চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কবিতা, অকবিতা ইত্যাদি (পুণ্য শইকীয়া)

কবিতা, অকবিতা ইত্যাদি (পুণ্য শইকীয়া)

তাহানিতে এটা বাংলা শ্ৰব্য কেছেটত এটা কৌতুক শুনা মনত পৰে। কৌতুকটোৰ মূল কথাকিটা মনত আছে। কৌতুকৰ কথকজনে উদ্বিগ্নতাৰে লালবাজাৰলৈ (পশ্চিমবংগ পুলিচ হেড কোৱাৰ্টাৰ) ফোন কৰি চিঞৰি চিঞৰি কৈছে– ‘চাৰ আপুনি ততাতৈয়াকৈ পুলিচ বাহিনী পঠিয়াওক, ৰবীন্দ্ৰনাথ মহা সংকটত পৰিছে তেওঁক সোনকালে উদ্ধাৰ কৰিব লাগে।’ কথকজনৰ মতে, ৰবীন্দ্ৰ নাথৰ সংকটটো হ’ল কবিগুৰুৰ ‘গীত বিতান’খন হেলেনৰ নৃত্য বিষয়ক কিতাপ, মনতোষ ৰায়ৰ শৰীৰ চৰ্চা বিষয়ক কিতাপ আৰু অন্যান্য প্ৰকাণ্ড প্ৰকাণ্ড ভলিউমৰ কিতাপৰ মাজত চেপাখাই উশাহ-নিশাহ ল’ব নোৱৰা অৱস্থা এটা হৈছে। তৎক্ষণাৎ যদি ‘গীতবিতান’ক এই ঘোৰ সংকটৰ পৰা উদ্ধাৰ কৰিব পৰা নাযায়, তেন্তে ৰবীন্দ্ৰ নাথ শ্বাসৰুদ্ধ হৈ মৰিব এতিয়া।

অতিসম্প্ৰতি অসমৰ ছ’চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া আৰু বৈদ্যুতিন মিডিয়াত ‘কবিতা’ আৰু ‘অকবিতা’ক লৈ সৰৱ চৰ্চা চলি থকা দেখি মোৰ পোনছাটেই সেই বাংলা কৌতুকটোলৈ মনত পৰি গ’ল। ‘ছেইভ পয়েট্ৰী’ অৰ্থাৎ অকবিসকলৰ আগ্ৰাসনৰ পৰা কবিতাক উদ্ধাৰৰ এই জোৰদাৰ আন্দোলনৰ নেতৃত্ব বহন কৰিছে জনপ্ৰিয় কবি নীলিম কুমাৰে। তেওঁৰ দৰে প্ৰভাৱশালী এজন কবিয়ে ‘কবি’ আৰু ‘অকবি’ৰ তত্ত্ব এটাৰ প্ৰসংগ জনসমক্ষলৈ আনিছে যেতিয়া তাক গুৰুত্ব দিবই লাগিব। এতিয়াতো অসমত কবিতাৰ সমালোচক বুলিবলৈ কোনো নাই। গতিকে সেই সুযোগটোকে কামত লগাই এচাম সয়ম্ভু কবিয়ে অসমজুৰি খলকনিৰ সৃষ্টি কৰিছে। ই যে অসমীয়া কবিতাৰ গভীৰ জলাশয়টিক তেনেই বাম-তৰঙুৱা কৰি পেলাইছে, সেই বিষয়ে সন্দেহৰ অৱকাশ নাই। কবিতা লিখাটো ‘পিকনিক’ৰ নিচিনা কথা নহয়, সেই কথা বুজি পালে অসমীয়া সাহিত্যৰ মংগল। কবি হোৱাৰ বাসনা আৰু কবি হোৱাৰ সামৰ্থ – এই দুয়োটা একেটা বিন্দুত মিলি যোৱাৰ বাবেই এতিয়া সমস্যাবোৰ ফুটি ফুটি ওলাইছে। মই নিজে অজস্ৰ কবি সন্মিলনৰ সঞ্চালকৰ আসন গ্ৰহণ কৰি পাইছোঁ। কবি হোৱাৰ বাসনাৰ কি দুৰ্দমনীয় প্ৰকাশ সেই সন্মিলনবিলাকত ঘটে সেয়া মই নিজ চকুৰে দেখিছোঁ। বহুত ভাল ভাল কবিতাই আধাসিজা কবিতাক উপায়বিহীন হৈ বাট এৰি দিব লগা হয়। এজনে কবিতা পঢ়িলে ওচৰত থকাজনৰো গাত দেও উঠে। তেৱো ওচৰতে থকা কাগজ এখন টান মাৰি আনি খচ খচকৈ কবিতা এটা লিখি পেলাই আৰু কবিতা পাঠকৰ তালিকাত নাম ভৰ্তি কৰে। এইবোৰ এতিয়া তেনেই সুলভ দৃশ্য।

ঠিক আছে বাৰু হোমেন বৰগোহাঞিদেৱৰ দৰে সৰ্বজন শ্ৰদ্ধেয় আৰু চিন্তাশীল ব্যক্তিয়ে কৈছে যেতিয়া মানি ল’লোঁ, নীলিম কুমাৰৰ ভাষাত ‘অকবি’সকলে শব্দ লৈ খেলা কৰিছে— অন্য কোনো অপৰাধ কৰা নাই, কথাৰ মালিহা মাৰি সময়বোৰ অপচয় কৰা নাই। কিন্তু কবিতাৰ কিছু নূন্যতম চৰ্ততো মানিবই লাগিব। পাবলো নেৰুদাৰ পাছতে যিগৰাকী চিলিৰ কবিয়ে বিশ্বজুৰি খ্যাতি লাভ কৰিছে, তেওঁ হ’ল নিকানোৰ পাৰা। তেওঁ তৰুণ কবিসকলক পূৰ্ণ স্বাধীনতা দিয়াৰ পক্ষপাতী। তেওঁ তৰুণ কবিসকলক উদ্দেশ্যি কবিতাৰ ভাষাৰেই কৈছিল এইবুলি–

তৰুণ কবিসকল,
যি মন যায় তোমালোকে লিখি যোৱা/ তোমালোকৰ পছন্দ অনুসৰি যিকোনো আংগিকত।
মোৰ ধাৰণা_ কেৱল এটাই মাত্ৰ পথ শুদ্ধ বুলি/ বিশ্বাস কৰোঁতে কৰোঁতে দলঙৰ তলেদি / বহুত তেজ বৈ গ’ল।/ কবিতাৰে সকলো কথাই লিখিব পাৰি/ কেৱল এটাই মাত্ৰ চৰ্ত/ শূন্য পাতবিলাক ভৰাই পেলাব লাগিব/ সমৃদ্ধ ভাবনাৰে।
আমাৰ অসমৰ নতুন কবিসকলৰ ক্ষেত্ৰত আৰু এটা চৰ্ত নিশ্চিতভাৱেই যোগ দিব লাগিব। সেইটো হ’ল ভাষাৰ শুদ্ধতা। যিটো ভাষাত তেওঁলোকে কবিতাটো লিখে সেই ভাষাটোৱেই যদি বাৰপাচি ভুল হয়, তেন্তে আৰু থাকিল কি? কবিতা কেৱল শ্ৰুতিগ্ৰাহ্য বা মন্থনধৰ্মী কিবা এটা নহয়। ই দৃশ্যগ্ৰাহ্যও। ইয়াৰ এটা অৱয়ব থাকে। ভাবনা এটা নিশ্চয় থাকিব, কেন্দ্ৰবিন্দুও এটা নিশ্চয় থাকিব— কিন্তু কবিতাটো আমি লিখিম কিহেৰে? শব্দৰেইতো কবিতা লিখিব লাগিব। তুমি যদি শব্দটোক নাজানা, কিম্বা জানিলেও তাৰ বানানটোকে নাজানা, তেন্তে কবিতা লিখিবলৈ যোৱা কিয়? জৰ্জ চিমোৱে কথাষাৰ কৈছিল– ‘যিসকল লেখক হোৱা জৰুৰী নহয়, তেওঁলোকে অন্য কিবা এটা কৰাহে ভাল। লেখাটো কোনো বৃত্তি নহয়, বৰং ই সথখহীনতাৰ জীৱিকা মাত্ৰ।’ আমাৰ নতুন কবিসকলৰ কোনো কোনোটো কবিতা পাণ্ডুলিপি অৱস্থাত চকুৰ আগত তুলি ধৰি বিস্ময় আৰু বেদনাত স্তব্ধ হৈ যাওঁ। যিজন কবিয়ে ইমান দীঘল একোটা কবিতা লিখি উলিয়াব পাৰে, সেইজনে ব্যাকৰণৰ প্ৰাথমিক কথাখিনিকে নজনাকৈ থাকিলে কেনেকৈ? ভুল সকলোৰে হয়,ডাঙৰ ডাঙৰ লেখকৰো ভুল হয়। মই যেতিয়া ভুল শব্দ এটা পাছতহে ভুল বুলি জানোঁ তেতিয়া লাজত মুখ উলিয়াব নোৱৰা হওঁ, নিজকে কাণ চেঁপা দিওঁ আৰু দিনটোলৈ অস্বস্তিত সময় পাৰ কৰোঁ।

যেই কি নহওক, আকৌ ঘূৰি আহোঁ নীলিম কুমাৰ প্ৰসংগলৈ। ‘প্ৰতিদিন টাইমছ’ নামৰ ব্যক্তিগত চেনেলটোত নিতুমণি শইকীয়াৰ সৈতে নীলিম কুমাৰৰ এটা বাৰ্তালাপ চালোঁ আৰু শুনিলোঁ। অতি কম সময়ৰ ভিতৰতে এখন বৃহৎ সংসাৰ সামৰি ল’ব লগা হোৱা বাবে আলোচনাটো অভিপ্ৰেত উচ্চতালৈ উঠিব নোৱাৰিলে। তথাপি কওঁ নিতুমণি শইকীয়াৰ প্ৰয়াস আছিল আন্তৰিক। নীলিম কুমাৰে কোৱা কথাৰ আধাখিনি মই মানি ল’লোঁ আৰু ওপৰত তাৰ ব্যাখ্যাও দিলোঁ। যিখিনি কথা মানিবলৈ মই টান পালোঁ সেইখিনি হ’ল—

১) কবি-অকবিৰ সূক্ষ্ম বিচাৰ কৰি উলিয়াবলৈ হ’লে অকবিৰ সংখ্যা বাৰু কিমান আছে সেইটো নীলিম কুমাৰে জানিব মই নাজানোঁ। কিন্তু সেইটো মাপ দণ্ডেৰে বিচাৰ কৰিলে কবিৰ সংখ্যা সঁচাকৈয়ে দুইশ আছেনে? বিশ্বাসযোগ্য নহয়। তেৱেঁইতো ফ্ৰান্সৰ প্ৰসংগ টানি আনি কৈছিল যে ফ্ৰান্সত ভালকৈ বিচাৰিলে দহজনতকৈ অধিক কবি নোলায়। আধুনিক কবিতাৰ জনক বোদলেয়াৰৰ জন্মভূমিতেই যদি কবিৰ সংখ্যা দহজন হয়, তেন্তে অসমীয়া সাহিত্যত দুশজন কবি? ই হাস্যকৰ কথাহে। কোনোবা এখিনিত অংকটো ভুল হৈছে। হয় অসমীয়া কবিতাৰ সংজ্ঞা নিৰূপণত ভুল হৈছে অথবা সংখ্যাটো ভুল হৈছে। দুশজন হ’ব পাৰে যদিহে আমি ৰঘু চৌধুাৰী, যতীন্দ্ৰনাথ দুৱৰালৈকে উজাই যাওঁ। আধুনিক অসমীয়া কবিতাৰ কাল যদি অমূল্য বৰুৱা, হেম বৰুৱাৰপৰা ধৰা যায়, তেতিয়া হ’লেও দুশজন কবি নোলায়গৈ। আধুনিক কবিসকলৰ নাম অসমীয়া সাহিত্যৰ বুৰঞ্জীয়ে বুৰঞ্জীয়ে লিপিবদ্ধ ৰূপতেই আছে দেখোন। নহ’লেও আমাৰ নখ দৰ্পনতে কবিসকলৰ নাম জকমকাই আছে দেখোন। সেই সংখ্যাটো দুশ হ’বগৈনে?

২) নীলিম কুমাৰক মোৰ এটা কথা সুধিবলৈ মন যায়— ‘অসমীয়া কবিতা আচলতে ‘আধুনিক’ হ’লনে নাই? হ’ল যদি কিমান আধুনিক হ’ল? যুগ হিচাপে আমিতো উত্তৰ আধুনিক যুগো পাৰ কৰিলোঁ। এতিয়াতো উত্তৰোত্তৰ আধুনিক যুগ চলি আছে। কেইগৰাকীমান কবিয়ে নিজৰ মেধা, প্ৰজ্ঞা, অধ্যয়ন আৰু বৰ্হিবিশ্বৰ সৈতে ৰখা যোগাযোগৰ জোৰত ব্যক্তিগত স্তৰত আধুনিক কবিতাৰ পতাকাখন উড্ডীন কৰি ৰাখিছে। ইয়াকে আমি অসমীয়া আধুনিক কবিতাৰ সামগ্ৰিক উত্তৰণ বুলি ধৰিম নেকি? কিন্তু আচল কথাটো হ’ল, বিশ্বৰ আধুনিক কাব্য সাহিত্যৰ তুলনাত আমি এশ বছৰ পিছ পৰি ৰ’লোঁ। আধুনিক কবিতাৰ শোভাযাত্ৰাত আমি আধা বাটৰ পৰাহে যোগদান কৰিছোঁ। যদিও ১৮৮৬ চনতহে সাহিত্যত মডাৰ্নিজম শব্দটো ব্যৱহৃত হৈছে, আচলতে কিন্তু ১৮৫৭ চনতে ব্যোদলেয়াৰৰ হাতত ধৰি আধুনিক কবিতাই যাত্ৰাৰম্ভ কৰিছিল। এতিয়া আমি দেখোন ১৮৫৭ চনত অসমীয়া সাহিত্যত কিনো ঘটনা পৰিঘটনা হৈছিল ইচ্ছা কৰিলেই ৰিজাই চাব পাৰোঁ। সেই সময়ত খ্ৰীষ্টীয়ান মিছনেৰীসকলৰ দপদপনি অসমত চলি আছিল। হেমচন্দ্ৰ, গুণাভিৰামসকলে সাহিত্য ক্ষেত্ৰত পদাৰ্পণ কৰিছেহে। ‘অৰুণোদয়’ তেতিয়া এঘাৰ বছৰীয়া শিশু মাত্ৰ। তাতে ভূতৰ ওপৰত দানহৰ দৰে সেই দীঘলীয়া সময় এছোৱা আমি স্কুল, আদালত, কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰেই কৰিব নোৱৰা হৈ আছিলোঁ। যিটো জাতিৰ কাৰ্যতঃ ভাষাটোৱেই নাছিল, তেওঁলোকে আৰু আধুনিকতাৰ কি চৰ্চাটো কৰিব? অসমীয়া কবিতাৰ আলোচনা প্ৰসংগত এই কঠোৰ ঐতিহাসিক বাস্তৱতা উলাই কৰিব নোৱাৰি। অসমীয়া কবিতাই যে ইমানখিনি ক্ষতিপূৰণ কৰি নিজৰ ভৰিত থিয় হ’ব পাৰিলে সেয়াও কম প্ৰাপ্তি নহয়।

৩) বহুতে ভাবে ‘অকবিতা’ শব্দটো নীলিম কুমাৰৰ সৃষ্টি। কিন্তু সেইটো কেতিয়াও নহয়। এণ্টি-পয়েট্ৰিক আজিকালিহে ‘প্ৰতি-কবিতা’ বুলি ক’বলৈ লৈছে। প্ৰথম অৱস্থাত ইয়াক ‘অকবিতা’ বুলিহে কোৱা হৈছিল। এই ‘অকবিতা’ কিন্তু কবিতাৰেই সুকীয়া এটা বিন্যাস(Format)। কবিতাক প্ৰথা পৰম্পৰাৰপৰা মুক্ত কৰাটোৱেই আছিল এইবিধ কবিতাৰ মুক্ত প্ৰয়াস। বস্তু জগতৰ মাজত অন্তৰ্লীন হৈ থকা সত্যক যথাযথভাৱে তুলি ধৰিব লাগে, ছন্দ-অলংকাৰ-ভাবোচ্ছ্বাসৰ ফান্দত ভৰি দি কবিতাটোক ধুঁৱলি-ধূসৰ কৰি পেলাব নালাগে— এয়াই আছিল অকবিতাৰ তত্ত্ব-কথা। ই ৰীতিমত এটা আন্দোলন। আমাৰ কবি নীলিম কুমাৰে সাম্প্ৰতিক যিবোৰ কবি আৰু কবিতালৈ আঙুলিয়াই ‘অকবিতা’ৰ ধাৰণাটো দিব খুজিছে সেইটো সমূলি শুদ্ধ নহয়। এতিয়াৰ অপৰিপক্ক হাতৰ অসংখ্য ভুলে ভৰা আৰু অধ্যয়ন বিবৰ্জিত কবিতাবিলাকৰ ক্ষেত্ৰত অন্য এটা নামহে বিচাৰি উলিওৱা উচিত।

৪) কবিতাৰ কৰ্মশালা? নীলিম কুমাৰে কবিতাৰ কৰ্মশালা হোৱাটো সমৰ্থন কৰে যেন লাগিল। মই কিন্তু এই চিন্তাৰ দুৰ্ঘোৰ বিৰোধী। নাটকৰ কৰ্মশালা হ’ব পাৰে। কাৰণ সি দৃশ্য শ্ৰব্য পৰিৱেশন কলা মাধ্যম। মঞ্চ জ্ঞানৰপৰা আৰম্ভ কৰি আহাৰ্য অভিনয়, নেপথ্য বিধিলৈ শিকাৰ আৰু শিকিবলগীয়া অজস্ৰ বিষয় আছে। আবৃত্তিৰ কৰ্মশালা হ’ব পাৰে। ইয়াতো পৰিৱেশ্য কলাৰ স্পৰ্শ আছে, শ্ব’মেনশ্বিপৰ কথা আছে, উচ্চাৰণ বিজ্ঞান, যতি বিজ্ঞান, স্বৰক্ষেপনৰ ভিন ভিন আংগিকৰ কথা আছে। মূকাভিনয়, একক অভিনয়, জন সম্বোধন, অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ, ছাঁ-পোহৰৰ ব্যৱহাৰ ইত্যাদি অজস্ৰ কথা কৰ্মশালা পাতি শিকাব পাৰি। কিন্তু কবিতা লিখিবলৈ কৰ্মশালা? কথাটো মোৰ বোধগম্য নহয়। প্ৰেম আৰু কবিতাত কোনো জোৰ-জুলুম নাখাটে। ই স্বতঃপ্ৰবাহিনী– দৰকাৰ পৰিলে সন্মুখৰ অজস্ৰ মথাউৰি ভাঙি-ছিঙি উটুৱাই লৈ যাব। টকা খৰচ কৰি একোজন ৰবীন্দ্ৰনাথ সৃষ্টি কৰিব নোৱাৰি, বৰ্ডত চকমাটিৰে লিখি-মেলি বুজাই এজন হীৰু ভট্ট তৈয়াৰ কৰিব নোৱাৰি। তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হ’ল, কোনে কেনেকৈ কবিতা লিখিব সেইটো আনে ঠাৱৰ কৰি দিব পাৰে নেকি? মই নিজে কবিতা লিখোঁ। মোৰ কবিতাটো অজিৎ বৰুৱা বা নীলমণি ফুকনৰ কবিতাৰ নিচিনা নহ’ল বুলি মই কন্দা-কটা কৰিম নেকি? মোৰ নিজৰে এটা কবিতাৰ শৈলী আছে–আনক মই তাত দখলদাৰী কৰিবলৈ কিয় দিম? মোৰ কবিতাৰ সাম্ৰাজ্যত মই নিজে একছত্ৰী সম্ৰাট হৈ থাকিব খোজোঁ। মই কবিতা লিখোঁ– এয়া মোৰ স্বাভিমান। অ’,মই এটা কথা বিশ্বাস কৰোঁ, সেইটো হ’ল অধ্যয়ন। বিশ্ব সাহিত্যৰ ক’ত কি ঘটি আছে, বিশ্বৰ কবিতাৰ জগতখনত ক’ত কি উত্থান-পতন ঘটিছে, কি ধৰণৰ সম্পৰীক্ষা চলিছে সেই বিষয়ে প্ৰতিজন কবি ৱাকিবহাল হ’ব লাগিব।আধুনিকতাৰ অন্য এটা চৰ্তই হ’ল আন্তৰ্জাতিক চেতনা। তাকে নহ’লে কিহৰ আধুনিক কবি? পিছে আন্তৰ্জাতিকতা বুলি ক’লে বহুতেই কথাটো ভুলকৈ বুজে। মোৰ গাতে লাগি থকা খনি শ্ৰমিক , চাহ শ্ৰমিকসকলৰ কথা নকৈ ভিয়েটনাম, ব্ৰাজিলৰ কথা ক’বলৈ কৈছোঁ বুলি বেছিকৈ বুজে। কিন্তু মনত ৰাখিব লাগিব কবিতাটো মূলতঃ স্থানীয়। খ্ৰীষ্টোফাৰ লেভেন্সনৰ প্ৰশ্ন এটাৰ উত্তৰত মাৰ্গাৰেট এটউদে কোৱা কথাষাৰ মই সমৰ্থন কৰোঁ। এটউদে কৈছিল__ Poetry is local. It may be appropriated internationally, but one sure doesn’t write internationally. No poet ever has. When people say ‘International’ what they talking about is their way, their nationality rendered international.
সদ্যহতে ইমানখিনিকে ক’লোঁ। মোৰ কথাখিনি অসম্পূৰ্ণ হৈ থাকিল। One reads poetry with one’s nerves. সাহিত্যৰ অন্যান্য বিষয়বোৰ চকু আৰু মগজুৰেই পঢ়া যায়। কিন্তু কবিতা পঢ়া হয় স্নায়ুতন্ত্ৰৰ সহায়ত। গতিকে কবিতা সম্পৰ্কে শেষ ৰায় দিব নোখোজাই ভাল।
( লেখকৰ অনুমতি সাপেক্ষে ইউনিক’ড কৰা হ’ল।)

2 মন্তব্য

  1. অকবিতা বুলি কোৱাজনে নিজকে কিমান কবি বুলি ভাবে বা কি মহৎ গুণৰ বলত তেখেতে আনৰ কবিতাক অকবিতা বুলিছে? বহুতৰ দৃষ্টিত সেইজনৰ কবিতাবোৰ হেনো প্রলাপ। সময় আৰু মস্তিষ্কৰ অপচয়। আমি এনে মনুহো (পাঠক) লগ পাইছো যি খঙাল হৈ উঠিছে। আকবিতাৰ বিতৰ্কই তেখেতৰ প্রতি ভয়ংকৰ মনোভাব গঢ়াই তুলিছে।…..যিকি নহওক তেখেতৰ বিতৰ্কই কবিসকলৰ মাজত যে সচেতনতা আনিছে সেইটো ধুৰুপ । আৰু এই সচেতনতা দীৰ্ঘ দিন বৰ্তি থাকক তাকে কামনা কৰিছো। ব্যক্তিগত ভাবে তেখেতৰ কবিতাই মোক আকষৰ্ণ কৰে।

  2. পুণ্য শইকিয়া দেৱ আৰু নীলিম কুমাৰক সুধিব খুজিছো ৬০ ৰ দশকৰ পৰা অসংখ্য কবিতা লিখা হিৰন্ময়ী দেৱীক কবিৰ সংখ্যা নিৰ্দ্ধাৰণৰ সময়ত সেই শ্ৰেণীত ধৰা হৈছেনে , তেখেতৰ কবিতাৰ বিষয়ে সামান্যতম জ্ঞান আপোনালোকৰ আছেনে ? যদি আছে মোৰ ৯৪৩৫৩৬৯৬৩৪ নম্বৰত লিখি জনাব । মোৰ আৰু কিছু কবলগীয়া আছে । আৰু যদি নাই কবিৰ সংখ্যাৰ হিচাব আৰু সমালোচনা বোৰ বাদ দিয়ক ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে