চ’ৰাঘৰ / কথাশিল্প / দেওপাহাৰ ( অমৰ শৰ্মা )

দেওপাহাৰ ( অমৰ শৰ্মা )

সিঁচৰতি বৰ্ণিল ইতিহাসৰ
প্ৰস্তৰ পৃষ্ঠা
শিপা গজা শিলৰ বিস্তীৰ্ণ প্ৰান্তৰ
তুমি দেওপাহাৰ
মূক বধিৰ উপত্যকা
কালিয়নীত পোত গ’ল
প্ৰেমিক জৰাসন্ধৰ সোণৰ নাও
তীখাৰ শিকলিয়ে ঝন ঝনায়
শুকান পাতত কাৰ খোজ
সচকিত হৈ উঠে
ছিন্ন মস্তক সৈনিক, আৰু
সূৰ্য মন্দিৰৰ ৰুদ্ধদ্বাৰ
দেওপাহাৰৰ চূড়াত নূপুৰ বাজে
ৰজনীগন্ধাৰ সুৱাস সানি
কোন প্ৰণয়িনীৰ শৃংগাৰ ৰাগত মায়াময়
মৃচ্ছবন্তিৰ মিহিৰ শিহা
শংখ ঘণ্টাৰ মায়াৱী ধ্বনিত
কঁপি উঠে জৰাসন্ধৰ প্ৰস্তৰ প্ৰদেশ,
দেওপাহাৰ
জৰাসন্ধ
তোমাৰ আৱাহনী মুদ্ৰাত
অচিৰেই দুখৰ ঝৰ্ণা ব’ব
শোকৰ শিলাবৃষ্টিত সাৰ পাব দেওলগা জীয়া শিল
সৰা পাতে বাট এৰিব
উদ্ভাসিত হ’ব
পুৰাতন শিলালিপিৰ ভাষা
ওঁঠত ওঁঠ থৈ
জঠৰ হোৱা ভাস্কৰ্যই
পুনৰ নিশাহ এৰিব
জৰাসন্ধ , শিলৰ দেৱাল নাচাবা
পুনৰ উন্মাদ হব দেওশাল
তোমাৰ দিনগণি সময়লেখৰ দুখ লগা আঁচোৰে বিনাব
উন্মাদ হ’ব
পুনৰ কোনো প্ৰণয়িনী
তোমাৰ সেউজীয়াত
তেজ হৈ ফুলিছে
অশোক ফুল

জোনাক বাঢ়িলেই ৰণ দুন্দুুভিত
পশ্চিমৰ দ্বাৰ কঁপিব
তৰোৱালৰ ধাৰাল চিকমিকত
জ্বলি উঠিব দেওবন
ৰণুৱা ঘোঁৰাৰ চেকুৰ ধূলিত
হাজাৰখন মহাভাৰতে চালি ধৰিব
তুমি আৰু তুমিহৈ নৰ’বা
যুক্তিহীন সময় বৈ যাব
শিলবোৰ ফুলালৈ বহু পৰ
মৃত সৈনিকবোৰ জীৱন্ত হৈ
উঠাৰ আগতেই
তুমি উভতি যোৱা জৰাসন্ধ
কালিয়নীত বুৰ গ’ল
তোমাৰ নাও
আৰু
দেওপাহাৰত তুমি ….

এটা মন্তব্য

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে