চ’ৰাঘৰ / কথাশিল্প / আৱহ আৱাহন, হে জীৱন! ( গীতালি বৰা )

আৱহ আৱাহন, হে জীৱন! ( গীতালি বৰা )

শেষবাৰৰ বাবে যমুনাই যেতিয়া তাইৰ মৃত সন্তানটিক স্পৰ্শ কৰিছিল, তাই জনা নাছিল তাইৰ ভিতৰত কোনটো বোধ প্ৰবল আছিল– নিজৰ তেজ-মঙহেৰে গঢ়া এক ক্ষুদ্ৰ শৰীৰক স্পৰ্শ কৰাৰ আনন্দ নে সেই শৰীৰ প্ৰাণহীন হোৱাৰ বিষাদ! পাছত যেতিয়া তাই সেই মুহূৰ্তটোৰ কথা ভাবিছিল, তাইৰ মনত পৰিছিল মুংখৰ সেই বিখ্যাত পেইণ্টিংখনলৈ, য’ত আকাশ-পৃথিৱীৰ সমস্ত শুহি লৈ প্ৰগাঢ়, উজ্জ্বল হৈ উঠিছে এটি চিঞৰ।

যমুনাই নিজকে মৃত বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। এটি তেজ-মঙহ-উশাহৰ জীৱন্ত শিশুক গঢ় দিব নোৱৰা নিজৰ শৰীৰটোক তাই ঘিণ কৰিবলৈ আৰম্ভ কৰিছিল।
বোধ-অবোধৰ সীমাৰেখাডাল ক’ৰবাত হেৰাই যোৱাৰ পৰত ছয়াময়া ভাব কিছুমানে তাইৰ মনত খেলা কৰিছিল। তাই ভাবি লৈছিল তাইৰ প্ৰিয় পাহাৰবোৰৰ কাষতে তাই আৰু কেতিয়াও থিয় নহ’ব। নদীৰ সেই উদং খাঁজতহে তাই ভৰি থ’ব জলস্ৰোতে যাক এৰি আন কোনো বাটেৰে ঢাপলি মেলিছে। কিজানি… কিজানি… কোনো বীজ অংকুৰিত নোহোৱা এক অৰণ্যকহে তাই ভাল পাব পাৰিব য’ত আছে কেৱল ফুলহীন বৃদ্ধ বৃক্ষবোৰ, মৃত্যুৰ ক্ষণ গণি গণি।
যমুনাই বাসন্তীকো ভাল পাব পৰা নাছিল। কাৰণ ক্ষীণ-মীণ-ক’লী কাম কৰা মানুহজনীয়ে পুৱাৰ পৰা গধূলিলৈকে খিটখিটাই হাঁহি থাকিছিল।
মাত্ৰ পোন্ধৰ দিন হৈছে বাসন্তী যমুনাহঁতৰ ঘৰত কাম কৰিবলৈ অহা,  দিনটো থাকি গধূলি পৰত যায়গৈ। এই পোন্ধৰ দিনতে বাসন্তীয়ে যমুনাৰ কোঠাটো ধূলি-মকৰাজাল গুচাই চিকচিকীয়া কৰি পেলালে। পৰ্দা-বিছনা চাদৰৰ পৰা বহু দিনৰ মূৰত নতুনকৈ ধোৱা কাপোৰৰ ফুৰফুৰীয়া গোন্ধ ওলাল।

যমুনাই কিজানি ভাবি লৈছিল বিশৃংখল কোঠাটোৰ ধূলি আৰু মকৰাজালবোৰ তাইৰ বেদনা আৰু অক্ষমতাৰ সংগী– এইবোৰেই দেগদেগীয়া ঘা এডোখৰৰ দৰে জীয়ন দি ৰাখিব পাৰিব তাই প্ৰথম আৰু শেষবাৰৰ বাবে নিজৰ সন্তানক স্পৰ্শ কৰাৰ ভয়ংকৰ অব্যাখ্যেয় মুহূৰ্তটোক। সেই স্মৃতিৰ ভাৰ বৈ বৈয়েই তাই নিঃশেষ হৈ যোৱাৰ কথা ভাবিছিল।

বাসন্তীয়ে এদিন যমুনাৰ কোঠাৰ গাঢ় নীলা পৰ্দাবোৰ কোচাই দিলে। ৰ’দৰ টুকুৰাবোৰ খিৰিকীৰ গ্ৰীলৰ ফাঁকেৰে ফুটফুটীয়া পখিলাৰ দৰে উৰি আহি যমুনাৰ গালে-মুখে পৰিলহি। যমুনাই তেতিয়ালৈ আন সকলো সুন্দৰ বস্তুৰ দৰে ফুল আৰু পখিলাকো ঘিণ কৰিবলৈ আৰম্ভ কৰিছিল। তাই বাসন্তীৰ গালত ঠাচকৈ চৰ শোধাই দিলে।

০ ০ ০ ০ ০ ০ ০

বন-বাৰী সামৰি সৰু চহৰখনৰ ঘাই ৰাস্তা এৰি ঠেক বাট এটাৰে খৰধৰকৈ বাট বুলিছিল ঘুটমুটীয়া মানুহজনীয়ে। ঠেক বাটটো কেঁকুৰি এটা পাৰ হৈয়ে সৰু পাহাৰ এটাৰ ওপৰলৈ উঠি গৈছে। এইখিনিতে ওখ ওখ চেগুন গছৰ লানি। বাঁওফালে সীমনা নেদেখা এখন পথাৰ। ঠাইখিনি নিজান।
এইখিনিতে মানুহজনীৰ আলি-মুলি লাগে।
দূৰৈৰ গাঁৱৰ পৰা ডবা-কাঁহৰ শব্দ ভাঁহি আহিছিল। জিলী আৰু উঁইচিৰিঙাৰ মাতবোৰ অলৌকিক স্বৰৰ দৰে শূন্যত ওপঙিছিল। জোনাকী পৰুৱাৰ জাক এটাই মানুহজনীক বাট ভেটি ধৰিছিল।
মানুহজনী পথাৰলৈ নামি গ’ল আৰু পথৰুৱা ওখোৰা-মোখোৰা আলি এটাৰে খৰ খোজেৰে আগ বাঢ়িল। অলপ দূৰত পথাৰৰ বুকুতে এটি টিলা। টিলাৰ ওপৰত এজোপা বগৰী গছ শুক্লপক্ষৰ জোনাকত জিলিকি উঠিল, তলতে এটি সৰু ঢিপ।
মানুহজনী ঢিপটোৰ কাষত ফোপাই-যোপাই বহি পৰিল।
ঢিপটোৰ ওপৰত কেইডালমান বন গজিছিল, এডাল অচিন লতাই বুকুৰ কেঁচুৱাৰ দৰে ঢিপটোক মেৰিয়াই ল’ব খুজিছিল। মানুহজনীয়ে আক্ৰোশেৰে বনকেইডাল উভালি পেলালে। চিঙি-মোহাৰি দূৰলৈ দলিয়াই দিলে অচিন লতাডাল।
গভীৰ মমতাৰে মানুহজনীয়ে এইবাৰ ঢিপটোৰ ওপৰত হাত বুলালে আৰু বিৰবিৰাই ক’লে; ‘মই আহিছোঁ সোণ, ভয় নকৰিবি। শুই থাক।’

অলপ আগতে মাত্ৰ আকাশ ফুটি ওলোৱা তৰাবোৰে ট টকৈ দৃশ্যটো চাই থাকিল…
বহু সময়ৰ পাছত এজন বুঢ়া মানুহ থৰক-বৰক খোজেৰে পথৰুৱা আলিৰে আহি টিলাটোৰ ওপৰলৈ উঠি গ’ল আৰু মানুহজনীৰ মূৰত হাত থৈ ক’লে, ‘ব’ল বাসন্তী__ ঘৰলৈ ব’ল। বহু ৰাতি হ’ল।’
বুঢ়া শহুৰেকৰ কাষে কাষে টিলাটোৰ পৰা নামি পথৰুৱা আলি এৰি বাসন্তী পাহাৰীয়া বাটটোত উঠিলহি।
হয়। এতিয়া ঘৰলৈ গৈ তাই উপাৰ্জনহীন মদাহী গিৰীয়েক আৰু বুঢ়া শহুৰেকৰ বাবে খোৱাৰ যোগাৰ কৰিবগৈ লাগিব।
এই দুজন মানুহৰ যে তায়েই ভৰসা!

০ ০ ০ ০ ০ ০ ০

সেইদিনা ৰাতি যমুনাক গিৰীয়েকে কৈছিল বাসন্তীৰ নমহীয়া ল’ৰাটো ঢুকোৱাৰ পাঁচমাহো পূৰ হোৱা নাই, যমুনাই মৃত সন্তানটি প্ৰসৱ কৰাৰো পাছতহে বাসন্তীৰ কোলা উদং হৈছে।
দুদিন বাসন্তী কামলৈ অহা নাছিল। গিৰীয়েক খবৰ কৰি আহি যমুনাক কৈছিল, বাসন্তীৰ জ্বৰ– কেইদিনমানৰ পাছৰ পৰাহে তাই কামলৈ আহিব পাৰিব।

০ ০ ০ ০ ০ ০ ০

পুৱা শুই উঠিয়েই যমুনাই মনতে আওৰালে– ‘আজি বাসন্তী আহিব’,  আৰু তাই কোঠাৰ ডাঠ পৰ্দাবোৰ গুচাই পেলালে।
বহুদিনৰ পাছত তাই খিৰিকীৰে বাহিৰলৈ চালে, আকাশ মেঘাচ্ছন্ন। ৰ’দ নাই। প্ৰথম শৰতৰ পাতল কুঁৱলীসনা সেমেকা বতাহ এছাটিহে কোঠালৈ সোমাই আহিল।
‘কোনো কথা নাই।’ যমুনাই নিজকে নিজে ক’লে৷
‘মেঘবোৰ আঁতৰি যাবই, ৰ’দ ওলাব। পিছবেলালৈ… কাইলৈ… পৰহিলৈ… অথবা তাৰ পাছৰ কোনোবা এদিন।’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে