সোমবাৰ , চেপ্তেম্বৰ 24 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / ইত্যাদি / অসমীয়াৰ পৰিৱৰ্তে কেৱল মুছলমান সজাই ৰাখিলে কোনে ?

অসমীয়াৰ পৰিৱৰ্তে কেৱল মুছলমান সজাই ৰাখিলে কোনে ?

মাইন উদ্দিন : কেইমাহ মাহমান পূর্বে ফেইচবুকত ভ্ৰাতৃসম বন্ধু এজনে ইনবক্সত লিখিছিল – ” আপুনি খুবেই ভাল লিখে , অসম আৰু অসমীয়া লৈ আপোনাৰ চিন্তাই যথেষ্ট প্ৰভাৱ পেলাব, কিন্তু এটা কথা নকৈ নোৱাৰিলোঁ যে আপুনি কথা বিলাক এজন মুছলমান হিচাবে কিয় লিখে ? এজন অসমীয়া হিচাবে লিখিব নোৱাৰে নে ?”

sankardev

 ইয়াৰ অর্থ এয়া নহয় নেকি আপুনিও এজন সাম্প্রদায়িক ব্যক্তি ?”

মই যথাযথ উত্তৰ দিছিলোঁ, কিন্তু সন্তুষ্ট হৈছিল নে নাই নাজানো ! এতিয়াও তেওঁ মোৰ বন্ধু তালিকাত আছে৷ কিন্তু মোৰ কোনো পোস্টতে মন্তব্য নিদিয়ে, কেতিয়াবাহে লাইক দিয়া দেখা যায় ! অৱশ্যে, মাজে মধ্যে ফোন কৰি অসমৰ বিভিন্ন সমস্যাৰাজিক লৈ কথা পাতে।

উত্তৰ কেইটা আকৌ এবাৰ ইয়াত দিয়া প্রয়োজন অনুভৱ কৰিলোঁ৷ কাৰণ অলপতে আৰু এজন অচিনাকি ফেচবুক ব্যৱহাৰকাৰীয়ে প্রায় একেই প্রশ্ন কৰিছে ।
অসমৰ ইতিহাসে কয় যে আহোমসকলৰ আগমণৰ ২৫ বছৰ আগতে মুছলমান সকল অসমত পদার্পণ কৰিছিল আৰু আলি মেচ প্রথম জন অসমীয়া মুছলমান বুলি লিপিবদ্ধ হৈ আছে ! ইয়াৰ পিছত আহোম স্বর্গদেউ সকলে কেনেকৈ কাক কাক আনিছিল সেই কথা ভূ ৰখা মহলে ভালকৈ জানে ( আলোচনা দীঘলীয়া হবে কাৰণে দিয়া নহ’ল)। আনকি ১৮৬২ ৰ পৰা ১৯৪২ লৈকে কোনে কিমান জন মুছলমান অসমৰ পবিত্র ভূমিলৈ বৈধ ভাবে আনিছিল, সেই তথ্যও অসম বাসীয়ে ভালকৈয়ে জানে৷ কিন্তু এতিয়া এচাম নাগপুৰীয়া জ্ঞানসমৃদ্ধ পণ্ডিতে এই ইতিহাস সলনি কৰি নিজা খেয়াল খুচি মতে ইতিহাস ৰচনাত লাগিছে ।

বহু কেইবাৰ আগতেও কৈছো আৰু আজিও উনুকিয়াই দিব খোজো –” পিছে মই আপোনাক অসমীয়া বুলি ভাবিছিলোঁ” এই কথাষাৰ কেৱল আৰবীয় মূলৰ নামটোৰ বাবে কিমান হেজাৰবাৰ শুনিছোঁ, সেয়া হিচাপ নাই ! বংগমূলীয় খিনিৰ কথা বাদেই দিলো, আমাৰ গড়িয়া , মৰিয়া , দেশী, গোৱালপৰীয়া খিনিও এই বাক্য শাৰী শুনি হীনমন্যতাত ভোগা দেখা পাইছো৷ বংগমূলীয় হলেতো কথাই নাই– গেদা, গেদী, গেদীয়, মিঞা, বাংলাদেশী, বঙাল, আদি উপলুঙা সূচক সম্বোধনবোৰ আছেই ! এয়া হল – আমাৰ সিংহভাগ তথাকথিত মূলসুঁতিৰ মুছলমান প্ৰীতিৰ নমুনা ।

বিগত ৭০ বছৰে অসমীয়া মুছলমানৰ হৈ আশাব্যঞ্জক পদক্ষেপ কোনো চৰকাৰ বা বেচৰকাৰী সংগঠনে লৈছে নে ? ইয়াৰ উত্তৰ সকলোয়ে জানে যদিও কোনোৱে নকয়৷ কেৱল এই সম্প্রদায়টোত চোৰ, ডকাইত, বদমাচ , ৪ – ১০ টা সন্তান আদি সকলক হে দেখা পায়৷ কোনোৱেই সৎ উদ্দেশ্য লৈ এই বোৰৰ বিশ্লেষণ কৰি সমাধানৰ পথ দিছেনে?
নাই দিয়া ।
কথাত কয় – কেঁচুৱাই নেকান্দিলে মাতৃয়ে হেনো পিয়াহ নুখুৱায়৷ সেয়ে এই ৩৪% অৱহেলিত , লাঞ্চিত , বঞ্চিত আৰু কলংকিত মানুহখিনিৰ কথা আমি নেলেখিলিলে কোনে লিখিব? অসম খনৰ সামগ্রিক উন্নয়ন হবলৈ এই ৩৪% মানুহৰ উন্নয়ন হবই লাগিব৷ অন্যথা “সোণৰ অসম” কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ৷ গতিকে অসমৰ সামগ্রিক উন্নয়নৰ চিন্তা কৰি নিজৰ মত প্রকাশ কৰাত ‘অনা অসমীয়া’ ভাৱ কত দেখা পালে?

মোৰ মাতৃক ভালপাওঁ, ইয়াৰ অর্থ কদাপি এইটো নহয় যে আপোনাৰ মাতৃক বেয়া পাওঁ ! অসমীয়া মুছলমানৰ হৈ কথা কোৱা মানুহৰ খুবেই অভাৱ৷ ৫০০০ (নাৰী , শিশু আদি ) ক দিন দুপুৰত বিনা দোষত হত্যা কৰা হ’ল, কিন্তু এজন অপৰাধীৰো আজিলৈকে শাস্তি নহ’ল। ছেগা-ছোৰোকাকৈ হত্যা চলিয়েই আছে, কিন্তু নিঃস্বার্থ ভাবে অসমীয়া হিচাবে কোনে প্রতিবাদ কৰিছে, আঙুলিৰ মূৰত গণি দিব পাৰিম ! ব্রহ্মপুত্র আৰু তাৰ উপনৈৰ কৰাল খহনীয়াত ভূমি-আশ্রয়হীন হোৱা লোকসকলক “সন্দেহ জনক নাগৰিক” উপাধি কোনে দিয়ে ? ইয়াৰ প্রতিবাদ তথাকথিত মূলসুঁতিৰ কোনোবাই কৰেনে , যদি কৰিছে তেন্তে মই হ’লে দেখা নাই। সেই জন ব্যক্তি বা সংগঠন সাম্প্রদায়িক যিয়ে অন্য সম্প্ৰদায়ৰ বিপক্ষে নানা ধৰণৰ কুৎস্যা ৰটনা কৰে। কিন্তু মোৰ জ্ঞান হোৱাৰ পৰা আজি লৈকে তেনে কাম কৰা নাই৷ এনেকি পূজা কমিটিৰ সাধাৰণ সম্পাদকৰ পৰা সত্র পৰিচালনা সমিতিৰ সম্পাদক হৈয়ো আহিছো তাতে কিন্তু কোনোৱে এবাৰো “সাম্প্রদায়িক” শব্দ টো মোক লৈ বুলি দলিয়াই দিয়া নাছিল  ।
এতিয়াও আমি আশাবাদী আমাক কেৱল “মুছলমান” বনায় নেৰাখি অসমীয়া হবলৈ দিয়ক ।

এটা মন্তব্য

  1. মনোৰঞ্জন গোস্বামী

    মুছলমান (সংখ্যা লঘু )সম্প্ৰদায়ৰ হত্যা, নিৰ্যাতনৰ বিৰুদ্ধে সকলো মানৱতাবাদী লোক তথা বামপন্থী প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ লোকে সদায় প্ৰতিবাদ আৰু বিৰোধিতা কৰি আহিছে।কিন্তু এই বোৰ বহুতল ভাবে প্ৰচাৰ নহয়। গতিকে কোনো মুছলমান মানুহে তেওঁ লোক অকলশৰীয়া বুলি ভাবিব নালাগে।বৰঙ বহু মুছলমান নেতাই ত্ৰাণকৰ্তাৰ ভূমিকা লৈ শাসকীয় পক্ষৰ লগত দাম দৰ মাৰি দৰহম মৰহম কৰি সমস্যা আৰু সংঘাত সদায় জীয়াই ৰাখিবলৈ বিচাৰে। যাতে চিৰদিন তেওঁ লোক সংখ্যা লঘুৰ নেতা হৈ থাকিব পাৰে। নিজ স্বাৰ্থৰ বাবেই সাধাৰণ সংখ্যা লঘু সম্প্ৰদায়ৰ মানুহ শিক্ষিত আৰু প্ৰাকৃত জ্ঞানী হোৱাটো সিহঁতে নিবিচাৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে