মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / নাৰী অধ্যয়নঃ এক আলোকপাত ( লখিমী দেৱী )

নাৰী অধ্যয়নঃ এক আলোকপাত ( লখিমী দেৱী )

‘নাৰী অধ্যয়ন’ কি? ‘নাৰী অধ্যয়ন’ৰ প্ৰয়োজনীয়তা কি? নাৰীৰ বিষয়ত ইমান অধ্যয়ন কৰিবলৈ কি কি বিষয় আছে? এনেধৰণৰ বহু প্ৰশ্নৰ সম্মুখীন বহু সময়ত হ’বলগীয়া হয় যেতিয়া নাৰী অধ্যয়ন বা মহিলা সম্পৰ্কীয় যিকোনো বিষয় যিকোনো ক্ষেত্ৰত সৰ্বসাধাৰণৰ আগত দাঙি ধৰিবৰ প্ৰয়োজন হয়। যিহেতুকে ‘নাৰী অধ্যয়ন’ক সাধাৰণতে গতানুগতিক ভাৱধাৰাৰ গণ্ডীৰ ভিতৰত ধৰা নহ’য় সেয়ে এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয়। লগতে এই অধ্যয়নক পুৰুষবিদ্বেষী বা সমাজত সাধাৰণতে প্ৰচলিত সমাজশৈলী বিদ্বেষী বুলি গণ্য কৰা হয়। ইয়াত কোনো সন্দিহান নাই যে ‘নাৰী অধ্যয়ন’ৰ প্ৰতি থকা ভুল ধাৰণা তথা আমাৰ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ প্ৰভাৱৰ বাবে এনেধৰণৰ ভাৱধাৰাৰ অৱতাৰণা হয়। সেয়ে এই লেখনিৰ জৰিয়তে ‘নাৰী অধ্যয়ন’ৰ ওপৰত এক চমু আভাস দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

‘নাৰী অধ্যয়ন’ক তাত্বিক ভাৱধাৰাৰ গতি দিয়া হয় ১৯৬০ চনৰ শেষৰফালে। কিন্তু এই অধ্যয়নৰ মূলসূতি আছিল নানা ধৰণৰ বৈষম্যতা নিৰ্মূলৰ অৰ্থে কৰা নাৰীবাদী আন্দোলন। লগতে নাৰীসকলৰ নিজৰ অভিজ্ঞতা , তেওঁলোকৰ চিন্তা-চৰ্চা, সমতা বা ঘৰখনলৈ থকা অৰিহনা ইত্যাদি। যিহেতুকে এই অধ্যয়ন নাৰীৰ নিজ অভিজ্ঞতা,নানান ধৰণৰ আন্দোলন তথা প্ৰকৃত সমাজশৈলীৰ ওপৰত উপবিষ্ঠ ,সেয়ে এই অধ্যয়ন হৈছে বহু বিষয়ৰ সংমিশ্ৰণৰ এক বিষয়, যিয়ে সামাজিক লিংগৰ (gender )প্ৰকৃত অৱস্থান, মহিলাৰ সামাজিক অৱস্থান তথা অৰিহনাৰ লগতে নানান প্ৰকাৰৰ ক্ষমতা আৰু সামাজিক লিংগৰ সম্পৰ্কৰ কথা নিৰীক্ষণ কৰে।বহু বিষয় যি দিনে ৰাতিয়ে আমাৰ জীৱনৰ প্ৰতিটো জীৱন শৈলীৰ লগত সংযোজিত হৈ থাকে আমি হয়াতো অনুভৱ নকৰো কিন্তু সমাজত শান্তি,সমতাৰ বাবে অতিকৈ প্ৰয়োজন তেনে বিষয়সমূহক সমালোচনাত্মকভাৱেচ ‘নাৰী অধ্যয়ন’-এ পোহৰলৈ লৈ আনে।

নাৰী অধ্যয়নক সকলো বিষয়, অধ্যয়নৰ মাজতে অন্তৰ্নিহিত হৈ থাকে বুলি ক’ব পাৰি। এই অধ্যয়নৰ সহায়ত নাৰীবাদীৰ পৰিপ্ৰেক্ষিতত ৰাজনীতি,অৰ্থনীতি,আইন, বুৰঞ্জী,সামাজিক বিদ্যা, নানান ধৰণৰ প্ৰাণীবিজ্ঞান আৰু অনান্য বিজ্ঞান বিষয়সমূহ ,সূত্ৰ,সাহিত্য আদি অধ্যয়ন কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰি । আন অৰ্থত কবলৈ হলে এই সকলো বিষয়ৰ ওপৰত এক ধ্যান-ধাৰণা অৰ্জন কৰিব পাৰি এই অধ্যয়নৰ যোগেদি। এই অধ্যয়নে নাৰীৰ প্ৰকৃত অৱস্থান অংকিত কৰে যি হয়তো আমি সমাজশৈলীৰ প্ৰভাৱৰ বাবে অনুভৱ নকৰো।ই সমাজত প্ৰচলিত ভাৱধাৰাই যি অসমতা তথা বৈষম্যমূলক ভাৱধাৰাৰ সৃষ্টি কৰে তাক প্ৰশ্ন উত্থাপন কৰিবলৈ উদগণি যোগায়। সেয়ে ক’ব পাৰি যে ‘নাৰী অধ্যয়ন’-এ এজন ব্যক্তিক সকলো দিশৰ পৰা সমল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই অধ্যয়নে এজন ব্যক্তিক পুৰুষ বা নাৰী বা অনান্য লিংগৰ অধিকাৰী হিচাপে জীয়াই থকাতকৈ এজন মানৱ হিচাপে জীয়াই থাকিবলৈ শিকাই। যুগে যুগে লিংগভিত্তিক যি অসমতা আছে তাৰ কাৰকসমূহক নিৰ্মূল কৰিবলৈ এই অধ্যয়ন-এ দুৱাৰ মুকলি কৰি দিয়ে।

‘নাৰী অধ্যয়ন’ কেৱল নাৰীৰ জীৱনৰ উন্নতিৰহে বাটকটীয়া, এনে নহয়, এই অধ্যয়নে নাৰী-পুৰুষৰ আৰু অনান্য লিংগৰ মাজৰ সম্পৰ্ক তথা তেওঁলোকৰ সমাজত থকা অৱস্থানক তুলনামূলক এক দৃষ্টিভংগী প্ৰদান কৰে। লগতে সকলো পুৰুষ-নাৰী বা অনান্য লিংগই যাতে সকলো দিশতে সমানে আগবাঢ়ি গৈ এক সুস্থ সৱল গতিত আগবঢ়াই নিব পাৰে তথা লিংগ নিৰ্ৱিশেষে নিজা ইচ্ছানুযায়ী কাকো অনিষ্ট নকৰাকৈ জীৱন-যাপন কৰিব পাৰে তাকহে প্ৰাধান্য প্ৰদান কৰে । সমাজ স্বীকৃত , পুৰুষ বুলি বা নাৰী বুলি নিজৰ আশা, আকাংক্ষা তথা ইচ্ছানুযায়ী জীৱনশৈলীৰ পৰা যাতে বঞ্ছিত নহ’য় তাক ‘নাৰী অধ্যয়ন’-এ পোহৰলৈ লৈ আনে।

গতিকে ‘নাৰী অধ্যয়ন’ক কেৱল মহিলাই কৰিব পৰা বা মহিলাৰ বাবে কৰা অধ্যয়ন আখ্যা দিব নোৱাৰি।বহু নাৰীয়ে লিখা লেখনি বা কৰ্মৰাজি ‘নাৰী অধ্যয়ন’ৰ বিষয়বস্তু নহব’ও পাৰে।আনহাতে বহু পুৰুষেও লিখা লিখনি বা কৰ্মৰাজি ‘নাৰী অধ্যয়ন’ৰ আলোচ্য বিসয় তথা অন্তৰ্গত কৰিব পৰা বিষয় হ’ব পাৰে।অৰ্থাৎ ‘নাৰী অধ্যয়ন’ লিংগভিত্তিক অধ্যয়ন নহ’য়, কিন্তু এই অধ্যয়ন হৈছে নাৰীবাদী তথা অনান্য পিছপৰা শ্ৰেণীৰ আৰু লিংগৰ পৰিপ্ৰেক্ষিতত কৰা এক অধ্যয়ন।গতিকে আমি ক’ব পাৰো যে ‘নাৰী অধ্যয়ন’ পুৰুষ বিদ্বেষী বা সমাজবিদ্বেষী নহয়, বৰঞ্ছ ই যুগে যুগে প্ৰচলিত বৈষম্য, অসমতা বহনকাৰী, সমাজশৈলীকহে প্ৰশ্ন কৰে আৰু তাক নিৰ্মূল কৰাত ইন্ধন যোগায়।

সেয়েহে , ‘নাৰী অধ্যয়ন’ বৰ্তমান সময়ত সকলো তাত্বিক বিষয়ত অন্তৰ্গত কৰিবলৈ বা এক বিষয় হিচাপে অধ্যয়ন কৰিবলৈ প্ৰায়ে সকলো দেশতে পদক্ষেপ লোৱা হৈছে। নানান দেশৰ নানান পৰিকল্পনা তথা আইন-প্ৰণয়নত ‘নাৰী অধ্যয়ন’-এ কৰা গৱেষণা সমূহক প্ৰাধান্য দিয়া দেখা যায়।নানান ধৰণৰ আলোচনা চক্ৰ, অধ্যয়ন চক্ৰ আদিৰ মূল বিষয়বস্তু হৈছে ‘নাৰী অধ্যয়ন’ বা নাৰীবাদী ভাৱধাৰা।নানাধৰণৰ তত্ব , সূত্ৰ যি নাৰীবাদী ভাৱধাৰাৰ ভিত্তিত গঢ়ি উঠিছে ,নানাধৰণৰ চৰকাৰী আৰু বেচৰকাৰী কৰ্মৰাজিত নিয়োগ বা প্ৰচলন কৰা দেখা যায়।নানা মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত ‘নাৰী অধ্যয়ন’ক এক অপৰিহাৰ্য বিষয় হিচাপে বৰ্তমান সময়ত গণ্য কৰা দেখা যায়।
সংক্ষেপে ক’ব পাৰি যে ‘নাৰী অধ্যয়ন’ বহু বৈশিষ্ট্যৰ সমাবেশৰ এক বিষয়। ই বহুখণ্ডিত বিষয়ৰ ওপৰত আলোকপাত কৰে আৰু সামাজিক লিংগ , বৰ্ণবাদ, সমাজভিত্তিক অসমতা, নৃতত্ববাদ, ধৰ্মীয়বাদ, সাংস্কৃতিকবাদ আদিৰ ভিত্তিত থকা অভিজ্ঞতা তথা অনুকৰণসমূহক অন্তৰ্ভূক্ত কৰে –সমালোচনাত্মক ভাৱেৰে।ই বহুবিষয়ৰ সংমিশ্ৰণৰ এক বিষয়।এই অধ্যয়ন নানান ধৰণৰ গৱেষণা বিষয়ত প্ৰতিষ্ঠিত য’ত নানানধৰণৰ গৱেষণামূলক পদ্ধতিৰ প্ৰয়োজন।যুগে যুগে নাৰীবাদী তত্ত্বভিত্তিত কৰি অহা গৱেষণা তথা আলোচনা বিষয়সমূহ ইয়াৰ এক অপৰিহাৰ্য অংগ।যুক্তি প্ৰদৰ্শন, বিশেষ বিষয়ভিত্তিত কৰা আন্দোলন এই অধ্যয়নৰ বিশেষ বৈশিষ্ট্য। গতিকে ‘নাৰী অধ্যয়ন’ক আমি আমাৰ জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰিলে, এজন নিজকে সুমানৱ হিচাপে গঢ় দিবলৈ নিশ্চয় সক্ষম হ’ম।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে