চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / পূজ্য নেতা স্বৰ্গীয় ভীমবৰ দেউৰীৰ সোঁৱৰণত ( নিবাৰণ বৰা )

পূজ্য নেতা স্বৰ্গীয় ভীমবৰ দেউৰীৰ সোঁৱৰণত ( নিবাৰণ বৰা )

[পূজা নেতাজনৰ দিবলগীয়া চিনাকি বহু দিনৰ আছিল তেনে নহয় কিন্তু সম্বন্ধটো আছিল অন্তৰংগ আৰু এটা দিশত মোৰ পথ প্ৰদৰ্শক। ১৯৪৫ চনৰ কথা মই সক্ৰিয় ৰাজনীতিত যোগ দিছো ১৯৪২ বিপ্লৱত নিজ সাৰ্থকতা অনুসৰি কাৰ্যনিৰ্বাহ কৰাৰ পিছত৷ মই কংগ্ৰেছত যোগ দিছো সকলো ১৯৪২ ৰ কৰ্মীসকলৰ দৰেই৷ কাম কাজত লিপ্ত হৈছো৷ বনুৱা ক্ষেত্ৰত বিশেষকৈ চাহ বনুৱাৰ ক্ষেত্ৰত কাম কৰিবলৈ আৰম্ভ কৰিছো৷ জিলা কংগ্ৰেছৰ সভাপতি তেতিয়া প্ৰয়াত লক্ষেশ্বৰ বৰুৱা৷ ১৯৪২ আন্দোলনত কাৰাবাস তেখেতে ভোগ কৰি আছে৷ ১৯৪২ৰ কৰ্মীসকলৰ লগত তেখেতৰ পৰিচয় নাই৷ কিন্তু নতুন কৰ্মীসকলক পৰিচালনাৰ ক্ষমতা তেখেতৰ আছিল৷ পূজ্য নেতা ভীমবৰ দেউৰীৰ লগত সম্বন্ধটো তেখেতৰ দান৷ চন তাৰিখ মনত নাই, ১৯৪৫ চনৰ জাৰৰ দিনত মিছিংসকলৰ সংগঠন গঢ়ি উঠিছে৷ চালুকীয়া ভাবে৷ তাৰে প্ৰথম বাৰ্ষিক অধিৱেশন বহিব উত্তৰ পাৰৰ মিছিং গাঁও কয়ম গাঁৱত৷ তালৈ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিনিধি যাব৷ যাব ভীমবৰ দেউৰী আৰু যজ্ঞেশ্বৰ বৰুৱা৷ লক্ষেশ্বৰ বৰুৱাই মোক ক’লে তুমিও লগতে যোৱা৷ মই যাবলৈ ওলালো৷ পিছদিনা ৰাতিপুৱা ডিব্ৰুগড়ৰ পূজাঘাটত হাজিৰ হ’লো সময়মতে৷ আমি এখন সাধাৰণ নাঁৱত পুৱাৰ ভাগতে ৰাওনা হ’লো৷ কয়ম মিচিং গাঁও পোৱাত দেৰী নহ’ল কাৰণ ভটিয়াই গৈছো৷ দুপৰীয়া সাজ খোৱাৰ বহু আগতেই গৈ পালোগৈ৷ এটা সৰু ঘৰত, দুটা কোঠালীত আমাৰ থকা খোৱাৰ ব্যৱস্থা কৰা হ’ল৷ দ্বিতীয় কোঠালীত মোৰ আৰু যজ্ঞেশ্বৰ বৰুৱাৰ বাবে আমি নিজে ৰান্ধি খাবলৈ সকলো সৰঞ্জাম আৰু ৰচদ পাতি যোগাৰ৷ দেউৰী দেৱে মোক ক’লে তোমালোকৰ খোৱাৰ বাবে সিধা যোগাৰ কৰিছে৷ ৰান্ধি খাব পাৰিবা৷ মই সেইটো সংস্কৃতিত উপজিলেও কম বয়সতে ৰাইজৰ মাজ সোমালো, সেয়ে মই আপত্তি কৰিলো৷ মোক সুধিলে মিৰিয়ে ৰন্ধা খাবা ? মই ক’লো কিয় নেখাম ?
আমি একেলগে আহাৰ কৰিলো৷ সভাৰ কাম আৰম্ভ হ’ল দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত গধুলি আমি আকৌ শিবিৰত৷ গাঁৱৰ ডেকা ল’ৰাহঁত আহি দেউৰীক কিবা এটা ক’লে৷ দেউৰী ডাঙৰীয়াই মোক কলে ডেকাল’ৰা এওলোক আহিছে ‘‘মৰং ঘৰলৈ” তোমাক লৈ যাবলৈ৷ যোৱা, চিনাকী হোৱগৈ মিৰি ডেকাহঁতৰ লগত৷ মই আগেয়ে নিচিনা এখন সমাজৰ লগত মোৰ প্ৰথম পৰিচয়৷ মই লক্ষ্য কৰিছিলো মোৰ ব্যৱহাৰত দেউৰী ডাঙৰীয়া আচৰিত হোৱা নাছিল, তেখেতে আনন্দ হোৱা নাছিল, তেখেতে আনন্দ লাভ কৰিছিল৷ অনুভৱ কৰিছিল যে মিৰি সমাজলৈ যাওঁতে সম্পূৰ্ণ অচিনাকী এজন অসমীয়া যুৱকে তেখেতক অপদস্থ নকৰিলে৷ ৰক্ষণশীল অসীয়া সমাজখনৰ পৰা ওলাই মই বাট বুলিবলৈ শিকিলো, ৰাজনৈতিক জীৱনৰ প্ৰথম পদক্ষেপত পিছত তাৰ ৭৮ বছৰ বয়সৰ মই এই মানুহটো৷ চৰিত্ৰ গঠনৰ প্ৰথমজন পাঠ পঢ়োৱা মোৰ জীৱনৰ প্ৰথম আচাৰ্য৷ যোগ্যজনলৈ ৰাজহুৱাভাবে বলকি শ্ৰদ্ধা তৰ্পনেই যথাৰ্থ নহয়, আভৰিকো নহয়৷ দেউৰী ডাঙৰীয়া অকালতে আমাক এৰি গুচি গ’ল৷ আৰু কিছুদিন জীয়াই থকা হ’লে ৰাজনীতিৰ দ্বিতীয় পাঠ তেখেতৰ পৰাই শিকিব পাৰিলোহেঁতেন৷ কিন্তু প্ৰথম পাঠেই মোক পৰৱৰ্তী জীৱনত তাকৰ সহায় কৰা নাই ৰাজনৈতিক মজিয়াত ভৰি দিয়াৰ পিছত ক’ত খোকোজা ৰৈ গ’ল যাৰ বাবে আজি বহুতো সময়ত খোজ দিওতে সংগী বিচাৰি নেপাওঁ৷ এইটো মোৰ পৰিচয় পৰ্ব্ব ইতিহাসত এই ব্যাখ্যাই ৺দেউৰী দেৱৰ ব্যক্তিত্বৰ পটভূমিহে অতি সামান্য পৰিচয়৷]

উপৰোক্ত লিখা খিনিয়ে দেউৰী ডাঙৰীয়াৰ বুদ্ধি-বৃত্তি, ব্যক্তিত্ব আৰু ঐতিহাসিক ভূমিকাৰ ব্যাখ্যা নহয়; ৺দেউৰী ডাঙৰীয়াৰ সম্বন্ধে মোৰ লেখাৰ অধিকাৰ আছে, সেই অধিকাৰ নহয় — কাৰণ মোৰ পিঠিতো সবকে লেবেল মৰা আছে — ভিন্ন পুৰুষ বুলি…
এইটো অধ্যায় অন্য এজনে নিলিখে ময়েহে লেখিবলৈ ওলাইছো – মোৰ অনুভৱ আৰু উপলব্ধি, কাৰণ এই লিকিখ খোজা দিশটো সাধাৰণজনৰ নহয় বিজ্ঞ আৰু বুদ্ধিজীৱিসকলৰ বাবে অবিদিত নহয় কাৰণ অসমীয়া জাতিৰ সম্পূৰ্ণ পৰিচয়ৰ পৰা তেওঁলোকো নিলগত৷
১৯৪৫-৪৭ চনৰ সময়খিনি অসমীয়াৰ জীৱনত বিংশ শতাব্দীৰ সকলো সময়ৰ বাবে আটাইতকৈ সংকটপূৰ্ণ সময়৷ এনে এটা সময় মোগল শক্তিয়ে ১৭ বাৰ আক্ৰমণ কৰাৰ সময়টো উপস্থিত হেৱা নাছিল, হোৱা নাছিল অসমক বংগ দেশৰ লগত ১৮২৬, ১৮৭৪, ১৯২৩ চনলৈকে অবিভক্ত বংগ দেশৰ লগত সামৰি লোৱা সময়টো৷ ১৭ শতাব্দীতকৈ বৃহৎ বহল চহকী এখন অসম চামিল হ’ব ঢাকাৰ নবাবৰ চৰণ তলত৷ ইতিহাসে কৰিব নোৱাৰা কাম ইংৰাজে কৰিব ‘ভাৰত ত্যাগ’ কৰাৰ সময়ত অসমক ‘‘তৌকা”ৰূপে ঢাকাৰ লগত চামিল৷ সেই ষড়যন্ত্ৰ ব্যৰ্থ কৰিছিল ৺গোপীনাথ বৰদলৈয়ে অকলে নহয়, ট্ৰাইবেল লীগৰ সহায়ত, ৺ৰূপনাথ ব্ৰহ্ম, ৺ভীমবৰ দেউৰী আৰু সহপাঠী ৺ধৰণীধৰ বসুমতাৰীৰ সহায়ত৷ সেই কথা কদাপিও অসম দেশত জ্ঞাত নহ’ল৷ এই তিনিজনক কৃতজ্ঞতা জ্ঞান নকৰিলে অসমীয়াই যিসক অসমীয়া আজিও ঠেক সংজ্ঞাৰে অসমীয়া৷ ১৯৪৭ চনৰ কথা নহয়, কথা ১৯৩৮ চনৰ জনজাতীয় সমজে অসমৰ ৰাজনীতিত এটা নিৰ্দিষ্ট ভূমিকা গ্ৰহণ কৰাৰ সিদ্ধান্ত৷ সেই সিদ্ধান্ত ভুল নাছিল৷ কংগ্ৰেছ মন্ত্ৰীসভাই পদত্যাগ কৰাৰ পিছত ৺ছাদুল্লা মন্ত্ৰীসভাত যোগ দিয়াটোও তেওঁলোকৰ সাৰ্থক ৰণ-কৌশল ‘‘ভীমবৰ দেউৰী তেতিয়াৰ অাঁৰৰ ব্যক্তি যাৰ প্ৰকাশ ঘটিল তাৰ মাত্ৰ ৭ বছৰৰ পিছত ১৯৪৫ চনত।দেউৰীসকল বৰ তাকৰ কিন্তু অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত দেউৰীসকলৰ বৰঙণি স্বেচ্ছাপ্ৰণোদিত আৰু নিঃস্বাৰ্থভাৱে ১৯৪৬ চনৰ মাৰ্চ মাহত আহিল ইংলেণ্ডৰ প্ৰতিনিধি দল ভাৰতক স্বাধীনতা প্ৰদানৰ বাবে৷ তেওঁলোকৰ প্ৰস্তাৱত পশ্চিম পাকিস্তান পোণপটীয়াকৈয়ে পাকিস্তান, আৰু পূব পাকিস্তান আওপকীয়াকৈ পাকিস্তান অসমকে সামৰি পাৰ্ব্বত্য অঞ্চল King’s Colony ইংৰাজসকলৰ ভাৰতৰ শেষ ভেটি৷ সেই চক্ৰান্ত ব্যৰ্থ কৰিছিল ট্ৰাইবেল লীগৰ সমৰ্থক দূৰদৰ্শিতা আৰু বিচক্ষণ বুদ্ধিৰ দেউৰীদেৱে৷ চেঞ্চাচ অনুসাৰে অসমীয়া ভাষীৰ সংখ্যা ৩৩%, ট্ৰাইবেলৰ ১৮%, কিন্তু অসমীয়াতকৈ পৃথক মুছলমানৰ সংখ্যা ২৯%৷ সেই মুহূৰ্ত্তত ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্মই আৰু ধৰণীধৰ বসুমতাৰীয়ে কৈছিল প্ৰথমে আমি অসমীয়া৷ কৈছিল সংবিধন সভাত যাৰ ফলত অনুসূচী ৫ আজিও অসমৰ ভৈয়াম জনজাতি ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাই৷ এই ত্যাগ ধৰণী ধৰিত্ৰীৰ বাবে অকল মল মূত্ৰ ত্যাগ কৰা স্বদেশী আৰু বুদ্ধিজীৱীয়ে বুজি পাবলৈ সক্ষম নহ’ব কাৰণ ষ্টেলিন, মাৰ্ক্স তথা মাও চেতুঙৰ লেখনিৰ ধাৰে ছপাৰ আখৰত পকাবন্ধা কিতাপত লিখা নহ’ল অথচ সমসাময়িক ইতিহাস এই অনভিজ্ঞ আজিৰ অসমত বাহাৰ চলিছে যদিও তেওঁলোকৰ জ্ঞান তুলুঙা৷

ৰূপনাথ ব্ৰহ্মই, ভীমবৰ দেউৰীয়ে, ধৰণীধৰ বসুমতাৰীয়ে অসমীয়া জাতিৰ পুনৰ গঠনৰ প্ৰক্ৰিয়াত বৰঙণি ৮০ ভাগ সেই কথা স্বীকাৰ কৰাটো অসুবিধা হ’ল খাঁটি অসমীয়াসকলৰ বাবে৷ জন্ম হ’ল, ৰৈ ৰৈ জন্ম লৈ বড়ো বিদ্ৰোহীৰ দল আমি হ’লো তেওঁলোকৰ শত্ৰু আৰু তেওঁলোক হ’ল আমাৰ শত্ৰু৷ দেছুৱালী চিপাহী আনিছো আমি হিন্দুস্থানৰ পৰা সিহঁতক এশিকা দিবৰ বাবে৷ খাটি অসমীয়াই অন্যক্ষেত্ৰত ইয়াতকৈ ভিন্নভাৱে আচৰণ কৰিছেনে নাইনেজানো প্ৰফুল্ল মহন্তৰ দিনলৈকে চলা এই প্ৰশাসনিক নীতি ‘‘এসেকা দিব লাগে, বৰ বাঢ়িছে এই ট্ৰাইবেল মখা৷” চলি আহিছে অসমীয়াক চূড়ান্ত ক্ষতি সাধন কৰি, কিন্তু তেওঁলোক আজিও নিজকে নিৰাপদ জ্ঞান কৰি আহিছে৷ শৰৎ সিংহৰ মাহ বছৰীয়া ৰাজত্বতো একো সলনি নহ’ল৷ ভিন্ন সুৰত কথা ক’লেও আজিও কয় – কিব হেতুক ?

গোপীনাাথ বৰদলৈৰ সপোন আংশিকভাৱে হ’লেও সাৰ্থক হ’ল৷ অসম পাকিস্তানৰ গৰাহৰ পৰা হাৰিল৷ কিন্তু ইংৰাজৰ চক্ৰান্ত ব্যৰ্থ কৰিবলৈ তেওঁৰ একমাত্ৰ সংগী আছিল জনজাতীয়সকল – পৰ্বতীয়া কওক, ভৈয়ামৰ কওক৷ ৺গোপীনাথ বৰদলৈয়ে জনজাতীয়সকলক দিয়া আশ্বাসসমূহ ৰক্ষা কৰা নহ’ল তাৰ বাবে যদি আজি কোনো জন অনুতপ্ত সেয়া প্ৰয়াত বৰদলৈ আত্মা৷ জনজাতীয় যুৱকৰ আজিৰ এই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ প্ৰাণ দান দিবলগীয়া হোৱাটোও যদি কোনোবা অনুতপ্ত সেয়া মেধাৰূক্ষ দেউৰী আৰু বসুমতাৰী৷ কিন্তু নহয়, মই ভুল কৰিছো নেকি তেওঁলোকৰ আত্মা আজি গৌৰান্বিত জনজাতীয়সকলৰ এতিয়াৰ প্ৰজন্মৰ প্ৰতি যিমান আছিল জীৱন কালৰ ডেকা, বুঢ়া, গাভৰু জীয়াৰী, মাতৃসকলৰ প্ৰতি।

ইতিহাসে যেন ক্ষমা কৰি দিয়ে এইজন বীৰ বিপ্লবীক যি জনাই গঢ়ি থৈ গ’ল অসমীয়া জাতিক৷ ৺ভীমবৰ দেউৰীৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলো৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে