চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভাব বল্লৰী, মন মৰ্মৰঃ কাব্য-গদ্যৰ প্ৰথম খোজ ( সত্যেন্দ্ৰ বৰদলৈ )

ভাব বল্লৰী, মন মৰ্মৰঃ কাব্য-গদ্যৰ প্ৰথম খোজ ( সত্যেন্দ্ৰ বৰদলৈ )

সাহিত্য শব্দৰ সমাহাৰ। অথচ শব্দবিন্যাসৰ কৌশল আৰু প্ৰয়োগৰ ভিন্নতাই সাহিত্যক কৰি তুলিছে বহুধাবিভক্ত। দৰ্শন-সম্পৃক্ত ভাৰতীয় সাহিত্যত শব্দৰ ব্ৰহ্মত্ব আৰোপ কৰা হৈছিল আৰু শব্দৰ নিহিত শক্তিক সূক্ষ্মাতিসূক্ষ্ম ভাবে বিশ্লেষণ কৰি ইয়াৰ ব্যাখ্যা আগবঢ়াবলৈ যত্নপৰ হৈছিল। শব্দই মূঢ় জনকো কেনেদৰে মোহাৱিষ্ট কৰিব পাৰে, বিশ্বসাহিত্যত বা আমাৰ অসমৰ বৈষ্ণৱ যুগত ৰচিত চৰিত পুথি সমূহতে ইয়াৰ ভালেমান উদাহৰণ পোৱা যায়। শব্দই যাদুকৰী শক্তি প্ৰদৰ্শন কৰে বিশেষকৈ কবিতাৰ জৰিয়তে। কবিতাৰ মাজেদিয়েই শব্দই পূৰ্ণৰূপ প্ৰকাশ কৰে। কাৰণ কবিতা অন্য সাহিত্যতকৈ পৃথক কলা। ব্যঞ্জনাই কবিতাৰ প্ৰাণ। ইয়াক চিত্ৰ-কলাৰ লগতহে তুলনা কৰিব পাৰি। চিত্ৰকৰে ৰং-ৰেখাৰে আৰু কবিয়ে শব্দৰ সহায়ত ব্যঞ্জনাময় ছবি আঁকে। এই ছবি সফল ৰূপত আঁকিব পৰা জনেই কবি।

বিশিষ্ট ব্যংগলেখক হিচাপে সকলোৰে সুপৰিচিত পুণ্য শইকীয়া এগৰাকী কবি, চিন্তাশীল প্ৰাবন্ধিক, নাট্যকাৰ আৰু গীতিকাৰ হোৱা স্বত্বেও বিভিন্ন কাকত আলোচনীত ‘নেপথ্যত গুণগুণনি’, ‘শ্বেতপত্ৰ’, ‘আলাপন’, ‘শুনিয়োক সৰ্বজন’, ‘শব্দৰ কাৰ্টুন’, ‘নেপথ্যৰ পৰা’ আদি শিতানেৰে ধাৰাবাহিক ভাৱে লিখি থকা ব্যংগ সাহিত্যৰাজিৰ বাবে তেওঁক সাধাৰণ পাঠকে এগৰাকী ব্যংগ সাহিত্যিক হিচাপেহে চিনি পায়। এই কথা বহু কম সংখ্যক পাঠকেহে জানে যে অসমীয়া সাহিত্যত তেওঁ এটা নতুন ধাৰাৰ সৃষ্টি কৰি যোৱা শতিকাৰ শেষৰ ফালে এচাম পাঠকৰ পৰা বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হৈছিল। সেই সাহিত্যৰাজিৰ কিছু নিৰ্বাচিত অংশ একত্ৰে গ্ৰন্থৰূপে ছপাই ২০০৪ চনত প্ৰকাশ কৰে। এই আলোচনাত উক্ত পুথিখনৰ জৰিয়তে সেই সাহিত্যৰাজিৰ এটি পৰিচয় দিবলৈ যত্ন কৰা হৈছে।

‘মন মৰ্মৰ’ নামেৰে প্ৰকাশিত পুথিখনিৰ পাতনিতে তেখেতে লিখিছে–‘নাম ৰাখিছিলোঁ ‘ভাব বল্লৰী’, এই নামেৰেই ১৯৮৫ চনৰে পৰা অদ্যপৰ্যন্ত মোৰ স্বকীয় এক প্ৰকাশ ভংগিমাৰে কবিতাধৰ্মী কিছু কথা কিম্বা কথাধৰ্মী কিছু কবিতা বিভিন্ন কাকত আলোচনীত লিখিছিলোঁ। …… ‘ভাব বল্লৰী’ নামটো পাছলৈ মোৰ নিজৰে ভাল নলগা হ’ল। কাৰণ ভাব-চিত্ৰৰে স্তনিত এই ঘনীভূত কথা গুচ্ছ কেৱল বল্লৰী বা লতা হৈ নাথাকিল। মনৰ শিপা পৰ্যন্ত ই বিস্তৃতি লাভ কৰিলে। গতিকেই নতুন নাম এটাৰ সন্ধান কৰিলোঁ। নাম বিচাৰি কিছুদিন যন্ত্ৰণাত পীড়িত হ’লোঁ। এই যন্ত্ৰণাৰপৰা মোক উদ্ধাৰ কৰিবলৈ ‘মৰ্মৰ’ শব্দটো মনৰ গভীৰ গোপন অঞ্চলত আপোনা-আপুনি উদ্ভাসি উঠিল। নানাৰ্থক এই বহু বৰ্ণিল শব্দটোৰ ধ্বনি ব্যঞ্জনাই মোৰ হৃদয়লৈ যেন কিবা এক সংকেত প্ৰেৰণ কৰিলে৷ তেওঁ সৃষ্টি কৰা এই সাহিত্যৰ নামাকৰণৰ প্ৰসংগত উল্লেখ কৰা ওপৰৰ বক্তব্যৰ পৰাই এই সাহিত্যৰাজিক এটি সম্যক আভাস পাব পাৰি৷ গ্ৰন্থখনিৰ পৰিচয় প্ৰসংগত Collection of poems বুলি উল্লেখ কৰিলেও ওপৰৰ পাতনিত তেওঁ ‘কবিতাধৰ্মী কিছু কথা কিম্বা কথাধৰ্মী কিছু কবিতা’ বুলি উল্লেখ কৰাৰ পৰাই ইয়াৰ ব্যতিক্ৰমী বিশেষত্বৰ উমান পাব পাৰি৷ উদাহৰণস্বৰূপে ‘মন মৰ্মৰ’ ৰ প্ৰথমটিকে উল্লেখ কৰা হ’ল–

ঋতুৱে পঞ্জিকা অনুসৰণ কৰেনে? বসন্তই দিনপঞ্জী লিখেনে? পিছ দুৱাৰেদি প্ৰস্থানোদ্যত শীতক বসন্তয়েতো পলাশৰ ৰক্তিম পতাকা জোকাৰি বিদায় অভিবাদন জনায়৷ ঠিক সময়তেই সৰি পৰে প্ৰকৃতিৰ জীৰ্ণ গাত্ৰাভৰণ৷ প্ৰকৃতিয়ে ক’ত লিখি ৰাখে প্ৰাত্যহিক এই গোপ্য আচাৰ সংহিতা, কোনোবাই জানেনে?

উদ্ধৃত পংক্তিটোলৈ লক্ষ্য কৰিলেই ‘মন মৰ্মৰ’ ( বা ভাৱ বল্লৰী)ৰ বিশেষত্ব সহজে অনুমান কৰিব পাৰি৷ এই পংক্তি কিম্বা স্তৱকটোতে লেখকৰ বক্তব্য শেষ হৈছে৷ সম্পূৰ্ণ গদ্যৰ সহায়ত লেখকে প্ৰকৃতিৰ এটা চিৰসত্যক কলাসন্মত ৰূপত উপস্থাপন কৰিছে৷ কিন্তু ইয়াৰ বক্তব্যত আছে কাব্যিক বঞ্জনা, যাৰ বাবে বৰ্ণিত বিষয়ে পাঠকক অজানিতে লৈ যায় কোনো এক কল্পলোকলৈ৷ পাঠকে উপলব্ধি কৰিবলৈ বাধ্য হয়, প্ৰকৃতিৰ শাস্বত প্ৰতীকেৰে লেখকে আনুভূতিক জগতখনৰ কথাকে কোৱা নাইতো ! ‘মন মৰ্মৰ’ ত এনে ধৰণৰ ৭৫ টা স্বয়ং সম্পূৰ্ণ স্তৱক সন্নিবিষ্ট হৈছে আৰু প্ৰতিটো স্তৱকেই প্ৰকৃতাৰ্থত একো একোটা প্ৰতীকধৰ্মী কবিতা৷ সেয়ে লেখকে গ্ৰন্থখনিৰ পৰিচয়সূচক উল্লেখনত কবিতা বুলিয়েই লেখিছে৷ প্ৰতিটো স্তৱকতে পৰিলক্ষিত হয় এক পৰিশীলিত কাব্যিক সুষমা৷ তথাকথিত ছন্দৰ বান্ধোন ক’তোৱেই নাই, অথচ প্ৰতিটো স্তৱকৰে শব্দ প্ৰৱাহত আছে স্বন্দস্পন্দৰ মৃদু জোঁকাৰ৷ ধ্বনিৰ অন্বয়ে, লয়ৰ সুষম গতিয়ে প্ৰতিটো পংক্তিক আৰোপ কৰিছে কাব্যিক অভিব্যঞ্জনা, অথচ ইয়াক কাব্যিক গদ্য বুলিবও নোৱাৰি৷ চৈয়দ আব্দুল মালিকৰ কিছুমান গল্প বা উপন্যাস পঢ়ি থাকোতে এক ধৰণৰ কাব্যিক আবেগ উপলব্ধি কৰিব পাৰি৷ পাঠকক অজানিতে লৈ যায় অন্য এখন জগতলৈ৷ ‘মন মৰ্মৰ’ মাজত কিন্তু তেনে কল্পচিত্ৰৰ পৰিৱৰ্তে আছে ব্যক্তিনিষ্ঠ উপলব্ধিৰ বাংময় নীৰৱতা৷ বছা বছা শেব্দৰে চুটি বাক্য কেইটামান– যি অতি ভাৱঘন, য’ত আছে জীৱন সম্পৰ্কে লেখকৰ গভীৰ উপলব্ধি আৰু O’ Henry Ending -ৰ দৰে শেষৰ বাক্যটোত স্তনিত হৈ পৰিছে সমস্ত বক্তব্যৰ সাৰাংশ৷ এটি উদাহৰণ:

মোৰ মন যায় পথিক হ’বলৈ। কিন্তু মইতো নাজানো কিমান দূৰ খোজ কাঢ়ি গ’লে এজন একান্ত পথিক পোৱা যায়।

ইয়াত শেষৰ (দ্বিতীয়) বাক‍্যটোতহে প্ৰকাশ পাইছে প্ৰথম বাক‍্যটোৰ তাৎপৰ্য। ‘একান্ত পথিক’ জনহে লেখকৰ কাম‍্য। এজন সাধাৰণ পথিক হোৱাৰ বিপৰীতে এজন ‘একান্ত পথিক’ হোৱাৰ তীব্ৰ আকাংক্ষাহে প্ৰকাশ পাইছে এই স্তৱকটিৰ জৰিয়তে।

সংস্কৃত আলংকাৰিকসকলে সাহিত‍্যৰ ৰস বিচাৰ কৰি সাহিত‍্যত ন প্ৰকাৰৰ ৰস থকাৰ কথা দেখুৱাইছে যদিও এই কথাৰ লগতে কৈছে যে ৰস মূলত: এবিধ, সেয়া হ’ল কৰুণ ৰস। ৰস, এক কৰুণ এব; বাকী ৰসসমূহ কৰুণ ৰসৰে ভিন্ন ৰূপ মাথোন। ভাৰতীয় কিম্বা বিশ্বৰ অন‍্যান‍্য সাহিত‍্যৰাজিৰ মননশীল বিশ্লেষণে এই কথাৰ সত‍্যতা নিৰূপণ কৰে। ব‍্যাধৰ শৰত মৃত ক্ৰৌঞ্চ পখীটোৰ বিৰহত লগৰটোৱে শোকত কাতৰ হৈ পৰা দেখি তৰ্পণৰত বাল্মীকিয়ে নিজে নজনাকৈয়ে ‘মা নিষাদ….’ শ্লোকফাঁকি উচ্ছাৰণ কৰি পিছমুহূৰ্ততে ‘কিমিদং ৱাহৃতং ময়া’ বুলি চিন্তা কৰি থকাৰ পিছত তেওঁৰ হৃদয়ংগম হ’ল যে তেওঁৰ শোকভাৱ শ্লোকৰূপে প্ৰকাশ পাইছে। অথবা ঋষিৰ শোকেই শ্লোক, ‘… শ্লোকঃ শ্লোকত্বমাগতঃ’৷ স্ব-প্ৰজ্ঞা (Intuition) হ’ল শিল্পী-সাহিত্যিকসকলৰ একক মূলধন৷ গভীৰ মননেৰে শিল্পী-সাহিত্যকসকলে জীৱনৰ গোপন ৰহস্য উন্মোচন কৰিবলৈ যত্ন কৰে৷ কিন্তুOur sincerest laughter with some pain is fraught, Our sweetest songs are those that tell of saddest thought.

‘মন মৰ্মৰ’ স্তৱকবোৰ গভীৰ দাৰ্শনিক ভাৱাপন্ন আৰু প্ৰতিটো স্তৱকত অন্তৰ্নিহিত হৈ আছে এক প্ৰকাৰ দাৰ্শনিক কাৰুণ্য৷ এই কথা তেতিয়াহে উপলব্ধি কৰিব পাৰি, যেতিয়া পাঠকে অন্তৰ্চক্ষুৰে ভূমিৰ পৰা ভূমালৈ দৃষ্টি নিক্ষেপ কৰিব, কিম্বা ‘মনমৰ্মৰ’ ৰ স্তৱকৰ মাজত আত্মস্থ হ’ব পাৰিব৷ জীৱনৰ এই কাৰুণ্যই কেতিয়াবা স্পষ্ট ৰূপ লৈছে৷  উদাহৰণ–

মোক এনে এযোৰ জোতা দিয়া হ’ল, য’ত ভৰি সুমুৱালেই গজালে বিন্ধে৷ তাৰ পিছত মোক কোৱা হ’ল ‘দৌৰ দিয়া৷’ মই দৌৰ দিছিলোঁ৷ দৌৰৰ অন্তত মোক কোৱা হ’ল “এমোকোৰা হাঁহা”৷ মই হাঁহিছিলোঁ৷

“তোমাক উপহাৰ দিম বুলিয়েই মই বুকু ভৰাই লৈ গৈছিলো কিছু আৰ্তনাদ, কিছু হাহাকাৰ৷ কিন্তু কি যে মোৰ দুৰ্ভাগ্য, তুমি যথা সময়তেই হেৰুৱাই পেলালা শ্ৰৱণ শক্তি৷ হে পৰম বধিৰতা, তুমিয়েই কাণ পাতি শুনা মোৰ
হতাশ্বাসৰ কলৰৱ৷”

ব্যখ্যা নিস্প্ৰোয়জন৷

‘মনমৰ্মৰ’ ৰ প্ৰতিটো স্তৱকৰ মাজেদি উজলি উঠিছে লেখকৰ আত্মোপলব্ধিৰে আত্ম আৱিস্কাৰৰ তীব্ৰ আকাংক্ষা। অন্তৰাত্মাৰ গভীৰ আত্মোপলব্ধি বাংময় হৈ উঠিছে প্ৰায়বোৰ পংক্তিত।

“মই এটি জল বিন্দু। মোৰ পৰিধি নাই বুলিলেই হয়। উপস্থিতিয়েই মোৰ স্থিতি। মৰণ প্ৰস্তুতিয়েই মোৰ জীৱন বৃত্তান্ত। দুৱৰি বনক মই আলফুলে আলিংগন কৰো প্ৰত‍্যহ। প্ৰতিবাৰেই শেষ বাৰ।”

এটা ডাঙৰ মাছ ধৰিবলৈ বৃদ্ধ ছাণ্টিয়াগোৱে টুলুঙা নাওখনেৰে গৈ গৈ মাজ সাগৰ পালেগৈ। পালেও এটা প্ৰকাণ্ড মাৰ্লিন মাছ। কিন্তু অভিযানৰ শেষত তেওঁ কি পালে? মাছৰ এটা ডাঙৰ জঁকা। জীৱনত আমি কি বিচাৰো আৰু শেষত কি পাওঁ! জীৱন মানে যেন এক বিৰাট শূন‍্যতা।

ৰূপালী কাগজত ঠিকনা লিখি সোণালী টেমাত বন্দী কৰি উটুৱাই দিলো নদীৰ বুকুত সেই তাহানিতে। ঋতুৱে ঋতুৱে বাট চালোঁ মোৰ ঠিকনাত এখন চিঠি উটি আহিব আৰু তাত লেখা থাকিব তোমাৰ ঠিকনা। কিন্তু হাঁয়, এই মাত্ৰ নদীয়ে ক’লে নদী মানে হেনো কেৱল পানী। পানীৰ হেনো নিজৰেই ঠিকনা নাই।

‘মনমৰ্ম’ ৰ স্তৱকসমূহ যেন একো একোটা স্বগত উক্তি। নাটকৰ চৰিত্ৰৰ মনোজগতত ইংগিত স্বগতোক্তিয়ে বহন কৰাৰ দৰে এই স্তৱক সমূহৰ মাজেদি লেখকৰ মনত গানৰ পৰা নিগৰি আহিছে স্ব-প্ৰজ্ঞা (Intuition) ৰ আলোকত প্ৰোজ্জ্বল জীৱন আৰু জগতৰ অনুসিদ্ধান্ত। নান্দনিক বিচাৰতা প্ৰতিটো স্তৱক সাহিত‍্যৰ অলংকাৰেৰে সালংকৃত।

মনমৰ্মৰ’ৰ ৰচনাসমূহ পুণ্য শইকীয়াদেৱৰ একক আৰু ব্যতিক্ৰমী সৃষ্টি ৷ ১৯৮৩ চনৰপৰাই তেখেতে এই ধাৰাৰ সাহিত্য ৰচনা কৰি আহিছে আৰু চেগা-চোৰোকাকৈ হ’লেও এতিয়াও লিখি আছে ৷ ইয়াৰ ৰীতি তেওঁৰ একান্তই স্বকীয় ৷ পৰৱৰ্তী কালত ডঃ নগেন শইকীয়াদেৱেও এই আৰ্হিৰে ‘মিতভাষ’ ৰচনা কৰি সু-পৰিচিত হৈ পৰিছে আৰু ভালেমান নতুন লেখকক ‘মিতভাষ’ লিখিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে যদিও ইয়াৰ ইতিহাস যে ইয়াতকৈও প্ৰাচীন, সেই কথা পুণ্য শইকীয়াদেৱৰ ‘মনমৰ্মৰ’এ প্ৰমাণ কৰে ৷ শেষত তেওঁৰ ‘মনমৰ্মৰ’ৰ এটি স্তৱকেৰেই এই আলোচনা সামৰণি মাৰিছোঁ,–

মই তোমাক ক’ব খোজোঁ কি আৰু মূৰকত কৈ পেলাওঁ কি ? এই প্ৰতাৰণাৰ বাবে জগৰীয়া মইতো নহওঁ ৷ সেই বিবস্ত্ৰ শব্দবোৰেই যত অনৰ্থৰ মূল ৷ সিহঁতক কওঁ এটা , কৰে এটা ৷ সিহঁতে বাগাড়ম্বৰৰ অৰ্থও নাজানে৷ সেয়ে ভাবিছোঁ, তোমাক আৰু একোকে নকওঁ ৷ আশা কৰোঁ সকলো বুজি উঠিবা৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে