মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / দ্য ল’লেণ্ড : নক্সাল আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস (পঞ্চানন হাজৰিকা )

দ্য ল’লেণ্ড : নক্সাল আন্দোলনৰ পটভূমিত ৰচিত উপন্যাস (পঞ্চানন হাজৰিকা )

‘দ্য নেমছে’ক’ উপন্যাসৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰা ঝুম্পা লাহিড়ীৰ দ্বিতীয়খন উপন্যাস হ’ল ‘ দ্য ল’লেণ্ড’। ভাৰত আৰু আমেৰিকা – দুখন ৰাষ্ট্ৰীয় পটভূমিত এটা পৰিয়ালৰ তিনিটা প্ৰজন্মৰ কাহিনীৰে ‘দ্য ল’লেণ্ড’ৰ কথাবস্তুৰ নিৰ্মাণ হৈছে । দুখন ৰাষ্ট্ৰ আৰু দুটা ভিন্ন সংস্কৃতিক নেপথ্যত ৰাখি এক সুদীৰ্ঘ সময়ক উপন্যাসখনে ধৰি ৰাখিবলৈ যত্ন কৰিছে। সত্তৰৰ দশকত ভাৰতবৰ্ষত আৰম্ভ হোৱা নক্সাল আন্দোলনে উপন্যাসখনৰ কাহিনীৰ গতি নিয়ন্ত্ৰণত সক্ৰিয় অংশগ্ৰহন কৰাৰ লগতে নক্সাল আন্দোলনৰ পটভূমিৰ অৱলোকনৰ মাজেৰে উপন্যাসখনে একধৰণৰ ৰাজনৈতিক চেতনা লাভ কৰিছে বুলি ক’ব পাৰি।

কলিকতাৰ টালিগঞ্জত শৈশৱ কটোৱা উদয়ন আৰু সুভাষৰ বাল্যকাল , স্কুলীয়া শিক্ষা , উচ্চ শিক্ষাৰ বাবে কলেজত নামভৰ্তি , উদয়ন আৰু তাতকৈ পোন্ধৰ মাহ ডাঙৰ সুভাষৰ গভীৰ বন্ধুত্বসুলভ ভাতৃত্বৰ সম্পৰ্ক আদিৰ মাজেৰে কথকে কাহিনীভাগ আৰম্ভ কৰিছে । প্ৰাক্-স্বাধীন ভাৰতবৰ্ষত উদয়ন আৰু সুভাষৰ জন্ম । ব্ৰিটিছমুক্ত ভাৰতত সিহঁতে শৈশৱ কটাইছে যদিও ঔপনিবেশিক শাসনৰ বিভিন্ন প্ৰতীকচিহ্নৰ লগত শৈশৱতেই সিহঁতৰ পৰিচয় হৈছে । টালিক্লাব তেনেকুৱা এক প্ৰতীকচিহ্ন , যি টালিক্লাবলৈ গোপনে গৈ দুই শিশু ভাতৃ পহৰাদাৰী চিপাহীৰ হাতত ধৰা পৰিছে ।
১৯৬৭ চনত নক্সালবাৰী আন্দোলন আৰম্ভ হোৱাৰ সময়ত উদয়ন আৰু সুভাষ কলেজৰ ছাত্ৰ । মাওৰ আদৰ্শৰে দাৰ্জিলিঙত জমিদাৰী শোষণৰ বিৰুদ্ধে কৃষকসকলে কৰা প্ৰতিবাদ ক্ৰমশঃ পশ্চিম বংগৰ অন্যান্য প্ৰান্তত বিয়পি পৰে । কমিউনিষ্ট নেতা চাৰু মজুমদাৰ আৰু কানু সান্যালৰ নেতৃত্বত এই আন্দোলন শক্তিশালী হৈ উঠে আৰু বহুতৰে বাবে নক্সালবাৰী ‘অনুপ্ৰেৰণাৰ উৎস আৰু পৰিবৰ্তনৰ উদগনি’ হিচাবে জনপ্ৰিয় হয় । সেই সময়ত যাদৱপুৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা উদয়ন নক্সালবাৰী আন্দোলনৰ প্ৰতি আকৰ্ষিত হয় আৰু গোপনে সেই আন্দোলনৰ লগৰ জড়িত হৈ পৰে । ইফালে স্নাতকোত্তৰ শিক্ষা শেষ কৰি আমেৰিকা বিশ্ববিদ্যালয়ত গৱেষণা কৰিবৰ বাবে সুভাষ ৰ’ড আইলেণ্ডৰ আবাসী হয়গৈ।

দুয়ো ভাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু চিন্তা-দৰ্শনৰ জগতখনৰ বৈপৰীত্যৰ কথা ইয়াৰ মাজেৰে প্ৰকাশিত হৈছে । উদয়ন মানুহৰ সামুহিক কল্যাণ আৰু নিপীড়িত মানুহৰ মুক্তিৰ সপোনত বিভোৰ হৈ থকাৰ পৰিৱৰ্তে জীৱনৰ প্ৰায়োগিক দিশবোৰৰ প্ৰতি সুভাষ যেন বেছি আগ্ৰহী । সুভাষ স্বাৰ্থপৰ বা সুবিধাবাদী- পাঠকৰ মনলৈ সুভাষৰ আমেৰিকা যাত্ৰাই এনে ভাৱো নিশ্চিতভাবে আনিব পাৰে , কিয়নো সেই সময়ত পশ্চিম বংগৰ ৰাজনৈতিক অৱস্থা খুবেই অস্থিৰ আৰু অশান্ত । কিন্ত উপন্যাসখনৰ মাজলৈ পাঠকে কৰা আত্মমগ্ন যাত্ৰাই এই প্ৰশ্নও নিশ্চয় কৰে – সিদ্ধান্তৰ ক্ষেত্ৰত আচলতে শুদ্ধ কোন আছিল ? আৱেগিক উদয়ন নে যুক্তিবাদী সুভাষ ? অৱশ্যে নিশ্চিতভাৱে এইটোও সত্য যে নক্সাল আন্দোলন এক বিশাল ঐতিহাসিক প্ৰেক্ষাপট আছিল আৰু স্বৰাজোত্তৰ ভাৰতবৰ্ষত এই আন্দোলনত উদয়নৰ দৰে অসংখ্য তেজাল ডেকাৰ অংশগ্ৰহণক এই প্ৰেক্ষাপটে প্ৰাসংগিক কৰিও তুলিছিল ।
ঘৰৰ অমতত সংগ্ৰামী বন্ধুৰ ভগ্নী গৌৰীক উদয়নে বিয়া কৰোৱাৰ সিদ্ধান্তটোৱো বহু সময়ত আৱেগিক আৰু যৌৱনসুলভ সাময়িক উচ্ছ্বাস-উত্তেজনাৰে পৰিচালিত সিদ্ধান্ত যেন লাগে । বিয়াৰ এটা বছৰৰ পাছতেই ১৯৭১ চনত নিজৰ পিতৃ-মাতৃ আৰু পত্নীৰ সন্মুখতেই পুলিচ আৰু সেনা জোৱানে ৰাষ্ট্ৰ-বিৰোধী কাম-কাজত লিপ্ত থকাৰ অভিযোগত ষড়যন্ত্ৰমূলকভাৱে উদয়নক গুলিয়াই হত্যা কৰে। উদয়নৰ মৃত্যু – ‘ দ্য ল’লেণ্ড’ৰ আটাইতকৈ ট্ৰেজিক ঘটনা আৰু এই ঘটনাই উপন্যাসখনৰ কাহিনীৰ দিশ নিৰ্ণয় কৰি দিছে ।

উপন্যাসখনৰ দ্বিতীয় অধ্যায়তেই উদয়নৰ মৃত্যুৰ খবৰ সুভাষলৈ অহা টেলিগ্ৰামৰ মাজেৰে পাঠকেও লাভ কৰে । তাৰ পৰৱৰ্তী ছটা খণ্ডতো উদয়নৰ প্ৰসংগ উপন্যাসখনলৈ আহিছে আৰু প্ৰায় প্ৰতিটো খণ্ডতেই ‘উদয়ন’ চৰিত্ৰই বিকাশ আৰু বিস্তাৰ লাভ কৰিছে । সুভাষ , গৌৰী , সুভাষ-উদয়নৰ মাতৃ বিজুলী বা উদয়ন-গৌৰীৰ কন্যা বেলা – প্ৰতিটো চৰিত্ৰৰ চেতনাত উদয়ন জীয়াই আছে বাবেই সমগ্ৰ উপন্যাসখনত আমি যেনেদৰে উদয়নৰ স্পন্দনময় উপস্থিতি অনুভৱ কৰোঁ , তেনেদৰেই নক্সাল আন্দোলনে এটা পৰিয়াললৈ লৈ অনা ক্ষয়ংকাৰী পৰিৱৰ্তনবোৰো দেখিবলৈ পাওঁ ।

বৃহত্তৰ মানুহৰ মুক্তি অহাৰ আগলৈকে নিজৰ সন্তান জন্ম দিয়াৰ কথা ভবা নাছিল যদিও মৃত্যুৰ সময়ত উদয়নে নিজৰ গৰ্ভৱতী পত্নী গৌৰীক এৰি থৈ যায় । উদয়নৰ মৃত্যুৰ পিছত ঘৰত দেখা নিৰানন্দময় পৰিৱেশ সন্তান এটাৰ জন্ম তথা লালন-পালনৰ বাবে উপযুক্ত বুলি নাভাবি আৰু শাহু-শহুৰে গৌৰীক কৰা অৱহেলা বাবে গৌৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সুভাষে গৌৰীক বিয়া কৰোৱাৰ সিদ্ধান্ত লয় ।

সুভাষৰ সেই সিদ্ধান্তৰ মাজেৰে সুভাষৰ ত্যাগ , ভাতৃস্নেহ আৰু আদৰ্শৰ মহানতা প্ৰকাশ হোৱাৰ লগতে উদয়নতকৈ কোনোবা ক্ষেত্ৰত সুভাষ বেছি ‘শ্ৰেষ্ঠ’ হৈ জিলিকি উঠিছে । সৰুৰে পৰা মাক-দেউতাক সুভাষতকৈ উদয়নৰ প্ৰতি বেছি মনোযোগী আছিল বা উদয়নেও নিজৰ কাম-কাজেৰে সেই মনোযোগ ধৰি ৰাখিছিল । উদয়ন-সুভাষৰ টালিগঞ্জৰ ঘৰৰ মজিয়াত থাকি যোৱা উদয়নৰ শৈশৱৰ ভৰিৰ ছাপৰ কথা এইখিনিতে আঙুলিয়াব পাৰি । উদয়নৰ মৃত্যুৰ পিছত উদয়নৰ পিতৃ আৰু মাতৃৰ জীৱনলৈ কেনেধৰণৰ দুৰ্ভাগ্য আৰু মানসিক দুৰ্দশা-যন্ত্ৰণা নামি আহিছে,সেয়া মাতৃ বিজুলীৰ চিন্তা-চেতনা আৰু স্মৃতিকাতৰতাৰ মাজেৰে ঔপন্যাসিকে ধৰি ৰাখিছে ।

সুভাষ-গৌৰীয়ে আমেৰিকাৰ ৰ’ড আইলেণ্ডত আৰম্ভ কৰা দাম্পত্য জীৱন আৰু বেলাৰ জন্মৰ মাজেৰে আমেৰিকাত প্ৰৱাসী জীৱন কটোৱা ভাৰতীয়ৰ জীৱন চৰ্চাৰ এখন চিত্ৰ উপন্যাসত তুলি ধৰা হৈছে। এই সময়খিনিৰ মাজত নতুন দাম্পত্যত একাত্ম হ’ব নোৱাৰা আৰু বেলাৰ প্ৰতি বাঢ়ি অহা উদাসীনতাই গৌৰী চৰিত্ৰক কৰি তুলিছে জটিল , বিক্ষিপ্ত আৰু বিভ্ৰান্ত। সুভাষ বা বেলা- কাৰোৰে প্ৰতি গৌৰীয়ে আত্মিক দায়বদ্ধতা অনুভৱ কৰা নাই। উদয়নৰ স্মৃতিৰ প্ৰতিও গৌৰীৰ দুৰ্বলতা শেষ হৈ গৈছে , বৰঞ্চ নিজৰ পঢ়া-শুনা আৰু গৱেষণাৰ কামতহে গৌৰীক অধিক ব্যস্ত হৈ পৰা দেখা যায় । সুভাষ আৰু কিশোৰী বেলা কিছুদিনৰ বাবে টালিগঞ্জলৈ অহাৰ সময়তে গৌৰীয়ে তেওঁলোকক এৰি আতঁৰি আহিছে আৰু কেলিফোৰ্নিয়াত কলেজ শিক্ষকৰ এটা চাকৰি লৈ একাকী জীৱন আৰম্ভ কৰিছে । এই ঘটনাবোৰে যদিও গৌৰীৰ স্বাৰ্থপৰতা , সন্তান-স্বামীৰ প্ৰতি দায়বদ্ধহীন এক আত্মসৰ্বস্ব মানসিকতাক উদঙাই দিছে , তথাপি এই কথা ভাৱিবলগা হয় যে গৌৰীৰ এনে প্ৰতিক্ৰিয়াৰ লগত তাইৰ মানসিক দুৰ্যোগ আৰু সংঘাতৰ কথাবোৰ তথা অতীতৰ দুখদায়ক স্মৃতি জড়িত হৈ আছে । সেয়ে উপন্যাসখনৰ শেষলৈ বেলাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা গৌৰীৰ প্ৰতি পাঠক কঠোৰ হৈ উঠাৰ বিপৰীতে সহানুভুতিশীল হৈহে উঠে । মাকৰ পৰা আতঁৰি নিজৰ কৈশোৰৰ স্পৰ্শকাতৰ দিনবোৰ কটোৱা বেলাৰ জীৱনশৈলী আনতকৈ পৃথক আৰু স্বাধীনচিতীয়া । লগতে দেউতাক উদয়নৰ দৰে বেলা চৰম আদৰ্শবাদী । সেয়ে তাই এক যাযাবৰী কৰ্মজীৱন বাছি লৈছে , যি কামৰ মাজেৰে আন দহজনক তাই সমৃদ্ধিৰ বাট দেখুৱাব বিচাৰিছে । জীৱনৰ ত্ৰিছটা বসন্ত যোৱালৈকে বেলাই সুভাষকে নিজৰ পিতৃ বুলি ভাবি আহিছে । সুভাষৰ মুখেৰে উদয়নৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত বেলাৰ যি প্ৰতিক্ৰিয়া , সেয়া খুব পৰিপক্ক বা পৈণত অনুভূতিৰ পৰিচয় । কিছু সময়ৰ কাৰণে বিচলিত হোৱাৰ পাছতো নিজৰ স্থিতি স্পষ্ট কৰি বেলাই সুভাষক ‘দেউতা’ বুলিয়ে মাতিছে । পিতৃ পৰিচয় নোহোৱাকৈয়ে বেলাই মেঘনাক জন্ম দিছে আৰু ‘বিবাহ’ বা ‘সংসাৰ’ নামৰ প্ৰচলিত ধাৰণা কিছুমানক নিৰৱে অস্বীকাৰ বা প্ৰত্যাখ্যান কৰিছে । সুভাষ আৰু গৌৰীৰ ব্যৰ্থ দাম্পত্য জীৱনে তেনে মানসিকতা গ্ৰহণৰ ক্ষেত্ৰত বেলাক অনুপ্ৰাণিত কৰিছে বুলি ক’ব পাৰি ।

নিজৰ জন্ম আৰু জীৱনৰ কথা বেলাই তাইৰ প্ৰেমিক বন্ধু জ্বুক কৈছে এনেদৰে-
‘ দুজন ব্যক্তি যি দুজনে পৰস্পৰক ভাল পাইছিল তেওঁলোকে তাইক জন্ম দিলে , কিন্তু তাইক এনে দুজন ব্যক্তিয়ে ডাঙৰ-দীঘল কৰিলে , যি পৰস্পৰক কোনোদিনেই ভাল নাপালে ।’ ভাৰত আৰু আমেৰিকা- দুখন দেশৰ সমাজ মানস আৰু সাংস্কৃতিক যাত্ৰাৰ বৈচিত্ৰ আৰু বৈপৰীত্য কাহিনীটোত উদঙাই দেখুওৱা হৈছে । বেলাৰ মুক্ত যৌনতা , সুভাষৰ হলীৰ লগত হোৱা প্ৰাক্ – বৈবাহিক যৌন-অভিজ্ঞতা বা গৌৰীৰ লৰনাৰ লগত হোৱা দৈহিক-আৱেগিক সম্পৰ্কৰ মাজেৰে আমেৰিকাৰ উদাৰ-মুকলি সমাজ ব্যৱস্থাৰে প্ৰতিফলন উপন্যাসখনত ঘটিছে । উদয়নৰ মৃত্যুৰ পিছত যি গৌৰীয়ে টালিগঞ্জত শুভ্ৰ শাৰী পিন্ধি বৈধব্য জীৱন কটাইছে , সুভাষৰ পৰা আতঁৰি অহাৰ পাছত সেই মধ্যবয়স্কা গৌৰীয়ে লৰনা নামৰ এগৰাকী যুৱতীৰ লগত গঢ়ি তোলা সমলিংগীয় সম্পৰ্কই ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰৰ সাহসী প্ৰশ্নবোৰ শক্তিশালীভাৱে তুলি ধৰিছে । উপন্যাসখনৰ মাজত দুয়োখন দেশৰ সমাজ-সংস্কৃতিৰ আৰু ৰাজনীতিৰ তুলনাত্মক আলোচনাৰ অযুত দিশ পোহৰলৈ আহে । নক্সাল আন্দোলনৰ লগত জড়িত প্ৰেছিডেন্সী কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ মৌখিক বুৰঞ্জী লিখিবলৈ প্ৰকল্প হাতত লোৱা দীপাংকৰক লগ পোৱাৰ মাজেৰে গৌৰীয়ে বহু যুগৰ পিছত সেই দিনবোৰলৈ উভতি গৈছে আৰু পুৰণি স্মৃতি বিচাৰি টালিগঞ্জৰ ঘৰটোও পাইছেগৈ । স্মৃতি যিমানেই কৰুণ হওঁক অথবা ভয়াবহ – স্মৃতিৰ পৰা আচলতে কোনো মানুহৰে মুক্তি নাথাকে । সেই বাবেই গৌৰীয়ে পাহৰিব পৰা নাই উদয়নক , কলিকতাৰ দিনবোৰক বা ওচৰৰ পৰা দেখা আন্দোলনটোক । হাজাৰ যত্নৰ পাছতো গৌৰীয়ে সেয়ে এই কথাও পাহৰিব পৰা নাই যে উদয়ন জড়িত থকা পুলিচ অফিছাৰজনৰ হত্যাকাণ্ডটোত গৌৰীয়েও পৰোক্ষভাৱে সহায় কৰিছিল ।

‘দ্য ল’লেণ্ড’ত নক্সাল আন্দোলনৰ ইতিহাস সুৰক্ষিত নহ’লেও উদয়ন , মানসহতঁৰ চৰিত্ৰৰ মাজেৰে আন্দোলনৰ ৰেহ-ৰূপ , পটভূমি-প্ৰক্ষাপট , কলিকতাৰ সমাজখনৰ আন্দোলনটোৰ প্ৰতি থকা দৃষ্টিভংগী, কমিউনিষ্ট পাৰ্টীত হোৱা বিভাজন আদি দিশবোৰ টুকুৰা-টুকুৰকৈ প্ৰকাশিত হৈছে । সাধাৰণ অৰ্থত ক’বলৈ গ’লে ‘দ্য ল’লেণ্ড’ – নক্সাল আন্দোলনে থানবান কৰি গতিপথ সলাই পেলোৱা কেইটামান জীৱনৰ জীৱন্ত বৃত্তান্ত ।

আঠটা খণ্ডত বিভক্ত উপন্যাসখন আৰম্ভ হৈছে দুটা পুখুৰী আৰু এখন পিটনিৰ বৰ্ণনাৰে । বাৰিষা কালত একাকাৰ হৈ যোৱা পুখুৰী দুটা যেন উদয়ন আৰু সুভাষৰ অবিচ্ছিন্ন , অভিন্ন সম্পৰ্কৰে প্ৰতীকী ব্যাখ্যা । শৈশৱতে একেলগে দুয়ো ভাতৃয়ে বহুবাৰ খোজকঢ়া সেই পিটনিখনতেই মৃত্যুৰ আগমুহূৰ্তত উদয়নে আত্মগোপন কৰিও আছে । মৃত্যুৰ পিছত কমৰেডসকলে উদয়নৰ স্মৃতিত সেই পিটনিতে এখন ফলক নিৰ্মাণ কৰিছিল যদিও বহুদিনৰ পিছত টালিগঞ্জলৈ উভতি আহি গৌৰীয়ে উদয়নৰ একো স্মৃতিয়ে তাত উদ্ধাৰ কৰিবপৰা নাই। একেদৰে ইণ্টাৰনেটত পোৱা নক্সাল আন্দোলন সম্পৰ্কীয় অগণন তথ্য আৰু ৰচনাৰ মাজতো উদয়ন সম্পৰ্কীয় একো তথ্যই গৌৰীয়ে বিচাৰি পোৱা নাই । সময়ে, ইতিহাসে উদয়নৰ বৰ মৰ্মান্তিকভাৱে পাহৰি পেলাইছে ।
উপন্যাস কেতিয়াও ইতিহাস নহয় । কিন্তু ইতিহাসে নোকোৱা কিছুমান কথা উপন্যাসে কয় । ‘দ্য ল’লেণ্ড’ৰ মজেৰে ঝুম্পা লাহিড়ীয়ে বলিষ্ঠ কলমেৰে নক্সাল আন্দোলনৰ সম্পৰ্কীয় তেনে কিছু কথাই কৈছে- যিবোৰ কথা সত্য , বহু সময়ৰ গোপন , ভয়ানক আৰু সীমাহীন যন্ত্ৰনাৰে ভৰা । একে সময়তে উপন্যাসখনে কৈছে- মানৱীয় সম্পৰ্কৰ বৈচিত্ৰ আৰু মহত্বৰ এনে কিছু কথা- যিবোৰ স্থান আৰু যুগ নিৰপেক্ষ বুলি চিৰদিন প্ৰমাণিত হৈ আহিছে । উল্লেখ্য যে উপন্যাসখন সাৱলীল গদ্যৰে অসমীয়ালৈ ইন্দ্ৰাণী লস্কৰে অনুবাদ কৰিছে ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে