চ’ৰাঘৰ / শিল্প / সমাজমুখী চিত্ৰশিল্পী কৰ্ণেল জিতেন হাজৰিকা ( ইন্দ্ৰনীল গায়ন )

সমাজমুখী চিত্ৰশিল্পী কৰ্ণেল জিতেন হাজৰিকা ( ইন্দ্ৰনীল গায়ন )

No Great Artist sees things as they look, If he Ceasses to be an Artist – Oscar Wilde

শিল্পী সত্ত্বাক আমি কোনো নিৰ্দিষ্ট পৰিসীমাৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰো৷ পৰিসীমাৰ সেই জেওৰা নথকাৰ বাবেই কিজানি চিত্ৰশিল্পী জিতেন হাজৰিকা সৰুৰে পৰাই সৃষ্টিশীলতাৰ প্ৰতি আকৰ্ষিত হৈছিল৷ তেওঁ সেই পৰিৱেশ নি2জা ঘৰখনৰ পৰাই পাইছিল৷ শৈশৱতে হাতত তুলিকা তুলি বৰ্তমানলৈ তেওঁ এক সুকীয়া পৰিচয়ৰে অসমৰ লগতে  বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন চিত্ৰ প্ৰদৰ্শনীৰে উদ্ভাসিত হৈ উঠিছে| হাজৰিকাৰ জন্ম হৈছিল ১৯৩৬ চনত৷ সৰুৰে পৰাই বিভিন্ন সৃষ্টিশীল কৰ্মৰ জৰিয়তে প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি অহা হাজৰিকাই ১৯৬৩ চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়(গুৱাহাটী)ৰ পৰা ব্যৱহাৰিক অভিযন্তা ৰূপে সুখ্যাতিৰে উত্তীৰ্ণ হয়। অভিযান্ত্ৰিক মহাবিদ্যালয়ত ছাত্ৰ হৈ থাকোতেই তেওঁ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল৷ ১৯৬৪ চনত হাজৰিকা ভাৰতীয় সেনা বাহিনীত নিযুক্ত হয় আৰু ১৯৯০ চনত কৰ্ণেলৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে৷ তেওঁৰ এই অৱসৰৰ একমাত্ৰ কাৰণ আছিল তেওঁৰ শিল্পীসুলভ মনটো৷ ইয়াৰ পাছৰ পৰাই তেওঁ সৃষ্টিশীল কৰ্মত অধিক মনোনিৱেশ কৰি ছবি আঁকাটো তেওঁৰ পেছা হিচাপে গ্ৰহণ কৰে, যদিও সেই কাম কৰিবলৈ যাওঁতে যথেষ্ট পৰিমাণে প্ৰত্যাহ্বানৰ সন্মুখীন হয় | তথাপি সেই প্ৰত্যাহ্বানক নেওচি আজন্ম শিল্পীজনে একাগ্ৰতাৰে ছবি আঁকা কামত নিজকে সমৰ্পিত কৰে|

‘আপুনি অঁকা ছবিসমূহৰ কোনো নিৰ্দিষ্ট বিষয়স্তু আছেনে ? আপুনি আচলতে ছবিবোৰৰ মাজত কি বিচাৰি ফুৰে?’– এই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল — ‘I have possibilities, I know, but under which stone they lie buried I do not know, – said Albert Camus. আমি শিল্পীসকলে বুকুত অহৰ্নিশে কঢ়িয়াই লৈ ফুৰো সৃষ্টিশীল মনটোক৷ ধৰি লোৱা শুকান সৰা পাতখিলাৰ পৰা আৰম্ভ কৰি,3 আমাৰ চৌপাশে আমি প্ৰকৃতিৰ বৰ্ণময় বিভিন্ন ৰূপ দেখিবলৈ পাওঁ। সেই ৰূপবোৰ আমি বিশেষ ধৰণে চোৱাৰ চেষ্টা কৰোঁ৷  সেই চেষ্টাই এটি সুন্দৰ মুহূৰ্তৰ পৰিচয় বহন কৰে। ঠিক সেই সময়খিনিতে আমাৰ কলাসুলভ মনটোত এই অভিনৱ উন্মেষ ঘটে৷ হয়তো একেখিনি কথা এজন কবিৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়৷’

হাজৰিকাই অংকন কৰা ছবিসমূহৰ মাজত গভীৰ বাস্তৱবাদ সুন্দৰকৈ ফুটি উঠা দেখা যায়৷ তেখেতে ছবিৰ মাজেৰে সাম্প্ৰতিক সময়-সমাজক ধৰি ৰাখি চিত্ৰশিল্পক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ সেইদৰে জনসাধৰণৰ দ্বাৰা প্ৰভূত সমাদৰো পাইছে৷দেশে-বিদেশে তেখেতৰ চিত্ৰকৰ্ম প্ৰশংসিত হৈছে। হাজিৰকাই অংকন কৰা কেইখনমান বিখ্যাত ছবি হ’ল – In Seach Of Meaning, Heaven Be Praised, Love devine, we, Repose, My Mother আদি৷ The Hindustan Times  কাকতত ‘My Mother’  ছবিখনৰ সন্দৰ্ভত এইদৰে লিখিছিল–‘ The rases Can be Shown much better on a woman’s face, but it Shringar or hasya. And woman in the dominant Theme in the Hazarika’s works.” ( মাৰ্চ ৪, ২০০৭)৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে