মঙ্গলবাৰ , আগষ্ট 21 2018
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মিতভাষ ( অনিতা গগৈ)

মিতভাষ ( অনিতা গগৈ)

সেই যে তেওঁক সিঁচিছিলোঁ মোৰ বুকুতে…,
ভাবিছিলোঁ লহপহীয়াকৈ গজিব, কথা আছিল ফুলে ফলে দোঁ খাই পৰিব, ..চৰাইবোৰক মাতি আঁকোৱালি ল’ব বুকুত , সিহঁতে আহি সাধু শুনাব .. আকাশৰ সিপাৰৰো আকাশৰ…সাগৰৰ সিপাৰৰো সাগৰৰ ।
তেওঁ গজিলেই লানি নিচিগাকৈ আহিব গানৰ মেঘবোৰ ..আমি একেলগে কুঁহিপাতৰ ৰঙচুৱা হ’ম। আমাৰ সেউজীয়া ডেউকা গজিব.আৰু আমি উৰি যাম জীৱনৰ সিপাৰৰ জীৱনলৈ….গৈ থাকিম গৈয়ে থাকিম.. এটি সুৰ হৈ মহাজীৱনৰ ।
সেই তাহানিৰে পৰা বাট চাই আছোঁ …তেওঁ গজাৰ আশাৰে,
কত যুগৰ আচোঁৰ মই সহিছোঁ.. শিলৰ পৰা মাটি হৈছোঁ.. মাটিৰ পৰা ধুলি আৰু আলাসতে বতাহত উৰি নাযাবৰ বাবে খামুচি ধৰিছোঁ মুঠি…
কিন্তু ..তেওঁ গজাই নাই… অনন্ত আকুলতাৰে মই বাট চাই আছোঁ…চায়েই আছোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে