চ’ৰাঘৰ / কথাশিল্প / আঘোণৰ পথাৰত ( জ্যোৎস্না ৰাজখোৱা শৰ্মা )

আঘোণৰ পথাৰত ( জ্যোৎস্না ৰাজখোৱা শৰ্মা )

আঘোণৰ পথাৰত
ডাঙৰী বন্ধাৰ চলেৰে কিয় চাইছিলি চকুলৈ ?
হাতখন কাঁচিয়ে কাটিলে !
ৰবাব টঙাৰ সোৱাদ জিভাত লাগোতেই
বেলিটো পাহাৰত লুকালে !!
লেচেৰি বোটলাৰ লগ আছিলি তই
ডাৱৰত ছবি অঁকাৰো লগ
আঘোণৰ পথাৰতেই কথা দিছিলি
নৈৰ ঘাটলৈ নিম বুলি ।

তই কথা দিও কথা নেৰাখ
আঘোনটো আহিয়েই থাকে
তইহে ভুমুকি নেমাৰ ।।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে