চ’ৰাঘৰ / কথাশিল্প / হাইকু (সিদ্ধাৰ্থ শৰ্মা )

হাইকু (সিদ্ধাৰ্থ শৰ্মা )


লঠঙা গছৰ ডালত
এতিয়াও তিনিটা পকা মধুৰী –
বতাহবিহীন দিন

খৰস্ৰোতা নৈত
হঠাতে সৰিল চিলনী –
উৰিল মাছ

টক টক শব্দত
দুৱাৰখন খুলিলোঁ –
পানীপতাত বৰষুণ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে