দেওবাৰ , চেপ্তেম্বৰ 23 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

অতি সাম্প্ৰতিক অসমীয়া কবিতা ( অজিৎ কলিতা )

সাম্প্ৰতিক অসমীয়া কবিতাই ৰূপবস্তু, ভাববস্তু আৰু বিষয়বস্তু– তিনিওটা ক্ষেত্ৰতে বৈচিত্ৰ্য লাভ কৰি অসমীয়া সাহিত্য-ভড়ালক সমৃদ্ধিশালী কৰি তুলিছে৷ এই কথাখিনি বিচাৰ কৰি চাবলৈ আমি নগেন শইকীয়া, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, আনিচ উজ জামান, অনুভৱ তুলসী, জীৱন নৰহ, লুটফা হালুম চেলিমা বেগম, সমীন্দ্ৰ হুজুৰী আদি বিশিষ্ট কবিসকলৰ কেইটামান কবিতাক আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে৷
মিতভাষ
নগেন শইকীয়াই ‘মিতভাষ’ নামেৰে এক ব্যতিক্ৰমধৰ্মী অসমীয়া কবিতা ৰচনা কৰি অসমীয়া কবিতাক সমৃদ্ধিশালী কৰি তুলিছে৷ চিত্ৰকলাৰ মণ্টাজ কৌশল প্ৰয়োগ কৰি মিতভাষ কবিতাৰ দেহ সজোৱা হৈছে৷ আপাতদৃষ্টিত যদিও কেইবাটাও অংশৰে ‘মিতভাষ’¸ শীৰ্ষক কবিতাৰ দেহ নিৰ্মিত হৈছে৷ তথাপি কেউটা অংশতে অন্তঃসলিলাভাৱে প্ৰবাহিত প্ৰতিপাদ্য ভাৱ এটিহে বিৰাজ কৰা দেখা যায়৷ উক্ত কবিতাবোৰ আত্মকথনমূলক ভংগীৰে উপস্থাপিত হৈছে৷ এই লানি কবিতাৰ ভাষাৰ দিশটোও মন কৰিবলগীয়া৷ চুটিগল্পৰ ভাষাৰ দৰে দৈনন্দিন জীৱনৰ ভাষা প্ৰয়োগ কৰা হৈছে৷ ইয়াৰ কথিত গদ্যময় ভাষাই পাঠকক এটি সুকীয়া আমেজ প্ৰদান কৰে৷
 
হলৌ চোলা
ৰবীন্দ্ৰ সৰকাৰৰ এটি অন্যতম আবেদনময়ী কবিতা হৈছে ‘হলৌ চোলা’৷ ইউৰোপত দেখা দিয়া অৰ্থনৈতিক মন্দাৱস্থা, অৰ্থনৈতিক উদাৰীকৰণ, গোলকীকৰণ, সাম্ৰাজ্যবাদ আদি দিশসমূহৰ পাৰ্শ্ব ফলাফল ‘হলৌ চোলা’ কবিতাটিত প্ৰতিফলিত হৈছে৷ চিত্ৰকল্পনত ব্যৱহৃত ৰং আধুনিক কবিতাটো তাৎপৰ্যপূৰ্ণভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ এইক্ষেত্ৰত কবি নীলমণি ফুকনৰ লগত ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ সাদৃশ্য পৰিলক্ষিত হয়৷ ‘হলৌ চোলা’ কবিতাটোত কবিয়ে কৈছে–
‘গুলপীয়া ওঁঠ দুখনত
ক’লা ৰং ঘঁহি দিলে,
পথাৰৰ হালধীয়াত সানি দিলে ধূসৰতা৷’’
ভোগবাদৰ পৰিণতিত কুৎচিৎ-কদাকাৰ ৰূপ ধাৰণ কৰা, দুৰ্গন্ধময় সমাজত পুজিপতিৰ দপদপনিয়ে সমাজ-জীৱন অন্ধকাৰাছন্ন কৰি তুলিছে৷ ‘পচা মঙহ’, ‘বৰ্ণহীন পখিলা’, ‘ভঙা কাঁচ’, ‘উলংগ সমাজ’ আদিয়ে কবিতাটোত ভগ্ন, কুৎচিৎ সমাজৰ কথাৰে ব্যঞ্জনা আনি দিছে৷ ‘ওৱাল ষ্ট্ৰীট’ৰ অনুষংগ, লোভ-লালসাৰ অনুষংগই ভোগবাত আক্ৰান্ত সমাজৰ বীভৎস ৰূপ দাঙি ধৰে৷ ‘হলৌ চোলা’ ৰূপী বিশ্বায়নে জনতাৰ কামিহাড় ভাঙিলে৷ ‘পিহি পেলোৱা তৰাবোৰে’ শোষণত পিষ্ট হোৱা জনতাৰ দ্যোতনা আনি দিয়ে৷ ‘ভেৰামূৰীয়া মুখখন’ ব্যাক্যাংশই পশুপ্ৰবৃত্তিযুক্ত মানৱৰ নীচতা আৰু হিংস্ৰতাক সুন্দৰকৈ ফুটাই তুলিছে৷ কবিতাটিত চিত্ৰকল্পৰ ব্যৱহাৰ অতি সাৰ্থকভাৱে কৰা দেখা যায়–
হেঙাৰত ওলোমাই থোৱা হলৌ চোলাটোৰ পৰা
সোমাই আহিল দস্তানা পিন্ধা এখন হাত
মই আঁকিব খোজা গুলপীয়া ওঁঠ দুখনত
ক’লা ৰং ঘঁহি দিলে, পথাৰত হালধীয়াত
সানি দিলে ধূসৰতা৷”
 
‘‘পচা মঙহৰ গোন্ধত বৰ্ণহীন পখিলাৰ নাচ”
ধোঁৱাই ঢাকি ধৰিছে প্ৰিয় আকাশখন
 
উল্লিখিত কবিতাটি ৰবীন্দ্ৰ বৰাৰ এটি উল্লেখযোগ্য কবিতা৷ বৰ্তমান সময়ৰ ভোগবাদ, দুৰ্নীতি আদিৰ দৰে দুৰ্গন্ধময় পৰিৱেশে সমগ্ৰ সমাজ ব্যৱস্থাক গ্ৰাস কৰাৰ ছবি ব্যঞ্জনাময়ী ভাষাৰে কবিয়ে দাঙি ধৰিছে৷ কবিতাটিত ব্যক্তিগত প্ৰতীকৰ ব্যৱহাৰে এটি অনন্য সৌন্দৰ্য প্ৰদান কৰিছে–
‘‘ধোঁৱাত নেদেখা হৈছে বুকুৰ নীলা চৰাই”
নাট্যকাৰ মেটাৰলিঙ্কৰ ‘দ্যা ব্লু বাৰ্ড’ যেনেকৈ এটা প্ৰতীক ইয়াতো নীলা চৰাই তেনেকৈ আধ্যাত্মিকতা বা হৃদয়ৰ সপ্ৰবৃত্তিৰ প্ৰতীক৷ কবিতাটিত নাট্যকাৰ গৰাকীৰ প্ৰভাৱ পৰা যেন ধাৰণা হয়৷
 
ৰূপ আৰু নামেৰে মহীয়ান তোমালোক
আনিছ উজ জামানৰ কবিতাত ৰোমাণ্টিক আৱেশ এটিয়ে আচ্ছন্ন কৰি ৰাখে৷ ‘ৰূপ আৰু নামেৰে মহীয়ান তোমালোক’ কবিতাটোত তেনে এটি আমেজ পোৱা যায়–
‘‘কণিকা হোৱা হ’লে
নিয়ৰৰ স’তে গুচি গ’লোঁহেঁতেন
সুগন্ধি হোৱা গ’লে
বতাহৰ লগতে পালোঁগৈহেঁতেন
নৰমনিচ বাবেই
সময় আৰু শৰীৰৰ কথা কৈ আছোঁ”
ৰূঢ় বাস্তৱত ‘শুকান জেতুকাৰ দৰে’ ৰসহীন হৈ জীয়াই থকা অৰ্থাৎ মৃতপ্ৰায় ব্যক্তিসকলৰ জীৱনৰ ৰং মৃতু্যৰ সিপাৰৰ ব্যক্তিৰ দৰে বৰ্ণহীন হোৱা কথাটোৰ ব্যঞ্জনা ফুটাই তুলিছে–
‘‘এতিয়া তোমালোক আৰু মোৰ মাজত
এটা নিজৰাও নাই
……………………………….
তোমালোক যে মোৰ কিমান ওচৰৰ”
– এই কবিতাটো জীৱন জিজ্ঞাসাজনিত ধাৰাৰ অন্তৰ্গত হিচাপে বিশ্লেষণ কৰিব পাৰি৷
মাছ
অনুভৱ তুলসীৰ ‘মাছ’– এটি প্ৰতীকধৰ্মী কবিতা৷ সমাজ-চেতনাজনিত ধাৰাৰ কবিতা হিচাপে ইয়াৰ ব্যাখ্যা আগবঢ়াব পাৰি৷ ‘মাছ’– মানুহৰ এবিধ প্ৰিয় খাদ্য৷ গতিকে ই মানুহৰ ভোগবাদী মানসিকতাৰ প্ৰতিনিধিত্ব কৰিছে৷ ‘পছিম প্ৰদেশৰ পৰা অহা মাছে’– এই বাক্যাংশই ভোগবাদী প্ৰবৃত্তি যে পাশ্চ্যাত্য সংস্কৃতিৰ পৰা আমদানি কৰা বস্তু, তাৰ ইংগিত বহন কৰিছে৷ কিয়নো ভাৰতীয় আদৰ্শত ত্যাগৰ মাজৰে ভোগ কৰা আদৰ্শহে পোষণ কৰা হৈছে৷ ভোগবাদী মানসিকতাৰ মৃত্যু নাই–
‘‘ক’ত মৃত্যু ক’ত মৃত্যু– এই মাছচোন অমৰ–”
জাক-জমকতাৰে আড়ম্বৰপূৰ্ণ সাজোনেৰে সকলোতে কেৱল ভোগৰ ঢল– ‘পঞ্চতৰা চৰোৱা সভাঘৰ৷’ সমাজত চানি ধৰা ভোগবাদী মানসিকতাৰ সমস্যা এতিয়াও সমাধান কৰিব নোৱৰা এটি বিৰাট অংক৷ ভোগবাদী মানসিকতাই ব্যক্তিক আত্মনিষ্ঠ হ’বলৈ শিকায়, য’ত নিজৰ প্ৰয়োজনীয়তাই সৰ্বস্ব৷ ‘মাছ আহিল মাছ আহিল মাছ আহিল’ – শব্দৰ পুনৰাবৃত্তিৰে অৰ্থৰ গভীৰতা প্ৰকাশ কৰাটো সাম্প্ৰতিক কবিতাৰ এটি বিশেষ লক্ষণ৷ ‘মাছ আহিল’ শব্দগুচ্ছৰ পৌনঃপুনিক ব্যৱহাৰেৰে অৰ্থত জোৰ দিয়া হৈছে৷ এই কবিতাটোৰ ভাষা দৈনন্দিন জীৱনৰ ভাষাৰ ওচৰ চপা একপ্ৰকাৰ গদ্যময় ভাষা৷
বিপৰীত ঢল
জীৱন নৰহৰ কবিতাটোত পূৰ্বপুৰুষ আৰু উত্তৰ পুৰুষৰ মাজৰ সম্বন্ধক দাঙি ধৰিব বিচাৰিছে৷ উত্তৰ পুৰুষে পূৰ্বসূৰী সমাজৰ Îöঁটিতে এটি নতুন দিগন্তলৈ যাত্ৰা কৰিব বিচাৰে–
“এজনে অতীত হ’ব খোজে
এজনে অতীতৰ স’তে যোৰ ভাঙি
আগুৱাব বিচাৰে৷”
 
“কাহ বাঢ়ি গৈছে
বাঁহীৰ সুৰো বাঢ়ি গৈছে
এনে বিহংগতিত জাহ গৈছে…”
কাঁহ শব্দটোৱে ৰোগগ্ৰস্ততাৰ ব্যঞ্জনা দিয়ে, আনহাতে বাঁহীৰ সুৰে সৃজনশীলতাৰ দ্যোতনা আনে৷ পুৰণি সমাজৰ ৰক্ষণশীলতা, অন্ধবিশ্বাস আদিৰ প্ৰতিনিধি শব্দ হিচাপে ‘কাহ’ শব্দৰ ব্যৱহাৰ কৰা যেন প্ৰতীতি হয়৷ চিত্ৰকল্পৰ ব্যৱহাৰে কবিতাটো অৰ্থঘন কৰি তুলিছে–
‘‘লোহাৰ জলঙাৰ আঁতৰত
কোনোবাই বাঁহীৰ সুৰ তুলিছে
আৰু কোনোবাই
ডুখৰ ডুখৰকৈ
কেবাটাও বুকু কঁপোৱা
কাঁহ মাৰিছে৷”
– ইয়াত দুটা প্ৰজন্মৰ জীৱন শৈলী আৰু কাৰ্যক দাঙি ধৰা হৈছে৷
 
কবিতা
লুটফা হানুম ছেলিমা বেগমৰ এই কবিতাটোত বাহিৰৰ পৰা আমদানিকৃত সংস্কৃতিত আমাৰ জীৱন অভ্যস্ত হৈ পৰা কথাটো ব্যঞ্জিত কৰিছে৷ অসমৰ মাটি-পানীৰ গোন্ধ থকা থলুৱা সংস্কৃতিৰ ঠাই এতিয়া বাহিৰা সংস্কৃতিয়ে দখল কৰিলে৷ সকলোতে তাৰ অবাধ বিচৰণ৷ কবিতাটোৰ ভাষাত ৰোমাণ্টিক আবিলতা এটি বিদ্যমান–
‘‘গ্ৰীষ্মৰ এদিন
কুঁৱলীৰ আহি ক’লেহি
শীতলৈ বহু দিন বাকী
থােকাঁ দিয়া তোমাৰ ঘৰতে কিছু দিন”
কবিতাটো সমাজ-চেতনাজনিত ধাৰাৰ কবিতা৷ অথচ কবিৰ ক্ষোভ কোনো কঠিন শব্দৰে প্ৰত্যক্ষভাৱে প্ৰকাশ নকৰি চিত্ৰময় ভাষা আৰু কোমল শব্দৰ সহায়ত কাহিনী আকাৰে দাঙি ধৰিছে৷
 
আয়তী
‘আয়তী’ অতি সাম্প্ৰতিক অসমীয়া নাৰীবিষয়ক কবিতাৰ ভিতৰত এটি অন্যতম উল্লেখযোগ্য কবিতা৷ অজিৎ গগৈৰ কবিতাটিত লোক-সংস্কৃতিৰ প্ৰয়োগ ঘটা দেখা যায়৷ ‘বিয়া’ অনুষ্ঠানত ‘পানী তোলা’ পৰ্বৰ মাজেৰে অসমীয়া সমাজৰ সাংস্কৃতিক দিশ এটিৰ চিত্ৰ অঁাকি বিশেষ ব্যঞ্জনা প্ৰতিফলিত কৰিব বিচাৰিছে৷ আয়তীসকলক মাংগলিক কামত আগভাগ ল’বলৈ দিয়া হয়৷ তেওঁলোকে উৰুলিৰ যোগেদি মাংগলিক কৰ্ম সমাধা কৰে৷ অথচ তেওঁলোকৰ বাহ্যিক পূৰ্ণতাৰ অন্তৰালত থকা অপূৰ্ণতাৰ দিশটোলৈ কোনেও ভাবি নাচায়৷ আয়তীৰ আত্মাৰ কান্দোন যেন কোনেও নুশুনে–
“পানীয়ে তোমাক পূৰ্ণতা দিব৷
…………………………
তোমাৰ গোপন বাসনাৰ কথা পানীয়ে জানে
বিবৰ্ণ পানীৰ কণিকাৰ মাজৰেই চাব পাৰিবা
তোমাৰ সপোনৰ ৰামধেনু৷”
পৰিয়ালৰ মাজত বান্ধ খাই থকা আয়তীসকলৰ জীৱন পূৰ্ণ বুলি আপাত দৃষ্টিত ধাৰণা হ’লেও তেওঁলোকৰ সপোনৰ ৰামধেনু বাস্তৱত পূৰণ নহয়৷ একান্তই গোপন বাসনা পৰিয়ালৰ বান্ধোনত অপূৰ্ণ হৈ ৰয়৷ ‘কলহৰ শূন্যতা দলিয়াই দিয়া আয়তী’– এই শূন্যতা কেৱল কলহৰে নহয়, আয়তীৰ আপাতদৃষ্টিৰ সুখময় জীৱনৰ শূন্যতা৷ ‘ৰাধা’ৰ পুৰাকথাৰ প্ৰসংগৰে নাৰীৰ স্বাধীনতাৰ কথা উত্থাপন কৰিছে–
‘‘পানীৰ বুকুত দাগ কাটি যোৱা ৰাধাৰ
খোজবোৰলৈ চোৱাচোন,
হাতত তুলি লোৱা বঠা
তোমাৰ বাবেও ৰৈ আছে এখনি নাও
দীঘল ওৰণিৰে মুখ ঢাকি
বেলিক নোচোৱাকৈ নাথাকিবা আয়তী৷”
এখনি নাও ৰৈ থকা কথাটোৱে নাৰীৰ বাবে অন্য এটি জীৱন অপেক্ষা কৰি থকাৰ ইংগিত প্ৰদান কৰিছে৷ ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনীত উল্লেখ থকা ৰাধাৰ আচৰণে নাৰী সমাজৰ বান্ধোন আৰু স্বাধীনতাৰ আভাস এটি দাঙি ধৰে৷ কবিতাটোত ৰাধাক মুক্ত নাৰীৰ প্ৰতীক হিচাপে লৈ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকা গৃহিনীক ৰাধাৰ দৰে ওলাই আ¿হ স্বাধীনতা ভোগ কৰিবলৈ কবিয়ে আওপকীয়াকৈ মত দাঙি ধৰিছে৷
 
নিম
অনুপম কুমাৰৰ কবিতাটিত ‘নিম’ নামটোৱে এক তীব্ৰ তিতাৰ আভাস¸ দাঙি ধৰে৷ এই তিতাৰ তীব্ৰতা এতিয়া নগৰীয়া জীৱনৰ আহে আহে সোমাই পৰিছে৷ নগৰ মানেই যেন অপূৰ্ণতা– আধাপঢ়া এখন গ্ৰন্থ, ভাঁজ কৰি ৰখা এখিলা পৃষ্ঠা, য’ত অৰ্থনীতি আৰু জীৱন সংগ্ৰামে মানুহক কৰি তুলিছে নিষ্ঠুৰ৷
কবিতাটিত এটি নষ্টালজিক মনোভাৱ আছে৷ ইয়ে পাঠকক ৰোমাণ্টিক আৱেশেৰে মেৰিয়াই ধৰে–
‘‘মই গাঁৱৰ কেঁচা আলিয়েদি খোজকাঢ়ি ফুৰিছোঁ
পুৱাৰ নিয়ৰ আৰু
সন্ধিয়াৰ ডুব যোৱা বেলিৰ হেঙুলীয়া…”
তোমাৰ হৈয়েই থাকি যাব খোেজাঁ ঐ
উদয় কুমাৰ শৰ্মাৰ উক্ত কবিতাটি সাধুকথা বা চুটিগল্পৰ কৌশলেৰে যেন আৰম্ভ হৈছে– “এদিন বুঢ়াদিয়াৰ পাৰত বহি আছিলোঁ”
সাধুকথাৰ জলকুঁৱৰী, ভাৰতীয় পুৰাকথাৰ চৰিত্ৰৰ উল্লেখেৰে কবিতাটিত ঐতিহ্য বা পৌৰাণিক পৰিৱেশ এটিৰ সৃষ্টি কৰিছে৷ মৃত্যুৰ পাছত পথিকে কৰা মানসিক যাত্ৰাৰ প্ৰসঙ্গৰে ব্যক্তিৰ জীৱনৰ অভিজ্ঞতাক ৰূপ দিব বিচাৰিছে৷ নাৰী, শ্ৰমজীৱি আৰু অভিজাত শ্ৰেণী – সকলোৰে এদিন মৃতু্য হ’ব৷ কিন্তু এই কথা জানিও এই ধৰাক কোনেও এৰি যাব নিবিচৰে৷
জলকুঁৱৰী, শিলে কথা কোৱা আৰু ব্ৰহ্মা-ইন্দ্ৰ-যম আদি পুৰাকথাৰ অনুসংগৰ মাজেৰে জীৱনৰ খণ্ডিত অভিজ্ঞতাক বিশেষ তাৎপৰ্যৰে দাঙি ধৰিব বিচাৰিছে৷ সমকালীন সমাজ তথা মানুহৰ পাশৱিক আচৰণৰ বিভিন্ন অন্ধকাৰ দিশবোৰ দাঙি ধৰিছে–
‘‘নাৰদে ফুচফুচাই কিবা কোৱাত তললৈ চাই দেখিলোঁঃ
হাবিৰ অন্ধকাৰত এজনী যুৱতী ছটফটাই আছে,
ডাষ্টবিন এটাৰ পৰা টেঁৱা টেঁৱা কান্দোন শুনি
কুকুৰ-কাউৰীবোৰে কোৱা-কুই কৰিছে’
 
সামৰণিঃ
সাম্প্ৰতিক বিশ্বৰ অৰ্থনৈতিক নীতি ঘাইকৈ শোষণমূলক আৰু অকল্যাণকামী বুলি প্ৰায়ে আপত্তি শুনা দেখা যায়৷ জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতেই এই অৰ্থনীতি অসুস্থ বুলি মত দাঙি ধৰিছে৷ পুঁজিবাদ আৰু ধনতন্ত্ৰবাদে সাধাৰণ জনতাৰ সুখৰ আলয় সাগৰৰ বালিঘৰৰ দৰে  ভাঙি চূৰমাৰ কৰি পেলাইছে৷ টকা সৰ্বস্ব জীৱন-দৰ্শনে মানুহক পশুৰ স্তৰলৈ নমাই নিছে, য’ত মানৱতাবাদী চিন্তা-ভাবৰ অভাৱ৷ আধুনিক সমাজ ব্যৱস্থাৰ ক্ষয়িষ্ণু আৰু ভংগুৰ দিশটোক মুক্তক ছন্দৰ মাধ্যমত বলিষ্ঠ ভাষাৰে কবিসকলে দাঙি ধৰি সচেতন পাঠকৰ হৃদয় আৰ্দ্ৰ কৰি তুলিবলৈ সক্ষম হৈছে৷ কাবি্যক সুষমাযুক্ত এনে আৱেগময়ী আৰু সাধনাৰ ভাষাই পৰৱৰ্তী কনিষ্ঠ কবিকূলকো পথ-প্ৰদৰ্শন কৰিব বুলি আশা কৰিব পাৰি৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে