চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফিডেল কাস্ট্ৰোলৈ ( মূলঃ পাবল’ নেৰুডা, অনুবাদঃ অৱনী বুঢ়াগোহাঁই )

ফিডেল কাস্ট্ৰোলৈ ( মূলঃ পাবল’ নেৰুডা, অনুবাদঃ অৱনী বুঢ়াগোহাঁই )

ফিডেল, ফিডেল, মানুহবোৰ কৃতজ্ঞ
শব্দবোৰৰ কামলৈ পৰিবৰ্তনত আৰু কৃতকাৰ্যতাৰ সংগীতত,
আৰু সেয়ে তোমালৈ মই সূদূৰৰ পৰা কঢ়িয়াই আনিছো
একাপ মোৰ দেশৰ ফটিকা
এইয়া এজাক ভূগৰ্ভস্থ মানুহবোৰৰ তেজ
যাৰ ছাঁ তোমাৰ ডিঙিলৈকে বগুৱা বাই গৈছে
সিহঁত খনিৰ শ্ৰমিক, যি শতিকাজুৰি জীয়াই আছে
জুই উলিয়াই আনিছে হিমায়িত অঞ্চলৰ মাজৰ ভিতৰৰ পৰা ।

কয়লা বিচাৰি সিহঁত সাগৰৰ তলি পায়গৈ
আৰু ঘূৰি যেতিয়া আহে, ভূতৰ চেহেৰা একোটাহঁত লৈ আহে :
সিহঁতে চিৰন্তন অন্ধকাৰৰ লগত সখ্যতা কৰে
সিহঁতৰ পৰা প্ৰয়োজনীয় পোহৰখিনি লৈ
দৌৰ মাৰিছে কোনোবাই
তথাপিও এই কাপটোত আছে তীব্ৰ সন্তাপ আৰু দীৰ্ঘদূৰত্ব
বন্দী মানুবোৰৰ সুখবোৰ আত্মসাৎ কৰিছে
অন্ধকাৰ আৰু বিভ্ৰান্তিয়ে
যিবিলাক খনিৰ ভিতৰত থাকে অনুমান কৰে বসন্ত অহাৰ আৰু তাৰ সুগন্ধ বিয়পাৰ
কাৰণ সিহঁতে জানে মানুহে পৰিশ্ৰম কৰিছে
অপৰ্য্যাপ্ত স্বচ্ছতাৰ বাবে ।

সম্পূৰ্ণ কিউবাখন দক্ষিণৰ খনিশ্ৰমিকহঁতৰ দেখা আছে
লা পাম্পাৰ অকলশৰীয়া ল’ৰাহঁতৰ,
পাটাগনিয়াত চেঁচা পৰা ভেড়াৰখীয়াবোৰৰ,
টিন আৰু ৰূপৰ খনিৰ পিতৃ
যি কৰ্ডিলেৰা পৰ্বতক বিবাহ কৰিছে,
মাটিৰ তলৰ তাম উলিওৱা চুকিকামাটাত
বাছবোৰত লুকাই লুকাই সোমাই যোৱা মানুহবোৰ,
সোঁৱৰণী হৈ পৰা মানুহবোৰ
পথাৰৰ আৰু কাৰখানাত কামকৰা মাইকী মানুহৰ জাক
ল’ৰাছোৱালীজাক যিবোৰে কান্দোনেৰে শৈশৱ পঠিয়ালে:
এইটোৱেই সেই পিয়লাটো, লোৱা ফিডেল ।

এইটো বহু আশাৰে ভৰা এটা কাপ
যিটোৰে খালে তুমি বুজিব পাৰিবা বিজয়ৰ কথা
এইটো মোৰ দেশৰ পুৰণি সুৰাৰ নিচিনা
যিটোক এটা মানুহে নহয় বহু মানুহে একেলগ হৈ বনাইছে
কেৱল এটা আঙুৰ নহয় বহু গছ লতিকাৰে ইয়াক বনাইছে
এইয়া কেবল এটা টোপাল নহয়, বহু নদী মিলি লগ হৈছে
কেৱল এক সেনাপতিৰ নহয় বহু যুদ্ধৰ ফলাফল ।
আৰু সিহঁতেযে তোমাক সমৰ্থন দিয়ে, এইবাবেই যে তুমিয়েই প্ৰতিনিধি হৈছা দীৰ্ঘ কালিন যুদ্ধ এখনৰ সামগ্ৰিক সন্মানৰ,
যদিহে কিবা কাৰণে কিউবাৰ পতন ঘটে
আমাৰো পতন ঘটিব,
আমি উঠাবলৈ আগবাঢ়ি আহিব লাগিব
আৰু যদিহে ফুলৰে জাকজমক হয়
আমাৰ জীৱন ৰসেৰে দেশ উজ্জীৱিত হৈ পৰিব
আৰু যদিহে সিহঁতে কিউবাৰ কপালত হাত দিয়াৰ সাহস কৰে
যিটো তোমাৰ হাতেৰে মুক্ত কৰিছিলা
সিহঁতে কেৱল পাব সংঘবদ্ধ হাতৰ মুঠি
অজস্ৰ লোকৰ
আমি পুতি ৰখা অস্ত্ৰ শস্ত্ৰবোৰ উলিয়াই আনিম :
গৰ্ব আৰু সন্মানে দেশৰক্ষাত আগুৱায় আহিব
আমাৰ দেশ কিউবাক উদ্ধাৰ কৰিবলে’ ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে