চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মিতভাষঃ এক চমু অৱলোকন ( কৰবী ডেকা হাজৰিকা)

মিতভাষঃ এক চমু অৱলোকন ( কৰবী ডেকা হাজৰিকা)

‘মিতভাষ’ অসমীয়া সাহিত্যৰ পাঠকৰ বাবে অপৰিচিত নহয়৷ নব্বৈৰ দশকৰ পৰা নগেন শইকীয়াৰ মিতভাষ ওলাইছে, আৰু ওলাই আছে৷ আলোচনী, কাকতৰ বুকুত প্ৰকাশ পোৱা এই অভিনৱ সাহিত্য-প্ৰকাৰে পাঠকৰ মনত কৌতূহলৰ সৃষ্টি কৰাৰ লগতে এক অগতানুগতিক আমেজো দান কৰিছে৷ গ্ৰন্থ আকাৰে প্ৰকাশ পোৱা তিনিটি সংকলনৰ পাছত শেহতীয়াকৈ ‘মিতভাষ সমগ্ৰ’ প্ৰকাশ হোৱাত মিতভাষৰ বিষয়ে কিছু অধ্যয়ন অথবা সমীক্ষা চলাবলৈও এতিয়া সুচল হৈ পৰিছে৷ দেখা যায় যে অসমীয়া সাহিত্যত নগেন শইকীয়াৰ ‘মিতভাষ’ প্ৰায় একক হৈ ৰৈ গৈছে, ঠিক মাধৱদেৱৰ ঝুমুৰাবোৰৰ দৰে৷ যদুমণিদেৱ আদি দুই-একে ঝুমুৰা ৰচনা কৰিছিল যদিও সেইবোৰ ঝুমুৰা ৰূপেৰে খ্যাত হৈ জনপ্ৰিয় হোৱা নাছিল৷ মিতভাষৰ ক্ষেত্ৰতো একে ধৰণেই দেখা যায় যে কিছুসংখ্যক অনুৰাগীয়ে মিতভাষ ৰচনাৰ প্ৰয়াস কৰিছে যদিও মূল মিতভাষৰ বৈশিষ্ট্য সেইবোৰত এশ শতাংশই ৰক্ষিত হোৱা নাই৷ ফলত বহুজনে যোগদান কৰিব পৰা ধাৰা এটাই গঢ় লৈ উঠা নাই৷ গতিকে ক’ব পাৰি যে ই হ’ল একক আৰু বিশিষ্ট সুঁতি৷ অৱশ্যে নতুন লেখকে চৰ্চা কৰা প্ৰয়াসৰ মাজত ভৱিষ্যতে মিতভাষ এটা ধাৰা হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা এতিয়াও লক্ষ্য কৰা যায়৷ ১৯৯৫ চনত গ্ৰন্থৰূপে প্ৰকাশ পোৱাৰ পাছত ঘাইকৈ কথা-সাহিত্যিক আৰু চিন্তাবিদ তথা গৱেষক-পণ্ডিত নগেন শইকীয়াৰ এই শ্ৰেণীৰ কোমল ৰচনাই স্বাভাৱিকতে পাঠকৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছিল৷ এই অনন্য সাহিত্য-প্ৰকাৰক সাহিত্যৰ কোনটো শাখাত থ’ব পৰা যায় সিও চৰ্চাৰ বিষয় হৈ পৰে৷ এই ৰচনাসমূহ কোমল, কিন্তু ই কবিতা নহয়৷ এইবোৰত অস্পষ্ট কাহিনীৰ ছায়া আছে, কিন্তু ই গল্প নহয়৷ জীৱনৰ ক্ষুদ্ৰতা, সংসাৰৰ অনিত্যতা, চিৰসত্য ৰহস্যময়তা আদি দিশত আলোকপাত কৰিলেও মিতভাষে গৱেষণা বা প্ৰবন্ধৰ ৰূপ লোৱা নাই৷ গতিকে মিতভাষক চলিত সূত্ৰৰ আধাৰত নথিভুক্ত কৰা টান৷ কথা আৰু কবিতাৰ দোমোজাত থকা এই ৰচনাবিধ কথা-কবিতাও নহয়৷ অৱশ্যে দুৱৰা কবিয়ে সুদীৰ্ঘ ৰচনাৰ মাজেদি তেওঁৰ মন-গহনৰ আকুতি প্ৰকাশ কৰাৰ দৰে মিতভাষৰ নাতিদীৰ্ঘ শৰীৰৰ মাজেদিও কেতিয়াবা একে আকুতি প্ৰকাশ পায়৷ দুৱৰা কবিয়ে টুৰ্গেনিভৰ ৰচনাক আধাৰৰূপে লৈছিল, নগেন শইকীয়াৰ আধাৰ নিজৰ অন্তৰ্জীৱনৰ অনুভূতি আৰু অভিজ্ঞতা সাধাৰণতে কথা-কবিতাত থাকিব পৰা শিক্ষা নীতি, হাহাকাৰৰ সুৰ আদি লক্ষণসমূহ ইয়াত নাই৷ আছে এক আত্মকথন৷ লেখকে ‘অমিত-ভাষ’ত কৈছে– মিতভাষ কি– এই প্ৰশ্ন মোৰো, যদিও নামটো ময়ে দিছোঁ৷ মোৰ এই লেখাখিনিক পৰিচয় কৰাই দিবলৈ ইয়াতকৈ বেলেগ এটা শব্দ বিচাৰি পোৱা নাই৷ নিঃসীম শূূন্যতাৰ পটভূমিত নিজৰ জীৱনক অনুভৱ কৰোঁতে মনৰ ভিতৰত সৃষ্টি হোৱা ৰূপ-অনুৰাগৰ ই বোধকৰোঁ অসহায় শব্দৰ প্ৰকাশ হৈ ধৰা দিছে৷ মিত-ভাষ সেয়ে কবিতা নহয়, কথা-কবিতা নহয়, গল্পৰ স্কেটছ নহয়, বা দাৰ্শনিক চিন্তাৰ প্ৰকাশো নহয়৷ অৱশ্যেই মাজত ইবিলাকৰ কিবা বীজ থাকিলেও থাকিব পাৰে৷

অসমীয়া সাহিত্যত ভাৰতীয় সাহিত্যতে বিৰল কথা-কবিতা এক স্বকীয় বৈশিষ্ট্যৰে ৰৈ যোৱাৰ দৰে নগেন শইকীয়াৰ মিতভাষো একক সাহিত্য-প্ৰকাৰ হিচাপে জিলিকি থাকিব বুলি বিশ্বাস কৰিব পাৰি৷ মিতভাষৰ মূল লক্ষণ হ’ল পৰিমিতি বোধ৷ তিনিৰ পৰা এঘাৰ শাৰীলৈকে ইয়াৰ ব্যাপ্তি৷ মিতভাষৰ ভাববস্তুৰ মাজত কেইটিমান বিশেষ দিশ সততে চকুত পৰে৷ গতিকে এইবোৰৰ শ্ৰেণী বিভাজন কৰাও সম্ভৱপৰ৷ ৩৯৩টি মিত-ভাষ বিশ্লেষণ কৰাৰ পাছত এইবোৰৰ মাজত প্ৰকাশ পোৱা ঘাই বিষয়সমূহ এইদৰে বিচাৰ কৰিব পাৰি– ৰহস্যময় চিন্তা, জীৱনৰ সীমাবদ্ধতাৰ প্ৰতি সচেতনতা, অপেক্ষা, সন্ধান, বিষাদ, স্বপ্ন, শূন্যতাবোধ আৰু স্মৃতিচাৰণ প্ৰকৃততে মিতভাষবোৰ এডাল সুদীৰ্ঘ মালাৰ মাজত থকা ভিন ভিন বৰণৰ ফুলৰ লগত তুলনীয়৷ গাইগুটীয়াকৈ প্ৰতিটোৰ অস্তিত্ব আছে যদিও আটাইবোৰ মিলিহে গঠিত হৈছে মিতভাষৰ পৰিচয়৷ প্ৰথম দৰ্শনত মিতভাষৰ বিষয় ৰহস্যময় তথা দাৰ্শনিক ভাবাপন্ন যেন লাগে৷ এই দৰ্শন লেখকৰ নিজা সুদীৰ্ঘ জীৱনৰ বিশেষ দিনোবোৰৰ সমষ্টিৰে গঠিত অভিজ্ঞতাই তেওঁক কোবাইছে–
মোৰ মাত্ৰ এটাই দিন– তাত আন্ধাৰো আছে পোহৰো
আছে, নিদ্ৰাও আছে জাগৰণো আছে, দুখৰ দীঘলীয়া বাট
আছে আৰু সুখৰ সৰু সৰু স্মৃতি আছে৷ শব্দৰ কোলাহলৰ
মাজত মই তাত নিঃশব্দ আন্ধাৰ বিচাৰোঁ আৰু নৈশব্দৰ
মাজত শব্দৰ গভীৰতাৰ সন্ধান কৰোঁ৷ সেই শব্দৰ লগত
বন্ধা আছে মোৰ ৰাগ-অনুৰাগৰ একতাৰাটো৷
লেখকৰ ‘ৰাগ-অনুৰাগ’ৰ মাজতে লুকাই আছে এক ৰহস্যময় সুৰ৷ প্ৰতি মুহূৰ্ততে তেওঁ অপেক্ষা কৰিছে অথবা সন্ধান কৰিছে কাৰোবাৰ মাজে মাজে হঠাৎ লগ পাইছে পাহাৰী জুৰিৰ দৰে এক বৰ্ণময় সত্তাক, পিছ মুহূৰ্ততে অতীতৰ এক পলকৰ পোহৰৰ সোঁৱৰণত ব্যথিত হৈ টোপটোপকৈ সৰিছে তেওঁৰ বিষাদৰ সুৰ৷ কাৰ বাবে এই বিষাদ, কাৰ বাবে এই কাতৰতা– সেই কথাৰ ব্যাখ্যা কৰিব পাৰি নানা ভাবে৷ ‘‘তেওঁ কোন আছিল মই নাজানো৷ ক’ত দেখিছিলোঁ সেই কথাও পাহৰিলোঁ…৷” সেই মুখৰ ছবি বাৰে বাৰে আঁকিব খুজিও তেওঁ নোৱাৰে, কাৰণ সেই মুখৰ নাই কোনো প্ৰতিৰূপ৷ তেওঁ কৈছে– সকলো মানুহে কিজানি এখন আঁকিব নোৱৰা ছবি কঢ়িয়াই লৈ ফুৰে৷ গতিকে এনেকৈ ভাবিব পাৰি যে ৰোমাণ্টিক কবিতাৰ প্ৰথমজন খনিকৰ চন্দ্ৰ কুমাৰ আগৰৱালাই “আধাফুটা আৱেগৰ ইমান জুমুৰি, দিলোঁ মেলি হিয়াৰ দুৱাৰ” বুলি কোৱাৰ দৰে মিতভাষৰ স্ৰষ্টায়ো কথা অথবা কবিতাত প্ৰকাশ কৰিব নোৱৰা বিশেষ অনুভূতি প্ৰকাশৰ বাবে এই বিশেষ মাধ্যম বাছি লৈছে৷ ই একপ্ৰকাৰ নিজৰ লগত পতা কথা, নতুন গঢ়ৰ দিনলিপি নিজে অনুভৱ কৰা আৰু আনক বুজা-নুবুজাৰ দোমোজাৰ মাজত ৰাখি গধুৰ হিয়াক সকাহ দিবলৈ ৰচনা কৰা অনুভূতিৰ নিষ্কাসন৷ পাৰ্থিৱ প্ৰেম আৰু অপাৰ্থিৱ প্ৰেমৰ ধাৰণা ইয়াত সান-মিহলি হৈ এক জটিল পৰিমণ্ডলৰ সৃষ্টি কৰিছে৷ এটা মিত-ভাষত আছে–
মোক কোনেও কোৱাহি নাই– তেওঁ ক’ত– ভিতৰত
নে বাহিৰত৷ মই যেতিয়া তেওঁক ভিতৰত বিচাৰোঁ তেওঁ
বাহিৰত থাকে৷ মই যেতিয়া তেওঁক বাহিৰত বিচাৰোঁ
ভিতৰত তেওঁ ক’ত থাকে? মই বিচাৰি ভাগৰি গৈছোঁ৷
অভ্যন্তৰ ভৰি পৰিছে অভিমানেৰে৷ তথাপিও মোৰ
বিচাৰৰ শেষ নাই– বিচাৰিয়েই আছোঁ৷
দেখাতেই ই এক দাৰ্শনিক ভাৱৰ ৰহস্যবাদী ৰচনা৷ সাধক, যোগী, ৰহস্যবাদী কবিয়ে এইদৰেই পৰমপ্ৰিয়াৰ সংগ কামনা কৰে৷ কিন্তু অন্য মিতভাষত এনেকৈও আছে–
তুমি স্বপ্ন নে গীত? তুমি ফুল নে সুৰভি? তুমি কেনেকৈ
আহি অদৃশ্য হৈ যোৱা? সকলো আৱৰণৰ মাজত বিচাৰি
ফুৰিছোঁ তোমাক অবিৰাম৷ ক’ত আছা– ক’ত আছা তুমি?
ইয়াত আকৌ দাৰ্শনিকৰ কঠোৰ অনুসন্ধান নাই, আছে কবিতাৰ কোমল আকুলতা৷ কবি নীলমণি ফুকনে সেয়েহে হয়তো কৈছিল– “কোনোটোহঁত কবিতাৰ ওচৰা-উচৰি৷ কোনোটোহঁত কবিতাই৷” কবিতাৰ দৰেই ভাবৰ গভীৰতা, শব্দৰ লয়লাস আৰু প্ৰকাশৰ ব্যঞ্জনাময়তা৷ তেওঁ যেতিয়া কয়–
মই তোমাক স্পৰ্শ কৰিব নোৱাৰোঁ, কিন্তু সমগ্ৰ সত্তা
তোমাতে বিলীন কৰি দিওঁ,
অথবা–
মই দুৱাৰ খুলি দিলোঁ– আহা– তেওঁ মোৰ ভিতৰলৈ
সোমাই আহিল৷ সেই যে সোমাই আহিল– তেওঁক
এতিয়া মই বাহিৰতো নেদেখোঁ ভিতৰতো নেদেখোঁ।
এই বাক্যাংশত লেখকে নিজে সচেতনভাৱে উপলব্ধি নকৰিও ছুফীবাদী দৰ্শনৰ স্পৰ্শ দান কৰিছে৷ ছুফী কবিতাত প্ৰেম, প্ৰিয়া, ভগবান আৰু ভগৱৎ ভক্তিক বিচিত্ৰ উপায়েৰে মিহলি কৰি তুলি ধৰা হয়৷ পৰম প্ৰিয় আৰু অনুৰাগীৰ মাজত অনুভৱৰ বিলোপন ঘটাই হ’ল ছুফীবাদীসকলৰ বাবে চৰম সাৰ্থকতা৷ মিতভাষৰ মাজতো প্ৰিয়াৰ ৰূপৰ আঁৰ লৈ অহা কোনোবা এজনৰ কথা আছে যিজনৰ বাবে লেখকৰ আকুতি–
তুমি ক্ষুধা নে তৃষ্ণা? তুমি ৰূপ নে অৰূপ? তুমি প্ৰেম নে
অপ্ৰেম? তুমি বিজুলীৰ দৰে আহি পোহৰ কৰা আৰু
আঘাত কৰি গুচি যোৱা৷ বিদ্যুৎপৃষ্ট শৰীৰৰ যন্ত্ৰণাত মই
এখিলা কোমল পাতৰ দৰে ছিৰাছিৰ হওঁ– মই অৰ্ধদগ্ধ
হৈ বাট চাওঁ– আকাশত মেঘ হ’ব আৰু মোক তিয়াই
পেলাব৷ তুমি নিষ্ঠুৰতাৰে আঁতৰাই দিয় বৰষুণৰ ডাৱৰ
নিষ্ঠুৰ!
আপাতদৃষ্টিত এইখিনি যেন উৰ্দু শ্বায়েৰিৰ অথবা প্ৰেমিক কবিৰ গজলৰ এটি প্ৰেম আৰু বেদনাভৰা টুকুৰাহে৷ প্ৰেমিকাৰ ৰূপৰ জিলমিলে ছাট মাৰি ধৰা মনৰ চকুৰে দেখে তেওঁ গৰৱিনী প্ৰিয়াৰ অহংকাৰ মিহলি নিষ্ঠুৰতা– যি নিষ্ঠুৰতাই সন্ধানৰ হেঁপাহ তীব্ৰ কৰি তোলে৷ গাঢ় কৰি তোলে অপেক্ষাৰ স্পৃহা৷ অন্য কিছুমান মিতভাষে সূচায় যে এই এই ব্যাখ্যাহীন শৰীৰী ৰূপৰ আঁৰত আছে প্ৰেমক তল পেলাই মূৰ তুলি থকা এক অপাৰ্থিৱ অনুভৱ৷
মানহৰ জীৱন অসহায়, অপূৰ্ণ আৰু অক্ষম৷ সীমিত পৰিসৰত অসীমৰ সপোন দেখা মানুহ প্ৰকৃততে অসহায়তা আৰু শূন্যতাতে ভৰা ক্ষুদ্ৰ জীৱনৰহে গৰাকী৷ এই অনুভৱ মিতভাষৰ অন্যতম পৰিচয়৷
সেই কথাকে দেৱকান্ত বৰুৱাই ‘আত্মপ্ৰকাশ’ কবিতাত কৈ গৈছে–
কি দৰে কৰিবা বাৰু এটোপাল নিয়ৰৰে সাগৰ
বিস্তৃতি প্ৰমাণ,
বিন্দুৰ গৌৰৱ তাত হয়তো হ’বও পাৰে, মহাসিন্ধু
তাৰ অপমান।
একে ধৰণৰ মানুহৰ ক্ষুদ্ৰতা আৰু অসহায়তাৰ কথা ৰবীন্দ্ৰনাথেও নানা ঠাইত কৈ গৈছে–
আমাৰ যা শ্ৰেষ্ঠধন সেতো সধু চমকে ঝলকে
দেখা দেয়, মিলায় পলকে, [দান] সেয়েহে মিতভাষৰ ৰচকে গভীৰভাৱে উপলব্ধি কৰে নিজৰ জীৱনৰো ক্ষুদ্ৰতা আৰু পৰিচয়হীনতা–
মই সকলোবোৰ ঠিকনা হেৰুৱাই পেলাইছোঁ– মোৰ
নিজৰ ঠিকনাও মোৰ হাতত নাই– মই যেন এটা অশৰীৰি
ছাঁ হৈ ওপঙি ফুৰিছোঁ৷
কাৰণহীন বিষাদ মিতভাষৰ ঘাই বীজ৷ মিতভাষবোৰ কৰুণ বুলি সামগ্ৰিকভাৱে মন্তব্য দিবও পাৰি৷ হতাশা, প্ৰত্যাশা, অপেক্ষা, সপোন ভঙাৰ বেদনা, অতীতৰ সপোন ৰোমন্থন আদি নানা দিশেৰে এইবোৰত দুখ আৰু বিষাদ প্ৰবাহিত হৈ আছে৷
এতিয়া কেৱল যন্ত্ৰণাখিনিয়েই মোৰ সম্বল– চকুপানীয়েই
মোৰ পিয়াহৰ পানী, হুমুনিয়াহেই মোৰ প্ৰাণবায়ু–
এনেধৰণৰ ভাব প্ৰকাশেৰে মিতভাষবোৰক সেমেকাই তোলা হৈছে৷ এক হতাশাৰ ভাব কেতিয়াবা প্ৰকট হৈ পৰে যেতিয়া তেওঁ কয়–
চকুৰে মণিব পৰালৈকে কেৱল বালি বালি আৰু বালি।
জীৱনৰ সীমা ভাঙি বালিচৰ বাঢ়ি গৈ থাকে গৈ থাকে৷
এয়া যেন নৱকান্ত বৰুৱাৰ ‘‘মৰুভূমি আহে, লাহে লাহে, মাহে মাহে, বছৰে বছৰে৷” সকলো মানুহৰে জীৱনলৈ নামি আহে মৰুভূমি, বাঢ়ি আহে বালিচৰ৷ একালৰ সেউজীয়া সময় অনিবাৰ্য কাৰণত শেতা পৰি আহে, হেৰাই যায় জীৱনৰ কুমলীয়া ৰং৷ সেই কথাকে গাঢ় বেদনাৰে সৈতে কৈ উঠিছে মিতভাষে৷
মই নাজানো__ কাইলৈ ফুলপাহ ফুলিবনে নুফুলে,
কাইলৈ তাৰ সুগন্ধ বিয়পি পৰিব নে নপৰে , মই নাজানো
কাইলৈ বতাহ ব’ব নে নবয়– পোহৰ হ’বনে নহয়– মই
কেৱল আশা কৰোঁ– মই আশা কৰাৰ দৰেই ঘটনাবোৰ
ঘটিব৷ আমি কেৱল আশা কৰিব পাৰোঁ– বাট চাব পাৰোঁ৷
মিতভাষৰ মাজত যদিও বেলেগ বেলেগ ভাব আছে, সেইবোৰৰ পাৰ্থক্য বিশেষ স্পষ্ট নহয়৷ গতিকে অমনোযোগী পাঠকে মিতভাষৰ মাজত ভাবৰ বৈচিত্ৰ্য বিচাৰি নাপায়৷ আধুনিক ৰুচিৰ পাঠকে মিতভাষক ৰোমাণ্টিক আৰু ৰহস্যবাদী কবিতাৰ শাৰীত থ’বলৈকে ভাল পাব৷ মিতভাষবোৰ অত্যন্ত ব্যক্তিগত অনুভূতি-নিৰ্ভৰ, সেয়ে ইয়াত থকা সাৰ্বজনীন উপলব্ধি অসহৃদয় পাঠকে বিচাৰি পোৱা সহজ নহয়৷ এইবোৰৰ আপাতদৃষ্টিত থকা সৰলতাৰ আঁৰত চিন্তাৰ যি জটিলতা বৰ্তমান, সি নতুন লেখকৰ মন এতিয়াও সফলভাৱে স্পৰ্শ কৰা নাই৷ গতিকে মিতভাষবোৰ শ্ৰদ্ধা আৰু সম্ভ্ৰমৰ চিনস্বৰূপে তৰুণ অনুৰাগীৰ দ্বাৰা পূজিত হৈ আহিছে যদিও সাৰ্থক চৰ্চা এতিয়াও হোৱা নাই৷

মিতভাষৰ ঘাই সৌন্দৰ্য এইবোৰৰ চিত্ৰকল্পবিলাক৷ আশা, সপোন, হতাশা আৰু নিঃসংগতা প্ৰকাশ কৰা ভালেমান চিত্ৰকল্পই মিতভাষত কবিতাৰ আৱেশ দান কৰিছে৷ লেখকৰ বিষাদ আৰু জীৱনৰ নশ্বৰতাৰ বিষয়ে থকা কৰুণ উপলব্ধি গাঢ় কৰি তোলাত চিত্ৰকল্পই বিশিষ্ট ভূমিকা পালন কৰা দেখা গৈছে৷ বহুতো জটিল চিন্তা মিতভাষবোৰে ধাৰণ কৰি আছে যদিও প্ৰথম দৃষ্টিত এইবোৰ ফুল কুমলীয়া আৱেগৰ থূল বুলি ভুল হয়৷ কাৰণ এইবোৰৰ ভাষা লাৱণ্যময় আৰু সুষমাৰে ভৰা৷ ভাষাৰ গাম্ভীৰ্যৰ শৰীৰতো লাগি আছে লাৱণ্যৰ আৱৰণ৷ যদিও মিতভাষবোৰ লেখকে নিজৰ লগত নিজেই পতা কথা– ক’ৰবাত আছে ৰবীন্দ্ৰনাথ, জীৱনানন্দ, চন্দ্ৰকুমাৰ আৰু শংকৰদেৱৰো স্পৰ্শ৷ সেয়েহে এইবোৰ ৰমন্যাসিক চেতনাৰ দাৰ্শনিক ভাবৰ অথচ আধুনিক মনৰ ৰচনা৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে