চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অতিথি সম্পাদকৰ কলম

অতিথি সম্পাদকৰ কলম

বৌদ্ধিক বিচাৰ – অনলাইন আলোচনীৰ দ্বিতীয় সংখ্যাটোত অসমীয়া কবিতাৰ সাম্প্ৰতিক গতিবিধিৰ প্ৰতি বিশেষভাৱে দৃষ্টিপাত কৰি সজাই তোলাৰ সিদ্ধান্ত হোৱাত এটা সীমা নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিল। এই সীমাৰেখাডাল ক’ৰপৰা টনা হ’ব সেই বিষয়ে টুনুজ্যোতি গগৈৰ সৈতে আলোচনা কৰোঁতেহে অনুভৱ হ’ল যে এইটো নি:সন্দেহে এটা জটিল কাম ৷ তথাপি আমাৰ ওপৰত এই দায়িত্ব আহি পৰাত এটা সহজ উপায় বিচাৰিয়েই আধুনিক অসমীয়া কবিতাৰ প্ৰথাগত আংগিকৰপৰা আঁতৰি আহি যিসকলে বিভিন্ন আংগিকত অসমীয়া কবিতা লিখিবলৈ আৰম্ভ কৰিছে, সেইসকলৰ মাজৰপৰাই কবিতা নির্বাচন কৰিব খুজিলোঁ ৷ এই সীমাটো বিচাৰি যাওঁতে প্ৰথমতেই ড. নগেন শইকীয়াৰ ‘মিতভাষ’লৈ মনত পৰিল৷ ইতিমধ্যে পুণ্য শইকীয়াৰ  ‘ভাববল্লৰী’ নামৰ এক শ্ৰেণীৰ নতুন আংগিকৰ কবিতাৰ সন্ধানো পালোঁ; যি শ্ৰেণীৰ কবিতাক তেখেতে পৰৱর্তী সময়ত ‘মনমর্মৰ’ নাম দি ২০০৪ চনত ছপা কৰি উলিয়াইছিল৷ এই দুয়োজনেই অসমীয়া সাহিত্যৰ একো একোটি ৰত্নমণিসদৃশ৷ গতিকে দুয়োজনকে যদি আমাৰ সীমাটোৰ প্ৰথম খুঁটি কৰি ল’ব পাৰোঁ তেন্তে এই সংখ্যাটোৰ বাবে কবিতাৰ নিৰ্বাচনত সুবিধা হ’ব বুলি ভাবিও আকৌ আন এটা সমস্যাৰ মুখামুখী হ’লোঁ। কোনজনে এই নতুন আংগিকৰ কবিতা আগতে আৰম্ভ কৰিছিল ? সেই সম্পৰ্কে কোনো লিপিবদ্ধ তথ্যযুক্ত ইতিহাস বৰ্তমানলৈকে পোহৰলৈ অহা নাই । সমালোচকৰ বা গৱেষকৰ অমনোযোগিতাৰ অভিযোগটোকে বোধহয় প্ৰতিপন্ন কৰিব এই কথাই। গৱেষণাৰ অবিহনে বিষয়টো অনুসন্ধান কৰাৰ ধৃষ্টতা কৰাতকৈ দুয়োজনৰ দুটা সাক্ষাত গ্ৰহণ কৰি তেখেতসকলৰ মুখেৰেই এই নব্য সৃষ্টিৰ ৰহস্য ভেদ কৰাৰ মানস কৰা হ’ল ৷ ড. নগেন শইকীয়াৰ সাক্ষাত গ্ৰহণৰ দায়িত্ব ড. স্মৃতিৰেখা চেতিয়া সন্দিকৈক দি আমি নিজে পুণ্য শইকীয়া চাৰৰ সাক্ষাৎ গ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ল ৷ এই দুয়োটা কথোপকথন বৌদ্ধিক বিচাৰত প্ৰকাশ কৰা হৈছে ৷ এই ছেগতে ড. স্মৃতিৰেখা চেতিয়া সন্দিকৈলৈ আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ ৷

পুণ্য শইকীয়াই ১৯৮৩ চনৰপৰা ভাববল্লৰী লিখিবলৈ আৰম্ভ কৰি ১৯৮৫ চনৰপৰা প্ৰকাশৰ বাটলৈ আনিছিল ৷ এই কথা তেওঁ সাক্ষাৎকাৰত উল্লেখ কৰিছে ৷ তেওঁৰ নিজৰ বক্তব্য অনুসৰি ‘ভাববল্লৰী’ হ’ল কবিতাক লৈ কৰা এক সম্পৰীক্ষাৰ ফচল ৷ কবিতাৰ মাজেৰে বুকুৰ ভিতৰখনৰ প্ৰকাশ; কিন্তু লিখনভংগীটো সুকীয়া ৷ বুকুৰ ভিতৰখন বুলি কওঁতে নিশ্চয় আৱেগজড়িত কথাবোৰকে সূচিত কৰা হৈছে ৷ তেওঁ স্পষ্ট কৰিছে যে লিখনভংগীটো সুকীয়া ৷ গদ্যধৰ্মী কবিতা নাইবা কবিতাধৰ্মী গদ্য বুলি কৈছে ৷ কথা-কবিতা বুলিব পাৰি নেকি ? ১৯৩৩ চনত যতীন্দ্ৰনাথ দুৱৰাই লিখা আৰু প্ৰকাশ পোৱা ‘কথা-কবিতা’ সম্পৰ্কে ড. বাণীকান্ত কাকতীয়ে কি কৈছে এবাৰ মনত পেলাওঁচোন,
“ কথা-কবিতা নোহোৱা-নোপজা কবিতাৰ পুথি ৷ চিৰকালেই কবিতা পদ্যত লিখা হৈ আহিছে ৷ ধ্বনি কবিতাৰ এটি বিশিষ্ট অংগ৷ গদ্যত কবিতা সৃষ্টি হ’ব পাৰে তাৰ নিদৰ্শন কথা-কবিতা ৷” (উদ্ধৃত: ‘কবি আৰু কবিতা’, নন্দ তালুকদাৰ, পৃ-৭৪)
এই মন্তব্যটোত গদ্যত কবিতা সৃ্ষ্টি হোৱা বুলি স্পষ্ট কৰা হৈছে ৷ যতীন্দ্ৰনাথ দুৱৰাৰ কথা-কবিতাৰ আদৰ্শ আছিল ৰুছ ঔপন্যাসিক আইভান টুৰ্গেনিভৰ সংকলন ‘চনিলীয়া’ ৷ দুৱৰাৰ কথা-কবিতাই অসমীয়া আংগিকৰপৰা ফালৰি কাটি টুৰ্গেনিভৰপৰা টেকনিক আৰু উপস্থাপন ৰীতি গ্ৰহণ কৰাৰ ফলত স্বাভাৱিকতে অসমীয়া কাব্য পৰম্পৰাত নোহোৱা-নোপজা আলোড়ণ সৃষ্টি হৈছিল ৷ সেয়ে বাণীকান্ত কাকতীয়ে আশ্চৰ্য প্ৰকাশ কৰি এই মন্তব্য আগবঢ়াইছিল ৷ মন কৰিবলগীয়া কথাটো হ’ল, ভাববল্লৰীসমূহ কবিতাধৰ্মী গদ্য অথবা গদ্যধৰ্মী কবিতাহে; অৰ্থাৎ দুয়োটাৰে আংশিক উপস্থিতিয়ে ভাববল্লৰীক প্ৰথাগত কবি নিৰ্মিতিৰপৰা পৃথক কৰিছে ৷ এই পৃথকতাৰ আধাৰত কথা-কবিতা আৰু ভাববল্লৰীৰ তুলনামূলক আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে ৷ তথাপি সুকীয়া লিখনভংগীটোৰ আধাৰতেই কথা-কবিতা নুবুলিলেও পুণ্য শইকীয়াৰ ‘ভাববল্লৰী’ আধুনিক অসমীয়া কবিতাত নতুন আংগিকসমৃদ্ধ সংযোজন বুলিব পাৰি ৷

আনহাতে ড. নগেন শইকীয়া চাৰৰ ‘মিতভাষ’ প্ৰকাশৰ সময় সম্পৰ্কে ড. কৰবী ডেকা হাজৰিকাই কৈছে এনেদৰে, “নব্বৈৰ দশকৰপৰা নগেন শইকীয়াৰ মিতভাষ ওলাইছে, আৰু ওলাই আছে ৷ আলোচনী, কাকতৰ বুকুত প্ৰকাশ পোৱা এই অভিনৱ সাহিত্য-প্ৰকাৰে পাঠকৰ মনত কৌতুহলৰ সৃষ্টি কৰাৰ লগতে এক অগতানুগতিক আমেজো দান কৰিছে ৷…১৯৯৫ চনত গ্ৰন্থৰূপে প্ৰকাশ পোৱাৰ পাছত ঘাইকৈ কথা-সাহিত্যিক আৰু চিন্তাবিদ তথা গৱেষক পণ্ডিত নগেন শইকীয়াৰ এই শ্ৰেণীৰ কোমল ৰচনাই স্বাভাৱিকতে পাঠকৰ মাজত কৌতুহল সৃষ্টি কৰিছিল ৷” (উদ্ধৃত: ‘মিতভাষ: এক চমু অৱলোকন’, কৰবী ডেকা হাজৰিকা, গৰীয়সী, মে’ ২০১৬, পৃ- ১৩ )

এই উদ্ধৃতিয়ে স্পষ্ট কৰিছে যে নব্বৈৰ দশকৰপৰা নগেন শইকীয়া চাৰৰ মিতভাষ পাঠকৰ সংস্পৰ্শলৈ আহিছে ৷ আংগিকৰ ফালৰপৰা ভাববল্লৰী আৰু মিতভাষৰ মাজত এক সাদৃশ্য দেখা যায় ৷ দুয়ো বিধ সৃষ্টিতে কবিতাধৰ্মী গদ্য আৰু গদ্যধৰ্মী কবিতাৰ আংশিক উপস্থিতি বিদ্যমান ৷ অন্তৰ্জগতৰ বিভিন্ন প্ৰশ্ন, হাহাকাৰ, অস্থিৰতা, অনিশ্চিত আৰু অপৰিচিত সত্যৰ অন্বেষণ, প্ৰেম যেন লগা অথচ প্ৰেমতকৈয়ো বিশাল আৰু গভীৰ কিবা এক পীড়াদায়ক মাধুৰ্যৰ সন্ধান ইত্যাদিয়েই দুয়োবিধ সৃষ্টিৰ অন্তৰ্নিহিত বিন্যাস৷ এই ফালৰপৰাও ভাববল্লৰী আৰু মিতভাষৰ তুলনামূলক আলোচনা কৰাৰ থল আছে ৷ এনে আলোচনাই এই দুই বিধ অনুপম সৃষ্টিৰ সঠিক মূল্যায়ন কৰাৰ লগতে অসমীয়া কবিতাৰ গতি-পৰিৱৰ্তনৰ এটা নিৰ্দিষ্ট ইংগিত দিব পাৰিব বুলি ভাব হয় ৷ লগতে দুয়োজন কবিৰ সময়ক্ৰম সুনিশ্চিত কৰাত সুবিধা হ’ব ৷ কাকত-আলোচনীত প্ৰকাশৰ সময়লৈ লক্ষ্য কৰিলে ভাববল্লৰীক মিতভাষতকৈ আগৰ বুলি গ্ৰহণ কৰিব পাৰি নেকি ? নে সমসাময়িক বুলিব পাৰি ? এই বিষয়ে গৱেষণাৰ অৱকাশ আছে ৷ আশা কৰিছোঁ এই সম্পৰ্কে সোনকালেই এটা সিদ্ধান্তত উপনীত হ’ব পৰাৰ বাট ওলাব ৷

আমাৰ লিখনী সংগ্ৰহৰ ক্ষেত্ৰখন ঘাইকৈ অনলাইন ( ফেইচবুক, ফেইচবুকৰ বিভিন্ন সাহিত্যৰ গোট, ৰামধেনু গোট আদি) ৷ এই খেত্ৰখনৰ বিভিন্নজন লিখকৰ অনুমতি সাপেক্ষে কবিতাসমূহো সংগ্ৰহ কৰা হৈছে ৷ আমাৰ চকুত পৰা শ্ৰদ্ধাৰ কবি সকলৰ কাপত সৃষ্টি হোৱা নতুন আংগিকৰ কবিতা সমূহৰপৰাই এই সংখ্যাটি সজাই তোলা হৈছে ৷ চকুত নপৰাকৈ কোনোবা সন্মানীয় কবিতাকৰ্মী বাদ পৰি যোৱাটোৱেই স্বভাৱিক ৷ তাৰ বাবে মার্জনা কৰে যেন ৷ আমাৰ এটাই উদ্দেশ্য – সাম্প্ৰতিক কবিতাৰ ক্ষেত্ৰখনত সৃষ্টি হোৱা বিভিন্ন খাম-খেয়ালিৰপৰা আঁতৰি নিৰলে বিভিন্ন আধুনিক মাধ্যমৰ জৰিয়তে কবিতাকৰ্মক অব্যাহত ৰখা কবিসকলৰ সৃষ্টিক পাঠকৰ চকুৰ আগত উন্মোচিত কৰা ৷ সততে অভিযোগ শুনা যায় যে বৰ্তমান কবিতাৰ নিৰপেক্ষ অথচ গঠনমূলক সমালোচনাৰ অভাৱ, অগ্ৰজসকলে নবীন কবিসকলৰ কবিতাক গুৰুত্বসহকাৰে গ্ৰহণ নকৰে বা স্বীকৃতি নিদিয়ে: যাৰ ফলস্বৰূপে নতুন কবিতাই সঠিক দিশত বাট নলৈ একান্ত ব্যক্তিগত ভাব বিলাসৰ অনুকূলে বাট লৈছে ইত্যাদি ইত্যাদি ৷ এনে অভিযোগ-প্ৰতি-অভিযোগৰ মাজতে নিজৰ কবিকৰ্মক শাণত দিয়াৰ চেষ্টা কৰি থকাসকলৰ প্ৰতি শ্ৰদ্ধাশীল হৈ কৰা আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰদ্বাৰা অসমীয়া কবিতাৰ সাম্প্ৰতিকতাক সামান্যতমো যদি স্পৰ্শ কৰিব পাৰোঁ তেন্তে আমাৰ উদ্দেশ্য আৰু শ্ৰম সাৰ্থক হ’ব ৷

‘ভাববল্লৰী’ৰ বিষয়ে কম সময়তে এটা লেখা প্ৰস্তুত কৰি দিবলৈ দায়িত্ব লোৱা সত্যেন্দ্ৰ বৰদলৈক কৃতজ্ঞতা জনাইছোঁ । মিতভাষ সম্পৰ্কীয় লেখা এটি গৰীয়সীৰ পাতত প্ৰকাশ হোৱাৰ পাছত আমি পুনৰ প্ৰকাশৰ অনুমতি বিচৰাত ডঃ কৰবী ডেকা হাজৰিকা বাইদেৱে অনুমতি দি আমাক বাধিত কৰিলে । কবিতা- অকবিতা সম্পৰ্কীয় লেখা এটিৰ বাবেও পূণ্য শইকীয়া চাৰে আমাক পুনৰ প্ৰকাশৰ অনুমতি দি কৃতাৰ্থ কৰিলে। এনেদৰেহে খৰতকীয়াকৈ একে মাহতে সংখ্যাটি সাজু কৰিব পৰা হ’ল।

বৌদ্ধিক বিচাৰৰ কবিতাবিশেষ এই দ্বিতীয় সংখ্যাটোত কবিতা শিতানৰ একাংশ লিখনিক ইউনিকোড কৰাত সহায় কৰি দিয়া প্ৰাণজ্যোতি নাথ, প্ৰতীক্ষা বৰা, নিপজ্যোতি ডেকাৰ লগতে কাৰিকৰী দিশৰপৰা সহায় কৰা সকলো সতীৰ্থলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ টুনুজ্যোতি গগৈলৈ বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ, তেওঁ এই কবিতাবিশেষ সংখ্যাটোৰ দায়িত্বভাৰ আমাৰ কান্ধত তুলি আমাক বাধিত কৰাৰ বাবে ৷ পঢ়ুৱৈ উপকৃত হ’লেহে আমি শান্তি পাম ৷

ডঃ ছবি গগৈ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে