চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ‘মিত-ভাষ’ৰ স্ৰষ্টা নগেন শইকীয়া ছাৰৰ সৈতে কথোপকথন (ডঃ স্মৃতিৰেখা চেতিয়া সন্দিকৈ)

‘মিত-ভাষ’ৰ স্ৰষ্টা নগেন শইকীয়া ছাৰৰ সৈতে কথোপকথন (ডঃ স্মৃতিৰেখা চেতিয়া সন্দিকৈ)

# যোৱা ১৬ অক্টোবৰৰ পুৱা ১০ বজাত ‘বৌদ্ধিক বিচাৰ’ ই-আলোচনীৰ সম্পাদনা সমিতিৰ সিদ্ধান্তমৰ্মে শ্ৰদ্ধাৰ ডঃ নগেন শইকীয়া ছাৰৰ ঘৰত উপস্থিত হওঁ, ‘মিত-ভাষ’ সম্পৰ্কে কিছু কথা পাতিবৰ বাবে৷ ছাৰৰ স্বাস্থ্য ভাল নাছিল যদিও তেখেতে আমাক সময় দিলে৷ তেখেতৰ আশু আৰোগ্য, সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো৷ #

১. ছাৰ আপুনি মিত-ভাষ লিখিবলৈ কেনেদৰে অনুপ্ৰাণিত হ’ল?
উত্তৰঃ এই প্ৰশ্নটো মোক বহুতেই কৰি আহিছে৷ যিকোনো কামৰ প্ৰেৰণা মানুহৰ মনৰ ভিতৰৰ পৰা হয়৷ বাহিৰৰ কোনো বিষয় হয়তো অৱলম্বন হ’ব পাৰে, কিন্তু উদ্দীপক হ’ব নোৱাৰে৷ মই যিটো পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ, যিসকল মহান লেখকৰ লগত মোৰ জীৱনৰ পৰিচয় ঘটি আহিছে, সেয়াই লাহে লাহে মোৰ ভিতৰত নিজস্ব এটা দৃষ্টিভংগীৰ সৃষ্টি কৰি আহিছে আৰু মই জীৱন আৰু জগতক সেই দৃষ্টিভংগীৰে চাবলৈ গৈ কিছুমান মৌলিক প্ৰশ্নৰ সন্মুখীন হৈ আহিছোঁ সদায়ে, এতিয়াও ৷ মই দেখিছোঁ যে আমি জন্মৰ পৰা জীৱনটোত বিভিন্ন কামত ব্যস্ত থাকোঁ৷ নিজক প্ৰস্তুত কৰিবৰ বাবে, নিজৰ নানা প্ৰকাৰৰ আৱশ্যকীয় বয়-বস্তু পাৰ্থিৱ সামগ্ৰী সংগ্ৰহ কৰিবৰ বাবে, মূল অৰ্থত আমি ভোগৰ আনন্দ লাভৰ বাবে সদাব্যস্ত থাকোঁ৷ কিন্তু আমাৰ জীৱনৰ মূল প্ৰশ্নৰ সদুত্তৰ তাৰ মাজত নাই৷ আমি নিজেও নাজানোঁ কিয় আহিলোঁ, কিয় আছোঁ আৰু ইয়াৰ পাছত আমি ক’লৈ যাম? মই ওমৰ খায়াম, হাফিজ, ৰুমী, চাদি আদি কবিৰ কবিতাৰ লগত পৰিচিত হৈছোঁ ৷ তেনেকৈ ভগৱদগীতা, নামঘোষা আদিৰ লগতো পৰিচিত হৈছোঁ৷ এইবোৰে কিছুমান প্ৰশ্নৰ উত্তৰ দিছে, কিছুমানে আকৌ নতুন প্ৰশ্ন ঠিয় কৰিছে৷
ওমৰ খায়ামে কৈছেঃ
এই জীৱনত এয়ে মাথোঁ সঁচা
বাকী সকলোটি তেনেই ভুল
এবাৰ মৰিলে সৃষ্টিৰ বুকুত
নুফুলে দুনাই জীৱন ফুল৷
ভগৱদগীতাই কিন্তু সেয়া নাই কোৱা৷ ভগৱদগীতাই কৈছে যে এই জীৱনেই শেষ জীৱন নহয়৷ পৰজন্ম আছে৷ মানুহৰ শৰীৰটোহে নষ্ট হয়৷ আত্মাৰ মৰণ নাই৷ কিন্তু আত্মাক আমি নেদেখোঁ৷ এই যে আছো আমি ভোগৰ আকাংক্ষাত আছোঁ৷ তাৰপিছত কি এই প্ৰশ্নটো সদায়ে থাকে৷ আমাক কিহে আকৰ্ষণ কৰে? মানুহক দুটা বস্তুৱে সদায় আকৰ্ষণ কৰে৷ বাহিৰৰ সৌন্দৰ্য আৰু ভিতৰৰ সৌন্দৰ্য৷ বাহিৰৰ সৌন্দৰ্যই দৃষ্টিক আনন্দ দিয়ে৷ মনৰ সৌন্দৰ্যই ভিতৰৰ মনটোক আনন্দ দিয়ে৷ আমি যেতিয়া এই দুটা বস্তু ক’ৰবাত দেখোঁ তেতিয়া আমাৰ সেয়া নিজৰ কৰি পাবলৈ মন যায়৷ কিন্তু পাওঁনে? পাওঁ কেতিয়াবা৷ কিন্তু সেই পোৱাটো কিমান দিনলৈ? সি লাহে লাহে নোহোৱা হৈ যায়৷ সেয়ে চাবলৈ মন যায় ইয়াৰ ৰহস্য কি? ইয়াৰ সৌন্দৰ্য ক’ত? তাক যদি ফালি- চিৰি চাব পাৰিলোঁহেঁতেন! মনটো মানুহৰ ইমান ৰহস্যময় তাৰ আদি অন্ত পোৱা টান৷ প্ৰাপ্তিতকৈ অপ্ৰাপ্তিৰ বেদনা মানুহৰ বেছি৷ মানুহে বহুতে ভাৱে মোৰ ‘মিত-ভাষ’ত প্ৰেমৰ ব্যৰ্থতাৰ বেদনা, অপ্ৰাপ্তিৰ বেদনা আছে বুলি৷ কিন্তু এয়া তেনেধৰণৰ প্ৰেম নহয়৷ ই হ’ল আমাৰ অপ্ৰাপ্তিৰ যি বেদনা, সেয়াহে৷ সি বাহিৰতো হ’ব পাৰে, ভিতৰতো হ’ব পাৰে৷ এই প্ৰশ্নবোৰে মোৰ মনত সদায়ে বিভিন্ন সময়ত, অকলশৰীয়া সময়ত ধৰা দিয়ে৷ কেতিয়াবা কিবা দুখ পাওঁ, বিভিন্ন কাৰণত, তেতিয়া মই সেই দুখৰ কাৰণ বিচাৰোঁ৷ যেতিয়া আনন্দ পাওঁ, সেই আনন্দৰ কাৰণ বিচাৰোঁ৷ এই আটাইবিলাকে ভিতৰত যেতিয়া একো একোটা মুহূৰ্তত আনুভূতিক আলোড়ন তোলে, তেতিয়া সেই আলোড়নক মই শব্দৰে প্ৰকাশ কৰিব খোজোঁ৷ কম কথাৰে, প্ৰতীক, চিত্ৰকল্প, উপমাৰে তাক ধৰি ৰাখিব খোজোঁ৷ মই সেয়ে ‘মিত-ভাষ’ নাম দিলোঁ৷

২. ছাৰ, ‘মিত-ভাষ’ আপোনাৰ সু-পৰিকল্পিত নিৰ্মাণ নে কোনো বিশেষ মুহূৰ্ৰতৰ স্বতঃস্ফূৰ্ত প্ৰকাশ?
উত্তৰঃ আচলতে এই প্ৰশ্নটোৰ উত্তৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰতে নিহিত হৈ আছে৷ সুদীৰ্ঘ দিনৰ পৰা মোৰ ভিতৰত ভিন্ন অনুভৱ আৰু প্ৰশ্ন আলোড়িত হৈ আছিল৷ এই অনুভৱবোৰ ‘মিত-ভাষ’ হোৱাৰ আগতেই বোধকৰোঁ মোৰ বহু গল্পত তাৰ অনেক বীজ সোমাই আছিল৷ মোৰ চুটিগল্পৰ কেইবাটাও ভাগ আছে৷ মোৰ পিছৰ ফালৰ যিবোৰ চুটিগল্প সেইবোৰত মোৰ এই আত্মজিজ্ঞাসা প্ৰধান উপজীব্য হৈ পৰিছে৷ এই আত্মজিজ্ঞাসা উপজীৱ্য হৈ পৰা গল্পবোৰত এই ভাববোৰ আপুনা-আপুনি সোমাই আছে৷ প্ৰথমে মোক এই ধাৰণা দিছিল কবি নীলমণি ফুকনে৷ তেওঁ কৈছিল আপোনাৰ গল্পবোৰতো কবিতা আছে৷ বহুদিন মই যেতিয়া দিল্লীত আছিলোঁ, তেতিয়া প্ৰসংগক্ৰমে মই চাই দেখিলোঁ যে এই কথাবোৰ অৰ্থাৎ মোৰ মনৰ জিজ্ঞাসাবোৰেই গল্পত প্ৰকাশ কৰিছোঁ৷ তেনেকুৱা অংশবোৰ তেতিয়া চাই মই টুকি পেলাইছিলোঁ৷ এতিয়াও সেইবোৰ আছে৷ মই তেতিয়া যেতিয়াই এনেকুৱা কিবা প্ৰশ্ন আহিছে সেইবোৰ গল্পলৈ নিনি, গল্পৰ আধাৰ নোলোৱাকৈ শব্দত ধৰি ৰাখিবলৈ আৰম্ভ কৰিলোঁ৷ এনেকৈয়ে লেখা আৰম্ভ হ’ল৷ কবি নীলমণি ফুকনে দিল্লীত মোৰ তাত আছিল যথেষ্ট দিন৷ তেতিয়া প্ৰসংগক্ৰমে ওলাওঁতে মোৰ টোকাবহী খন চাই ক’লে– ‘‘এইবোৰচোন কবিতা হৈছে৷ লৈ যাওঁ দিয়ক৷” মই দি পঠালোঁ৷ তেতিয়ালৈকে মই এইবোৰ প্ৰকাশ কৰাৰ কথা ভবা নাছিলোঁ৷ তেতিয়া এই ধৰণেৰে কোনেও কবিতা লিখা নাই বা গল্পও নাই লিখা৷ তেতিয়া এইখিনিক নাম দিলোঁ ‘‘মিত-ভাষ”৷ ‘মিত’ মানে চুটি, জোখৰ আৰু ‘ভাষ’ মানে কথা৷ গতিকে ‘মিত-ভাষ’৷ তেতিয়া চন্দ্ৰ প্ৰসাদ শইকীয়া আছিল ‘নতুন দৈনিক’ৰ সম্পাদক৷ তেওঁ পঠাবলৈ ক’লে৷ মই ‘মিত-ভাষ’ সম্পৰ্কে সৰু টোকা লিখি কেইটামান মিতভাষ পঠাই দিলোঁ৷ তেওঁ সেইখিনি আটাইখিনি প্ৰকাশ কৰিলে৷ একেলগে চৈধ্যটা৷ এয়াই আৰম্ভণি৷ গতিকে অনেকে প্ৰশ্ন কৰে৷ উত্তৰ এটাই এইবোৰ বিভিন্ন সময়ত নিজৰ মনত বিভিন্ন সময়ত উদয় হোৱা প্ৰশ্ন, জিজ্ঞাসা, অপ্ৰাপ্তি, মানুহৰ জীৱনৰ শেষটো যে দুখৰ, এই ভাববিলাকৰ প্ৰকাশ৷ আমিতো কোনো নাথাকোঁ৷ এই পৃথিৱীখনো নাথাকে৷ অথচ আমি তাৰ মাজতে প্ৰাপ্তিৰ আকাংক্ষাত জীয়াই থাকোঁ৷ অপ্ৰাপ্তিৰ বেদনাতো ভোগো৷ এইবোৰকে মই মিত-ভাষত ধৰি ৰাখোঁ৷

৩. ছাৰ, কবিতা আৰু গদ্যৰ মাজৰ সাহিত্যৰ এই নতুন ধাৰাটোক আপুনি কাব্যধৰ্মী গদ্য বুলিব নে গদ্যধৰ্মী কাব্য বুলিব?
উত্তৰঃ মই ‘মিত-ভাষ’ বুলিয়ে ক’ম৷ আমি বহু সময়ত ভুল কৰোঁ এটা কথাত৷ কবিতাৰ আকাৰ দিলেই কবিতা নহয়৷ কিন্তু তাত গোটা গোটা কথা কিছুমানহে থাকে৷ ‘জীৱনৰ বাটত’ উপন্যাসখনত তগৰ আৰু নায়কৰ প্ৰথম সাক্ষাতৰ সময়ত তগৰৰ কপালত বঁটাটো লাগি তেজ ওলাইছে৷ সেই সৰু ঘটনাটোতে তেজ ওলোৱাৰ প্ৰতীকে তাইৰ জীৱনত ভৱিষ্যতে হ’ব পৰা দুখৰ সংকেত বহন কৰিছে৷ সেয়াও কবিতা৷ গদ্য হ’লেই যে কবিতা নহয়, এনে নহয়৷ আৰু কবিতাৰো আকৃতি থাকিলেই যে কবিতা হ’ব সেয়া নহয়৷ কবিতা এটা ব্যাখ্যাহীন বস্তু৷ তাক অনুভূতিৰে অনুভৱহে কৰিব পাৰি, ব্যাখ্যা কৰিব নোৱাৰি৷ পঢ়ি উঠাৰ পাছত যি অনুভৱ কৰোঁ, সেইটোৱে তাৰ মূল সত্তা৷

৪. ছাৰ সাহিত্যৰ এই নতুন ধাৰাটোৰ অনুকৰণত পৰৱৰ্তী সময়ত বহুতেই ‘মিত-ভাষ’ লেখা পৰিলক্ষিত হৈছে৷ তেওঁলোকেও এই ধাৰাটোক মিত-ভাষ বুলিয়েই নামকৰণ কৰিছে৷ এই সম্পৰ্কে আপোনাৰ মতামত৷
উত্তৰঃ ‘মিত-ভাষ’ৰ ৰূপ বা form লৈ লিখিব পাৰে৷ লেখক, মই একো নকওঁ৷ কিন্তু ৰূপটোৰ বাহিৰে ভিতৰৰ spirit-টো এজনে আনজনৰ পৰা ল’ব পাৰে, সেয়া ভবা নাই৷ প্ৰত্যেক মানুহৰ অনুভূতিৰ তৰংগ একে নহয়৷ মোৰ এই অনুভূতিৰ তৰংগ কোনোবাই ব্যৱহাৰ কৰিব পাৰিব নে নাই মই ভবা নাই৷ কোনোবাই যদি ৰূপটো কিবা প্ৰকাশ কৰিব খোজে তাত মোৰ ক’ব লগা নাই৷ কৰক৷ মোৰ এই ক্ষেত্ৰত ‘হাঁ’ ও নাই, ‘না’ ও নাই৷

৫. ছাৰ, বৰ্তমান সময়ত নৱপ্ৰজন্মৰ কবিতা লেখাৰ প্ৰতি ধাউতি বাঢ়িছে৷ তেওঁলোকলৈ আপোনাৰ পৰামৰ্শ৷
উত্তৰঃ কবিতাৰ দৰে শৰীৰ কৰিলেই কবিতা নহয়৷ কবিতা এক শিল্পকৰ্ম, ভাস্কৰ্যৰ দৰে৷ এই কথাটো প্ৰত্যেকজন কবিয়ে মনত ৰাখিব লাগে৷ গৰিষ্ঠসংখ্যক কবিয়ে এই কথাটোত মন নিদিয়ে৷ মই সদায়ে আলোচনীখনৰ প্ৰথম কবিতাখিনি চাওঁ৷ মই নিজে খুউব আশান্বিত নহয়৷ কিন্তু তেওঁলোকক হতাশ কৰিব বিচৰা নাই৷ এই সময়ৰ সৰহখিনি কবিতাত আৱেগ আৰু বক্তব্যহে প্ৰকাশ হৈছে৷ আৱেগ তেতিয়াহে কবিতা হয় যেতিয়া সি অনুভূতিক স্পৰ্শ কৰিব পৰা শিল্পকৰ্মলৈ ৰূপান্তৰিত হ’ব৷ এজন শিল্পীয়ে শিলত, কাঠত মাটিৰে মূৰ্তি সাজে, তেতিয়া জোখ-মাখ সকলোবোৰ সঠিক হ’লেহে আমি মূৰ্তিটো ভাল হৈছে বুলি কওঁ৷ কিন্তু তেতিয়াও সি পুতলাই হৈ থাকে৷ কিন্তু তাত শিল্পীজনে অনুভূতিৰ স্পৰ্শ দিব পাৰিলেহে সি ভাস্কৰ্য হ’ব৷ তেওঁক প্ৰকৃত বা যথাৰ্থ অৰ্থত শিল্পী বুলি ক’মনে আমি? প্ৰকৃততে সেয়া পুতলা৷ পুতলা সজাৰ কামটো শিল্পীৰ কাম নহয়৷ শিল্পীয়ে তাৰ মাজেদি অনুভূতিক উপলব্ধিক প্ৰকাশ কৰে৷ কবিতা তেনে এটা বস্তু৷ শৰীৰটো গঠন কৰোঁতে যিটো লাগিব তেনেকৈ আমাৰ অনুভূতিক সত্যক উপলব্ধি কৰিব পৰাকৈ, ভাব অনুভূতি প্ৰকাশ কৰোঁতেও আমাৰ ভিতৰত সদৃশ অনুভূতিক একে ধৰণেৰে জাগৃত বা সৃষ্টি কৰিব পৰাকৈ সি নিৰ্মিত হ’ব লাগিব৷ কিন্তু নতুন কবিসকলে কৰ্ষণ কৰিব লাগিব৷ যথেষ্ট কৰ্ষণ কৰিব লাগিব৷

এটা মন্তব্য

  1. পঢ়ি খুবেই ভাল লাগিল আৰু বহুতো নতুন কথা শিকিব পাৰিলোঁ। আগলৈও পঢ়িবলৈ পাম বুলি আশা কৰিলোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে