। তাৰপাছত বানপানীত বুৰ যোৱা ভেঁটি – কাৰ্বিৰ সৈতে কাজিয়া – খেতি মাটিবোৰৰ বিভাজন – সেইবোৰ ধেই কথা । সৱ শুনালে আজি আৰু প্ৰসাদ বিলাব নোৱাৰিম । “

ৰতন দাইটিয়ে আগবঢ়াই নিয়া নামঘৰৰ ভিতৰত আয়তীৰ সংখ্যাই অধিক ।
“আগৰ দৰে ডেকাবোৰ নাই । বেছিভাগই এতিয়া কাম বিছাৰি কেৰেলা গুজৰাটত । কামনো কি ? কেতিয়াবা হোম গাৰ্ড। কেতিয়াবা পেৰেগন চেণ্ডেল ফেক্টৰীত দিন হাজিৰা । বেছিভাগেই মেট্ৰিক ফেইল । ল’ৰাহঁতক আগতে কৈছিলো বোলো গাঁৱতে খেতি বাতি কৰ। মিছাতে দূৰলৈ কিয় যাব লাগে । কিন্তু নাই , লগৰবোৰ গ’ল যেতিয়া গাঁৱতনো কি কৰিব ? স্কুল আধাতে এৰে আৰু কাম বিছাৰি গুচি যায়। দুবছৰমানৰ মূৰত আকৌ উভতি আহে । দুটা প্ৰকাণ্ড এয়াৰ বেগত পৰিয়ালৰ মানুহৰ বাবে বয় বস্তু আনে । কিছুদিন চলিব পৰাকৈ দুই এপইচা থাকে । তাৰপাছত আকৌ সেই কাহিনী । হতাশা । মদমত্ত । ঘৰবোৰত কাজিয়া । সেয়ে বহুতে বিছাৰেই ল’ৰাহঁত দূৰৈত থাকক । বিছাৰি চাৱক গাঁৱত ডেকা ল’ৰা পাই নেকি ? ছোৱালীবোৰৰো এইট নাইনতে বিয়া । মাজে মাজে ভাবো নামঘৰডালনো কাৰ বাবে যদিহে ৰাইজেই নাথাকে ! “

ৰতন দাইটিৰ হুমুনিয়াহে বৰলৰ দৰে কামুৰিবলৈ আৰম্ভ কৰে চৌপাশক । গাঁৱৰ বহু কাহিনী এনেদৰে আমাৰ চকুৰ সমুখত চলাচল কৰি থাকে। এই চলাচলত সেই স্বকীয়তা নাই যাৰ সহায়ত লিখিব পাৰি একঘেয়ামী নোহোৱা গল্প । পঢ়িব পাৰি গতানুগতিকতাৰ বিপৰীতে দূৰন্ত হোৱা নাগৰিক কেৰিয়াৰকেন্দ্ৰিক স্বপ্ন ।

আ:হ তাৰপাছতো আপোনালোকে গোচৰ তৰে একেবোৰ কথাকে বাৰে বাৰে কৈ আছো বুলি । দৈনন্দিন প্ৰতীকবাদত উটি ভাঁহি থকাসকলে কেনেকৈ বুজিব পেঙেৰীত গছতে পকা সুমথিৰাবোৰ দেখি কৰুণ হোৱা চকুবোৰৰ গাঁথা । মাজে মাজে এনে লাগে শিলগুটি দিয়া ৰাস্তাৰে খোজ কাঢ়োতে ছিঙা হাৱাই চেণ্ডেলযোৰ আচলতে এক চিহ্ন । ভৱিষ্যতৰ আলকাতাৰা দিয়া ৰাস্তাৰ মসৃণতাত ভোল নাযাবলৈ দিয়া সকীয়নী । কপিলী নহ’লেবা দিচাংৰ পাৰে পাৰে খোজ কাঢ়োতে বাৰে বাৰে ফিটা ছিঙা চেণ্ডেলযোৰলৈ মনত পৰে । মনত পৰে গল্পৰ দৰে বাস্তৱবোৰলৈ । ৰতন দাইটিৰ হুমুনিয়াহ বাচাহঁতৰ মিলৰ শব্দত তল পৰে । পকা ধানবোৰ হাওলিবলৈ ধৰে । বিয়াৰ তাৰিখ পিছুৱাই দিবলৈ বাধ্য হয় গঞা । বছৰেকীয়া পৰীক্ষাৰ বাবে মন দি পঢ়া জোনাকী , সোণতৰাহঁতৰ মন ভাঙি যায় । খুন্দনাত আধা খুন্দা তামোল এৰি ফুলমতী আইতাই খৰকৈ মৰণাৰ উখুন মাৰে । ৰবাব টেঙাৰে কঠিয়াতলীত বল খেলা ল’ৰাহঁত জুপুকা মাৰি পিৰালিত বহি থাকে । কোনে জানে কাক বা কেতিয়া স্কুলৰ চৌহদলৈ মাতে !

পেঙেৰী ন’হলেবা সোণাৰীত সেনাৰ কনভয়ৰ আগে আগে দুলি থকা ডাঙৰিবোৰে আন এক ক্লাইমেক্সৰ বিৱৰণ দিবলৈ আৰম্ভ কৰে । এই বিৱৰণত কোনো গল্পকেন্দ্ৰিক চাৰিত্ৰিক বৈশিষ্ট্য নাই । নাই কোনো সাজোন কাচোন । কোনো সাংকেতিক আংগিক অথবা অৱলোকন । এই বিৱৰণ কেৱল বিৱৰণ । কেতিয়াবা নঙলা মুখৰ । কেতিয়াবা ভঁৰালৰ গাতে আওজাই থোৱা বিকল যঁতৰ অথবা ৰাঁচকেইখনৰ । কেতিয়াবা পিছ চোতালৰ জুইকুৰাত উতলি থকা কেটলীটোক ৰখি থকা নিশ্চুপ ছায়ামূৰ্তিবোৰৰ । কেতিয়াবা আকৌ তিনি আলিৰ কেৰম বৰ্ডত বেছিকৈ ঢালি দিয়া বৰিক গুছাবলৈ জোৰকৈ মৰা হাত চাপৰিৰ ।

প্ৰিয় পাঠক , ক্লাইমেক্সৰ বিশেষ দ্ৰস্টব্য আপোনালোকলৈ থ’লো । এই গল্প কেৱল ক্লাইমেক্সৰ আগৰ বিৱৰণ ।

বি. দ্ৰ. এই গল্পৰ কোনো সামৰণি নাই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে