চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভীমৰাও আম্বেদকাৰ স্থান পাব লাগিছিল জননেতা ভীমবৰ দেউৰীয়ে ( অনুপ কুমাৰ দেউৰী )

ভীমৰাও আম্বেদকাৰ স্থান পাব লাগিছিল জননেতা ভীমবৰ দেউৰীয়ে ( অনুপ কুমাৰ দেউৰী )

আমাৰ বিবেচনাত ভীমৰাও আম্বেদকাৰ স্থান পাব লাগিছিল ভীমবৰ দেউৰীয়ে৷ ভীমৰাও আম্বেদকাৰ যেনেকৈ শিক্ষাৰ ক্ষেত্ৰত বৰ্ণ-বৈষম্যৰ বলি হব লগা হৈছিল আৰু পাছলৈ এই বৰ্ণবৈষম্য সমাজৰ পৰা দুৰ কৰিবলৈ সৱল যুক্তি দাঙি ধৰি সংবিধান প্ৰণেতা হিচাবে পিছ পৰা অনুসুচিত জাতি-জনজাতিৰ উন্নয়নৰ কথা চিন্তা কৰি শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল; ঠিক তেনেকৈ কটন কলেজত পঢ়িবলৈ আহোতে ভীমবৰ দেউৰীয়ে উক্ত হোষ্টেলত থকা সময়তে ‘উচ্চ-বৰ্ণ’ আৰু ‘নিম্ন-বৰ্ণ’বাদৰ বলি হৈছিল৷ অৰ্থাৎ উচ্চবৰ্ণ হিন্দু সকলে ‘প্ৰথম মেছ’ত স্থান পাইছিল আৰু অনুসুচিত-জাতি জন-জাতি ছাত্ৰই ‘দ্বিতীয় মেছ’তহে থকা-খোৱা কৰিব পাৰিছিল৷ এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে প্ৰথমে আন্দোলনয আৰু প্ৰতিবাদ গঢ়ি তুলিছিল ভীমবৰ দেউৰীদেৱে আৰু পিছলৈ অৰ্থাৎ ত্ৰিছ-চল্লিছ দশকত এই বৰ্ণবাদ ভীমবৰ দেউৰীৰ নেতৃত্বত একমাত্ৰ উচ্ছ-শিক্ষানুস্থান কটন কলেজৰ পৰা উঠাই লোৱা হৈছিল৷ তাৰোপৰি ভীমবৰ দেউৰীৰ নেতৃত্বত ১০৮ খন আসনৰ মাজত ভৈয়াম জন জাতিৰ বাবে ৪ খন, পৰ্ব্বতীয়া জনজাতিৰ বাবে ১ খন আৰু অনুসুচিত জাতিৰ বাবে ৩ খন মুঠ ৮ খন আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে৷ ভীমবৰ দেউৰীৰ অক্লান্ত চেষ্টাতেই বৰ্তমান অনুসুচিত জাতি আৰু জন-জাতিসকলে “ছাত্ৰ বৃত্তি” আৰু “উচ্চ শিক্ষা” ৰ বাবে আসন সংৰক্ষণ ফলভোগ কৰিবলৈ পাইছে এই কথা জল-জল পট্ পট্৷ তেখেতৰ নেতৃত্বতেই অসমৰ অনগ্ৰসৰ জন-গোষ্ঠীসমুহে বাস্তবিকতে উন্নয়ৰ পথ দেখা পাইছিল৷ অসমৰ সকলো জন-গোষ্ঠীয়ে সমান অধিকাৰ পোৱাতো তেখেতে পোষকতা কৰিছিল৷ ভীমবৰ দেউৰীৰ পৰিকল্পনাসমূহ মানি চলাহেঁতেন অসম প্ৰদেশ আজিৰ ‘সাভভনী’ ৰাজ্যত বিভক্ত নহলেহঁতেন আৰু বৰ্তমান অসমত ঘটি থকা গোষ্ঠীগত সংঘৰ্ষ নেথাকিলেেহঁতেন আৰু লগতে অসমখনো বৰ্তমান বাংলাদেশী বা বিদেশী আগ্ৰসনৰ পৰা মুক্ত হ’লহেঁতেন৷ প্ৰাক-স্বাধীনতা কালতে বৃহত্তৰ অসম গঢ়াত আহোপুৰুষাৰ্থ কৰি জীৱন আহুতি দিয়া ভীমবৰ দেঊৰী মৰোণোত্তৰভাবে ‘ভাৰত ৰত্ন’ দিয়াৰ কথা আমি পোষকতা কৰো৷
এইখিনিতে ভীমবৰ দেউৰীৰ দেশপ্ৰেম আৰু নিস্বাৰ্থ দেশসেৱাৰ কথা কিছু অৱতাৰণা কৰিব বিচাৰিছো অনগ্ৰসৰ জনগোষ্ঠীসকলৰ বাবে আহোপুৰুষাৰ্থ শ্ৰমদান কৰাই ভীমবৰ দেউৰীৰ জীৱনৰ ব্ৰত আছিল৷ তেখেতে নিজেই এইদৰে কৈছিল – “মোৰ জীৱনৰ উদ্দেশ্য সুকীয়া, ইংৰাজী পঢ়ি চাকৰি কৰাই নহয়; মোৰ জাতিৰ, ওপজা ঠাই, মোৰ গাঁৱলীয়া খেতিয়ক সম্প্ৰদায়ৰ আৰু জননী অসমৰ উন্নতি সাধন কৰাহে ৷” তাকেই কৰিবলৈ ভীমবৰ দেউৰীয়ে প্ৰথমে চিন্তা-চৰ্চ্চা কৰিছিল উত্তৰ পূৰ্ব্বাঞ্চলৰ সকলোগোষ্ঠীক একত্ৰিত কৰি তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়ন আৰু শিক্ষা-দিক্ষাৰে সু-শিক্ষিত কৰি চৰকাৰৰ সাহাৰ্য্যত সুবিধা গ্ৰহণৰ বাবে আপ্ৰাণ চেষ্টা কৰিছিল৷ তেখেতে আৰু কৈছিল -“আমি আমাৰ দুখ-দুৰৱস্থাৰ কথা কওঁতে আৰু আমাৰ দাবীবিলাক দাঙি ধৰোতে আমি অসমীয়া জাতিৰ অংগ, সমুহ অসমীয়া জাতিৰ উন্নতি আৰু অৱস্থা ভাল হ’লে আমাৰ অৱস্থাও ভাল হ’বলৈ বাধ্য৷ আমাৰ উদ্দেশ্য হব লাগিব আমাৰ অসমীয়া জাতীয়তাক বলীয়ান কৰি তোলা”৷ “অসমৰ সামগ্ৰিক উন্নয়নৰ এটা প্ৰধান পূৰ্বচৰ্ত হ’ল সাধাৰণ কৃষকসকলৰ উন্নয়ন৷ খেতি তথা কৃষি কৰ্মই হৈছে অসমবাসীৰ বিশেষকৈ অনগ্ৰসৰ জনগাষ্ঠীৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান অৱলম্বন”৷

কিন্তু, ১৯৪৬ চনত ভীমবৰ দেউৰীক গোপীনাথ বৰদলৈৰ মন্ত্ৰী সভাত ‘শ্ৰম আৰু বন’ কেবিনেট মন্ত্ৰী হিচাবে নিযুক্তি দিয়ে৷ মন্ত্ৰীৰ গাদীত বহি ভীমবৰ দেউৰীয়ে কৈছিল – ‘‘তথাকথিত শিক্ষিত সমাজৰ পাহৰণিত পৰি থকা দেশৰ আৰু সমাজৰ প্ৰকৃত শক্তি খেতিয়ক আৰু বণুৱা ৰাইজৰ সৰ্বাঙ্গীণ উন্নতি আৰু জাগৰণৰ আচল ভেঁটি বান্ধিৱৰ দিন আহি হাতত পৰিছেহি৷ আমি যদি কৰ্তব্য জানো আৰু পালন কৰোঁ, এই ভেঁটি বান্ধিবই লাগিব৷ মই আশা কৰিছো আমাৰ মন্ত্ৰী মণ্ডলীয়ে সুচিন্তিত গঠনমূলক কাৰ্য পদ্ধতিৰ যোগেদি ‘ৰাইজৰ ৰাজ’ স্থাপনৰ আচল ভেঁটি বান্ধিবলৈ আৰম্ভ কৰিব৷”

ভীমবৰ দেউৰীৰ কৰ্মৰাজি বিশ্লেষণ কৰিলে আমি দেখা পাওঁ যে প্ৰতিটো জনগোষ্ঠীৰে এক স্বকীয় মৰ্যদা আছে আৰু সেই মৰ্যদা বিকাশৰ একমাত্ৰ পথ হ’ল জাতিটোৰ ভাষা, কৃষ্টি-সংস্কৃতি সমাজৰ আগত প্ৰতিভাত কৰি জন জীৱনৰ লগত সমন্বয়ৰ ভেটি গঢ়ি তোলাতো৷ এই কথা ভীমবৰে হৃদয়ংগম কৰি বৃহৎ অসমীয়া সমাজৰ সাংস্কৃতিক ভঁৰাল চহকী কৰিবলৈকে অসমৰ বড়ো, কচাৰী, মিচিং, সোনোৱাল, আহোম, চুতিয়া, মটক, দেউৰী, কাৰ্বি, ৰাভা, তিৱা, গাৰো, নগা, মিজো, খামতি, চিংফৌ, কোচ-ৰাজবংশী, মণিপুৰী, কৈৱৰ্ত, খাচী, হিৰা তথা চাহ জনগোষ্ঠীক একত্ৰিত কৰি তেওঁলোকৰ সমস্যাসমুহ সমাধান কৰাৰ উদ্দেশ্যে সজোৰে দাবী তুলিছিল আৰু সেই পিছপৰা অঞ্চলবোৰত ‘প্ৰাথমিক শিক্ষা বাধ্যতামুলক’ আৰু স্বাস্থ্যকেন্দ্ৰ প্ৰতিস্থা কৰি সমাজত শিক্ষাৰ পোহৰ বিলাইছিল৷ তেখেতৰ ভাষাত – “প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক” কৰিব পাৰিলে দেশৰ আৰু বিশেষকৈ আমাৰ পিছ পৰা সম্প্ৰদায় বিলাকৰ কল্যাণ হ’ব৷ আমি ট্ৰাইবেল, অনুন্নত হিন্দু, বনুৱা, সম্প্ৰদায় আদি শিক্ষাত পিছ পৰি থকা লোকসকলে আমাৰ বহল শিক্ষা প্ৰচাৰৰ কাৰণে একে যুগে দাবী কৰিলে আৰু আন্দোলন কৰি থাকিলে যি কোনো গৰ্ভনমেন্টই নহওক প্ৰাইমেৰী শিক্ষা বাধ্যতামূলক কৰিবলৈ বাধ্য হ’ব৷”( ভীমবৰ দেউৰী সভাপতিৰ ভাষণ-১৯৩৮ চনৰ কামৰূপ জিলা ট্ৰাইবেল সন্মিলন, বৰমা) ভীমবৰে এই কথাও গভীৰভাৱে উপলদ্ধি কৰিছিল যে অসমৰ সামগ্ৰিক উন্নয়নৰ এটা প্ৰধান পূৰ্ব চৰ্ত সাধাৰণ কৃষকৰ উন্নয়ন৷ খেতি তথা কৃষিকৰ্মই হৈছে অসমবাসীৰ বিশেষকৈ অনগ্ৰসৰ লোক সকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান অৱলম্বন৷ অথচ, অসমৰ এই খেতিয়েই হৈছে সকলোতকৈ অনগ্ৰসৰ ব্যৱসায়৷ তেওঁ দৃঢ়মত আছিল যে চৰকাৰৰ তাৎক্ষনিক ব্যৱস্থাৰে কৃষকসকলক কিছু সকাহ দিয়া নহয়, তেনে তেওঁলোকে নিজে নিজৰ সমস্যাসমূহ সমাধান কৰিব পৰা পৰিবেশ সৃষ্টি নহয়৷ কৃষক সকলৰ সমস্যা সমাধানৰ স্থায়ী সমাধানৰ উপায় উদ্ভাৱন কৰি তেখেতে পৰামৰ্শ আগবঢ়াইছিল যে কৃষকসকলেও ‘‘চাহ উদ্যোগৰ নিচিনাকৈ ‘কৃষি-কৰ্ম’ কৰিলে নিশ্চয় লাভবান হব৷ চাহ উদ্যোগত দেখিবলৈ পাওঁ যে তেওঁলোকে নিজে চাহ গছ ৰুৱে, চাহপাত তৈয়াৰ কৰে আৰু বজাৰত বিক্ৰী কৰে৷ আমাৰ কৃষকেও কৃষিৰ ক্ষেত্ৰত নিজে শস্য ৰোপণ কৰি, খাদ্য-সামগ্ৰী তৈয়াৰ কৰি বজাৰত বিক্ৰী ব্যৱস্থা কৰিলে নিশ্চয় বহুত লাভবান হব৷বৰ্তমান তেওঁলোকে কৃষি কৰ্ম কৰে, মধ্যভোগীয়ে কিনি লৈ বজাতৰ বেছি দামত বিক্ৰী কৰি যথেষ্ট মুনফা লাভ কৰি ব্যৱসায় কৰাত, মুল কৃষক সকল লাভৰ পৰা বঞ্চিত হৈছে৷ কৃষক সকল সু-সংগঠিত নোহোৱাৰ কাৰণেই লাভখোৰ ব্যৱসায় মধ্যভোগী আচল মুনাফা ওপৰতে কৃষকৰ পৰা লুটি আছে৷”

যোৱা ত্ৰিছ আৰু চল্লিছ দশকত ছাৰ চাদ্দুল্লাৰ নেতৃত্বত পূৰ্ববংগৰ পৰা অহা (বৰ্তমান বাংলাদেশী) পমুৱা মুছলমান খেতিয়ক সকলৰ অবাধ প্ৰবজনৰ প্ৰতি লক্ষ্য ৰাখি ভীমবৰ দেউৰীয়ে কৈছিল যে -“ছাদ্দুল্লাই একে সময়তে খিলঞ্জীয়া অসমৰ জনসাধাৰণৰ ৰক্ষণাবেক্ষণ লাগে বুলি কৈ তেওঁলোকক সন্তুষ্ট কৰিব বিচাৰে আৰু লগতে মাটিহীন পমুৱাসকলৰ জনসংখ্যাৰ কোনো সীমাসংখ্যা নাই৷ এনে মাটিহীন পমুৱাক মাটি দি বহোৱাৰ পাছত সমস্যা উদ্ভৱ নহবনে ? মই নাজানো মাননীয় বিত্ত মন্ত্ৰীয়ে কি দৰে সদায় বাঢ়ি গৈ থকা পমুৱাহঁতক সন্তুষ্ট কৰিব৷ মই এই প্ৰশ্নও সুধিব বিচাৰো অসম চৰকাৰে কিয় অন্য প্ৰদেশৰ মানুহক মাটি আৱন্টন দি থাকিব লাগে· অসম দাতব্য অনুষ্ঠান নহয় যে ইয়াত অন্য প্ৰদেশৰ মানুহক চোৱাচিতা কৰি মাটি দি থকা হ’ব৷ অসমৰ যিকোনো চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ’ল- ইয়াৰ আধিবাসীসকলৰ কল্যাণ সাধন কৰাহে৷ অসমৰ অধিবাসীসকলৰ বাবে অনিষ্টকাৰী ব্যৱস্থাৰে অসম চৰকাৰে অন্যপ্ৰদেশৰ মানুহক নিমন্ত্ৰণ কৰি আনি সুযোগ-সুবিধা দি থকা উচিত নহয়৷” তেওঁ চৰকাৰক লাইন চিষ্টেম কৰি ইয়াৰ আশু-সামাধাৰ দাবী কৰি কৈছিল -“মই সজোৰে কওঁ যে এই প্ৰশ্নটো পিচুৱাই ৰখা উচিত নহয়, এই প্ৰশ্নটোৰ তৎক্ষনাত সমাধান হ’ব লাগে৷ এই সংক্ৰান্তত একো ব্যৱস্থা নলৈ লক্ষ্যহীনভাৱে ভাঁহি গৈ থকা ছাৰ চাদুল্লাৰ এখনৰ পিছত সিখন চৰকাৰৰ নীতিৰ কোনো ন্যাৰ্যতা নাই৷ এনে কাৰ্য ব্যৱস্থাহীনতা আৰু দোধোৰ-মোধোৰতাই মাথোন জাক জাক পুমুৱাক উৎসাহিত কৰিব আৰু সমস্যাটো অধিক ভয়াবহ হ’ব৷”

অসমৰ অনগ্ৰসৰ জনগোষ্ঠীসমুহৰ উন্নয়নেই সমগ্ৰ অসমীয়া জাতিটোক উন্নতিৰ বিকাশ বুলি ভীমবৰ দেউৰীয়ে ভাবিছিল৷ সেয়েহে, তেখেতে অসমৰ পিছপৰা জনগোষ্ঠীসমুহৰ উন্নয়নৰ বাবে পৰ্বত ভৈয়ামৰ বিভিন্ন গাঁৱলৈ গৈ সভা-সমিতি পাতি ৰাইজক উন্নয়নৰ পথ দেখুওৱাই দিছিল আৰু উচ্চ পৰিষদ আৰু বিধান সভাত তাৰ সমাধানৰ ওপৰত তথ্যভিত্তিক যুক্তি তৰ্ক কৰি অসমৰ বিকাশৰ বাবে আহোপুৰষাৰ্থ কৰিছিল৷ অসমৰ পুতৌলগা অৰ্থনৈতিক অৱস্থাৰ সম্পৰ্কে তেওঁ কৈছিল – “আমাৰ অসম দেশখন এক হিচাপে অসমীয়া দেশ বুলি কব নোৱাৰি৷ ইয়াৰ সৰ্বপ্ৰধান শিল্পচাহ খেতি আৰু আটাইতকৈ ডাঙৰ কাৰখানা ডিগবৈ তেলৰ পুং (শোধানাগাৰ) ইউৰোপীয়বিলাকৰ হাতত৷ গোটেই বেহা-বেপাৰ আৰু ডাঙৰ ডাঙৰ কাৰবাৰ (ব্যৱসায়) ভাৰতৰ অন্যপ্ৰদেশৰ পৰা অহা লোকসলকৰ হাতত৷ এওঁলোকৰ যোগেদি অসমৰ অজস্ৰ টকা-পইচা ভাৰতৰ আন আন প্ৰদেশলৈ আৰু ঘাইকৈ ইউৰোপলৈ প্ৰতি মিনিটত যাবই লাগিছে৷ কিন্তু অইন প্ৰদেশৰ পৰা বা বিদেশৰ পৰা আমাৰ প্ৰদেশলৈ একোৱেই অহা নাই বুলিব লাগিব৷ এই কাৰণে প্ৰকৃতিৰ ৰম্যভূমি আৰু সোন-ৰূপৰ আঁকৰৰে ভৰা এই নিৰুপমা অসম মাতৃৰ বুকুত থাকিও আমি অসমীয়াসকলৰ দুখীয়া, জুৰুলা আৰু আনৰ মুখলৈ চোৱা৷” তেখেতে আৰু কৈছে – “অসমীয়াৰ হাতত তেওঁলোকৰ দেশৰ অৰ্থ উপাৰ্জনৰ পথবিলাক নাই৷ এনে অৱস্থাত তেওঁলোকে তেওঁলোকৰ আৰ্থিক অৱস্থা কেনেকৈ ভাল কৰে ই এটা তেওঁলোকৰ আগত ডাঙৰ সমস্যা৷ অসমৰ অৰ্থনৈতিক অৱস্থাৰ পৰা চালে আৰু অসমীয়াই যদি তেওঁলোকৰ দেশৰ অৰ্থ উপাৰ্জন পথ বিলাক নিজৰ শাসনলৈ আনিবলৈ সঁচাকৈয়ে ভাবে তেন্তে তেওঁলোকৰ মাজত হিন্দু মুছলমান-খ্ৰীষ্টিয়ান আদিৰ ভেদ-ভাৱ থাকিব নোৱাৰে৷ কিয়নো তেওঁলোকৰ আৰ্থিক দুৰৱস্থাৰ তুলনাত এই অৰ্থহীন ভেদবিলাক একোৱেই নহয়৷”

১৮৪৬ চনৰ ৮ জুলাইত ভীমবৰ দেউৰীক বৰদলৈ কংগ্ৰেছ মন্ত্ৰীসভাত যোগদান দিবলৈ আহ্বান জনালে৷ প্ৰধানমন্ত্ৰী বৰদলৈৰ বাসভৱনত পুণৰ ট্ৰাইবেল নেতৃবৃন্দৰ আলোচনা হয় আৰু ভীমবৰ দেউৰীক গণ পৰিষদলৈ পঠোৱাৰ দাবী জনায়৷ কিন্তু পিছত ‘কংগ্ৰেছ ৰ্ৱকিং কমিটি’ য়ে – ধৰণীধৰ বসুমতাৰীক গণ পৰিষদলৈ নিৰ্ব্বাচিত কৰাত ট্ৰাইবেল লীগৰ নেতাসকল ক্ষুদ্ধ হৈ পৰে৷ এই কথাক কেন্দ্ৰ কৰি ট্ৰাইবেল নেতাসকলেও ‘সুকীয়া নিৰ্বাচন’ৰ দাবী কৰে৷ কিন্তু জাতীয় কংগ্ৰেছে ‘যুটীয়া নিৰ্বাচন’হে বিচাৰে৷ ১৯৪৬ চনৰ চেপ্তেম্বৰ মাহত ভীমবৰ দেউৰীক বৰদলৈ মন্ত্ৰীসভাৰ ‘বন আৰু শ্ৰম’ বিভাগৰ মন্ত্ৰী হিচাবে (কেবিনেট মন্ত্ৰী)নিযুক্তি দিয়ে৷

ভীমবৰ দেউৰীৰ বাবে এই সাফল্যই চূড়ান্ত মাইলৰ খুটি হিচাবে পৰিগণিত হ’ল৷ মাত্ৰ ৪৪ টা বছৰ জীয়াই থাকি এনে সাফল্য আৰু কৰ্মপটতা দৰ্শাই সকলোৰে প্ৰিয়ভাজন হব পৰাতো ভীমবৰৰ গুণ-গৰিমা আৰু উজ্জ্বল ব্যক্তিত্ব বুলি কব লাগিব৷ মন্ত্ৰীপদ তেওঁ জীৱনৰ এক গুণগত পুৰস্কাৰ হিচাবে গণ্য কৰা উচিত৷ “ট্ৰাইবেল লীগৰ ষ্টেণ্ডিং কমিটি” ৰ মতে ‘সুকীয়া নিৰ্বাচনে’হে মাত্ৰ অসমত ‘ভৈয়ামৰ ট্ৰাইবেল সকলক সন্তুষ্ট কৰিব পাৰিব’ বুলি প্ৰস্তাৱ কৰি দিল্লী নেতাসকললৈ তাঁৰ বাৰ্তা কৰিছিল৷ কিন্তু ভীমবৰ দেউৰীৰ একক প্ৰচেষ্টাত পিছলৈ ট্ৰাইবেল নেতৃবৃন্দক বুজাই বঢ়াই ‘যুটীয়া নিৰ্বাচন’ত সন্মতি জনায় আৰু পাছত চুক্তিভিত্তিত কংগ্ৰেছত যোগদান কৰি এক গতিশীল ৰাজনীতি চলাই নিয়াত সুবিধা গ্ৰহণ কৰে৷ ১৯৪৬ চনত মন্ত্ৰীত্ব গাডীত বহাৰ পিছত ভীমবৰে ট্ৰাইবেল লীগৰ নেতৃত্ব ত্যাগ কৰে আৰু ট্ৰাইবেল লীগৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ বিলাক কাৰ্যকৰী কৰণত মনোনিবেশ কৰে৷ বাজেট বিৰ্তকত তেখেতে উপস্থাপন কৰা – ‘প্ৰাথমিক শিক্ষা ব্যৱস্থা বাধ্যতামূলক’ আৰু ‘জনজাতি সকলৰ বাবে জলপানী’ (বৃত্তি নিৰ্ধাৰণ)কৰা, প্ৰতিখন গাওঁত ‘প্ৰাইমাৰী বিদ্যালয়’ আৰু ‘প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ’ খোলা, কৃষক সকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰৰ সাহাৰ্য্য প্ৰদান, বিধানসভাত জনগোষ্ঠীভিত্তিত আসন সংৰক্ষণ ব্যৱস্থা কৰা, ‘ট্ৰাইবেল বেল্ট আৰু ব্লক’ নিৰ্দ্ধাৰণ কৰা, অসমত নতুনকৈ উচ্চশিক্ষাৰ বাবে বিশ্ববিদ্যালয় স্থাপন কৰা আৰু মহাত্মা গান্ধীৰ ‘ৰাইজৰ ৰাজ’ প্ৰকৃতাৰ্থত গাঁৱত ব্যৱস্থা কৰিবলৈ ভীমবৰে অহোপুৰুষাৰ্থ কৰিছিল প্ৰাক-স্বাধীনতাৰ কালতেই৷ প্ৰাক-স্বাধীনতাৰ কালতেই তেখেতে অসমত পমুৱা মুছলমান (বাংলাদেশী) আগ্ৰসনৰ বাবে গৰ্জি উঠিছিল আৰু চাদ্দুলা চৰকাৰক সমালোচনা কৰিছিল৷ ভীমবৰ দেউৰীৰ চিন্তা-চৰ্চা আছিল সুদুৰ প্ৰসাৰী আৰু দূৰদৰ্শিতাপূৰ্ণ৷ যিবিলাক ঘটনা অসমত বৰ্তমান সংঘটিত হৈ আছে, যেনে – প্ৰাথমিক শিক্ষা বাধ্যতামূলক, অসমলৈ পমুৱা মুছলমানৰ (বাংলাদেশী) প্ৰৱজন, খিলঞ্জীয়া লোকসকলৰ ‘মাটি আৰু সম্পদ’ সুৰক্ষাৰ আঁচনি, অসমত উচ্চ শিক্ষাৰ প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ আৰু ইয়াৰ থলুৱা লোকসকলক চৰকাৰী-বেচৰকাৰী প্ৰতিস্থান বিলাকত ৮০ পৰা ১০০ শতাংশ নিযুক্তিকৰণৰ দাবীসমূহ ভীমবৰ দেউৰীয়ে ত্ৰিশ-চল্লিশ দশকতে চিন্তা-চৰ্চ্চা কৰি সমাধানৰ বাবে সেই সময়ত বিধান সভা আৰু ‘উচ্চ-সদন’ত সজোৰে কাৰ্যকৰীকৰণৰ দাবী তুলিছিল৷ লগতে অসমৰ সকলো জনগোষ্ঠীকে ঐক্য সংহতি বজাই ৰাখি প্ৰগতিৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছিল৷ গতিকে আমি কব বিচাৰো বৰ্তমান অসমত জননেতা ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা আছে। তেখেতৰ জীৱনাৱলী গুৰুত্ব সহকাৰে গৱেষণা কৰিলে বহুতো জ্ঞান উপলদ্ধ হ’ব এই কথা সৰ্বজন বিদিত৷

এই কথা আমি সকলোৱে জানো যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু জননেতা ভীমবৰ দেউৰীৰ অশেষ চেষ্টাৰ ফলস্বৰূপেই দেশবিভাজনৰ সময়ত অসম ভাৰতৰ অংগৰাজ্যৰূপে বৰ্তি থাকিল।১৯৪৭ চনত ভীমবৰ দেউৰীয়ে ভাইৰচ লৰ্ড ৱাভেল আৰু ভাৰতীয় কংগ্ৰেছৰ আগশাৰী নেতা- জৱাহৰলাল নেহেৰু আৰু বল্লভ ভাই পেটেল তথা মুছলীম লীগৰ নেতা জিন্না চাহাবৰ আগত স্পষ্ট মতবাদ দাঙি ধৰি এইদৰে কৈছিল – ‘‘বৃটিছ অহাৰ আগৰ পৰাই অসম দেশ ভাৰতৰ অংগ নাছিল৷ এতিয়া পূব-বঙ্গৰ জমিদাৰী প্ৰথাৰ দ্বাৰা নিষ্পেষিত কৃষকসকলক মাটি দিয়াৰ অজুহাতত অসম পাকিস্থানৰ অন্তভূৰ্ক্ত হব নোৱাৰে৷ …..অসম খন কোনো হিন্দু বা মুছলমানৰ নহয়, ই ট্ৰাইবেল সকলৰ বা অসমৰ খিলঞ্জীয়া আদিমবাসী সকলৰহে৷ গতিকে অসম পূব-পাকিস্থানৰ অৰ্থাৎ ‘চি’ গ্ৰুপৰ অন্তৰ্ভুক্ত হ’বলৈ প্ৰস্তুত নহয়৷ অসম ভাৰতবৰ্ষ অংগ হৈ থাকিবলৈ প্ৰস্তুত”৷ ভীমবৰ দেউৰীয়ে এই কথাও কৈছিল – “সুকীয়া নিৰ্বাচন লাভৰ বিনিময়ত ট্ৰাইবেলসকলে নিজৰ মাতৃভূমিক মুছলীম লীগৰ ওচৰত বিক্ৰী নকৰে৷”

ভীমবৰ দেউৰীয়ে সদায়ে ক্ষুদ্ৰ সামূহিক স্বাৰ্থ ত্যাগ কৰি বৃহত্তৰ সামূহিক স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু জনগোষ্ঠীৰ বিশেষৰ স্বাৰ্থতকৈ অনগ্ৰসৰ জনগোষ্ঠীৰ সামূহিক উন্নতিৰ হকে প্ৰতিনিধিত্ব কৰিছিল৷ সমগ্ৰ অসমবাসীৰ অখণ্ডতা আৰু বৃহত্তৰ অসম গঢ়াত ভীমবৰ দেউৰীয়ে আজীৱন ত্যাগ স্বীকাৰ কৰিছিল এয়া সৰ্বজনবিদিত৷ এই কথা তেখেতে সদায়ে লক্ষ্য ৰাখিছিল যে অসমৰ সৰ্ব্বাঙ্গীন উন্নতিৰ কথা চিন্তা কৰিলে অসমৰ পিছপৰা জনগোষ্ঠীসকলক শিক্ষাৰ পোহৰ আৰু আৰ্থসামাজিক উন্নতিৰ সম্ভৱ হ’ব৷ সেয়েহে তেখেতে জনজাতি সকলৰ প্ৰতি আসন সংৰক্ষণৰ দাবী উস্থাপন কৰিছিল, তেওঁলোকৰ মাজত বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰচলনৰ বাবে চৰকাৰৰ ওচৰত সহায় বিচাৰি বৃত্তি ব্যৱস্থা কৰাৰ যুক্তি দাঙি ধৰিছিল আৰু লগতে জন-জাতিসকলৰ সমাজ ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল৷ কিন্তু অতিপৰিতাপৰ বিষয়টো হ’ল – এই গৰাকী বৰেণ্য ব্যক্তিক আজিও অজ্ঞাত হৈ ৰ’ল৷ আমি ভাবো ভীমবৰ দেউৰীক যথাস্থানত বহুৱালে গোপীনাথ বৰদলৈৰ সমান আসনত স্থান পাব লাগিছিল৷ অসমত তেখেতেৰ কৰ্মৰাজীয়ে আজি তাৰেই কৰ্মৰাজীয়ে আজি তাৰেই জনন্ত উদাহৰণ হৈ সৰ্বভাৰতত এক উজ্জ্বল ভোটা তৰাৰ দৰে জিলিকি থাকিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে