চ’ৰাঘৰ / কথাশিল্প / জীৱনৰ পাঁচটি স্তৱক (গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)

জীৱনৰ পাঁচটি স্তৱক (গিৰীশ্চন্দ্ৰ ভট্টাচাৰ্য্য)

এক
মোৰ বেলিৰ নূৰ মই য’ত ৰাখিছোঁ
তুমি কেনেকৈ পাবা
তোমাৰ হাতত গলিত বাষ্প
ইন্ধন হৈ জ্বলে মাথোঁ
আজিৰ দিনৰ দিনপঞ্জী…৷

দুই
মোৰ জিকাফুলীয়া নীৰৱতাখিনি
তুমি খেপিয়াই চোৱা
এন্ধাৰৰ জুইশলা
কিমান আলফুলে সংগোপনে
থাকে হেঁপাহৰ পোহৰৰ ৰেঙণি…৷

তিনি
আজিৰ চিপচিপিয়া বৰষুণজাক মোৰ লগতে অহা
ওন্দোলোৱা মেঘৰ মাজেৰে
বৰ্ষাসিক্ত মনৰ কঙালী নিদান
মই গান গাওঁ শীতৰ কুঁৱলীভৰা প্ৰভাতৰ
তুমি বিচৰা মোৰ কাষলতিত গ্ৰীষ্মৰ নিৰ্যাস
মই গতি কৰোঁ শীতৰ ছিৰিৰে ধূলিয়ৰি পৰিক্ৰমা
আশাৰ কুঁহিপাত মেলি…৷

চাৰি
মোৰ সখা কৃষ্ণই বেণু বজায়
নূপুৰ ধ্বনিত নাচে
ৰাধাই ওৰণি তলত মিচিকায়
তুমি ৰাধা নোহোৱা কিয় এদিনৰ বাবে
মোৰ হৃদয়ৰ ৰাধা…

পাঁচ
মোৰ হেঁপাহৰ বজাৰত
তুমি আশা হোৱা সঞ্জীৱনী
তোমাৰ হাতৰ গলিত বাষ্প
শেষ হৈ গ’লেও জ্বলি, ক্ষতি কি
লাভতে থাকিবাচোন তুমি…৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে