বৃহস্পতিবাৰ , আগষ্ট 16 2018
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মনমর্মৰ ( পূণ্য শইকীয়া)

মনমর্মৰ ( পূণ্য শইকীয়া)


ভবামতেই সকলো হৈছে ৷ শিলাবৃষ্টি হৈছে ৷
কুমলীয়া কলপাতবোৰ কৰকাঘাতত চিৰিলি চিৰিলি হৈছে ৷
পৃথিৱীখন বগা হৈছে- আকাশখন ক’লা ৷
দৃশ্যপট সলনি হৈছে ৷ চৰাইৰ আৰাও সলনি হৈছে ৷
এই যে ঘটনাক্ৰম- ইয়াৰ স্থায়িত্বৰ বাবে প্ৰাৰ্থনা জনাওঁ ।
কিন্তু কাক ?
২.
মই তোমাৰ নামটোকে সহস্ৰবাৰ লিখিম ৷
বেৰে-ছালে লিখিম ৷ মাটিৰ বুকুত মাটিৰে লিখিম ৷
তাতো হেঁপাহ নপলালে আকাশে-বতাহে লিখিম,
নৈ-নলা-নিজৰাৰ ফলকত লিখিম ৷
তুমি নহয়- তোমাৰ নামৰ প্ৰেমিক মই ৷
মোৰ এই ধৃষ্টতাৰ বাবে তুমিতো মোক প্ৰাণদণ্ড দিব নোৱাৰিবা ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে