মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অতিথি সম্পাদকৰ কলম (প্ৰাঞ্জল দেউৰী )

অতিথি সম্পাদকৰ কলম (প্ৰাঞ্জল দেউৰী )

“হিন্দু মহা-সভাৰ পক্ষৰ পৰা ভাৰতৰ আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে।ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছত অহা পমুৱাসকলৰ মাটি নিদিবৰ যি আইন কৰা হৈছে, সেই আইনক উঠাই দিব। অসমীয়া হিন্দু-মুছলামন আৰু ট্ৰাইবেল জাতীয়লোকৰ নিমিত্তে ইয়াতকৈ ভয়াৱহ আন একো প্ৰস্তাৱেই হ’ব নোৱাৰে।”

(ভীমবৰ দেউৰী, মটক লীগৰ চাবুৱা সন্মিলনৰ সভাপতি অভিভাষণ, ৮ নৱেম্বৰ ১৯৪১ চন)।

ভীমবৰ দেউৰী নেতৃত্বাধীন ট্ৰাইবেল লীগে লাইন প্ৰথা প্ৰৱৰ্তনৰ দাবী কৰি কেৱল পূৰ্ব বংগৰ পমুৱা মুছলমান প্ৰব্ৰজনৰ বিৰোধিতা কৰিছে বুলি সততে চৰ্চা কৰা হৈছিল। এই উদ্ধৃতিয়ে এইটো স্পষ্ট কৰিছে যে কেৱল পমুৱা মুছমানৰ প্ৰব্ৰজনেই নহয়, হিন্দুৰ প্ৰব্ৰজনেও অসমীয়া মানুহৰ অস্তিত্বৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি ১৯৪১ চনতে ভীমবৰ দেউৰীয়ে আশংকা কৰিছিল। এই আশংকাই কেৱল ট্ৰাইবেল বা জনজাতিসকলক ক্ষতিগ্ৰস্ত কৰিব বুলি প্ৰচাৰ কৰাটো তেতিয়াৰ মুছলীম লীগ, বৰ্ণহিন্দু অসমীয়া মধ্যবিত্ত আৰু জাতীয় কংগ্ৰেছীৰ ঈৰ্ষাৰ ৰাজনীতিৰেই অংশ আছিল।

ট্ৰাইবেল লীগ আৰু জাতীয় কংগ্ৰেছৰ গোপীনাথ বৰদলৈ এই প্ৰব্ৰজনক লৈ যথেষ্ট চিন্তিত হৈছিল।জনজাতিসকলক অৰ্থনৈতিক(কৃষিভিত্তিক অৰ্থনীতি), সামাজিক আৰু ৰাজনৈতিক ৰক্ষণাবেক্ষণ দিয়াতো অতি গুৰুত্বপূৰ্ণ বুলি ট্ৰাইবেল লীগৰ নেতৃত্বই অনুভৱ কৰিছিল।তাৰ ফলস্বৰূপেই ‘ট্ৰাইবেল বেল্ট আৰু ব্ল’ক’বোৰ গঠন কৰা হৈছিল। কিন্তু দেখা গ’ল যে পমুৱাসকলৰ প্ৰব্ৰজন সোঁত নিয়ন্ত্ৰণ কৰাত চৰকাৰ আৰু অসমীয়া মধ্য শ্ৰেণীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। অথচ হিন্দু মহা-সভাই ভাৰতৰ অন্য প্ৰদেশবোৰৰ পৰা হিন্দু মানুহ আনি অসমৰ পতিত মাটিত বহুবাবলৈ প্ৰস্তাৱ লৈছিল।এই হিন্দু মহা-সভাৰ এই প্ৰস্তাৱক ভীমবৰ দেউৰীয়ে তীব্ৰ বিৰোধিতা কৰিছিল।

১৯৪১ চনৰ লোকপিয়ল অসমৰ খিলঞ্জীয়া মানুহৰ বাবে এক ঐতিহাসিক লোকপিয়ল আছিল। এই লোকপিয়লক হিন্দু আগ্ৰাসন বিৰোধী লোকপিয়ল বুলিও ক’ব পাৰি।সমাজ জীৱনত সততে উপেক্ষিত আৰু লাঞ্চিত হৈ অহা জনজাতিসকলে বাহ্মণ্য হিন্দু ধৰ্মৰ বিৰুদ্ধে যেন এক ঐতিহাসিক নৈতিক যুঁজত অৱৰ্তীণ হৈ জয়ী হৈছিল।প্ৰণিধানযোগ্য যে প্ৰায়বোৰ জনজাতীয় ছাত্ৰই কটন কলেজৰ মেছত অস্পৃশ্যতা বলি হ’ব হৈছিল।অথচ, তেওঁলোকৰ আদি প্ৰজন্মই লোকপিয়লত নিজকে হিন্দু বুলিয়েই নথিভুক্ত কৰাইছিল। কিন্তু ১৯৪১ চনৰ লোকপিয়লত ভীমবৰ দেউৰীৰ নেতৃত্ব ট্ৰাইবেল লীগে জনজাতিসকলক লোকপিয়লত হিন্দু ধৰ্মৰ পৰিৱৰ্তে কছাৰী অথবা ট্ৰাইবেল বুলি নথিভুক্ত কৰিবলৈ আহ্বান জনালে। জাতীয় কংগ্ৰেছ আৰু হিন্দু মহাসভাৰ জনজাতিৰ সংখ্যা কম কৰি দেখুওৱাৰ চক্ৰান্ত কৰাৰ পাছতো ১৯১১ চনৰ ১২,৩৯,২৮০ জনৰ পৰা ১৯৪১ চনত ২৮,২৪,১৩৩ জনলৈ জনজাতিসকলৰ জনসংখ্যা বৃদ্ধি পালে। এয়া কেৱল বৰ্ণ হিন্দুৰ বিৰুদ্ধে কৰা প্ৰতিবাদ বুলিলে ভুল কৰা হ’ব।বাহ্মণ্য হিন্দু ধৰ্মৰ প্ৰতি খিলঞ্জীয়া জনজাতিসকলৰ একধৰণৰ বিদ্ৰোহ বুলিব পাৰি। আচলতে বৰ্ণ হিন্দুৰ উচ্চাত্মিকা আৰু বাহ্মণ্য হিন্দু ধৰ্মৰ আগ্ৰাসনে জনজাতীয় সমাজখনক এক শ্বাসৰুদ্ধকৰ মাজলৈ ঠেলি দিছিল।

প্ৰসংগটো আৰু অসমীয়া মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ(কু প্ৰভাৱেই হওক বা সুপ্ৰভাৱেই হওক) ত্ৰিশ অথবা চল্লিশৰ দশকতে সীমাৱদ্ধ আছিল নেকি ? নাছিল, বৰঞ্চ ই অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনক ডালশলিয়াই জপাৰ কাপোৰ কুটি অনিষ্ট কৰাৰ দৰে ক্ষতিগ্ৰস্ত কৰি গৈছিল।প্ৰাক-স্বাধীনতাকালতে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ ছত্ৰছায়াত তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থত(ব্যৱসায়িক স্বাৰ্থত) অসমলৈ দুই ধৰণৰ প্ৰব্ৰজনৰ ঢল বৈছিল।তাৰে এচামক শিল্পায়নৰ স্বাৰ্থত(চাহশিল্প) ব্ৰিটিছে অসমলৈ আনিছিল।অন্য চামটো আহিছিল পূৰ্ব বংগৰ পৰা। কৃষি কৰ্মত অতি কৰ্মঠ পমুৱাসকলক ব্ৰিটিছ প্ৰশাসনে অসমৰ পতিত মাটিত আহি বহিবলৈ উৎসাহিত কৰিছিল, সেয়া বেপাৰী ব্ৰিটিছৰ তোষামোদৰ ৰাজনীতিৰে অংশ আছিল।প্ৰথম চামে শ্ৰমিক হিচাপে আহিছিল আৰু তেওঁলোকে শিল্পায়নত শ্ৰমিক হিচাপে নিয়োজিত হোৱাৰ ফলত অসমীয়া অস্তিত্বৰ প্ৰতি কোনো ভাবুকি সৃষ্টি কৰা নাছিল, বৰঞ্চ তেওঁলোকে তৎকালীন অসমৰ সমাজ জীৱনত নুমলীয়া পো হিচাপে আত্মীকৰণ ঘটিছিল।তদুপৰি, তেওঁলোকে তৎকালীন অসমৰ পতিত মাটি দখল কৰি কৃষি কৰ্মত নিজকে নিয়োজিত কৰা নাছিল। তেওঁলোকক জোৰকৈ অসমলৈ অনা হৈছিল। ইফালে জমিদাৰী প্ৰথাত পিষ্ট কৃষি কৰ্মত পাৰ্গত পূৰ্ব বংগৰ পৰা প্ৰব্ৰজিত পমুৱাসকলে অসমৰ পতিত মাটিত আহি বহিছিল।কঠোৰ পৰিশ্ৰমী পমুৱাসকলেও এসময়ত অসমীয়া জাতিত আত্মীকৰণ ঘটিছিল। কিন্তু, তেওঁলোকৰ প্ৰব্ৰজনে আদিৰ পৰাই খিলঞ্জীয়া জনজাতিসকলৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল। আছুতীয়াকৈ জীৱন নিৰ্বাহত অভ্যস্ত জনজাতিসকলে পমুৱাসকলৰ বৰ্ধিত প্ৰব্ৰজনৰ ফলত শংকিত হৈ পৰিছিল।পমুৱাসকলৰ সেই প্ৰব্ৰজনক লৈ তেতিয়াৰ বৰ্ণহিন্দু মধ্য শ্ৰেণীয়ে কোনোধৰণে উদ্ধিগ্ন হোৱা নাছিল।কাৰণ, তেতিয়াও তেওঁলোকৰ জীৱন যাত্ৰাত পমুৱাসকলে বিশেষ অসুবিধাৰ সৃষ্টি কৰা নাছিল। ইফালে জনজাতিসকলৰ ৰক্ষণাবেক্ষণ দিবলৈ সৃষ্টি কৰা কাল্পনিক সীমাৰেখাৰ লাইন প্ৰথাই জনজাতি এলেকাবোৰক সুৰক্ষিত কৰিব নোৱাৰিলে। ১৯৪৬ চনত গোপীনাথ বৰদলৈ চৰকাৰে ‘ট্ৰাইবেল লীগ’ৰ সহযোগত জনজাতিসকলৰ ভূমি সুৰক্ষাৰ বাবে ‘ট্ৰাইবেল বেল্ট আৰু ব্ল’ক গঠন কৰিলে, যিসমূহ আৱেষ্টনীত কোনো অনা ট্ৰাইবেল লোক ভূমি অধিকাৰ(দখলীস্বত্ব ও ভূমিবন্দোবস্তি) লাভ কৰিব নোৱাৰিব।কিন্তু ১৯৪৭ চনত ভীমবৰ দেউৰী আৰু ১৯৫০ চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত ১৯৫২ চনত ‘ট্ৰাইবেল লীগ’ অৰাজনৈতিক সংগঠনলৈ ৰূপান্তৰ হোৱাৰ পিছত যেন পুনৰ জনজাতিসকলৰ সুৰক্ষা আৰু ৰাজনৈতিক ৰক্ষণাবেক্ষণ প্ৰশ্নটোৱে নতুন মোৰ ল’লে।ইফালে বৰ্ণ হিন্দু মধ্য শ্ৰেণী আৰু জাতীয় কংগ্ৰেছৰ জনজাতিৰ প্ৰতি চৰম উদাসীনতা (প্ৰাক-স্বাধীনতা কালতো গোপীনাথ বৰদলৈ বাহিৰে কোনো কংগ্ৰেছীয়ে জনজাতিসকলৰ ৰাজনৈতিক প্ৰশ্নটোক লৈ আন্তৰিক অনুকম্পা প্ৰদৰ্শন কৰা নাছিল) আৰু জাতীয় অনুষ্ঠানৰূপী কিছুমান অনুষ্ঠানে(অসম সাহিত্য সভাৰ ভাষিক নীতি) জনজাতিসকলৰ ৰাজনৈতিক, আৰ্থ-সামাজিক আৰু ভাষিক সমস্যাবোৰকলৈ যথেষ্ঠ উন্নাসিকতা প্ৰদৰ্শন কৰি অহাটোৱে জনজাতিসকল পুনৰ নতুন ৰাজনৈতিক আকাংক্ষাৰ প্ৰতি লালায়িত কৰিবলৈ ধৰিলে। অসমীয়া জাতীয়তাদ(যিটো কেৱল মধ্যবিত্ত জাতীয়তাবাদ বুলিব পাৰি, মধ্যবিত্তৰ মাজতে আৱদ্ধ হৈ থকাত ই সংকীৰ্ণ জাতীয়তাবাদ হৈয়ে থাকিল) এক নিৰ্দিষ্ট শ্ৰেণীৰ মাজত সীমাৱদ্ধ হৈ থকাত জনজাতিসকলে পুনৰ অসমীয়া সমাজখনৰ পৰা এক আত্মিক বিচ্ছিন্নতা অনুভৱ কৰিবলৈ ধৰিলে। কিন্তু অসমীয়া মধ্যশ্ৰেণীটোৰ লগতে সাহিত্য সভা, জাতীয় কংগ্ৰেছে(যিটো দলে তাৰপিছত দেশ আৰু অসমৰ ৰাজনৈতিক ক্ষমতাত আছিল) জনজাতিসকলৰ আত্মিক বিচ্ছিন্নতাবোধৰ কাৰকবোৰ হৃদয়ংগম কৰাৰ বিপৰীতে একধৰণৰ আগ্ৰাসী মনোভাৱহে পোষণ কৰিবলৈ ধৰিলে। অসমীয়া সমাজত আত্মীকৰণ হোৱা জনজাতিবোৰে পুনৰ নিজৰ ৰাজনৈতিক-ভাষিক সুৰক্ষাৰ স্বাৰ্থত Self Determinationৰ প্ৰশ্নটো নতুন আলোকত চাবলৈ বাধ্য হ’ল আৰু ই বহু সময়ত অসমৰ ৰাজনৈতিক বতাহো উত্তাল কৰি আহিছে।

ঊনবিংশ শতিকাৰ দ্বিতীয় দশক ১৯১৫ চনত বঙাইগাঁৱত বড়ো ছাত্ৰ সন্থা স্থাপিত হোৱাৰ পিছত প্ৰায় ষাঠি সত্তৰ দশকলৈকে বড়ো জনগোষ্ঠীয় জাতীয়তাক নিৰ্দিষ্ট ৰূপ দিবলৈ অপেক্ষা কৰিব লগা হৈছিল।প্ৰাক-স্বাধীনতা কালছোৱাত ট্ৰাইবেল লীগৰ সৰ্বাত্মক প্ৰভাৱ আৰু জনজাতিসকলৰ আত্মীকৰণ স্বাভাৱিক প্ৰৱণতাৰ বাবে চাগৈ জনগোষ্ঠীগত সুকীয়া চেতনাবোধে উন্মেষ আৰু বিকাশ লাভ কৰিবলৈ ষাঠি/সত্তৰ দশকলৈকে অপেক্ষা কৰিব লগা হ’ল।কিন্তু তাৰ পিছত জনগোষ্ঠীগত সুকীয়া চেতনাবোধে অসমৰ আকাশ বতাহকো অশান্ত কৰি বৰ্তমানো অসমক অস্থিৰ (ছয় জনগোষ্ঠী জনজাতিকৰণ) কৰি তুলিছে। পূৰ্বতে জনজাতি জনগোষ্ঠীবোৰে অসমীয়া মধ্য শ্ৰেণীৰ অতিকেন্দ্ৰিক জাতীয়তাবাদক সন্দেহ আৰু শত্ৰু জ্ঞান কৰিছিল।কিন্তু এতিয়া তেওঁলোকৰ বাবে শত্ৰু জাতীয়তাবাদী মধ্য শ্ৰেণীটো হৈ থকা নাই, তেওঁলোকে শত্ৰুৰূপে জ্ঞান কৰিবলৈ ধৰিছে আন খিলঞ্জীয়া জনগোষ্ঠীবোৰকহে। অৰ্থাৎ অনুসূচীভূক্ত জনজাতিবোৰে ছয় জনগোষ্ঠীক আৰু ছয়জনগোষ্ঠীয়ে অনুসূচীভূক্ত জনজাতিবোৰক শত্ৰু জ্ঞান কৰি আহিছে।এই যুযুধান পৰিস্থিতিতে সুযোগ গ্ৰহণ কৰি উগ্ৰ হিন্দুত্ববাদী গৈৰিক আগ্ৰাসনে অসমৰ খিলঞ্জীয়াসকলৰ ঐতিহ্য আৰু সংস্কৃতিক গ্ৰাস কৰি অসমীয়া পদিচয়ৰ প্ৰতিয়েই ভাবুকি কঢ়িয়াই আনিছে।

গোষ্ঠীভিত্তিক জাতীয় চেতনাবোধক হিন্দুত্ববাদী চেতনাবোধলৈ ৰূপান্তৰ কৰিবলৈ আৰ্যবাদী ইতিহাসেও কুটিল ষড়যন্ত্ৰ কৰি আহিছে। লাচিত বৰফুকন, চিলাৰায় আদি অসমীয়া জাতীয় বীৰসকলক হিন্দুকৰণ কৰাতো এই ষড়যন্ত্ৰৰেই অংশ(প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ দৰেই)। হিন্দু বাংলাদেশীক অসমত সংস্থাপনো এই ষড়যন্ত্ৰৰেই নিকৃষ্টতম উদাহৰণ। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ঐক্যৱদ্ধ সংগ্ৰামৰ সমান্তৰালভাৱে আমি এইটো প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব যে হিন্দু বাহ্মণ্য ধৰ্ম কোনোদিন এই মুলুকৰ পৌৰাণিক ধৰ্ম নাছিল, বৰঞ্চ আৰ্যসকলৰ আগ্ৰাসনে ইয়াৰ আদিবাসীসকলৰ পৰম্পৰাগত ধৰ্মাচাৰণক অক্টোপাছৰ দৰে মেৰিয়াই ধৰি সাংস্কৃতিক আধিপত্য চলাব বিচাৰিছল। প্ৰগতিশীল জাতীয়তাবাদৰ প্ৰস্তুতি পৰ্বত আমি বাহ্মণ্য হিন্দু ধৰ্মৰ গোড়ামিৰ পৰা খিলঞ্জীয়া মানুহক উদ্ধাৰ কৰিবলৈও আহোপুৰুষাৰ্থ কৰিব লাগিব।

ভীমবৰ দেউৰীৰ এটা উক্তিৰে আমাৰ বক্তব্য আৰম্ভ কৰা আৰু ১৯৪১ চনৰ লোক পিয়লত তৎকালীন ট্ৰাইবেল লীগৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰাৰ উদ্দেশ্য হ’ল এয়ে যে অসমৰ খিলঞ্জীয়া আদিবাসীসকলে এতিয়া গোড়া হিন্দুত্ববাদী গৈৰিক আগ্ৰাসনৰ বিৰুদ্ধে এক ঐক্যৱদ্ধ প্ৰতিৰোধী সংগ্ৰাম গঢ়ি তোলাৰ সময় সমাগত। নহ’লে গৈৰিক আগ্ৰাসনে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সংকটাপন্ন কৰাৰ লগতে অসমীয়াৰ ঐক্য-সংহতিৰ পুৰাতন ঐতিহ্যকো নিঃশেষ কৰি পেলাব। এই সংকটৰ সময়ত আমি ক্ষুদ্ৰ গোষ্ঠীগত দ্বন্দ্ব-খৰিয়ালবোৰক এক সন্তুলিত পৰ্যায়ত সমাধান কৰি অসমত অসমীয়া প্ৰগতিশীল জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ সময় সমুপস্থিত। প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ঐক্যৱদ্ধ হোৱাৰ বাহিৰে অন্য পথ খোলা নাই।

অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ভীমবৰ দেউৰী আৰু ট্ৰাইবেল লীগে এক ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিছিল। সেই ভূমিকাৰ বাবে অসম পূব পাকিস্তানৰ অন্তৰ্ভূক্তিৰ পৰা ৰক্ষা পৰিছিল। অসমৰ খিলঞ্জীয়াৰ এই সংকটৰ সময়ত অসমৰ সকলো জাতি-জনগোষ্ঠীয়ে নিজস্ব গোষ্ঠীগত গণ্ডীৰ পৰা উলাই আহি ভীমবৰ দেউৰীয়ে কোৱাৰ দৰে মুকলিকৈ কোৱা উচিত–“আমি আমাৰ দুখ-দুৰাৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোঁতে আমি এইটো পাহৰিব নেলাগে যে আমি অসমীয়া জাতিৰ এটা অংগ।সমূহ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ উদ্দেশ্য হ’ব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰি তোলা।”

এই সংখ্যাৰ সম্পৰ্কে

বৌদ্ধিক বিচাৰৰ দৰে মানসম্পন্ন অনলাইন আলোচনীখনৰ অতিথি চ’ৰাৰ সম্পাদক হিচাপে দায়িত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।দ্বায়িত্ব অৰ্পণ কৰি টুনুজ্যোতি গগৈয়ে আমাক কৈছিল যে অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ এই সংকটৰ সময়ত জননেতা ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সেয়ে আমি ভীমবৰ দেউৰীৰ অৱদান, আৰ্দশক আজিৰ প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ অতি প্ৰয়োজন হৈছে। সেই উদ্দেশ্য আগত লৈয়ে আমি এই অতিথি চ’ৰাৰ দায়িত্ব লৈছিলো।এই চ’ৰাটো আমি পৰিকল্পনা কৰাৰ দৰে কৰিব নোৱাৰিলো, সেয়া মোৰেই সীমাৱদ্ধতা।তথাপি, আমি এই সংখ্যাটো বস্তুনিষ্ঠ আৰু বিশ্লেষণাত্মক কৰাত গুৰুত্ব দিছিলো। সেইখিনি কৰিবলৈ যাওঁতে অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিয়ে আমাৰ পথত যথেষ্টখিনি গতিৰোধক সৃষ্টি কৰিলে। হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব আইন সংশোধনী বিল (২০১৬) বিৰুদ্ধে সংগঠিত প্ৰতিৰোধী আন্দোলনত ড° হীৰেন গোহাঁই চাৰ আৰু উদয়াদিত্য ভৰালী চাৰে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰি এক নতুন উদ্দীপনা সৃষ্টি কৰিলে। আমিও এনে সময়তে তেওঁলোকৰ লগত আমাৰ এই সংখ্যাটোৰ বাবে যোগাযোগ কৰি আলোচনা কৰিছিলো যদিও আলোচনাৰ বাবে পৰ্যাপ্ত সময় উলিয়াব নোৱৰিলো। তথাপি, তেওঁলোকে লেখনি দিয়াৰ লগতে টেলিফ’নিক পৰামৰ্শৰে আমাক বহুতো সহায় কৰিলে। ইন্দিবৰ দেউৰী চাৰে শাৰীৰিক অসুস্থতাকো একাষৰীয়া কৰি আমাক উৎসাহিত কৰিলে। ডা° অনিল ভৰালী চাৰেও আমাৰ সৈতে টেলিফ’নিক যোগাযোগ ৰক্ষা কৰি অনুপ্ৰেৰণা যোগালে। ড° পৰমানন্দ মজুমদাৰ চাৰ আৰু অনুপ দেউৰী চাৰে আমাৰ অনুৰোধত পুৰণি আলোচনীৰ টোপোলা খুচৰি উৎসাহিত কৰিলে। তেওঁলোকৰ লগতে দ° দেৱব্ৰত শৰ্মা, ৰত্নেশ্বৰ বসুমতাৰী চাৰে আমাক এইদৰে উৎসাহ দিয়াৰ লগতে প্ৰৱন্ধ পাতি দি আমাক বাধিত কৰাৰ বাবে সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

টুনু দালৈ বিশেষভাৱে ধন্যবাদ। মোৰ কাম তেৱেঁই গতিময় কৰি তুলিলে৷ অন্যথা এই সংখ্যা প্ৰকাশ হোৱাটো সম্ভৱ নহ’লহেঁতেন। তেওঁ আৰু “বৌদ্ধিক বিচাৰ”ৰ সম্পাদনা গোটৰ ওচৰ ক্ষমা মাগিছো, মোৰ বাবেই এইবাৰ আলোচনীখনে নিৰ্দিষ্ট দিনতকৈ এদিন পিছত প্ৰকাশৰ মুখ দেখিছে। ছবি বাইদেউ, প্ৰাণজ্যোতি বাইদেউ, নিপজ্যোতি দা, মাইন উদ্দিন দা, ভাৰ্গৱজ্যোতি(সৰুটি), হিৰ’, চন্দ্ৰামিকা বৰা, বিতুল সকলোকে ধন্যবাদ যাচিলো, মোক উৎসাহিত কৰাৰ বাবে। প্ৰতীক্ষা, যিয়ে ৰাতি ৰাতি মোক কাম কৰিবলৈ তাগিদা দিছিল৷ পিঙ্কী চাৰিঅ’ যিয়ে মোক সততে মনসংযোগ বিচ্ছিন্ন নহ’বলৈ সহযোগিতা কৰিছিল, আটাইকে ধন্যবাদ যাচিছো। মোৰ শুভাকাংক্ষীসকল, যিসকলৰ নাম ল’ব নোৱাৰিলো, তেওঁলোককো ধন্যবাদ জনালো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে