চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / বকুল – এখন অগতানুগতিক ছবি (সীমা ভূঞা)

বকুল – এখন অগতানুগতিক ছবি (সীমা ভূঞা)

‘কৃষ্ণচূড়াৰ দেশ’ত অলপতে বিয়পিল ‘বকুল’ৰ সুবাস৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিউ বিল্ডিংস্থিত কনফাৰেন্স হল হৈ পৰিছিল ‘বকুলে’ৰে আমোলমোল৷ প্ৰাণভৰি উপভোগ কৰিলোঁ ‘বকুল’৷ মাথোঁ দুদিনমানৰ আগতে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ত শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ৰীমা বৰা পৰিচালিত নতুন অসমীয়া ছবি ‘বকুল’৷ সাম্প্ৰতিক সময়ত নিৰ্মাণ হৈ থকা বহু স্থুল ৰুচিৰ, মছলাধৰ্মী চিনেমাৰ বিপৰীতে সূক্ষ্ম কলাসুলভ গুণেৰে সমৃদ্ধ এখন গভীৰ অৰ্থৱহ তথা অগতানুগতিক অসমীয়া ছবি উপভোগ কৰিবলৈ পাই সঁচাকৈয়ে অভিভূত হ’লোঁ৷ কাহিনী, সংলাপ, সংগীত, অভিনয়, কেমেৰা সকলোৰে সু-সমন্বয়ত ‘বকুলে’ পৰিপূৰ্ণতা লাভ কৰিছে৷ ছবিখনত অৰ্থৱহভাৱে ইংগিতধৰ্মীতাৰে প্ৰয়োগ কৰা সংগীতে কোনোবাখিনিত ভবেন্দ্ৰনাথ শইকীয়াৰ ছবিলৈ মনত পেলাই দিয়ে–এয়া মোৰ ব্যক্তিগত উপলব্ধি৷ জ্যোতিপ্ৰসাদৰ ‘আমাৰে সখীয়া আকুল বিয়াকুলে’ আৰু বীৰেন্দ্ৰনাথ দত্তৰ ‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’–ছবিখনত মাথোঁ এই দুটা গীত, অথচ কি চমৎকাৰ সংযোজন৷bokul1

সমাজৰ খাটি খোৱা নিম্ন শ্ৰেণীৰ লোকৰ জীৱন সংগ্ৰাম, বহিৰাগতৰ সমস্যা, নাৰীকেন্দ্ৰিক কেতবোৰ সমস্যা আদিকে ধৰি অসমৰ কেইবাটাও জ্বলন্ত সমস্যা ছবিখনত বাস্তৱ ৰূপত উপস্থাপিত হৈছে৷ মুম্বাইৰপৰা গাঁৱলৈ অহা ৰক্তিমৰ মুখত মুম্বাইৰপৰা প্লেনেৰে তাৰ থকা ঠাইলৈ মাথোঁ তিনি ঘণ্টাৰ বাট বুলি শুনি মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা বৃদ্ধজনে অবাক-বিস্ময়েৰে প্ৰশ্ন কৰিছে–প্লেনত আহি থােকাঁতে যদি কেনেবাকৈ শৌচ-প্ৰস্ৰাৱ লাগে, তেতিয়া কি হ’ব? ৰক্তিমে উত্তৰ দিছে–তাত সকলো ব্যৱস্থা আছে৷ লগে লগে বৃদ্ধই স্বগতোক্তি কৰাৰ দৰে কৰিছে–টকা থাকিলে মানুহে আকাশতো শৌচ-প্ৰস্ৰাৱ কৰিব পাৰে৷ কিন্তু, আমাৰ দৰে টকা নথকাবোৰে এমুঠি ভাতৰ বাবেই হাহাকাৰ কৰিব লাগে৷ তদুপৰি,কংক্ৰিটৰ পৃথিৱীখনত দুৰ্লভ হৈ পৰা কেতবোৰ দৃশ্যাংশৰ সাৰ্থক প্ৰয়োগে আমাৰ দৰে সাধাৰণ দৰ্শকক নষ্টালজিক কৰি তোলাটো স্বাভাৱিক৷ অসমীয়া সমাজত নিষিদ্ধ শব্দৰূপে প্ৰচলিত দুই-এটা শব্দৰ প্ৰয়োগ লক্ষ্যণীয়৷ ইয়ে ছবিখনক অধিক বাস্তৱধৰ্মী কৰি তুলিছে৷

ছবিখনত কষ্টেৰে জীৱন সংগ্ৰাম কৰি পৰিয়াল পোহপাল দিয়া ‘বকুল’ নামৰ পুৰুষ চৰিত্ৰটো যিদৰে পৰিস্থিতিৰ ওচৰত পৰাজিত হৈছে, তাৰ বিপৰীতে ‘বকুল’ নামৰ নাৰী চৰিত্ৰটো প্ৰতিবাদী আৰু সাহসী চৰিত্ৰলৈ উত্তৰণ ঘটিছে৷ কিশোৰী কালতেই নৰপিশাচৰ কামনাৰ বলি হৈ অবৈধ মাতৃত্বৰ বোজা লৈ নিজ পৰিয়ালৰপৰা বহিষ্কৃত হোৱা এই ‘বকুল’ নামৰ নাৰী চৰিত্ৰটোৱেই পৰৱৰ্তী সময়ত সমাজৰ অনিয়মবোৰৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ সবল আৰু সাহসী হৈ উঠিছে আৰু এই আশাবাদেৰেই ছবিখনৰো সামৰণি পৰিছে৷

বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকা, সংগীত শিল্পী ৰূপম ভূঞা, বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, গৱেষক তথা উপস্থিত অন্যান্য দৰ্শকে ছবিখন উপভোগ কৰি ৰীমা বৰাৰ লগতে অভিনয় কলা-কুশলী সকলোকে উচ্চ প্ৰশংসা কৰিছে৷ কিন্তু, দুৰ্ভাগ্যজনকভাৱে অৰ্থৰ অভাৱত এই ছবিখন চিনেমা গৃহত প্ৰদৰ্শন কৰিব পৰা নাই৷ অসমীয়া ছবি জগতৰ এই দুৰ্দিনত ‘বকুল’ৰ দৰে এখন ছবি নিৰ্মাণ কৰিবলৈ সাহস কৰাটো সঁচাকৈ সুখৰ বিষয় আৰু পৰিচালক ৰীমা বৰা নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে