চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কাড়ৱা চৌথৰ অসম আগমন ( ড০ বৰ্ণালী বৰুৱা দাস )

কাড়ৱা চৌথৰ অসম আগমন ( ড০ বৰ্ণালী বৰুৱা দাস )

“ওঁ মম ব্ৰতে তে হৃদয়ং দধাতু, মম চিত্তননু চিত্তং তেহস্তু”— মোৰ সেৱাত তোমাৰ হৃদয় দান কৰা, তোমাৰ চিত্তই মোৰ চিত্তক অনুসৰণ কৰক‌। এই মন্ত্ৰেৰে দীক্ষিত কৰাই বিয়া কৰি অনা নাৰীগৰাকীৰ পৰা সমাজে নি:চৰ্ত আনুগত্যই বিচাৰে‌। এই নি:চৰ্ত আনুগত্যক শাস্ত্ৰইও সমৰ্থন কৰে। সেয়েহে সকলো বৃহৎ প্ৰাতিষ্ঠানিক ধৰ্মৰে ধৰ্মগ্ৰন্থসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাবে গৃহিনীক নিজ সুখভোগৰ পৰা বিৰত থাকি প্ৰতিনিয়ত সংসাৰৰ সুখশান্তি আৰু শ্ৰীবৃদ্ধিৰ কামতেই ব্যস্ত থকাৰ নিৰ্দেশ দিছে‌ । আজিৰ আলোচ্য প্ৰসংগৰ স্বাৰ্থত অন্যান্য ধৰ্ম শাস্ত্ৰৰ ব্যখ্যালৈ নগৈ প্ৰত্যক্ষভাবে ইয়াৰ লগত জড়িত হিন্দু ধৰ্মৰ প্ৰেক্ষাপটৰ মাধ্যমতেই বিচাৰ কৰি চাওঁ‌ আহক।

এই কথা প্ৰণিধানযোগ্য যে ব্যক্তিগত সম্পত্তিৰ উদ্ভব আৰু বিকাশৰ সমাজ বিবৰ্তনীয় স্তৰটোতেই সেই সম্পত্তিৰ বিশুদ্ধ উত্তৰাধিকাৰী লাভৰ স্বাৰ্থত নাৰী পুৰুষৰ ব্যক্তিগত সম্পত্তিলৈ পৰ্যবশিত হৈছিল আৰু নাৰীৰ এই ঐতিহাসিক পৰাজয় আধুনিকতাৰ এই শীৰ্ষতম পৰ্যায়তো বৰ্তি আছে‌। অৱশ্যে নাৰীৰ এই বন্ধনৰ শৃংখল সকলো স্থান আৰু কালতে সমান দৃঢ় নাছিল‌। জনজাতীয় ব্যৱস্থা বৰ্তি থকা স্থান আৰু নাৰীৰ হাতলৈকো অৰ্থনৈতিক ক্ষমতা অহাৰ কালত এই শৃংখল কিছু শিথিল হ’বলৈ বাধ্য হয়‌। প্ৰাচীন ভাৰততো এটা সময়কালত নাৰীৰ সামাজিক মৰ্যদা কিছু পৰিমানে সহনীয় আছিল যদিও মধ্যযুগৰ সময়চোৱাত বিভিন্ন কাৰণত সি আগতকৈ বহু পৰিমানে অবনমিত হয়। উপৰ্যুপৰি হোৱা কেতবোৰ বহি: আক্ৰমণৰ লগতে আন আন কাৰকবোৰৰ কথা এই আলোচনাৰ প্ৰসংগৰ বাহিৰত‌। কিন্তু এই কথা সজোৰে ক’ব পাৰি যে সেই সময়তে ব্ৰাহ্মণ্যধৰ্মলৈ আহি পৰা সংকটৰ প্ৰত্যক্ষ প্ৰভাব নাৰীৰ ওপৰতো পৰিছিল। পুৰুষৰ ব্যক্তিগত সম্পত্তি, নাৰীক ঘৰৰ চাৰিবেৰৰ ভিতৰত আবদ্ধ কৰাৰ প্ৰয়োজন এনেকৈয়ে আগতকৈও বৃদ্ধি পাইছিল। এই স্তৰতেই নাৰীৰ বাবে নিৰ্দ্ধাৰিত হৈছিল কিছুমান নিম্নস্তৰৰ পূজা, ব্ৰত-উপবাস আদি‌। প্ৰায় প্ৰতিটো তিথি, বাৰ, নক্ষত্ৰ, দিন আৰু মাহত বিবিধ পূজা আৰু ব্ৰতৰ বিধান সেই সময়ৰ পুৰাণবোৰত বিধিবদ্ধ কৰা হয়। উদাহৰণ স্বৰূপে অগ্নিপুৰাণত কোৱা হৈছে : স্ত্ৰীয়ে দেবতাৰ আৰাধনাত ব্যস্ত থাকিব, লক্ষ্মী পূজা কৰিব, কাতি মাহৰ দ্বাদশীত বিষ্ণু পূজা কৰিব‌। সতী-সাবিত্ৰী সত্যাচাৰ ব্ৰতৰ যোগেৰে স্বামীক সুৰক্ষিত কৰিব‌। আঘোণ মাহৰ শুক্লপক্ষৰ সপ্তমী তিথিত সূৰ্যৰ অৰ্চনা কৰিলে নাৰীৰ স্বামী-পুত্ৰ লাভ হ’ব‌।”(কল্যণী বন্দ্যোপাধ্যায়, ধৰ্ম ও নাৰী, ১১৪)‌। ইফালে আকৌ স্বামীৰ অনুমতি অবিহনে এই ব্ৰত-উপবাসবোৰ কৰাৰ অধিকাৰো নাৰীৰ হাতত নাছিল। মনুৱে স্পষ্ট নিৰ্দেশ দি থৈছে – নাৰীৰ স্বামী বিনে পৃথক যজ্ঞ নাই, স্বামীৰ অনুমতি বিনে ব্ৰত উপবাসো নাই, কেবল পতিসেৱাৰ দ্বাৰাই নাৰীয়ে স্বৰ্গ গমন কৰিব পাৰে (মনু: ৯‌। ১৫৫, ১৫৬)‌। যি নহওক, পতিৰ সুৰক্ষাৰ স্বাৰ্থতে পালিত ব্ৰত উপবাসবোৰৰ এটা হ’ল কাড়ৱা ছৌথ। কাতি মাহৰ কৃষ্ণা চতুৰ্থীৰ দিনা ইয়াক পালন কৰা হয়‌।

দিনটো উপবাসত থাকি, জাক-জমকীয়া সাঁজ পিন্ধি, হাতত মেহেন্দীৰে চিত্ৰায়িত হাতেৰে চালনী এখনেৰ মাজেৰে জোনলৈ চাই তাৰপাছত নিজৰ পতিলৈ চাই ব্ৰত ভঙা এই অনুষ্ঠানটো আমি কিছুমান হিন্দী চিনেমাত দেখিছিলো‌। অৱশ্যে সেই সময়ত সেইবোৰ আন ঠাইৰ অনুষ্ঠান বুলিয়েই চোৱা হৈছিল‌। সেইবোৰ যে নিজেও কৰিব লাগিব, তেনে ধাৰণা ভুলতো কাৰো মনলৈ অহা নাছিল‌। বিভিন্ন জনজাতীয় সংস্কৃতিৰ সংমিশ্ৰণেৰে গঢ়ি উঠা অসমৰ সমাজ জীৱনত ব্ৰাহ্মণ্যবাদে জাপি দিয়া এনেকুৱা কিছুমান পৰম্পৰাই গা কৰি উঠিব পৰা নাছিল‌। পিছে আজিকালি সেই পাৰ্বনবোৰ বৰ জাক জমকীয়া কৈ হিন্দী চিৰিয়েলত দেখাৰ পৰা এক নতুন ফেশ্বনে অসমৰ নাৰীৰ মাজতো গা কৰাৰ উপক্ৰম হৈছে‌। নব্য উদাৰ সাংস্কৃতিক কাৰ্যসূচীৰ সফলতাৰ ইও এক নমুনা‌। শেহতীয়াকৈ এক জাতি, এক ভাষা, এক সংস্কৃতি বা অন্যাৰ্থত ‘হিন্দী, হিন্দু, হিন্দুত্ব’ৰ ৰাজকীয় পৃষ্ঠপোষকতাত এনে এক তথাকথিত উদাৰবাদী সংস্কৃতিৰ ডাল-পাত-শিপা মেলিবলৈ অধিক সুচল পৰিবেশ গঢ়ি উঠিছে‌।

হিন্দুধৰ্মই নাৰীৰ বাবে ধাৰ্য কৰা কিছুমান অমানবীয় পৰম্পৰা ৰক্ষণাবেক্ষণত পুৰুষতান্ত্ৰিক সমাজ সদায়েই আগৰণুৱা‌। এসময়ত সতীদাহৰ দৰে অমানবীয় পৰম্পৰাক ৰক্ষণাবেক্ষণ দিয়া লোকৰো অভাব নাছিল‌। এফালৰ পৰা চাবলৈ গ’লে কাড়ৱা চৌথৰ দৰে পৰম্পৰাৰো এনে অমানবীয় ৰীতিৰ স’তে বহুখিনি সাদৃশ্য আছে‌। বা মুলত: দুয়োটা পৰম্পৰাই একেটা উৎসৰ পৰাই আহৰিত‌। পুৰুষতান্ত্ৰিক হিন্দু ধৰ্মীয় পৰম্পৰাত বিধবাৰ দুৰ্বিসহ জীৱনৰ কথা কাৰো অবিদিত নহয়‌। বৈধব্যক আকোৱালি লৈ ধৰ্ম নিৰ্দেশিত তিল তিল মৃত্যুৰ যন্ত্ৰণাতকৈ নাৰীগৰাকীৰ বাবে সহমৰণেই আছিল বহু বহু গুণে শ্ৰেয়‌। একেদৰেই কাড়ৱা চৌথৰ এদিনৰ ভোক-লঘোণত যদি সেই অমানবীয় বৈধব্যক প্ৰতিহত কৰিব পৰাৰ কিবা আশা থাকেই, এইখন সমাজত তাক আদৰি ল’বলৈ স্ব-ইচ্ছাই আগবাঢ়ি অহা নাৰী নাথাকিব নো কিয়? এদিনৰ বাবে সুন্দৰকৈ সাজোন-কাচোন কৰাৰ সুযোগটোও আছেই‌। সতীদাহৰ ক্ষেত্ৰতো বহু ‘সতী’য়ে স্ব-ইচ্ছাৰেই ইয়াক বৰণ কৰিছিল‌। সেই দিনটোত ন-কইনাৰ দৰে গহণা-গাঠৰিৰে পৰিবৃত হৈ সুন্দৰকৈ সাঁজি কাচি, এদিনৰ বাবে হ’লেও সকলোৰে পৰা পোৱা সন্মান ইত্যাদিবোৰো আছেই‌। আকৌ চিতাত উঠাৰ আগতে সতীয়ে বিলাই দিয়া আখৈ ল’বলৈ হেতা-ওপৰা লগোৱা দৰ্শক, সতীৰ বিননি নুশুনিবলৈ উচ্চস্বৰে বজোৱা শংখ-ঘন্টাৰ ৰোল, সতীৰ মৃত্যুৰ পাছত ছাইৰ মাজৰ পৰা সতীৰ গহণা উদ্ধাৰ কৰিবলৈ উথপ-থপ লগোৱা পুৰোহিত-বৰ্গৰ আচৰণ চাই আহ্লাদিত হোৱা দৰ্শক, এই সকলোবোৰেৰে সতীদাহো এটা যথেষ্ট জাক-জমকীয়া উৎসবেই আছিল‌। কোনে জানে আইনী বাধা নথকাহেতেন টি ভি চিৰিয়েলত এনে জাক-জমকীয়া অনুষ্ঠান চাই কোনোবাই হয়তো সতীদাহকো আদৰণি জনালেইহেতেন! তাতে হিন্দুত্ববাদী পৰম্পৰাৰ পুনৰোত্থানৰ বাবে সময়ো এতিয়া সুচল‌। এই অৱস্থাত আকৌ কোনোবা ৰূপ কানোৱাৰৰ আবিৰ্ভাব যে নহ’ব কোনে ক’ব পাৰে?

এইখিনিতে এটা কথা মন কৰা দৰকাৰ যে সংস্কৃতি এটা আবদ্ধ কুঁৱা নহয়‌। এখন বোঁৱতী নদীহে‌। গতিকে সি সদায় যে একে ৰূপতে বৰ্তি থাকিব তেনেদৰে চিন্তা কৰাটো ৰক্ষণশীলতাৰহে পৰিচায়ক‌। নতুন নতুন সাংস্কৃতিক পৰম্পৰাৰ লগত চিনাকি হৈ হাতে হাত ধৰি কেতিয়াবা সমাজৰ অগোচৰেই এক নতুন সংস্কৃতি গঢ় লৈ উঠে‌। এই প্ৰক্ৰিয়া স্বত:স্ফূৰ্তভাবেই সংঘটিত হয়‌। কিন্তু সেই প্ৰক্ৰিয়া যেতিয়া স্বত:স্ফূৰ্ত নহৈ ভোগবাদী প্ৰলোভনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, বা কাৰোবাৰ ৰাজনৈতিক কাৰ্যসূচীৰ দ্বাৰা আৰোপিত হয়, সি সংস্কৃতিৰ ঠাইত দুস্কৃতিৰ আমদানি কৰাই স্বাভাবিক‌। সাংস্কৃতিক পৰম্পৰাৰ নামত পুৰুষতান্ত্ৰিক অবদমন বৰ্তাই ৰাখিব খোজা অমানবীয় নীতি-নিয়মক নিৰ্দয়ভাবে বিসৰ্জন দিব পৰাটোহে সুস্থ সাংস্কৃতিক ৰুচিৰ পৰিচায়ক‌। যুগে যুগে ৰক্ষণশীল মহলে এনে কাৰ্যত বাধা দি আহিছে‌। আগৰ তুলনাত আজিৰ ৰক্ষণশীল মহলৰ ভাব-ভাষা কিন্তু এইক্ষেত্ৰত কিছু সলনি হৈছে‌। বৰ্তমান সময়ত এনেকুৱা আবৰ্জনাবোৰক গ্ৰহণ কৰিবলৈ প্ৰৰোচিত কৰোঁতে তেওঁলোকে সাংস্কৃতিক উদাৰতাৰ কথা কয়‌। সকলোৰে সংস্কৃতিক উদাৰভাবে আকোৱালি লোৱাৰ কথা কয়‌। পিছে পৰম্পৰাৰ নামত সকলো ঠাইতে কিছুমান আবৰ্জনা সদৃশ অন্ধ বিশ্বাস থাকেই‌। সচেতন লোকৰ কাম হোৱা উচিত কেনেকৈ নিজৰ ঠাইত থকা আবৰ্জনাখিনি আতৰাই এখন পৰিস্কাৰ সমাজ গঢ় দিওঁ‌ সেই কথা চিন্তা কৰা‌। পিছে উদাৰতাৰ নামত নিজৰখিনিও পৰিস্কাৰ নকৰি লগতে আনৰো এখিনি আবৰ্জনা চপাই লোৱাতকৈ হঠকাৰী কাম আৰু নো কি হ’ব পাৰে?

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে