চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / নৈবেদ্য #The Wave of Emotions# ( অনিতা ডেকা বৰা )

নৈবেদ্য #The Wave of Emotions# ( অনিতা ডেকা বৰা )

১.
মই প্ৰেমক দেখা পাইছো, স্পৰ্শ কৰিছো…পান কৰিছো, প্ৰতিপাল কৰিছো
আৰু প্ৰেমৰ অগ্নিত দাহ গৈ বিধ্বস্ত হৈছো… অনুৰাগ, অনুভৱ, উত্তাপ,
উত্তেজনাক স্পৰ্শ কৰিছো আৰু ক্ৰমান্বয়ে বাঢ়ি অহা ভিতৰৰ আকুলতাক
মুক্তি দিছো… মই প্ৰেমক পূৰ্ণ কৰিছো৷

২.
তুমি দেখিছানে প্ৰকৃতিৰ সুগন্ধি আহ্বান…৷ অনবদ্য কম্পনৰ শৃংগাৰ…৷
এই শব্দহীন অৱক্ষয়ত ভাৰাক্ৰান্ত চেতনা মোৰ৷ এয়া অৰণ্য নহয়…যেন
অকল্পনীয় মোহাবিষ্টতাৰ অংশ…৷ এতিয়া দুচকু মুদি মই অৱগাহন কৰিম…

ক্ৰমান্বয়ে প্ৰকৃতিৰ সুবাসত ধৰি শব্দৰ সুগন্ধি নামি আহিব…আৰু বুকুৰ
সোঁমাজত গঢ়ি তুলিব কবিতাৰ বাগিচা…৷

৩.
নিশাৰ উচুপনি…নীড়হাৰা সপোনৰ নিনাদত…নিশাৰ উচুপনি …৷ মোক
যেন মোৰ পৰা এতিয়া উলিয়াই পেলাব এই উচুপনিয়ে…৷ স্বপ্নভংগৰ
আৱিষ্টতাৰ মাজৰ পৰা মোক বুটলিব দিয়ে নীলা শূন্যতাৰ টুকুুৰা…৷
স্পৰ্শ কৰিব দিয়ে নীলা গৰলৰ নিজৰা…৷ ওৰে নিশা এক অচিন পখীয়েও
বিনাই থাকে…, পক্ষীৰ কলৰৱ কি সেই পখীয়ে নাজানে…ঠিক শূন্যতাই
নাজানে পূৰ্ণতাৰ কলৰৱ…

৪.
এনিশাৰ স্মৃতি অথচ সমগ্ৰ সত্তা জোনাকী যোৱা…৷ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহিত
হৈ থকা যেন সোঁৱৰণিৰ দলিচা…৷ কিনো আছে তাত? উত্তাপ নে শিহৰণ?
শৃংখল আকাংক্ষা নে দিকভ্ৰষ্টা অনুৰাগ? প্ৰাপ্তিৰ গৌৰৱ নে অপ্ৰাপ্তিৰ দহন?
বৰ্ষাৰ সেউজীয়া নে শীতৰ চেঁচা হুমুনিয়াহ? মিলনৰ ভাস্কৰ্য নে বিচ্ছেদৰ
এপিটাফ? কি আছে তাত?

৫.
জিকোৱেই বা হাৰো… যুজি যাওঁ আকাংক্ষাৰ সৈতে… প্ৰলুব্ধ অনুৰাগৰ
সৈতে৷ নিজৰ পৰা নিজৰ মুক্তিৰ বাবে…৷

Leave a Reply

Your email address will not be published. Required fields are marked *