চ’ৰাঘৰ / সমকাল / নাৰী সৱলীকৰণ সম্ভৱনে? (ইলামণি শইকীয়া)

নাৰী সৱলীকৰণ সম্ভৱনে? (ইলামণি শইকীয়া)

(এক)

বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছকে ধৰি বিজেপি, অগপ,এ আই ইউ ডি এফ, বি পি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে মহিলাৰ সৱলীকৰণ সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰত ভাষণ ৰাখিছিল৷ মহিলাসকলৰ বাবে সংৰক্ষিত ৩৩ শতাংশ আসন, কিন্তু কোনেও মহিলাক দিব নুখুজিলে৷ ১২৬ বিধান সভা সমষ্টিৰ ১০৬৪ জন প্ৰাৰ্থীৰ ভিতৰত মহিলা প্ৰাৰ্থী মাত্ৰ ৮৭ গৰাকী৷ অৰ্থাৎ আঠ শতাংশহে মহিলা প্ৰাৰ্থী, বাকী ৯২ শতাংশই পুৰুষ৷

ইয়েই প্ৰমাণ কৰে নাৰীৰ সৱলীকৰণ পুৰুষতান্ত্ৰিক সমাজৰ মুখৰ শ্লোগানহে মাথোন৷ কাৰ্যক্ষেত্ৰত বহু পুৰুষেই নাৰীক দুৰ্বল তথা পুৰুষৰ অধীন হৈ থকাটোৱেই বিচাৰে৷

(দুই)

এটা কথা শুনা যায় নাৰী শৈশৱত পিতৃৰ, যৌৱনত স্বামী আৰু বৃদ্ধকালত সন্তানৰ অধীনত থাকিব লগা হয়৷ অথচ সেইসকল নাৰীৰ পৰাই জন্ম হয় কাৰোবাৰ পিতৃ, স্বামী অথবা পুত্ৰৰ৷ হিন্দু সমাজত দেৱীৰ ৰূপত কল্পনা কৰি দুৰ্গা, কালী, মনসা, সৰস্বতী, লক্ষ্মী আদি নাৰীকে মহিমামণ্ডিতৰূপে অংকন কৰি পূজা- অৰ্চনা কৰা হয় তথা আশীৰ্বাদো বিচৰা হয়৷ অথচ সেই সমাজতে প্ৰত্যেকদিনাই নাৰী ধৰ্ষিতা, নিৰ্যাতিতা তথা হত্যাৰ বলি হ’ব লগা হয়৷
নাৰীৰ স্থান কোনো যুগতে উচ্চ তথা সুৰক্ষিত নাছিল৷ ‘আজিকালি নাৰী-পুৰুষ সকলো সমান’- এই বাক্যশাৰী সততে শুনা যায়৷ নাৰীয়ে এৰোপ্লেন চলাইছে, মহাকাশলৈ গৈছে, ৰাষ্ট্ৰপদি হৈছে, প্ৰধানমন্ত্ৰী হৈ দেশ শাসন কৰিছে, মুঠতে সমাজৰ এনে এটা দিশ নাই, য’ত নাৰীয়ে নিজৰ খোজ থ’বলৈ সক্ষম হোৱা নাই৷

কিন্তু সমাজৰ বৃহৎ সংখ্যক সদস্যৰ মাত্ৰ অলপ সংখ্যকে সংগীত, নৃত্য, বিজ্ঞান, শিক্ষা, চিত্ৰকলা, অভিনয় বা অন্যান্য দিশত আগবাঢ়ি গ’লেই গোটেই সমাজখনৰে জানো উন্নতি হোৱাটো বুজায়? এইখন সমাজতে নিতৌ ডাইনী হত্যা হৈ আছে, ঘৰুৱা হিংসাৰ বলি হৈ আছে হাজাৰ-হাজাৰ নাৰী৷ আনকি অপ্ৰিয় হ’লেও সত্য যে বহু শিক্ষিত নাৰীয়েও নিজৰ প্ৰথম সন্তানটো ল’ৰা হোৱাটোৱেই বিচাৰে৷ স্বামীজনৰ অৰ্থাৎ পুৰুষজনৰ অনুমতি পালেহে নাৰীবাদী সভাত নাৰীগৰাকীয়ে যোগ দিব পাৰে৷ নাৰীৰ সৱলীকৰণৰ বাবে নাৰীৰ স্বাধীনতাৰ বাবে যুঁজিব পাৰে৷

মাতৃপ্ৰধান সমাজ ব্যৱস্থা প্ৰচলন থকা মেঘালয়ৰ খাচী, জয়ন্তীয়া, গাৰোসকলৰ মাজত যদিও বিবাহৰ পাছত পুৰুষসকলহে মহিলাৰ ঘৰত থাকিবলৈ যোৱাৰ ব্যৱস্থা প্ৰচলন আছে, যদিও সকলো স্থাৱৰ- অস্থাৱৰ সম্পত্তিৰ মালিক নাৰী গৰাকীহে৷ তথাপি কিন্তু পৰিয়ালৰ মুৰব্বী পিতৃসকলহে৷ প্ৰাপ্ত তথ্যমতে ‘নৰ্থ ইষ্ট নেটৱৰ্ক’ নামৰ সংস্থাটোৱে চলোৱা এক সমীক্ষাত দেখা গৈছিল যে মেঘালয়ত প্ৰতি পাঁচ গৰাকী নাৰীৰ তিনিগৰাকী পুৰুষৰ হাতত ঘৰুৱা নিৰ্যাতনৰ বলি হ’ব লগা হয়৷

(তিনি)

কেৱল জন্মগতভাবেই নাৰী দুৰ্বল নেকি? নে পৰম্পৰাগত ভাবেও নাৰীসকল পুৰুষসকলৰ তুলনাত কিছু দুৰ্বল? বিভিন্ন কাৰণত, বিশেষকৈ সন্তান জন্ম দিব লগা হোৱাৰ প্ৰাকৃতিক কাৰণতেই কিছু সময়ত নাৰীসকল ঘৰত সোমাই থাকিব লগা হয় তথা বেছি শাৰীৰিক পৰিশ্ৰম কৰিব নোৱাৰা হয়৷ এনেদৰে সেইখিনি সময় ঘৰত সোমাই থাকিব লগা হোৱাৰ ফলত আৰু লগতে সন্তান লালন-পালনৰ দায়িত্ব বহন কৰিব লগা হোৱাত লাহে লাহে অভ্যাসগত ভাবেই নাৰীসকল শাৰীৰিক শক্তিত কিছু দুৰ্বল হৈ পৰিল৷ প্ৰয়োজনত জিৰাফৰ ডিঙি দীঘল হোৱাৰ দৰে মহিলাসকলৰ প্ৰয়োজনতে শাৰীৰিকভাবে পুৰুষৰ তুলনাত দুৰ্বল হৈ পৰিল৷ অৱশ্যে বিভিন্ন শাৰীৰিক খেলত জড়িত নাৰীসকলৰ কথা এই ক্ষেত্ৰত প্ৰযোজ্য নহয়৷

কিন্তু মানসিকভাবেও বহু নাৰী দুৰ্বল হয় কিয়? সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ধাৰ্মিক সকলো দিশতে নাৰীক বৈষম্যমূলক আচৰণ কৰি অহা সত্বেও সমাজৰ আধা সদস্য নাৰীসকলৰ সকলোৱে কিয় প্ৰতিবাদ কৰিব পৰা নাই? এবাৰ এগৰাকী সংবাদ মাধ্যমৰ লগত জড়িত, অতি সৱল ব্যক্তিত্বৰ অধিকাৰী নাৰীক সোধা হৈছিল– সৃষ্টিশীল নাৰীসকল নিজৰ সৃষ্টি কৰ্মত আগুৱাই যোৱাৰ ক্ষেত্ৰত বহু নাৰী কিয় বাধাৰ সন্মুখীন হ’বলগা হয়? তেওঁ দৃঢ়তাৰে ক’লে যে তেওঁ আগবাঢ়ি যোৱাত কোনো বাধা পোৱা নাই৷ নিজকে পুৰুষতকৈ দুৰ্বল বুলিও নাভাবে৷ নিজৰ কাম কৰি তেওঁ সময়ত অফিচলৈ ওলাই আহে৷ নিজৰ সন্তানকো ডাঙৰ কৰিছে৷ আন এগৰাকী মহিলা সাংবাদিকে দুখ মনেৰে ক’লে যে তেওঁ ‘লাকী’৷ ‘হাজবেণ্ড’জন বহুত ভাল, তেওঁক সকলো কামতে সহায় কৰে৷ কিন্তু সকলো মহিলা জানো লাকী? যি মহিলাই ভাগ্যৰ বলত এজন উদাৰ স্বামী পাব আৰু তেওঁক আগবাঢ়ি যাবলৈ হাতত লাখুটিডাল তুলি দিব৷ স্বামী স্ত্ৰীৰ মাজত বুজাপৰা, এৰা-ধৰা থাকিলে সংসাৰখন ভালদৰে চলি যায় বুলি ভৱা হয় যদিও এই এৰা-ধৰা, বুজাপৰা সাধাৰণতে নাৰীগৰাকীয়েহে কৰিব লগা হয়৷ মানৱ সমাজ যেতিয়া বন্য অৱস্থা, বৰ্বৰ অৱস্থাত আছিল, তেতিয়া নাৰী-পুৰুষৰ মাজত প্ৰভেদৰ সৃষ্টি হোৱা নাছিল৷ মানৱ সমাজ সভ্য অৱস্থা পোৱাৰ লগে লগে উন্নত মানৰ সঁজুলিৰ সহায়ত শস্যৰ উৎপাদনৰ লগতে অন্যান্য বিভিন্ন দিশত উৎপাদন বাঢ়িল৷ ফলত উৎপাদনৰ ৰাহি হোৱা অংশৰ সংৰক্ষণৰ বাবে একো একোজন ‘মালিক’ সৃষ্টি হ’ল৷ তেওঁৰ সম্পত্তিখিনি ৰক্ষা তথা ভোগ কৰাৰ বাবে উত্তৰাধিকাৰী প্ৰয়োজন হ’ল৷ তাৰ বাবে ‘এক পতিত্ব’ৰ নাৰীৰ সৃষ্টি কৰা হ’ল৷ য’ত পোৱা যাব পুৰুষৰ সম্পত্তিৰ আচল উত্তৰাধিকাৰী৷

ফলত নাৰী পুৰুষৰ অধীন হৈ এক নিৰ্দিষ্ট পৰিবেশত জীৱন কটাব লগা হ’ল আৰু সেই পুৰুষৰ ঔৰষজাত সন্তানৰ মাতৃতে নিজৰ পৰিচয় সীমাবদ্ধ কৰিব লগা হ’ল৷
পুৰুষক অতিক্ৰম কৰিব খোজা মীৰাবাঈ, গাৰ্গী, মেৰি ওলষ্টনক্ৰাফট আদি সাহসী নাৰীসকলক নিৰ্যাতন বা মৃত্যুদণ্ড দি অৱদমনৰ চেষ্টা কৰা হ’ল৷ এনে হাজাৰ হাজাৰ উদাহৰণেৰে ভৰি আছে নাৰীৰ শোষণ, বঞ্চনা, লাঞ্চনাৰ কাহিনী৷ কেতিয়াও অন্ত নপৰা কাহিনীৰ নায়িকা নাৰী৷ মুঠতে ‘তৈত্তিৰীয় সংহিতা’ত থকা ‘সৰ্বগুণসম্পন্ন নাৰীও অধমতম পুৰুষতকৈ হীন’ বোলা কথাষাৰ পুৰুষসকলৰ লগতে নাৰীসকলেও নিৰ্বিবাদে মানি চলি (নমনাৰ সংখ্যা নগণ্য) সংসাৰ ধৰ্ম পালনত ব্যস্ত আগৰ দৰে আজিৰ যুগৰো বহু নাৰী৷
কথা হ’ল অল্প বস্ত্ৰ পৰিধান কৰা সুবিধা পালেও, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদি বিভিন্ন দিশত আগবাঢ়ি গ’লেও সেই আগবাঢ়ি যোৱাতো সোমাই থাকে পুৰুষৰ কৰুণা, উদাৰতা৷

(চাৰি)

এখন ঘৰ নাৰীগৰাকীৰ অবিহনে অসম্পূৰ্ণ হৈ ৰয়৷ এখন গৃহস্থী ঘৰৰ পিছফালৰ পৰা পদূলিলৈকে, ৰন্ধা-বঢ়া, ধোৱা-পখলা, সন্তান জন্ম, লালন-পালন, ঘৰ-দুৱাৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, আৰ্থিক দিশত স্বাৱলম্বী হৈ ঘৰখনৰ উন্নতিত সহায়ৰ হাত আগবঢ়োৱা, বিভিন্ন দিশত পুৰুষ অৰ্থাৎ স্বামীজনক আগবাঢ়ি যাবলৈ সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱা নাৰীগৰাকীৰ ওপৰত অধম ব্যৱহাৰ কৰাতো কিমান যুক্তিসংগত আৰু সমাজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি থকা এই পুৰুষতান্ত্ৰিক সাম্ৰাজ্য ওফৰাই সাম্যবাদ প্ৰতিষ্ঠাৰ কৰাৰ উপায় কি? নে নাৰী সদায় পুৰুষতকৈ নিম্নস্তৰৰ এক জীৱ হিচাপেই পৃথিৱী থকালৈকে জীয়াই থাকিব লাগিব?

ইয়াৰ বাবে নিশ্চয়কৈ সচেতনতা, জাগৰণ নাৰীৰ ভিতৰৰ পৰাই আহিব লাগিব৷ ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক, অৰ্থনৈতিক আদি সকলো দিশতে নিজৰ বলিষ্ঠ পদক্ষেপ আগবঢ়াবলৈ সচেষ্ট থাকিব লাগিব৷ নিজে নিজক সমালোচনা, পৰ্যালোচনা কৰিব লাগিব৷
যিকোনো দিশত সিদ্ধান্ত লোৱাৰ ক্ষমতা যেতিয়া নাৰীৰ মাজত সম্ভৱ হ’ব, তেতিয়াই সৱল ৰূপত আত্মপ্ৰকাশ কৰিব পাৰিব৷ তাৰ বাবে অৰ্থনৈতিক স্বাধীনতা থাকিব লাগিব অৰ্থাৎ নাৰী স্বাৱলম্বী হ’লেহে প্ৰতিটো দিশতে নিজকে সৱল কৰি তুলি লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰিব৷

কন্যা শিশুটিক সৰুৰে পৰা কিছুমান কাম কৰাত বাধা আৰোপ কৰা হয়৷ সৰুতেই যিকোনো প্ৰকাৰে মগজুত সোমোৱাই দিয়া হয় যে তাই ল’ৰাৰ দৰে নহয়, হ’ব নোৱাৰে৷ ল’ৰাৰ দৰে ঘূৰিব, ফুৰিব নালাগে, কথা ক’ব নালাগে৷ অৰ্থাৎ ল’ৰা-ছোৱালীৰ মাজত যে পাৰ্থক্য আছে সেই কথা ছোৱালীজনীয়ে সৰুতেই বুজি পায়৷ আৰু কণমানিজনী নাৰী হোৱালৈকে তাইৰ হাড়ে-হিমজুৱে পৰম্পৰাগতভাৱে চলি অহা কিছুমান ‘নাপায়’ শব্দৰ জৰিয়তে, এটা কথা শিপাই যায় যে তাই পুৰুষে কৰাৰ দৰে বহু কাম কৰিব নোৱাৰে৷ ফলত অৱচেতন মনেৰেই গ্ৰহণ কৰা কিছুমান সামাজিক, ধাৰ্মিক আদি পৰম্পৰাগত অনুশাসনে তাইক মানসিকভাৱে পংগু কৰি পেলায়৷ পুৰুষ-তান্ত্ৰিক সমাজে নাৰীৰ ওপৰত আৰোপ কৰা ‘সতীত্ব’ নামৰ ‘গুণ’টো (পুৰুষ বহুগামিতাত বাধা নাই) পুৰুষৰ সুবিধাৰ বাবেহে৷ আচৰিত কথা নহয়নে সমাজৰ আধা অংশ সদস্যৰ ‘সতীত্ব’ থাকে, সতীত্বৰ নাথাকে কোনো পুং লিংগবাচক শব্দ৷ আৰ্থিক, সামাজিক তথা শাৰীৰিক নিৰাপত্তাৰ বাবেহে নাৰীসকলে পুৰুষতান্ত্ৰিক সমাজে সৃষ্টি কৰা সামাজিক ব্যৱস্থা মানি ল’বলৈ তথা সেই ব্যৱস্থাত ‘জীন’ যাবলৈ স্বতঃস্ফূতভাৱে বাধ্য হয়৷

উপসংহাৰ

নাৰীৰ স্বাধীনতাৰ অধিকাৰ পুৰুষৰ ওচৰত থকা বস্তু নহয়, নাৰীৰ নিজৰ ভিতৰতে পৰম্পৰাৰ ভৰত চেপা খাই সুপ্ত হৈ থকা শক্তি নাৰীৰ স্বাধীনতা, নাৰীৰ আত্মসন্মানবোধ, নাৰীৰ সৱলতা৷ জয়মতী, মূলাগাভৰু, কনকলতা, মীৰাবাঈ আদি নাৰীসকল নিৰ্যাতিতা হ’লেও হাৰি যোৱা নাছিল, পুৰুষৰ পদানত হোৱা নাছিল৷ নাৰীৰ বাবে পুৰুষতান্ত্ৰিক সমাজে সৃষ্টি কৰা আচাৰ-বিচাৰ, নীতি-নিষেধাজ্ঞা যুক্তিপূৰ্ণভাৱে দলিয়াই পেলাব পৰাকৈ নাৰীসকল সক্ষম হ’ব পাৰিলে সমাজৰ ‘পুৰুষ’¸ জাতিৰ সমকক্ষ, সমানস্তৰৰ প্ৰাণী বুলি নাৰীসকলে দৃঢ়তাৰে নিজকে ক’ব পাৰিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে