চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / আজিৰ জাতি-জনগোষ্ঠীগত সমস্যাৰ পটভূমিঃ ‘চেকচনেল’ নেতা নহয়, ভীমবৰ দেউৰী সমগ্ৰ অসমৰে নেতা ( দ° দেৱব্ৰত শৰ্মা )

আজিৰ জাতি-জনগোষ্ঠীগত সমস্যাৰ পটভূমিঃ ‘চেকচনেল’ নেতা নহয়, ভীমবৰ দেউৰী সমগ্ৰ অসমৰে নেতা ( দ° দেৱব্ৰত শৰ্মা )

‘Re: Dining arrangement for tribal boys in hostel 18-6-1941 Srijut Bhimbor Deori asked: 52. will government be pleased-
a) to state in which of the government and aided High School hostels of the Assam Valley Districts, tribal boys are allowed into the general Hindu dining halls, and in which of them they are not so allowed ?
b) to state what arrangements are there for the tribal boys in the hostels where they are allowed into the general dining hall ?
c) to state the number of tribal students in every government Aided High English Schools in towns in The Assam Valley, and the number of students in every one of them living in its hostel ?
d) to state whether the tribal boys of the schools not living in the hostels, live under proper guardianship ?’ (Quoted from Assam Legislation Council Debates, 1941, p. 372-4)
আমি আমাৰ এই লেখনীটো ইচ্ছা কৰিয়েই এই সুদীৰ্ঘ উদ্ধৃতিটোৰে আৰম্ভ কৰিলো এই কথা দেখুৱাবলৈ যে বিধান পৰিষদৰ মজিয়াত ভীমবৰ দেউৰীৰ চিন্তা আৰু উদ্ধিগ্নতা কেনেবোৰ প্ৰশ্ন কৰি আৱৰ্তিত হৈছিল৷ সেইদিনৰ বিধান পৰিষদত সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী ৰোহিনী কুমাৰ চৌধুৰীয়ে কি উত্তৰ দিলে নিদিলে, সেই প্ৰসংগলৈ আমি এই মুহূৰ্তত যাব বিচৰা নাই কিন্তু ভীমবৰ দেউৰীয়ে সেই উত্তৰত সন্তষ্ট নহৈ উপৰ্যুপৰি যিবোৰ প্ৰশ্ন তুলি থাকিল, তাৰ কিছু ৰেঙণি দি যোৱাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ৷

তেখেতে সুধিছিল চৰকাৰী সাহায্যপ্ৰাপ্ত কামপুৰ উচ্চ ইংৰাজী বিদ্যালয়ত মুঠ ছাত্ৰৰ সংখ্যা আৰু জনজাতি ছাত্ৰৰ সংখ্যা কিমান ? সেইসকল জনজাতি ছাত্ৰৰ কিমানক সম্পুৰ্ণ বা অৰ্দ্ধাংশ মাচুল ৰেহাই দিয়া হৈছে৷ জনজাতি ছাত্ৰসকলৰ বাবে তাত কিবা ছাত্ৰাবাস বা আন বডিং ব্যৱস্থা আছেনে ? এই কথা সঁচানে যে বিদ্যালয়খনক মুলতঃ জনজাতি ছাত্ৰৰ বিদ্যালয় বুলি দেখুৱাই জনজাতি শিতানৰ পুঁজি তাৰ বাবে আদায় কৰা হৈছিল ? যোৰহাটৰ জেবি কলেজত থকা জনজাতি ছাত্ৰৰ সংখ্যা আৰু তেওঁলোকক সাধাৰণ আহাৰ-কক্ষত খাবলৈ দিয়া হয়নে নহয়, সেইবিলাক প্ৰশ্নও দেউৰীয়ে বৰ্ষণ কৰি গৈছিল৷ (উৎসঃআগত দেখুৱাৰ দৰে)

আনৰ কথা বাদেই দিছোঁ, যি সকল সৰলমনা মাৰ্ক্সবাদীয়ে অৰ্থনৈতিক তথা শৈক্ষিক বিকাশে আপোনা-আপুনি জনগোষ্ঠীগত সমস্যা সমাধান কৰিম বুলি ভাবে তেওঁলোকৰ বাবে এয়া নিমিলা অংক৷ অৰ্থনৈতিক, শৈক্ষিক বিকাশৰ বাটতে দেখোন অন্তৰায় হৈ বহি আছে জাত-পাত, আস্পৃশ্যতা৷ কোৱা বাহুল্য যে ভীমবৰ দেউৰীৰ নিজৰ জীৱনৰ নিৰ্মম অভিজ্ঞতায়ো তেওঁক জীৱনজুৰি এনে প্ৰশ্নবোৰ উত্থাপন কৰি যাবলৈ বাধ্য কৰিছিল৷ বহু অসমীয়া জাতীয়বাদী , বহু মাৰ্ক্সবাদীৰ দাবীৰ বিপৰীতে অসমত জাতিগত ঘৃণা, অস্পৃশ্যতা আছিল, আৰু তাৰ বেশ আজিও নিৰ্মূল হোৱা নাই৷ অসমৰ সৰ্বপ্ৰথম কলেজ , আজিৰ ইন্সটিটিউশ্যন পাৰ এক্সেলেঞ্চ কটন কলেজত যে যোৱা শতিকাৰ তৃতীয় দশকলৈকে আস্পৃশ্যতা প্ৰৱলভাৱে চলি আছিল সেই সৰ্ম্পকে আমি নতুন পদাতিক (নৱেম্বৰ ১৯৯৮) সংখ্যাত প্ৰকাশিত আমাৰ ‘‘ কুৰি শঠিকাৰ অসমত জাতি-বৰ্ণবাদ আৰু অস্পৃশ্যতাঃ এটি অস্পৃশ্য প্ৰসংগ প্ৰৱন্ধত ভালেখিনি তথা দাঙি ধৰিছিলো৷ তাত আমি দেখুৱাইছলো কেনেকৈ আউনীআটী সত্ৰাধিকাৰৰ পৰা ‘‘চাৰ্টিফিকেট” লৈ নানিলে কটন কলেজৰ উমৈহতীয়া আহাৰ কক্ষত পাছপৰা জাতি-সম্প্ৰদায়ৰ ছাত্ৰৰ প্ৰৱেশ নিষিদ্ধ আছিল৷

‘মংগোলকছাৰী গুপ্ত ইতিহাস’ৰ লেখক ৰজনীকান্ত হাজৰিকায়ে সেয়েহে কছাৰী সকলক কৈনেকৈ অসমৰ স্কুল কলেজৰ ছাত্ৰাবাসক থাকিবলৈ দিয়া নহৈছিল, দুই একে কলকাতাত গৈছে লিখা পঢ়া কৰিব পাৰিছিল, সেই বিষয়ে বিতংকৈ লিখি গৈছে উক্ত গ্ৰন্থ, খোৱাংঘাট, ডিব্ৰুগড় ১৯৮৫) একেদৰেই আৱসৰপ্ৰাপ্ত আই.এ.এচ. তথা প্ৰয়াত দলিত সাহিত্যিক নন্দেশ্বৰ বণিয়ায়ো মৰ্মস্পৰ্শীভাৱে বৰ্ণনা কৰিছিল কেনেকৈ কটন কলেজৰ প্ৰথম মেছত বজা ভাতখোৱাৰ ঘন্টা তেওঁৰ বাবে মৃত্যুঘণ্টা দৰে বোধ হৈছিল (সোঁৱৰণ, গুৱাহাটী ১৯৭০)৷ সদৃশ অভিজ্ঞতা কংগ্ৰেছী মন্ত্ৰীদ্বয় ডা° ঘনশ্যাম দাস, গিৰীণ গগৈ আদিৰ ক্ষেত্ৰতো ঘটাৰ সাক্ষ্য আমাৰ হাতত আছে (দ্ৰষ্টব্যঃ এজন ক্ষুদ্ৰ মানুহৰ জীৱনস্মৃতি, গুৱাহাটী ১৯৮৬ আৰু গিৰীন্দ্ৰ নাথ গগৈ জন্ম শতবাৰ্ষিকী সংখ্যা, স্মৰণিকা, অন্যান্য পাছপৰা শ্ৰেণী সন্মিলন, সোণাৰি ১৯৯২)। গিৰীণ গগৈৰ ক্ষেত্ৰত অৱশ্যে কথাটো ছাত্ৰাবাসৰ আহাৰৰ নাছিল, আছিল সৰস্বতী পূজাৰ মাহ প্ৰসাদৰ৷

ছাত্ৰবাসৰ ভাত মুঠি আৰু সৰস্বতী পূজাৰ মাহ-চাউল মুঠিয়ে আমাৰ বাবে বহন কৰিছে প্ৰতীকী তাৎপৰ্য৷ কোনো কোনো শাস্ত্ৰীয় মাৰ্ক্সবাদী মহলৰ পৰা সততে যুক্তি আগবঢ়োৱা হয় যে জাত-পাত নিতান্তই উপৰুৱা কথা, এইবোৰ উপৰি সৌধতহে বিৰাজ কৰে ৷ অৰ্থনৈতিক বিকাশ আৰু শিক্ষা-দীক্ষাৰ বিস্তাৰৰ লগে লগে জাত-পাত আপোনা-আপুনি কৰ্পুৰৰ দৰে বতাহত মিলি যাব৷ কথাষাৰ যে ইমান সহজ নহয়, উক্ত কেউজন দলিত নেতা আৰু চিন্তবিদৰ সাক্ষ্য আৰু অভিজ্ঞতাই প্ৰমাণ কৰে৷ জাতি-বৰ্ণ আৰু অস্পৃশ্যতাই শৈক্ষিক বিকাশৰ বাটতে হেঙাৰ পাতে ৷ ইহঁতক উৎখাত নকৰাকৈ পূৰ্ণ মানৱীয় বিকাশ অসম্ভৱ হৈ পৰে ৷ বিধান পৰিষদৰ ভিতৰে-বাহিৰে সামাজিক বৈষম্য আৰু আস্পৃশ্যতাৰ বিৰুদ্ধে ভীমবৰ দেউৰীৰ যুঁজ সেয়ে মানৱীয়তাৰ পূৰ্ণ বিকাশৰ বাবেই এখন যুঁজ ৷ সাম্প্ৰতিক সময়তো তেওঁৰ সেই অসম্পূৰ্ণ যুঁজৰ প্ৰাসংগিকতা বিদ্যমান৷

১৯৪৭ চনত ভীমবৰ দেউৰীৰ মৃত্যুৰ বছৰত মাত্ৰ তিনিজন জনজাতী ছাত্ৰই মেডিকেল কলেজত পঢ়িবলৈ জলপানি পাইছিল৷ তেওঁলোক আছিল খগেন্দ্ৰনাথ ব্ৰহ্ম, চন্দ্ৰমোহন ব্ৰহ্ম আৰু ফণীধৰ বড়া (নায়ক, চতুৰ্থ খণ্ড, দ্বিতীয় সংখ্যা, চেপ্টম্বৰ-অক্টোবৰ, ১৯৪৭ চনত বন্ধুৰাম কছাৰীৰ প্ৰবন্ধ)৷ ১৯৫৫ চনতো মিচিংসকলৰ মাজত স্নাতকৰ সংখ্যা আছিল মাত্ৰ ১৯ জন (মিচিং বানে কাবাঙৰ ১৯৮৯ চনৰ অধিবেশনৰ মুখপত্ৰ, মিংমাঙৰ সম্পাদকীয়)। ১৯৬১ চনত, স্বাধীনতাৰ ডেৰদশক পাছতো জনজাতীয় সাক্ষৰতাৰ হাৰ হ’লগৈ এনেধৰণৰঃ
দেউৰী ৩৩.৬৫%, মেছ ২৭.১২%, সোনোৱাল ২৫.১২%, তিৱা ২০.৯৪%, মিচিং ২০.৪০%, বড়ো ১৯.৮৩%, ৰাভা ২২.৬৯% (উৎসঃ ১৯৬১ চনৰ লোকপিয়ল)
কোৱা বাহুল্য যে এই হাৰ বৰ্ণহিন্দুসকলৰ সাক্ষৰতাৰ হাৰতকৈ বহু কম আছিল৷ সামাজিক প্ৰকিবন্ধকে সৃষ্টি কৰা এই শৈক্ষিক অনগ্ৰসৰতাৰ স্বৰূপ বুজি পায়েই ভীমবৰ দেউৰীয়ে অসম বিধানসভাত জনজাতিসকলৰ শিক্ষাৰ হকে এক আশ্চৰ্যকৰ প্ৰস্তাৱ দাঙি ধৰিছিল৷ তেওঁ কৈছিল যে জনজাতিসকলক শিক্ষা দিবলৈ চৰকাৰৰ যদি টকাৰ খুবেই অভাৱ (যি টকাৰ প্ৰকৃততে অপব্যৱহাৰ হয় বুলি তেওঁ বিধান পৰিষদতে প্ৰমাণ কৰিছিল) তেনেহ’লে জনজাতিসকলে তাৰ বাবে অধিক খাজনা দিবলৈ সাজু আছে৷ দেউৰীৰ এই কথাষাৰকে অচিলা হিচাপে লৈ চাৰ চৈয়দ ছাদুল্লাৰ চৰকাৰে যেতিয়া জনজাতিসকলক খাজনা ৰেহাই দিবলৈ অস্বীকাৰ কৰিলে তেতিয়া দেউৰীয়ে গৰ্জি উঠি ক’লে– “The Tribal people are the poorest and most backward of all people in Assam. Illiteracy among them is appalling and their number of highly educated persons is very small. They feel that unless a separate fund with the help of the government can be created for the education of their children in schools and colleges, their progress will necessary be very, very slow. It is their poverty which has compelled them to propose such a course.'(Assam Legislative council Debates, 1940, pp 102-107)

এনে বহু আবেদন-নিবেদন, বাদ-প্ৰতিবাদৰ পাছতো জনজাতিসকলৰ প্ৰাপ্য যেতিয়া আদায় নহ’ল, তেতিয়া ভীমবৰ দেউৰীয়ে জনজাতিসকলৰ বাবে সুকীয়া সংৰক্ষণৰ ব্যৱস্থা দাবী কৰিলে ৷ দেশৰ দলিতসকলৰ নয়নমণি ড° ভীমৰাও আম্বেদকাৰৰ দৰেই আমাৰ ভীমবৰেও অসম বিধান পৰিষদত সংৰক্ষণ বিৰোধীসকলৰ মুখ চুঙা চাই সোপা দি কৈ উঠিছিল … ‘The main principle involved is not efficiency but something else, i.e. the right of every community to have share in the administration or right of every community to serve the province or to serve the public at large.'(ALHD, ‘on’ Principle of Recruitment.)

কিন্তু সংৰক্ষণ ড° আম্বেদকাৰৰ দাবী নাছিল৷ তেওঁ দাবী কৰিছিল পৃথক নিৰ্বাচনক মণ্ডলী৷ ইয়াৰ অৰ্থ দলিত-নিপীড়িতসকল নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ ৰাজনৈতিক অধিকাৰ তথা ক্ষমতাৰ অংশ৷ কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনুবাহী নেতৃবৃন্দই ইমান সহজে দলিত নিষ্পেষিতসকলক মুৰ দাঙি উঠিবলৈ দিবনে ? গতিকে ড° আম্বেদকাৰৰ সেই নায্য গণতান্ত্ৰিক দাবীৰ বিৰুদ্ধে মোহন দাস কমৰচাঁদ গান্ধীয়ে পুনাৰ য়েৰাভাদা কেন্দ্ৰী কাৰাগাৰত আৰম্ভ কৰিলে পুনৰ ‘আমৰণ অনশন’৷ লগে লগে আৱেগিক পৰিবেশ সৃষ্টি কৰি দেশ জুৰি গান্ধীৰ সম্ভাব্য প্ৰাণনাশৰ বাবে দায়ী দলিতসকলৰ তেজৰ নদী বোৱাই দিয়া হ’ল৷ বৰ্ণবাদী বাতৰি কাকত আৰু বুদ্ধিজীৱীৰ ক্ৰুদ্ধ অভিশাপ বৰ্ষিত হ’ব ধৰিলে ড° আম্বেদকাৰৰ মূৰৰ ওপৰত৷ অৱশেষত এখোজ আগুৱাই গৈও দুখোজ পিচুৱাই আহিব লগা হ’ল তেওঁ৷ পৃথক নিৰ্বাচনকমণ্ডলীৰ বিপৰীতে কেৱল মাত্ৰ সংবক্ষণৰ চৰ্ততে মান্তি হৈ তেওঁ চহী কৰিব লগা হ’ল পুনা চুক্তিত৷ সেয়ে ভাৰতবৰ্ষৰ বঞ্চিত কোটি কোটি মানুহে অশ্ৰুসজল নয়নেৰে সোঁৱৰে কেনেকৈ তেওঁলোকৰ এই প্ৰবাদ পুৰুষজনে বহুৰক্তৰ বিনিময়ত আৰ্জিত এই ৰক্ষাকবচ তেওঁলোকক দি গৈছিল৷ (দ্ৰষ্টব্যঃ W.N. Kuber : Ambedkar : A critical Study, Delhi, 1973)

অসমৰ ভীমৰাও আমাৰ ভীমবৰেও ভীমৰাওৰ দৰেই প্ৰথমতে পৃথক নিৰ্বাচনমণ্ডলীহে বিচাৰিছিল৷ ১৯৪১ চনত চাবুৱাত অনুষ্ঠিত মটক লীগৰ অধিবেশনত প্ৰদত্ত এক বক্তৃতাত তেওঁ কেছিল- ‘ আপোনালোকে জানে যে আহোম সন্মিলনে সুকীয়া নিৰ্বাচনৰ দাবী কৰিছে৷ তপছিলভূক্ত হিন্দুবিলাকেও ১৯৩৫ চনৰ ভাৰত শাসন আইন ৰচনাৰে সময়ত সুকীয়া নিৰ্বাচনৰ দাবী কৰিছিল৷ কিন্তু মহাত্মা গান্ধীয়ে অনশন ব্ৰত কৰি তেওঁলোকক যুটীয়া নিৰ্বাচনত আসন আছুতীয়াকৈ থোৱাৰ প্ৰথা গ্ৰহণ কৰিলে৷ আহোমবিলাকৰ আৰু আপোনালোকৰ সুকীয়া নিৰ্বাচনৰ দাবীত যে প্ৰৱল বাধা পৰিব, ই ধুৰূপ৷”

ভীমবৰ দেউৰীৰ আশংকা অমূলক নাছিল৷ ১৯৪৮ চনৰ ভীমবৰ বিশেষ সংখ্যা নায়কে মন্তব্য কৰিছিল যে ১৯৪৬ চনৰ ৮ জুলাইত ছিলঙত সৰ্বদলীয় নেতা সন্মিলন অনুষ্ঠিত হৈছিল, য’ত সুকীয়া নিৰ্বাচন এৰি যুটীয়া নিৰ্বাচন প্ৰথা মানিবলৈ উপস্থিত প্ৰতিনিধিসকলে অতি টান পাইছিল৷ কিন্তু আন পিনে দেশৰ যি পৰিস্থিতি, সুকীয়া নিৰ্বাচনৰ প্ৰতি বৰ্ণ হিন্দু নেতাসকলৰ যি ঘৃণা ভাৱ আৰু কংগ্ৰেছৰ যি মতামত তালৈ লক্ষ্য কৰি সেই সময়ত সুকীয়া নিৰ্বাচনৰ দাবীত কটকটীয়াকৈ ধৰি থাকি আন সকলোবোৰ হেৰুৱাবলৈ মান্তি হোৱাও অসম্ভৱ হৈ পৰিল৷

এনে প্ৰচণ্ড চাপৰ সমূখত সেও মানি এহাতেদি ভীমবৰ দেউৰী আদিৰ নেতৃত্বাধীন দলিতসকলে পৃথক নিৰ্বাচনকমণ্ডলীৰ দাবী পৰিত্যাগ কৰি সংৰক্ষণৰ দাবীতে সন্তুষ্ট থাকিব লগাত পৰিল৷ এই ক্ষেত্ৰত দলিতসকলৰ অভিজ্ঞতাৰ সাদৃশ্য মন কৰিবলগীয়া৷ মোহনদাস কৰমচাঁদ গান্ধী আৰু তেওঁৰ সতীৰ্থসকলৰ হেঁচা কৌশলৰ ওচৰত সেও মানি ড° আম্বেদকাৰে পৃথক নিৰ্বাচনকমণ্ডলীৰ দাবী ত্যজি সংবৰক্ষণতে সন্তুষ্ট থকাৰ খবৰ পাই সেনাপতিয়ে লিখিছিলঃ …..Separate electorate was the highest political privilege we could think of. I still consider that brother Ambedkar, Depressed leader the great, lost the strength of his nerve at the Critical moment of Mahatma’s life and yielded to the Poona pact on the most inauspicious day, the 24th September, 1932…. I actually shed tears on that evil day for us.’(Senapati’s statement on the Poona Pact, quoted from Cosmogony of caste and Social Mobility in Assam, Delhi, 1984, P.177)।

অভিজ্ঞতা যেতিয়া একে হয় সংগ্ৰাম যেতিয়া সদৃশ হয়, তেতিয়া তাৰ প্ৰতি ৰজাঘৰীয়া সঁহাৰিতো সাদৃশ্যত আচৰিত হ’ব লগা নাথাকে৷ ভীমবৰ দেউৰী তেওঁৰ স্পৰ্দ্ধাৰ বাবে জীৱনজুৰি অপমানিত আৰু আক্ৰান্ত হ’ব লগা হৈছিল৷ অসমীয়া শাসক শ্ৰেণীৰ তেতিয়াৰ এজন প্ৰধান নেতা, ৰায়বাহাদুৰ, বিধায়ক, মন্ত্ৰী, সাহিত্যিক, বুৰঞ্জীবিদ কনকলাল বৰুৱাই (জনজাতি) খেতিয়কৰ ঘৰৰ ল’ৰা হোৱাৰ অপৰাধতে ভীমবৰ দেউৰীক তেওঁৰ প্ৰাপ্য ই.এ.চি. পদটোৰ পৰা যেনেকৈ বঞ্চিত কৰিছিল, (দ্ৰষ্টব্যঃ সংহতিৰ বুনিয়াদ জননায়ক ভীমবৰ দেউৰী গ্ৰন্থত প্ৰথম খণ্ডত গুৱাহাটী ১৯৯৪ ভীমবৰ দেউৰীৰ ভীয়েক টংকেশ্বৰ দেউৰীৰ প্ৰৱন্ধ) ঠিক একেধৰণেই সোণাধৰ দাস সেনাপতিকো নিৰ্দয়ভাৱে লাঞ্চিত কৰিছিল (উৎসঃ নন্দেশ্বৰ বনিয়াৰ সোঁৱৰণ আৰু পদ্মশ্ৰী ইন্দিৰা মিৰিৰ সৈতে এই লেখকৰ সাক্ষাৎকাৰ, ২৫-০৭-১৯৯৮)৷

এই সঁহাৰি কনকলাল বৰুৱাৰ ব্যক্তিগত সঁহাৰি নাছিল, আছিল অসমীয়া শাসক শ্ৰেণীৰ শ্ৰেণীগত সঁহাৰি ৷ সেই কথাৰ প্ৰমাণ পোৱা যায় তেতিয়াৰ অসমীয়া বাতৰি কাকতসমূহৰ পৰা ৷ অসমীয়া, তৰুণ অসম, Assam Tribune, Hindustan Standard আদি কাকতসমূহে অহৰহ ধাৰাষাৰ অগণি বৰষিছিল ভীমবৰ দেউৰীসকলৰ বিৰুদ্ধে। (সংহতিৰ বুনিয়াদ জননায়ক ভীমবৰ দেউৰী, খণ্ড ১, পৃষ্ঠা ৫১)৷ উদাহৰণস্বৰূপে বিশিষ্ট অসমীয়া সাংবাদিক হৰেন্দ্ৰ নাথ বৰুৱাই ১৯৪০ চনৰ ১ জুন তাৰিখৰ ‘লাইন আৰু পমুৱা সমস্যা’ শীৰ্ষক সম্পাদকীয়ত অসমীয়া আৰু জনজাতি স্বাৰ্থৰ প্ৰতি বিশ্বাসঘাতক আৰু লাইন প্ৰথা বিৰোধী চাদুল্লা চৰকাৰৰ ফলীয়া বুলি আক্ৰমণ কৰিছিল৷ একেবছৰৰ ৬ জুলাইত প্ৰকাশিত আন এটা সম্পাদকীয় হৰেন্দ্ৰ নাথ বৰুৱাই ভীমবৰ দেউৰী আৰু তেওঁৰ সতীৰ্থ নেতৃত্বক অসম বিৰোধী আৰু তেওঁৰ সতীৰ্থ জনজাতীয় নেতৃত্বক অসম-বিৰোধী, লাইন-প্ৰথা বিৰোধী ষড়যন্ত্ৰকাৰী বুলি আখ্যা দিছিল৷ তেওঁলোকৰ কাম-কাজ অনাৰ্য, ক্ষতিকৰ আৰু সংকীৰ্ণমনা আখ্যা দিয়া হৈছিল৷ নক’লেও হয় যে অসমীয়া বৰ্ণহিন্দু শাসকশ্ৰেণীৰ মুখপত্ৰস্বৰূপ এই কাকতসমূহত প্ৰকাশিত এই অসহিষ্ণু উগ্ৰ জাতিদাম্ভিক অভিব্যক্তিয়ে যে অসমীয়া জাতিগঠন প্ৰক্ৰিয়াক গুৰুতৰ ভাৱে ক্ষতিগ্ৰস্ত কৰিলে, তাত সন্দেহৰ থল নাই৷ হৰেন্দ্ৰ নাথ বৰুৱাহঁতৰ এই জনজাতি বিৰোধী দৃষ্টিভংগী যে বিচ্ছিন্ন ঘটনা নাছিল, তাৰ পৰ্যাপ্ত প্ৰমাণ পোৱা যায় অসমীয়া কাকতৰ আৰু বহু সম্পাদকীয়ত৷ উদাহৰণ স্বৰূপে ১৯৪০ চনৰ ২৩ নৱেম্বৰ সংখ্যা অসমীয়াৰ ‘কংগ্ৰেছ আৰু আহোম সভা’, ১৯৪১ চনৰ ৫ এপ্ৰিল সংখ্যাৰ ‘অহা আহোম সভা সম্পৰ্কে’ আদি সম্পাদকীয়বোৰ বৰ্ণে-বৰ্ণে আহোম জনজাতি দলিত বিদ্বেষ স্পষ্ট।

ভীমবৰ দেউৰীৰ দৰে শ্ৰদ্ধেয় জনজাতি নেতাৰ বিৰুদ্ধে চলা এই বিদ্বেষপূৰ্ণ অপপ্ৰচাৰ আপত্তিকৰ আৰু জাতিগঠন প্ৰক্ৰিয়াৰ বাবে ক্ষতিকৰ৷ অথচ সেই প্ৰচাৰত সত্যৰ লেশমাত্ৰও যে নাছিল তাৰ প্ৰমাণ পোৱা যায় এই কথাতেই যে অসমীয়াৰ সেই বিদ্বেষপুৰ্ণ সম্পাদকীয়ৰ বিপৰীতে ১৯৪০ চনতেই অসম বিধান পৰিষদৰ বিতৰ্কত ভীমবৰ দেউৰীয়ে লাইন প্ৰথম সপক্ষে তথা বহিঃ প্ৰৱজনৰ বিৰুদ্ধে বক্তব্য আগবঢ়াইছিল(ALHD, 1940)। কিন্তু অসমীয়া বৰ্ণহিন্দু শাসকশ্ৰেণীৰ এনে জনজাতি বিৰোধী অপপ্ৰচাৰ কেৱল লাইন প্ৰথাৰ প্ৰসংগতে সীমাবদ্ধ নাছিল৷ ‘পৰাজয়ৰ বাবে পৰক দোষাৰোপ আৰু বিজয়ৰ বাবে নিজৰ কৃতিত্ব দাবী’ এয়াই আছিল বৰ্ণবাদীৰ চিৰাচৰিত স্বভাৱ৷ সেয়েহে গ্ৰুপিং আঁচনিৰ জৰিয়তে অসমক পাকিস্থানৰ লগত চামিল কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে আটাইতকৈ দৃঢ় ভূমিকা লোৱা ভীমবৰ দেউৰী তথা জনজাতীয় নেতৃবৃন্দৰ ভূমিকাক অসমৰ আধুনিক ইতিহাসৰ পৰা মচি পেলাবলৈকে বিচৰা হৈছে৷ অথচ গ্ৰুপিঙৰ প্ৰসংগ উঠিলেই আমি যোৱা আধাশতিকা জুৰি আমাৰ কৃতজ্ঞতা কেৱল গোপীনাথ বৰদলৈৰ প্ৰতি যাঁচি আহিছোঁ, ভুলতো আমি ভীমবৰ দেউৰীসকলৰ নাম লোৱা নাই৷ আজি অসম অসমীয়াৰ অস্তিত্ব লৈ যি সকলে প্ৰশ্ন তুলিছে, তেওঁলোকৰ উচিত প্ৰথমতে সেই মহাভূলৰ বাবে প্ৰায়শ্চিত্ত কৰা৷

কাৰণ গ্ৰুপিং আঁচনিৰ সময়ত অসমক পূব পাকিস্থানৰ লগত চামিল কৰিবলৈ কায়েদে আজম মহম্মদ আলি জিন্নাই দাবী কৰাৰ বিপৰীতে ট্ৰাইবেল লীগৰ নেতৃবৃন্দই পাকিস্তানত যোগ নিদিবলৈ দৃঢ় সিদ্ধান্ত লয়৷ এই সিদ্ধান্ত কথা দিল্লীৰ বৰলাট, কংগ্ৰেছ নেতা নেহৰু আৰু লীগ নেতা জিন্নাক জনাবৰ বাবে এটা প্ৰতিনিধি দল গঠন কৰা হ’ল৷ এই দলত পৰ্বতীয়া জিলাবোৰৰ জনজাতীয় নেতাসকলৰ সৈতে ভৈয়ামৰ ৰূপনাথ ব্ৰহ্ম, কাৰ্কচন্দ্ৰ দলে, খৰচিং তেৰাং, যাদৱ চন্দ্ৰ খাকলাৰী আৰু ভীমবৰ দেউৰী আছিল৷ এই সঁজাতি দলটোৰ প্ৰবল অভিমতে অসমৰ স্বকীয়তা বক্ষাৰ বিশেষ ভূমিকা লৈছিল৷ সেই কথা আজি শ্ৰদ্ধাৰ নোসোঁৱৰাৰ অৰ্থ হ’ব অকৃতজ্ঞতা, কৃতঘ্নতা৷

চৈয়দ চাদুল্লাৰ মন্ত্ৰীসভাত ১৯৩৯ চনতেই বন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰপাছত ভীমবৰ দেউৰীয়ে অসমৰ প্ৰাপ্য আদায় কৰাৰ আন এটা উল্লেখযোগ্য ঘটনা ঘটিছিল৷ তেওঁৰ মন্ত্ৰীত্বৰ সময়ছোৱাত, দ্বিতীয় বিশ্বযুদ্ধত অসমত মিত্ৰপক্ষৰ সৈনিকে কটা কাঠৰ চাৰিকোটি টকাৰ ক্ষতিপুৰণ তেওঁ ব্ৰিটিছ চৰকাৰৰ পৰা আদায় কৰিবলৈ সক্ষম হৈছিল৷ মন কৰিবলগীয়া যে গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱাভেলৰ লগত প্ৰধানমন্ত্ৰী গোপানাথ বৰদলৈৰ সমুখতে তৰ্ক কৰি দেউৰীয়ে এই ক্ষতিপুৰণৰ দাবী আদায় দিবলৈ বাধ্য কৰাইছিল৷ ই দেউৰীৰ ব্যক্তিত্বৰ জোৰ আৰু সৎসাহস তথা সবল নেতৃত্বৰ পৰিচয় দাঙি ধৰে৷

আচৰিত হ’ব লগা নাই যেতিয়া গোপানাথ বৰদলৈয়ে নিজেও স্বীকাৰ কৰেঃ ‘‘মোৰ মনেৰে ভীমবৰ দেউৰী আচলতে অসমৰে এজন জননেতা আছিল৷ জীৱিত অৱস্থাতে তেওঁৰ বহু সহকৰ্মী আৰু অনুসৰণকাৰী সকলে আৰু ঠিক তেনেকৈয়ে আনদলৰ তেওঁৰ প্ৰতিদ্বন্দ্বী বহুলোকে তেওঁক পূৰ্ণমাত্ৰাই সম্প্ৰাদায়িক বা ‘’চেকচনেৱল’ নেতা বুলি প্ৰতিপন্ন কৰিছিল বা এতিয়াও কৰি আছে৷ কিন্তু দেউৰীক মই যিদৰে জানিছিলো তাৰপৰা মই ইয়াক ডাঠিক’ব পাৰো যে তেওঁ ট্ৰাইবেল সকলৰ নেতৃত্ব কৰিলেও তেওঁ এজন সমস্ত অসমৰ নেতা আছিল৷”

দুখৰ কথা যে স্বয়ং গোপীনাথ বৰদলৈৰ এনে স্বীকাৰোক্তি সত্বেও বৰদলৈৰ উত্তৰাধিকাৰী অনুগামীসকলে ভীমবৰ দেউৰীসকল স্কীকৃতি দিবলৈ নিশিকিলে, ভীমবৰ দেউৰীক পৰিণত কৰা হ’ল কেৱল ‘চেকচনেল’ নেতাত ৷ পাহৰি যোৱা হ’ল যে তেওঁ এটা নিৰ্দিষ্ট ‘চেকচন’ বা অংশ মানুহৰ মাজৰ পৰা উঠি আহিলেও কালক্ৰমত ইমান বেছি ‘চেকচন’ক সামৰি ল’ব পাৰিছিল যে তেওঁ সমগ্ৰ অসমৰে নেতাত পৰিণত হৈছিল৷ ১৯৪৬ চনত কেতবোৰ বাস্তৱিক কাৰণত কিছু আপোচ কৰাৰ আগলৈকে ভীমবৰে ভাবিছিল অসমৰ কছাৰী, মিচিং দেউৰী, কোচ ৰাজবংশী, আহোম, চুতীয়া, ৰাভা, লালুং, মটক, মৰাণ, নাগা, মিজো, খাচী, গাৰো, খামতি, চিংফৌ এই সকলোবোৰ জাতি প্ৰকৃত অসমীয়া আৰু এই বিলাকজাতিয়ে তেওঁলোকৰ দৰে দুখীয়া পাছপৰা, অনুসূচিত জাতিৰ কৈৱৰ্ত, নাথ যোগী, হীৰা, হাৰী আদিৰ সৈতে আৰু বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, পৰিশ্চমবংগৰ পৰা অহা ঝাড়খণ্ডী আদিবাসী(তথাকথিত চাহ-জনগোষ্ঠী)সকলৰ সৈতে একত্ৰিত হৈ এটা ৰাজনৈতিক দল গঠন কৰি থিয় হ’ব নোৱাৰিলে অসমত চিৰদিন মাৰোৱাৰী আৰু স্বাৰ্থপৰ দলভূক্ত নেতাসকলে ৰাজপট খাই থাকিব।(সংহতিৰ বুনিয়াদ জননায়ক ভীমবৰ দেউৰী, খণ্ড ১, পৃষ্ঠা ৬৫)।

সেয়েহে তেওঁ উক্ত জনগোষ্ঠীসমূহৰ উপৰি মণিপুৰীসকলকো সামৰি Assam Tribes and Races Federation, Central Organisation of Assam Tribes গঠন কৰিলে৷ ভীমবৰ এই সকলোটিৰে আহ্বায়ক৷ খাচী পাহাৰৰ বিধায়ক ৰেভাৰেণ্ড গ্ৰেটফ’ সভাপতি, শ্বিলঙৰ মেকডনেল্ড কোঙাৰ সম্পাদকে৷ শ্বিলঙত গঠিত উক্ত দ্বিতীয় অনুষ্ঠানটিৰ অধিবেশনত প্ৰস্তাৱ লোৱা হয় যে ব্ৰিটিছ অহাৰ আগতে অসম ভাৰতৰ ভিতৰুৱা নাছিল৷ এতেকে ভৱিষ্যতত অসমক ভাৰতৰ পৰা পৃথক কৰি এখন সাৰ্বভৌম দেশত পৰিণত কৰিব লাগে৷ কেইবাদশকৰ পাছত উত্থাপিত আলফাৰ সাৰ্বভৌমত্বৰ দাবীৰ লগত ভীমবৰ দেউৰীসকলৰ সাৰ্বভৌমত্বৰ দাবীৰ পাৰ্থক্য ইয়াতেই যে যি ক্ষেত্ৰত আলফাৰ দাবীটো গণবিচ্ছিন্ন আৰু বৰ্ণহিন্দু শাসকশ্ৰেণীৰ একাংশৰ দ্বাৰা অনুপ্ৰাণিত আছিল, সেইক্ষেত্ৰত ভীমবৰ দেউৰীসকলৰ দাবীটোৰ আছিল এক ঐতিহাসিক প্ৰেক্ষাপট তথা ব্যাপকতৰ গণভিত্তি৷ লক্ষণীয়ভাৱে শিশিৰ বোস-আবুল হাশেমসকলৰ নেতৃত্বত এনে সময়তে বংগতো সাৰ্বভৌম বংগৰ আন্দোলনে গা কৰি উঠিছিল, য’ত কোৱা হৈছিল ‘Undivided Bengal will be a state of independent India.’ দেখা যায় এক অত্যন্ত আধুনিক সংঘীয় আৰ্হিৰ প্ৰস্তাৱকে ভীমবৰ দেউৰীসকলে সিদিনা দাঙি ধৰিছিল, যাৰ অনুৰণণ আমি আজি শুনিবলৈ পাওঁ ফেডাৰেল ফ্ৰন্টৰ এই প্ৰস্তাৱত ‘India will be a voluntary union of sovereign stats, where the states may delegate some power to the centre. সেয়েহে কৈছো সাম্প্ৰতিক কালতো ভীমবৰ দেউৰীৰ চিন্তা খুবেই প্ৰাসংগিক ৷ ফেডাৰেল- কনফেডাৰেল আৰ্হিত প্ৰতিবেশী শ্ৰীলংকাৰ জটিল জাতীয় সমস্যাৰ মীমাংসাৰ ৰেঙণি দিগন্তত প্ৰতিভাত হোৱাৰ লগে লগে ভাৰততো সাৰ্বভৌম ৰাজ্যসমূহৰ স্বেচ্ছামূলক সন্মিলনৰূপে দেশখনৰ পুনৰগঠনৰ দাবী জোৰদাৰ হৈ উঠাৰ সম্ভাৱনা প্ৰবল৷

আজি অসমত জনজাতি হিচাপে অনুসূচীকৰণৰ প্ৰশ্নটো লৈ এহাতে জনজাতিসকল আৰু আনহাতে ছয়-জনগোষ্ঠী তথা অন্যান্য সম্প্ৰদায়ৰ সংঘাতৰ আশংকা মূৰ্ত হৈ উঠিছে৷ সেই সংঘাতৰ আশংকাৰ ডাবৰ আকাশত ঘনায়মান হৈ অহাৰ বিপৰীতে ভীমবৰ দেউৰীৰ চিন্তাৰ মাজতে আমি আশাৰ বিজুলী চমকা দেখা পাওঁ৷ অসমৰ অনুঃজাতি জনজাতি, অন্যান্য পাছপৰা শ্ৰেণী (কোচৰাজবংশী ঝাড়খণ্ডী আদিবাসী আৰু মৰাণ মটকসকলকে সামৰি) আদি সমস্ত দলিত নিপীড়িতৰ আৰ্থ সামাজিক মুক্তি বাবে ভীমবৰ দেউৰীয়ে দেখুওৱা উদাৰণৰ ধাৰাবাহিকতা আৰু প্ৰাসংগিকতা এইতয়াও অক্ষুন্ন আছে৷ সেয়েহে শিলঙত গঠিত উক্ত দুই সংগঠনৰ পাছতে ১৯৪৬-৪৭ চনত একেই উদ্দেশ্যক সাৰোগত কৰি সৰ্বদল (All Peoples’ Party) গঠিত হয়৷ অসমৰ ঝাড়খণ্ডী আদিবাসী সকলৰ নেতা প্ৰফেচৰ প্ৰভূদান মেইৰিক চৰোৱান আৰু বিনোদ কুমাৰ জে. চাৰোৱান ভাতৃদ্বয়, গাৰো নেতা মুদী মাৰা, মুনীন মাৰকৰে মিলি ভীমবৰ দেউৰীৰ সহযোগতে গঠিত হয় ইণ্ডিপেণ্ডন্স পাৰ্টি৷ উল্লেখযোগ্য যে ট্ৰাইবেল লীগৰ সকলো সভা সমিতিলৈ (এই সংগঠনৰ দেউৰী সাদাৰণ সম্পাদক আছিল) দেউৰীয়ে আহোম সভা, মটক লীগ আদিৰ নেতৃবৃন্দক নিয়মিত নিমন্ত্ৰণ কৰিছিল৷ দেউৰীৰ মৃত্যুৰ চাৰিদশকৰ পাছতো তেওঁৰ চিন্তাধাৰাৰ ভিত্তিতে অসমৰ দলিত নিপীড়িতসকলৰ ঐক্যবদ্ধ সংৰক্ষণ আন্দোলনৰ সুত্ৰপাত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত৷

দেউৰীৰ চিন্তাধাৰাৰ প্ৰাসংগিকতা প্ৰমাণ হৈছে আন এক প্ৰসংগৰ জৰিয়তে৷ সেয়া হ’ল অনুসূচীকৰণ তথা সংৰক্ষণৰ প্ৰসংগ৷ দেউৰীয়ে দাবী কৰিছিল যে বিধান সভাৰ মুঠ আসনৰ ২০ শতাংশ সাধাৰণ প্ৰতিযোগিতাৰ বাবে বাকী ৮০ শতাংশ সকলোবোৰ সম্প্ৰদায়ৰ মাজত জনসংখ্যা অনুপাতে ভাগ কৰি দিয়া হওক, জনসংখ্যা অনুপাতে চাকৰিৰ ব্যৱস্থা কৰা হওক আৰু ভূমিহীন জনজাতিক ভূমি দিয়া হওক৷ আমাৰ দৃঢ় বিশ্বাস যে আজিৰ গোষ্ঠীদ্বন্দ্বত বিদীৰ্ণ অসমত জনগোষ্ঠীগত সমস্যা শান্তিপুৰ্ণ তথা গণতান্ত্ৰিক সমাধানৰ বাবে এই সমাধান সুত্ৰই এক সঁচাৰ কঠিৰ কাম কৰিব পাৰে৷ কোচ ৰাজবংশী সকলৰ বাবে পৃথক সংৰক্ষণৰ ক’টাৰ ব্যৱস্থা এই পৰামৰ্শৰ আধাৰতে কৰিব পাৰি আৰু তাৰ জৰিয়তে জনজাতি ছয়-জনগোষ্ঠীৰ সংঘাতৰো অৱসান ঘটাব পাৰি ৷ এইখিনিতে স্মৰণযোগ্য যে দেউৰীয়ে পাহাৰৰ জনজাতি ভৈয়ামৰ জনাজতি আৰু বাগিছাৰ জনজাতি(অৰ্থাৎ দৰিদ্ৰ-দলিত ঝাড়খণ্ডী আদিবাসী)সকলৰ ঐক্যৰ পোষকতা কৰিছিল।তেওঁ মৰাণ-মটক চুতীয়া ঝাড়খণ্ডী আদিৰ অনুসূচীকৰণৰ প্ৰতিও সক্ৰিয় সমৰ্থন আগবঢ়াইছিল।

এনেকৈয়ে ‘চেকচনেল’ নেতা ভীমবৰ ভীমবৰ দেউৰী, কেৱল দেউৰী জনজাতিৰ নেতা, ভীমবৰ দেউৰী ক্ৰমে ক্ৰমে পৰিণত হৈছিল সমগ্ৰ জনজাতিৰ নেতা, সমস্ত দলিত নিষ্পেষিতৰ নেতাত আৰু শেষত সদৌ অসমৰ মুখপাত্ৰত৷ সেয়েহে তেখেতৰ জন্ম শতবাৰ্ষিকীৰ এই পৱিত্ৰ মুহূৰ্তত আমি সদৌটিলৈকে বিনম্ৰ নিবেদন জনাওঁ সৰ্বভাৰতীয় বনিয়া, বিশেষকৈ মাৰোৱাৰী মহাজনৰ বজ্ৰলেপ-শোষণৰ পৰা অসমৰ হোজা, খেতিয়ক ৰাইজক মুক্ত কৰাৰ ব্ৰতত ব্ৰতী ভীমবৰক সোঁৱৰো আহক৷ সৰ্বজনীন সভাৰ দৰে অসমীয়া মধ্যবিত্ত অনুষ্ঠান , দক্ষিণপাট সত্ৰাধিকাৰৰ দৰে ধৰ্মাধিপতিয়ে কানিৰ পোষকতা কৰাৰ সময়ত কানি বৰবিহৰ বিৰুদ্ধে যুঁজৰ আহ্বান দিয়া ভীমবৰক সোঁৱৰো আহক৷ কটন কলেজৰ ছাত্ৰাবাসত প্ৰচলিত ঘৃণ্য অস্পৃশ্যতাক কবৰ দিওঁতা বীমবৰক সোঁৱৰো আহক৷ কাৰণ এইজন ভীমবৰ থিয় হৈছিল অজ্ঞানতাৰ বিপক্ষে, গণ সাক্ষৰতাৰ সপক্ষে৷ অধিক খাজনা ভৰিও আখৰ শিকাৰ পক্ষত আছিল তেওঁ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ফুল্য প্ৰতিথোপা কৃষচূড়াৰ ৰঙা ফুলৰ মাজতো তাৰ প্ৰতিচপৰা ৰঙা ইটাৰ মাজতো তাৰ যক্ষ্মা ৰোগাক্ৰান্ত ভীমবৰৰ তেজৰ চেকুৰা মিহলি হৈ আছে৷

শত বাৰ্ষিকীত ভীমবৰ দেউৰীলৈ শ্ৰদ্ধা নিবেদন এই বাবেও প্ৰয়োজন, যিহেতু তাৰ দ্বাৰা আমি অসমীয়া বৰ্ণহিন্দু শাসকশ্ৰেণী বাতৰি কাকত আদিৰ বিগত দিনৰ জনজাতি দলিত বিদ্বেষৰো কিঞ্চিৎ পৰিমাণে পাপপ্ৰক্ষালন কৰিব পাৰোঁ আৰু এক গণতান্ত্ৰিক উদাৰ প্ৰগতিশীল জাতি গঠনৰ পথত অগ্ৰসৰ হ’ব পাৰো৷ একৈশ শতিকাৰ উপযোগী সেই বৃহত্তৰ আৰু মহত্তৰ জাতিৰ জাতীয় পতাকাত আন বহুতৰে সৈতে ভীমবৰ দেউৰী নামটোও সোণালী আখৰেৰে খোদিত হৈ থাকিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *