চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / স্বৰ্গীয় ভীমবৰ দেউৰী ( গোপীনাথ বৰদলৈ )

স্বৰ্গীয় ভীমবৰ দেউৰী ( গোপীনাথ বৰদলৈ )

মোৰ মনেৰে ৺ভীমবৰ দেউৰী আচলতে অসমৰ এজন জননতা আছিল৷ জীৱিত অৱস্থাত তেওঁৰ বহু সহকৰ্মী আৰু অনুকৰণকাৰীসকলে আৰু ঠিক তেনেকৈয়ে আন দলৰ তেওঁৰ প্ৰতিদ্বন্দ্বী বহুলোকে তেওঁক পূৰ্ণমাত্ৰাই ‘সাম্প্ৰদায়িক’ বা ‘চেকচেনেল’ নেতা প্ৰতিপন্ন কৰিছিল আৰু এতিয়াও কৰি আছে; কিন্তু, দেউৰীক মই যিদৰে জানিছিলো তাৰ পৰা মই ইয়াকে ডাঠি ক’ব পাৰো যে তেওঁ ট্ৰাইবেল সকলৰ নেতৃত্ব কৰিলেও, তেওঁ এজন সমস্ত অসমৰ নেতা আছিল ৷ তেওঁ নিজে এজন ট্ৰাইবেল নেতা হৈ পিছ পৰা জাতি সকলক উন্নতি পথলৈ নিবলৈ চেষ্টা কৰাটো যদি আমি দোষৰ কথা বুলি ভাবো, তেন্তে অন্ধক বাট দেখুৱাবলৈ চেষ্টা কৰাটোকো আমি দোষণীয় বুলি ক’ব লাগিব ৷ বহুতে ক’ব পাৰে যে যেতিয়া অন্ধই অন্ধক বাট দেখুৱাবলৈ যায়, উভয়ে গৈ খালত পৰে ৷ ইয়াৰ উত্তৰত মই ইয়াকে কওঁ যে ৺ভীমবৰ দেউৰীৰ নেতৃত্বত এধানো অন্ধৰ ভাব নাছিল৷ বৰং যেতিয়াই তেওঁৰ কোনো অনুচৰ সকলে তেওঁক আন্ধাৰ বাটলৈ নিবৰ চেষ্টা কৰিছিল তেতিয়াই তেওঁ অতি সুস্পষ্ট ভাৱে তাৰ বিপক্ষে ঠিয় হৈছিল আৰু সদায়ে পোন আৰু সজবাটলৈ আঙুলিয়াই দেখুৱাইছিল৷ এই মহাগুণৰ অনুভূতিৰ কাৰণেই মোৰ তেওঁৰ নানা কথাত মতভেদ হোৱা সত্বেও তেওঁ লগত ১০-১২ বছৰৰ বন্ধুত্ব এদিনৰ কাৰণেও হ্ৰাস হোৱা নাছিল; আৰু মোৰ বিশ্বাস সেইদৰেই তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ পৰা এদিনো বঞ্চিত হোৱা নাছিলো৷ আমি উভয়েই এটা সত্য অনুভুতি কৰিছিলো যে অসমৰ জাতীয়তাবোধ বিবিধ লোকৰ উমৈহতীয়া শক্তিৰ প্ৰকাশ আৰু বিবিধ সকলে সবলে উন্নতিৰ পথত আগ বাঢ়িলেহে দেশৰ প্ৰকৃত সম্পদ উপাৰ্জন কৰিব পৰা হ’ব৷
মই দেখিছিলো যে স্বৰ্গীয় ভীমবৰৰ মনত যেতিয়াই কংগ্ৰেছ অনুষ্ঠানৰ কাৰ্যৰ সম্বন্ধে আঁসোৱাহে উপজিছিল, তেতিয়াই তেওঁ মোক অন্তৰৰ সন্দেহ জনাইছিল, কিন্তু ক্ষন্তেকলৈ হ’লেও তেওঁ কেতিয়াও জাতীয়তা নাইবা কংগ্ৰেছ নীতিৰ বিৰোধীভাৱ প্ৰকাশ কৰা নাছিল৷
আচলতে ভীমবৰ এজন সুস্থ আৰু স্বাধীন অসম গঢ়োতা আছিল৷ অসমীয়া ভাষা, শিল্প আৰু কৃষ্টি আৰু এইবিলাক সম্বন্ধে আমাৰ কৰিব লগীয়া কাম, এই বিষয়ে ভীমবৰ লগত মোৰ অনেক আলোচনা হৈছিল, আৰু মই ইয়াকে ক’ব পাৰো যে তেওঁৰ আঁচনি আৰু কাৰ্য তালিকা কোনো কংগ্ৰেছী বা জাতীয়তাবাদী অসমীয়াতকৈ কোনো ৰকমে পৃথক নাছিল৷
ট্ৰাইবেল জাগৰণৰ জন্মভূমি কোকৰাঝাৰ অঞ্চল বুলি ক’ব পাৰি৷ কিন্তু এই জাগৰণৰ মগজু যে ভীমবৰ আছিল তাক কোনোৱে নুই কৰিব নোৱাৰি৷ তেওঁৰ দূৰদৰ্শিতা আৰু কাৰ্যশক্তিৰ কাৰণেই আজি অসমৰ ট্ৰাইবেল সকলৰ উন্নতিৰ সুনিশ্চিত ৷ এনে অৱস্থাত ভীমবৰ স্বৰ্গী হোৱাত ট্ৰাইবেল সকলৰ যি অপূৰণীয় ক্ষতি হ’ল তাক নিশ্চয় তেওঁলোকে গভীৰভাৱে অনুভৱ কৰিছে৷ আনপিনে অসমৰো ক্ষতি কম হোৱা নাই৷ মন্ত্ৰী হোৱাৰ ৩-৪ মাহ মান আগৰে পৰা অসমৰ লগে লগে ট্ৰাইবেল সকলৰ সৰ্বতোভাৱে উন্নতি যে কংগ্ৰেছী নীতিৰ মতে কাম হলেহে হ’ব তাক ভীমবৰে ভালকৈ বুজিব পাৰিছিল৷ তেওঁ যেতিয়া বুজিলে যে কংগ্ৰেছে গণভোট (Adult Franchise ) গ্ৰহণ কৰিবলৈ ওলাইছে, তেতিয়াই তেওঁ ‘সুকীয়া নিৰ্বাচন’ ত্যাগ কৰি ‘যুটীয়া নিৰ্বাচন’ৰ পক্ষপাতী হ’ল৷ ব্যক্তিগতভাৱে, তেওঁ এনে ধৰণেৰে প্ৰকাশ কৰিছিল যে যদি ২৩/২৪ লাখ ট্ৰাইবেল লোকে গণভোটৰ স্বত্বেও তেওঁলোকৰ ৰাজনৈতিক শক্তি বজাই ৰাখিব নোৱাৰে, তেন্তে আনকোনো উপায়ৰেই তেওঁলোকে তেওঁলোকৰ উন্নতি সাধন কৰিব নোৱাৰিব ৷ এই বিবেচনাতেই তেওঁ বিনা চৰ্ত্তে কংগ্ৰেছৰ অনুশাসন মানিবলৈ ৰাজি হৈ কংগ্ৰেছ দলত যোগ দিয়ে ৷ আৰু কংগ্ৰেছ দলে তেওঁক গণ পৰিষদলৈ নপঠিওৱা স্বেত্ত্বেও কংগ্ৰেছৰ নীতি আৰু পৰিষদৰ মেম্বৰৰ দৰে মানি চলিবলৈ ধৰিলে ৷
ভীমবৰৰ তীক্ষ্ণ বুদ্ধি, দূৰদৰ্শিতা আৰু চিন্তাৰ কাৰণে তেওঁৰ মন্ত্ৰীসভাত স্থান পাওঁতে বেছি পলম নহ’ল; আৰু অতি অলপ দিনৰ ভিতৰতে তেওঁৰ নিৰ্ভিকতা, সততা, কাৰ্য দক্ষতাৰ যথেষ্ঠ প্ৰমাণ দিলে।শৰীৰৰ অসুস্থতা স্বত্বেও যি বিষয়কে তেওঁ হাতত লৈছিল, তাকে অতি শীঘ্ৰে এজন অতি সুদক্ষ শাসন চালক হৈ উঠিব।কিন্তু স্বৰ্গীয় পৰমেশ্বৰে সেই আশা পূৰণ হ’বলৈ নিদিলে।যিদিনা তেওঁক হস্পিটেললৈ নিয়া হ’ল সেই দিনাই মই মোৰ ওপৰত ব্ৰজপাত পৰাযেন অনুভৱ কৰিলোঁ।তথাপি আশা কৰিছিলো।চিকিৎসাৰ ফলত তেওঁ ভালহৈ উঠিব।কিন্তু, সিও হৈ নুঠিল।ভীমবৰ দেউৰীয়ে সকলোকে শোকত পেলাই ডেকা কালতে স্বৰ্গী হ’ল; আৰু লগে লগে ময়ো এজন সহোদৰ হেৰুৱালো।আজি তেওঁৰ আত্মাই নিশ্চয় সুখী হ’ব যি ট্ৰাইবেলৰ উন্নতি কল্পে কাম কৰি তেওঁ প্ৰাণত্যাগ কৰিলে সেই ট্ৰাইবেল সকলৰ উন্নতিৰ অৰ্থে নতুন শাসনতন্ত্ৰৰ টোকাত উপযুক্ত বিধান কৰা হৈছে। স্বৰ্গীয় ভীমবৰ দেউৰীৰ জীৱনে আজি সকলো অসমবাসী, বিশেষকৈ ট্ৰাইবেল ভাইসকলক অনুপ্ৰাণিত কৰক।
(পুনঃমুদ্ৰিত, লেখাটোৰ বৰ্ণাশুদ্ধি আৰু বাক্য গাথনি সম্পাদনা কৰা হোৱা নাই।)

Leave a Reply

Your email address will not be published. Required fields are marked *