চ’ৰাঘৰ / কথাশিল্প / ঘামৰ কবিতা (তিলক ৰয়)

ঘামৰ কবিতা (তিলক ৰয়)

ঘামৰ কেচেমা গোন্ধেৰে উৰ্বৰ
ৰৌদ্ৰোজ্জ্বল আমাৰ দেহত
ইতিহাসৰ প্ৰতিটো অধ্যায়ত
চমতাৰ সজীৱ চাব!
প্ৰতিবাৰ বাৰিষাৰ বানে ধৰ্ষণ কৰা পথাৰখনত
যোৱাবাৰ বণিকে পাতিলে বেহা,
পথাৰৰ পৰা পদূলিলৈ বন্ধকীৰ দৰদাম!

ইতিহাস আৰু বৰ্তমানক
উফৰাই দিব পৰাকৈ
আমাৰ ঘামত এইবাৰ নতুনৰ সুঘ্ৰাণ,
সপোনত তলবলীয়া নাঙল
দাৱনীৰ লাৱনি হাতত ধাৰাল কাঁচি

গাঁৱৰ বাটে বাটে ভাহি ফুৰিছে
বিপ্লৱৰ গান এটা!

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে