চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ ৰাজনীতিত ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা ( মেদিনী চৌধুৰী )

অসমৰ ৰাজনীতিত ভীমবৰ দেউৰীৰ প্ৰাসংগিকতা ( মেদিনী চৌধুৰী )

স্বৰ্গীয় ভীমবৰ দেউৰীৰ ৰাজনৈতিক জীৱন চমু হ’লেও ইমান গুৰুত্বপূৰ্ণ ঘটনাৰাজিৰে সমৃদ্ধ যে আৰু এনে এক আলোড়িত পৰিস্থিতিত তেওঁ কিছুমান বিশেষ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব দিবলগীয়াত পৰিছিল যে নিবিড় আৰু বিস্তৃত গৱেষণা অবিহনে এই সম্বন্ধে কিবা এটা সঠিক সিদ্ধান্তত উপনীত হোৱাটো সহজ কথা নহয়৷

তৃতীয় দশকৰ মাজভাগৰ পৰা চতুৰ্থ দশকৰ মাজভাগলৈ এই দশকটোত অসমত এনে ধৰণৰ কিছুমান ঘটনাৰ সূত্ৰপাত হৈছিল, যিবোৰ ঘটনাৰ প্ৰতিক্ৰিয়া আৰু পৰিণতি দুয়োটাই কেৱল সূদূৰ প্ৰসাৰীয়েই নহয়, বিশেষ তাৎপৰ্য্যও বহন কৰিছিল৷ তৃতীয় দশক আৰম্ভ হোৱাৰ আগে আগে অসমত শক্তিশালী মধ্যবিত্ত শ্ৰেণীটোৱে গঢ় লৈ উঠিছিল৷ বংগদেশৰ অনুকৰণত জাতি সম্প্ৰদায়ৰ ভিত্তিত এই শ্ৰেণীটোৱে গঢ় লৈছিল৷ অসমীয়া ভাষী ব্ৰাহ্মণ, কায়স্থ, কলিতা, এনেদৰে উচ্চবৰ্ণৰ লোকৰ দ্বাৰা এই শ্ৰেণীটোৰ সৃষ্টি হৈছিল৷ ১৮৭০ চনত পুনাত ৰাণাডেহঁতৰ উদ্যোগত গঠিত হোৱা সাৰ্বজনিক সভাৰ দৰে অসমতো তেনে সভা গঠন কৰা হৈছিল এই দশকটোতে৷ ইংৰাজী পঢ়া, নগৰীয়া বাবু ভদ্ৰলোকসকলৰ বিভিন্ন স্বাৰ্থ সুৰক্ষা দিয়াৰ বাবেই এই সভাৰ গঠন হৈছিল৷ অসম সাহিত্য সভাই ইতিমধ্যে ‘আছাম’ নামটোৰ ঠাইত প্ৰদেশৰ নামটো ‘অসম’ লৈ সলনি কৰাৰ যত্ন লৈছিল আৰু অসমীয়া ভাষী সমাজখনৰ সকলো ধৰণৰ সুৰক্ষা নিশ্চিত কৰা লক্ষ্যৰে কাম কৰিছিল৷ ১৯২৬ চনত পাণ্ডু কংগ্ৰেছৰ লগে লগে অসম প্ৰাদেশিক হিন্দু সভাৰ গঠন হৈছিল আৰু কংগ্ৰেছৰ অনুগামী কিছুমান ব্যক্তিৰ নেতৃত্বত অসমৰ জনজাতিসকলৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰ কৰাৰ প্ৰক্ৰিয়া ব্যাপক হাৰত চলোৱা হৈছিল৷

এইটো সমাজ সংস্কাৰৰ অজুহাত লৈ কৰা হৈছিল কিন্তু ইয়াৰ অন্তৰালত একমাত্ৰ উদ্দেশ্যটো আছিল ৰাজনৈতিক৷ ১৯১১, ১৯২১ আৰু ১৯৩১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত এই কথাবোৰ উল্লেখ কৰা আছে৷ সেই সময়ত আৰু এটা ঘটনা হৈছিল৷ চাকৰিৰ বজাৰখন চাকৰি প্ৰাৰ্থীৰ হেতা-ওপৰাত মুখৰ হৈ পৰিছিল৷ কিন্তু এই চাকৰিৰ প্ৰাৰ্থীসকল আছিল কোন ? আছিল এই মধ্যবিত্ত সমাজখনৰ সতি-সন্ততি আৰু গাঁৱৰ পৰা অহা তেওঁলোকৰ অঙহী বঙহীসকল৷ এইবোৰ ক্ষেত্ৰত জনবল দেখুৱাই প্ৰশাসনক প্ৰভাৱিত কৰাৰ উদ্দেশ্যই জনজাতিসকলক ধৰ্মান্তৰ কৰা হৈছিল৷ সমূহীয়া সকলো বিষয়তে এই স্তৰৰ সমাজখনৰ ওপৰৰ স্তৰৰ একান্ত অনুগত আছিল৷ সকলো সংকটতে এই নিম্নতম স্তৰৰ লোকসকলক আগবঢ়াই দিয়া হছিল আৰু তেওঁলোকেই আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ অৱশ্যে সংকটৰ সমাধানৰ অন্তত লাভ কৰা সুফল ভাগৰ পৰা তেওঁলোক প্ৰায়ে বঞ্চিত হৈছিল৷ অসমৰ দেশমুক্তি আন্দোলনৰ ইতিহাস অনুধাৱন কৰিলেই সেই সত্য উপলব্ধি হ’ব৷ নিৰ্যাতন ভূগিলে কোনে ? চৰম ত্যাগ কৰিলে কেনে ? অথচ স্বাধীনতাৰ ফলভোগ কৰিলে কেনে ? হিন্দু ধৰ্ম গ্ৰহণ কৰা নব্য হিন্দু জনজাতিসমাজৰ লোকেই আটাইতকৈ বেছি নিৰ্যাতন ভূগিবলগীয়া হৈছিল আৰু প্ৰাণ বলিদান দিবলগীয়া হৈছিল৷ এই কথাবোৰ উল্লেখ কৰিবলগীয়া হৈছে এই কাৰণতে যে, ত্ৰিশৰ দশকত যিবোৰ ঘটনা হৈছিল তাৰ প্ৰতিক্ৰিয়া আৰু পৰিণতিসম্বন্ধে অসমীয়া সাহিত্যত আলোচনা হোৱা নাই৷ তদুপৰি অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানেও যেতিয়া অসমীয়া উগ্ৰ জাতীয়তাবাদকে আজি পৰ্যন্ত প্ৰশ্ৰয় দি আহিছে, ক’ৰবাত কোনোবাই অন্ততঃ এই সত্যবোৰ উদঘাটন কৰি দাঙি ধৰিবই লাগিব অসমৰ সংহতিৰ স্বাৰ্থত৷

তদুপৰি ভীমবৰ দেউৰীৰ দৰে অসমৰ সেইসময়ৰ ৰাজনীতিৰ শীৰ্ষস্থানীয় নেতা এগৰাকীৰ কথা আলোচনা কৰিবলৈ লোৱাৰ আগতে পটভূমিত থকা এই সংকেতবোৰ স্পষ্ট কৰি নল’লে আলোচনাৰ পৰিপ্ৰেক্ষিতো স্পষ্ট হৈ নপৰিব৷ তৃতীয় দশকৰ মাজভাগৰ পৰা অসমৰ ৰাজনীতি সাম্প্ৰদায়িকভাৱে বিভাজিত হ’বলৈ আৰম্ভ কৰিছিল৷ অসমীয়াভাষী বৰ্ণহিন্দুসকলৰ কাৰণে এটা নেতৃত্ব, মুছলমানসকলৰ কাৰণে এটা নেতৃত্ব আহোম ৰাজবংশী এনে ধৰণে হিন্দু আৰু জনজাতিৰ মাজৰ সমাজখনৰ কাৰণে এটা নেতৃত্ব আৰু ট্ৰাইবেল দলিতসকলৰ কাৰণে এটা নেতৃত্ব৷ বৰাক উপত্যকাৰ নেতৃত্ব দিছিল বংগদেশে৷ ট্ৰাইবেল আৰু দলিতসকলৰ নেতৃত্ব দিয়া নেতাসকলৰ অন্যতম আছিল ভীমবৰ দেউৰী৷ অসমীয়া ভাষী বৰ্ণহিন্দুসকলৰ নেতৃত্বৰ শীৰ্ষস্থানীয় নেতাসকল আছিল গোপীনাথ বৰদলৈ, ৰোহিণীকুমাৰ চৌধুৰী আদি৷ বৰদলৈ আৰু চৌধুৰীৰ মাজত দলীয় পাৰ্থক্য আছিল যদিও স্থানীয় সংবাদ মাধ্যমে এটা ৰেলিং পয়ণ্টৰ যোগান ধৰিছিল৷ ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্মৰ ট্ৰাইবেল লীগে ছাদুল্লা চাহাবৰ মুছলিম লীগৰ সৈতে সম্বন্ধ স্থাপন কৰিবলৈ যোৱা বাবে দেউৰী-ব্ৰহ্মহঁতক দেশদ্ৰোহী, জাতিৰ শত্ৰু আদি আখ্যা দি তীব্ৰ গৰিহণা দিছিল সংবাদ মাধ্যমে৷ কিন্তু ৰোহিণী চৌধুৰীয়ে ছাদুল্লাচাহাবৰ মুছলিম লীগ মন্ত্ৰী সভাত যোগ দিয়া স্বত্বেও বৰদলৈ কংগ্ৰেছ দলে লীগ দলৰ সৈতে সহযোগ কৰি চৰকাৰ গঠন কৰা স্বত্বেও সংবাদ মাধ্যমে এটা টু শব্দ কৰা নাছিল৷

ট্ৰাইবেল নেতা যিমানে বিচক্ষণ নহওক লাগিলে তেওঁলোকে অসমীয়া সমাজত, সংবাদ জগতত কোনোধৰণৰ গুৰুত্ব লাভ কৰা নাছিল৷ ট্ৰাইবেল বা দলিত সমাজৰ সংস্কাৰ, প্ৰগতিৰ প্ৰযত্ন এনেবোৰ অসমীয়া এলিটসকলৰ ধাৰণাত অসমৰ সমস্যাৰ কথা নহয়৷ সেইবাবেই অসমীয়া জনসমাজত ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম, কাৰ্কচন্দ্ৰ দলে, চেমচন ইংতি, সোনাধৰ সেনাপতি, সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই, পি এম চাৰোৱান এইসকল লোকে যিহেতু জনজাতি দলিত সকলক শতিকা জোৰা অৱহেলাৰ পৰা উদ্ধাৰ কৰিবৰ যত্ন কৰিছিল, অসমৰ সাহিত্যিক, বুদ্ধিজীৱি গৱেষক-সাংবাদিক কোনেও এইসকলৰ সম্বন্ধে কোনোধৰণৰ কৌতূহল প্ৰকাশ নকৰে৷ কিবা আলোচনা কৰা দূৰৰ কথা তেওঁলোকৰ চিন্তা-চৰ্চাৰ নিৰ্ঘণ্টত এওঁলোক নাই৷ অসমৰ সামাজিক আৰু ৰাজনৈতিক কৰ্মপ্ৰক্ৰিয়া এই ধাৰাতে বহু দিনলৈ চলি আছিল৷ সম্প্ৰতি অৱশ্যে অসমৰ ৰাজনীতিত হিতেশ্বৰ শইকীয়াৰ আৱিৰ্ভাৱে এই ধাৰণাটোৰ সলনি কৰি দিলে৷ এতিয়া অসমৰ বৰাক উপত্যকাই হওক নতুবা ব্ৰহ্মপুত্ৰই হওক, পৰ্বতে হওক বা ভৈয়ামে হওক- যি য’তেই নাথাকক কিয়, যিখন সমাজৰেই নহওক কিয়, সকলোৰে সমান মৰ্য্যাদা আছে, গুৰুত্ব আছে৷ তাহানিৰ ভীমবৰ দেউৰীৰ জীৱনজোৰা সাধনা আছিল তাৰ কাৰণে৷ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সন্মানেৰে জীয়াই থাকিব পাৰে কোনোবাই যেন ন্যায়ৰ পৰা বঞ্চিত নহয় তাক নিশ্চিত কৰাৰ অৰ্থে ভীমবৰ দেউৰীয়ে সংগ্ৰাম কৰিছিল৷ অসমৰ কাকো মৰ্য্যাদাৰ পৰা বঞ্চিত নহয় তাক নিশ্চিত কৰাৰ অৰ্থে ভীমবৰ দেউৰীয়ে সংগ্ৰাম কৰিছিল৷ অসমৰ কাকো মৰ্য্যাদাৰ পৰা প্ৰাপ্য অধিকাৰ আৰু সুযোগৰ পৰা বঞ্চিত কৰা নহয় সেই মৰ্মেই দেউৰীহঁতে কাম কৰিছিল৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা এনেধৰণৰ আচৰণৰ তেওঁলোকে মনে-প্ৰাণে ঘৃণা কৰিছিল৷ তাহানি স্থানীয় বুদ্ধিজীৱি আৰু সাংবাদিকসকলৰ এনে আচৰণৰ বিৰুদ্ধে মাত মাতিয়েই ভীমবৰ দেউৰী সেইসকলৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিছিল৷ লোক গণনাৰ পাচত লোক গণনাত যেতিয়া জনজাতিৰ সংখ্যা কু অভিসন্ধি কৰি লক্ষ লক্ষ হাৰত কমাই দিয়া হৈছিল আৰু যেতিয়া তেওঁলোকৰ অজ্ঞতা আৰু আন নানান দুৰ্বলতাৰ সুযোগ লৈ জনজাতিসকলৰ ৰাজনৈতিক মতলবোৰে হিন্দু কৰাই তেওঁলোকৰ স্বকীয় পৰিচয় আৰু সাংস্কৃতিক মৰ্য্যাদাক ধূলিসাৎ কৰা হৈছিল, তেওঁলোকৰ ব্যক্তি অধিকাৰ খৰ্ব কৰা হৈছিল সেই সময়ত সেই অসমীয়া সকলৰ অভিসন্ধিকাৰী চক্ৰটোৱে প্ৰচণ্ড বাধাৰ সন্মুখীন হৈছিল ভীমবৰ দেউৰীৰ পৰা৷

অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে ১৯৯৫(? ) চনত ছাইমন কমিছন অহাৰ সময়তে কোনে কি ধৰণে চিন্তা কৰে সেই কথা স্পষ্ট হৈ পৰিছিল৷ অসমীয়া শিক্ষিত মধ্যবিত্ত চামে যে অসমৰ সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব নকৰে সেই কথা স্পষ্ট হৈ পৰিছিল৷ ত্ৰিশৰ দশকৰ শেষভাগত ভীমবৰ দেউৰী অসমৰ ৰাজনৈতিক দৃশ্যপটত সোমায়েই পোনপ্ৰথমে অসমীয়া শিক্ষিত মধ্যবিত্ত চিন্তাৰ সেই অসম্পূৰ্ণতা আঁতৰাবৰ যত্ন কৰিছিল৷ এই মধ্যবিত্ত চামে বহুক্ষেত্ৰত দূৰদৰ্শিতাৰ পৰিচয় দিব পৰা নাছিল৷ অসমক পাকিস্থানৰ স’তে চামিল কৰাৰ যি প্ৰথম প্ৰস্তুতি চলিছিল তাৰ খবৰো অসমক দিবলগীয়া হৈছিল স্বৰ্গীয় ভীমবৰ দেউৰী আৰু তেওঁৰ সতীৰ্থসকলেহে৷ পোন প্ৰথমে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল ট্ৰাইবেল লীগৰ নেতাসকলে, এই লীগৰ সাধাৰণ সম্পাদক আছিল ভীমবৰ দেউৰী৷ এই দেউৰীৰ উদ্যোগতে অসমলৈ বহিৰাগতৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছিল৷ এতিয়া অন্ততঃ অসমৰ বুদ্ধিজীৱিসকলে সেই ভুলবোৰ উপলিব্ধ কৰিব পাৰিছে নিশ্চয়৷ যদিহে কৰা নাই ভীমবৰ দেউৰীৰ প্ৰাসঙ্গিকতা বুজিবলৈ এতিয়াও আটায়ে যত্ন কৰক৷
[১৯৯৫ চনত প্ৰকাশিত প্ৰবন্ধটো পুনঃমুদ্ৰিত কৰা হ’ল]

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে