চ’ৰাঘৰ / সমকাল / অস্ত্ৰ নে অনশন? ( জুৰি বৰুৱা )

অস্ত্ৰ নে অনশন? ( জুৰি বৰুৱা )

হিংসা নৈতিক নে অনৈতিক? টক শ্ব’ৰ পুৰণি প্ৰশ্ন এটাই আজি কিছুদিন ধৰি অশান্তি কৰি আছে। তাৰ মাজতে ইৰম শ্বানু শৰ্মিলাই তেওঁৰ সুদীৰ্ঘ ১৬ বছৰজোৰা আমৰণ অনশন শেষ কৰিলে। কথাটোৱে কেইদিনমান বাতৰিৰ শিৰোনাম দখল কৰাৰ বাহিৰে আন একো কৰিব নোৱাৰিলে। ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্দেশত পালিত AFSPA বিপক্ষে শৰ্মিলাৰ এই সংগ্ৰাম এজন ব্যক্তিৰ সংগ্ৰাম বুলি ক’লে বিষয়টো সংকুচিত কৰি পেলোৱা হ’ব। সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছিল তেওঁ__ কিন্তু তাৰ পিছফালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দীৰ্ঘজীৱী যন্ত্ৰণাৰ অধ্যায় নিহিত হৈ আছিল। অৱশ্যে এই কথা প্ৰমাণ কৰাত ৰাষ্ট্ৰযন্ত্ৰ সফল হ’ল যে শৰ্মিলা কোনো মহাত্মা নহয়___ নহয় কোনো দেৱী অথবা ছুপাৰ ৱ’মেন যে তেওঁৰ সকলো দাবীয়েই ৰাষ্ট্ৰই মানি ল’ব।

‘উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা-২০১৬’ গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী অৰুণা ৰয়ে কয় যে গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত, দিল্লীৰ শিখ হত্যাৰ সময়তো সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰয়োগ কৰা হোৱা নাছিল। কোনো সন্দেহ নাই যে উত্তৰ-পূবত ন্যায় আৰু সমতাৰ বাবে সৃষ্টি হোৱা জনগণৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈকে এনে আইনৰ কঠোৰতা জাপি দিয়া হয়।

শৰ্মিলাৰ দীঘলীয়া অনশনৰ কাৰ্যসূচীয়ে যিদৰে বিশ্বৰ মানৱ অধিকাৰৰ প্ৰতি সচেতন সমাজক জাগ্ৰত কৰি তুলিছিল, সেইদৰে অনশনৰ সমাপ্তি ঘোষণায়ো আকৌ এবাৰ প্ৰতিবাদৰ পন্থাবোৰৰ প্ৰতি প্ৰশ্ন তুলিছে। ৰাষ্ট্ৰ ব্যৱস্থাৰ শক্তিশালী সামৰিক মোতায়েনৰ সন্মুখত, কটকটীয়া কঠোৰতাৰ আৱেষ্টনীত গান্ধীবাদী অনশনসূচক কাৰ্যসূচীবোৰৰ যুক্তিযুক্ততা আজিৰ তাৰিখত কিমান দূৰলৈ প্ৰাসংগিক? নিজৰ জীৱনৰ ষোল্ল বছৰ এডাল পাইপ আৰু এখন বিছনাৰ সৈতে কটোৱাটো কিমান ত্যাগ আৰু কিমান দূৰলৈ ৰাষ্ট্ৰৰ বাবে প্ৰত্যাহবান? বাৰ্ষিক মুক্তি আৰু পুনৰ গ্ৰেপ্তাৰৰ এই সমস্ত দৃশ্যপটত শৰ্মিলাক এক ঘটনা হিচাপেহে উপস্থাপন কৰা হ’ল__ সংগ্ৰামী হিচাপে নহয়। শৰ্মিলাৰ অনশন ভংগৰ সিদ্ধান্ত তেওঁৰ বহু সংগীৰ বাবে অপ্ৰত্যাশিত আৰু সেইবাবেই তেওঁলোক অসন্তুষ্ট। নিজৰ শৰীৰক কষ্ট দি চৰকাৰ নামৰ শাসক ব্যৱস্থাটোৰ প্ৰতি প্ৰশ্ন কৰিব পৰাটো বহুতৰ বাবে সাহসী পন্থা। কিন্তু ৰাষ্ট্ৰপক্ষৰপৰা সংগ্ৰামখনৰ ধাৰাটোক কোনোদিনেই প্ৰতিবাদ হিচাপে সন্মান জনোৱা নহ’ল। ১৬ বছৰে ৰাষ্ট্ৰ ব্যৱস্থাই তেওঁক কৌশলগতভাৱে জীয়াই ৰাখিলে ( নে বিচ্ছিন্ন কৰিলে ) এনে এক আশাত যে এদিন ৰাষ্ট্ৰই হাৰ মানিব, AFSPA বাতিল হ’ব মণিপুৰৰ পৰা। বাস্তৱত কিন্তু তেনে নহ’ল।

পদ্ধতিগতভাৱে শৰ্মিলাৰ সংগ্ৰাম কিন্তু শৰ্মিলাৰ সংগ্ৰাম নাছিল। উত্তৰ-পূৰ্বাঞ্চলত বহু দুঃসাহসী প্ৰতিবাদ মহিলাই কৰিছে। ২০০৪ চনত কাংলা ফৰ্টৰ সন্মুখত ১১ গৰাকী মেইতী মহিলাৰ উলংগ প্ৰতিবাদেও উত্তৰ-পূৰ্বাঞ্চলত সেনাৰ অত্যাচাৰৰ প্ৰকৃত ৰূপটো জনগণৰ মাজলৈ আনিবলৈ সক্ষম হৈছিল। থাংজাম মনোৰমা দেৱীক মাত্ৰ আণ্ডাৰগ্ৰাউণ্ড সদস্যৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহতে নৃশংসভাৱে বলাৎকাৰ আৰু হত্যা কৰিছিল সেনাবাহিনীয়ে। মানৱ অধিকাৰৰ নামত সৰৱ কণ্ঠবোৰে এই প্ৰতিবাদক ঐতিহাসিক প্ৰতিবাদ হিচাপে চিহ্নিত কৰিছিল।

‘ইণ্ডিয়ান আৰ্মী ৰেপ আছ’ এই বাক্যশাৰীৰ পিছফালে লুকাই থকা অত্যাচাৰ, উৎপীড়নৰ অধ্যায়বোৰে উত্তৰ-পূৰ্বাঞ্চলৰ সেই নীৰৱ নাৰী কণ্ঠবোৰকো জগাই তুলিছিল, যিবোৰ সেনাৰ হাতত নিৰ্যাতিত হৈছিল। জাষ্টিছ জীৱন ৰেড্ডী কমিটীয়ে মণিপুৰৰ বহু অঞ্চলৰপৰা AFSPAক বাতিলৰ বাবে চৰকাৰক দিয়া পৰামৰ্শৰ বিপৰীতে ইউ পি এ চৰকাৰ আছিল নীৰৱ আৰু প্ৰতিক্ৰিয়াশীল। ৰাষ্ট্ৰযন্ত্ৰই নিজৰ সুৰক্ষাৰ নামতে এনে এক ব্যৱস্থা গঢ়ি ৰাখিছিল যে কেন্দ্ৰীয় চৰকাৰে কেৱল এখন ৰাজ্যৰপৰা AFSPAক বাতিল কৰিব নোৱাৰে। যিহেতু স্পৰ্শকাতৰ বিষয় হিচাপে জম্মু-কাশ্মীৰ সদায়ে ৰাষ্টৰ বাবে প্ৰাথমিক ৰাজনৈতিক সমীকৰণ। Extra-judicial Executive Victim Families Association আৰু Human Right Alert ৰ মতে ফেক এনকাউণ্টাৰৰ নামত ১৯১৭ চনৰপৰা ২০১২ চনলৈ মণিপুৰত ১,৫২৮ জনৰ হত্যা হয়। শৰ্মিলাৰ অনশন দাঁতিকাষৰীয়া ৰাজ্যবোৰৰ লগতে অসমৰ বাবেও এক ৰাজনৈতিক বাস্তৱ। বাস্তৱ এইবাবেই যে সেনাৰ সন্ত্ৰাসে অসমৰ এক দীৰ্ঘ অধ্যায়ৰ বহু প্ৰশ্নৰ উত্তৰ দিবলৈ আজিও সক্ষম হোৱা নাই। আলফা দমনৰ নামত অপাৰেশ্বন বজৰংগ, ৰাইনোৰ মাধ্যমত আৰু বহু সন্ত্ৰাসৰ জন্ম দিয়া হ’ল। নিৰপৰাধী বহু লোকৰ হত্যা হ’ল। ঘুণীয়া হ’ল বহুজন, অসহায় বহু গাভৰু দলবদ্ধ বলাৎকাৰৰ বলি হ’ল, বহু মানসিক ট্ৰ’মাৰ চিকাৰ হ’ল। সংখ্যাবোৰ বাদেই দিলোঁ, মানৱ অধিকাৰ খৰ্ব হোৱা গাওঁবোৰৰ ইতিহাসে এতিয়াও সেয়ে প্ৰশ্ন কৰে প্ৰতিবাদৰ মাধ্যম আচলতে কি হোৱা উচিত__অস্ত্ৰ নে অনশন?

শৰ্মিলাৰ অনশন ভংগৰ প্ৰসংগও AFSPA আৰু মণিপুৰৰ ঊদ্ধৰ্ত, সেয়ে বহু প্ৰশ্ন উত্থাপন কৰিছে। সন্মুখলৈ অহা ডাঙৰ প্ৰশ্নটোৱে হৈছে মহাত্মা গান্ধীৰ অহিংস নীতিবোৰৰ আজিৰ তাৰিখত প্ৰাসংগিকতা কিমান? গান্ধীজীয়ে অনশনক ৰাজনৈতিক সংগ্ৰামৰ বিৰুদ্ধে এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। গান্ধী আছিল ৰাজনীতিৰে অংশ, কোনোদিনে তেওঁ বিচ্ছিন্নতাবাদী হোৱা নাছিল। স্বৰাজোত্তৰ কালত বহুতে গান্ধীৰ নীতিকে অনুকৰণ কৰি অনশনত বহিছিল। ১৯৫২ চনত পৃথক ৰাজ্য অন্ধ্ৰ প্ৰদেশৰ দাবীত পতি শ্ৰীৰামুলুৰ ৫৮ দিনৰ অনশন অথবা ২০১১ চনত জনলোকপালৰ দাবীত আন্না হাজাৰেৰ অনশনৰ প্ৰতি ৰাষ্ট্ৰ সৰৱ হৈছিল। দুয়োটা ঐতিহাসিক অনশনতে ব্যক্তিবিশেষৰ পিছফালে একো একোটা বৃহৎ আন্দোলন গঢ়ি তোলা হৈছিল। পিছলৈ সেইবোৰো অৱশ্যে ভিন্নমাত্ৰিক হৈ পৰিছিল। শৰ্মিলাৰ অনশন যদিও ব্যক্তিগত সিদ্ধান্ত আছিল, কিন্তু তেওঁৰ পিছফালে এক দৃঢ় আন্দোলন গঢ়ি তোলাৰ এক পূৰ্ণ সুযোগ আছিল, যুক্তিও আছিল। কেৱল মণিপুৰ কিয়__ সেনাৰ অত্যাচাৰৰ নিৰ্মম বলি হোৱা উত্তৰ-পূবৰ বাকীবোৰ ৰাজ্যতো তেনে পৃষ্ঠপোষকতাৰ প্ৰয়োজনীয়তা আছিল। অনশন এৰি সক্ৰিয় ৰাজনীতিলৈ আহিব খোজা শৰ্মিলাৰ ভাৱমূৰ্তিক ৰাষ্ট্ৰই এতিয়া যিমানেই সমালোচনা নকৰক, ১৬ বছৰৰ ত্যাগ কিন্তু সাধাৰণ নাছিল। ৰাষ্ট্ৰই অপাৰেচনৰ নামত, আইনৰ নামত আৰম্ভ কৰা সন্ত্ৰাসে কিমান দূৰলৈ ‘স্বাধীনতাৰ দাবী’ তোলাসকলক ৰুদ্ধ কৰিছে, সেয়া আজিৰ তাৰিখত গৌণ প্ৰশ্ন।

কিন্তু সংগ্ৰাম আৰু প্ৰতিবাদৰ অহিংস মাধ্যমবোৰৰ প্ৰতি ৰাষ্ট্ৰৰ অৱহেলাই অস্ত্ৰৰ প্ৰতি একোটা প্ৰজন্মক আকৰ্ষণ কৰাত ইন্ধন যোগায়। ই ৰাষ্ট্ৰব্যৱস্থা আৰু জনগণৰ মাজত বৰ্তি থকা গণতান্ত্ৰিক ভাৱধাৰাক সংকুচিত যে কৰে তাত কোনো সন্দেহ নাই। তাৰ পিছতো কোৱা হয় একোখন সংগ্ৰামৰ প্ৰকৃতি নিৰ্ভৰ কৰে প্ৰতিপক্ষৰ চৰিত্ৰৰ ওপৰত। পক্ষ আৰু প্ৰতিপক্ষৰ মাজত জনগণৰ ইচ্ছা-আকাংক্ষা আকৌ গৌণ হৈ পৰে। জনগণ কিন্তু দুয়োফালৰ পৰাই ক্ষতিগ্ৰস্ত হয়। তেওঁলোকে গান্ধী-গুৱেভাৰা কাৰোৰে চমু পৰিচয় নিবিচাৰে তেতিয়া। জনগণৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱাৰ প্ৰসংগয়ো সেই একে প্ৰশ্নই তোলে– কি পথ লোৱা উচিত— অস্ত্ৰ নে অনশন।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে