চ’ৰাঘৰ / কথাশিল্প / বিচ্ছিন্ন অতীত (শিল্পীশিখা গগৈ)

বিচ্ছিন্ন অতীত (শিল্পীশিখা গগৈ)

ষ্টীলৰ কাঁহীখনৰ কাষটোত বাওঁহাতখনেৰে ধৰি সোঁহাতখনেৰে বাচন মজা, খাৰ লগা খেৰৰ সোপাটোৰে কাঁহীখন মাজোতে পটক পটককৈ শব্দ হ’ল৷ আপোনমনে বাচন মাজি থকা ৰুণুমীৰ মনটো শব্দটোৰ লগে লগে অতীতলৈ উৰা মাৰিব খুজিলে৷

অতীতৰ এসাগৰ সুখৰ নষ্টালজিয়াত বৰ্তমানৰ ৰুণুমীৰ অস্তিত্ব হেৰাই গ’ল৷ ক্ষন্তেকতে এই অতি চিনাকি, অতি আপোন শব্দটোৱে ৰুণুমীৰ কলিজাৰ এডোখৰ অধিকাৰ কৰি ল’লে৷ দীঘল ৰেলখনৰ ইঞ্জিনটোৰ পিছে পিছে ডবাবোৰ লানি লানিকৈ গৈ থকাৰ দৰে শৈশৱৰ কেতবোৰ স্মৃতিয়েও তাইৰ মনত দোলা দি যাব ধৰিলে…৷

সংসাৰৰ জঞ্জালত সোমোৱাৰ আগতে ৰুণুমীয়ে দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ নিশিকিলেও দৰিদ্ৰতাৰ এখন সঁচা ছবি দেখিছিল চকুৰ আগতে৷ সমনীয়া হিচাপে, চুবুৰীয়া হিচাপে দৰিদ্ৰতাৰ সৈতে মিতিৰালি পতা বাপুহঁতৰ তিনিওটা ককাই-ভাই আছিল তাইৰ বাবে আশ্চৰ্যকৰ৷ অনুকৰণপ্ৰিয় সৰল কিশোৰী ৰুণুমীৰ মনত বাপুহঁতে ভাত খাওঁতে হোৱা সেই কাঁহীৰ পটক পটক শব্দটো ৰৈ গৈছিল এটুকুৰা নষ্টালজিয়া হৈ৷ তাইৰ দৰে কাঁহীখন মাজোতে শব্দ হৈছিল নে নহৈছিল তাই ক’ব নোৱাৰে৷ কিন্তু গৰম গৰম ধেঁাৱা ওলাই থকা ভাত, আলুপিটিকা নতুবা পোৰা মাছেৰে সৈতে বাপুহঁতক ভাত বাঢ়ি দিওঁতে আৰু সিহঁতে টপালি পাৰি খাওঁতে হোৱা মুখৰ শব্দ, ভাতখিনি সানোতে হোৱা শব্দটোৱে ৰুণুমীৰ মনত কোনোবাই হাৰমোনিয়াম লৈ গান গাই থাকোতে তবলা সঙ্গত কৰাৰ দৰে অনুভৱ হৈছিল৷

এই শব্দটোৰ বাবেই এদিন তাই মাকক ষ্টীলৰ কাঁহীত ভাত খুজি জেউৰ ধৰিছিল৷ মাকে এটা দীঘলীয়া বক্তৃতা দিছিল ষ্টীলৰ কাঁহী ব্যৱহাৰৰ বিপক্ষে৷ ষ্টীলৰ বাচন ব্যৱহাৰ কৰিয়েই বাপুহঁত তাইতকৈ অনেক গুণে স্বাস্থ্যৱান হোৱাৰ যুক্তি দৰ্শাইছিল তাই৷ কিন্তু তাইৰ উৎসাহক তল পেলাই আলুপিটিকা, ধোঁৱা ওলাই থকা ভাত থকা সেই কাঁহীখনৰ পৰা বাহিৰ হোৱা নাছিল তাইৰ প্ৰিয় শব্দটো৷

ৰুণুমীয়ে খৰধৰকৈ কাঁহী-বাতিকেইটা ধুই অঁতাই চাংখনত মেলি দি পানীবোৰ নিৰহ হ’বলৈ দিলে৷ এটা সাধাৰণ শব্দই তাইৰ আজি অতদিনে বন্ধ হৈ থকা স্মৃতিৰ দুৱাৰখন খুলি মনৰ ভিতৰখন অতীতৰ অলেখ সোঁৱৰণিৰ ঢৌৱে উত্তাল কৰি ৰাখিছে৷ বৰ্তমানক এক মায়াভৰা প্ৰহেলিকা হিচাপে গ্ৰহণ কৰিবলৈ শিকা এসময়ৰ সমৃদ্ধিশালী পৰিয়ালৰ ছোৱালী ৰুণুমীৰ বাবে বৰ্তমানৰ অতীতৰ সৌষ্ঠৱ কেৱল সোঁৱৰণি৷

অতীতৰ ধনে-ধানে নদন-বদন ঘৰ এখনৰ ঠাইত তাই ভাগ্যৰ পৰিহাসত এতিয়া পাইছে কেৱল খোৱাৰ বাবেই চিন্তা কৰি দিনটোৰ সৰহভাগ সময় কটাবলগা হোৱা ঘৰ এখন৷ দুটা ল’ৰা-ছোৱালীৰ সৈতে গিৰীয়েক নোেহাৱা ঘৰখনত খোৱা-পিন্ধাৰ চিন্তা কৰিবলৈ দ্বিতীয় এটা মানুহ নাই৷ গতিকে তাই বাঢ়ি অহা ল’ৰা-ছোৱালীৰে সৈতে ঘৰখন নিয়াৰিকৈ চলাবলৈ কষ্ট স্বীকাৰ কৰিবৰ বাবে শাৰীৰিক-মানসিকভাৱে সচেতনতা অৱলম্বন কৰিবলগা হৈছে৷ এই হাঁহ-কুকুৰা, গৰু-ছাগলীৰে পূৰ্ণ সংসাৰখনৰ মাজত উশাহ সলাবলৈ সময় নোহোৱাকৈ ব্যস্ত হৈ থাকি তাইৰ নিজৰ কথা ভাবিবলৈ আহৰিয়েই নাপায়৷ পিছে আজি হঠাতে এটা সাধাৰণ শব্দই মনত উখল-মাখলৰ সৃষ্টি কৰা ৰুণুমীজনীৰ মনলৈ হাঁহজাকৰ পেতপেতনিত হঠাতে বাস্তৱৰ ব্যস্ততা নামি আহিল৷
টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে চকু-মুখ মোহাৰি পশ্চিম আকাশত লহিয়াবলৈ ধৰা বেলিটো দেখি ৰুণুমীয়ে খৰধৰকৈ নিত্যকৰ্ম কৰিবলৈ আগবাঢ়িল৷ গাইজনী গোহালিত বান্ধি, হাঁহ-কুকুৰাকেইটা গঁড়ালত সোমাল নে নাই ভালকৈ চাই, ছাগলী গড়ালটোৰ জপনাখন ভালদৰে দি, চাকিকেইটাত তেল ভৰাই ঠিক কৰিলে৷ ৰাতিলৈ ব্যৱহাৰ কৰিবৰ বাবে কলৰ পৰা পানী এবাল্টিও আনি থ’লে৷

সম্পূৰ্ণ যান্ত্ৰিকতাৰে এই নৈমিত্তিক কৰ্মখিনি কৰি ৰুণুমী আখল ঘৰত সোমাল৷ আনদিনাৰ দৰে তাইৰ মনত আজি উৎসাহ নাই৷ আনকি ল’ৰা-ছোৱালীকেইটাৰ লগত ‘তুমি চিত্ত বৃত্তি মোৰ’টো গাওঁতেও মনটোত কিবা অস্থিৰ ভাবে দোলা দি থকা যেন বোধ কৰিছে তাই৷ সদায় ৰান্ধি থকা ভাতখিনিও পেটপেটীয়া হৈছে ৷ অথচ ল’ৰা-ছোৱালীকেইটাই ঢিলা ভাত খাই ভালেই নাপায়৷ ক্ষন্তেকৰ বাবে ৰুণুমীৰ মনত সদায় ৰান্ধি থকা ভাতকেইটাও অতীতৰ গৰাহত সোমাই পৰা যেন বোধ হ’ল৷ ছেঃ, ভাতখিনিও তেনেই নষ্ট হ’ব এতিয়া৷ মুহূৰ্ততে তাইৰ অতীতটোলৈ খং উঠিল! খং উঠিল শব্দটোলৈকো, খং উঠিল নিজলৈকো৷ অতীতৰ আলসুৱা ৰুণুমীক কেতিয়াবাই বিসৰ্জন দিয়া সত্বেও, বিবেকক জয়ী কৰিব পাৰিলেও অতীতৰ ওচৰত তাই হাৰ মানিছে৷ তেনেতে ল’ৰাটোৱে– ‘‘মা ভোক লাগিছে, ভাত দে আকৌ” বুলি কোৱাতহে ওচৰতে ঢাৰিত বহি পঢ়ি থকা ডাঙৰ ছোৱালীজনীলৈ চকু গ’ল৷ ইতিমধ্যে তাই পীৰাখনত মূৰ থৈ টোপনিত লাল-কাল দিলে৷ তাইক গাত ধৰি জোকাৰি দিয়াত তেজ খাবলৈ পৰি থকা মহবোৰ কুণ-কুণাই উৰি গ’ল৷ দুজনীমানে তেজ খাই উৰিব নোৱাৰা হৈ মাটিত, বেৰত পৰি থকা দেখি হাতেৰে থপৰিয়াই ৰুণুমীয়ে সেইকেইজনীক মাৰি পেলালে৷

ল’ৰা-ছোৱালীকেইটাক ভাত বাঢ়ি যতনাই দি নিজেও খাবলৈ বহোঁতেই তাই পুনৰ পটক পটককৈ হোৱা শব্দটো শুনি বিচলিত হৈ উঠিল৷ চাৎকৰে তাইৰ তাহানি বাপুহঁতে ভাত খোৱাৰ দৃশ্যটো মনত পৰিল৷ শব্দটোৰ উৎস বিচাৰি তাই গম পালে, ডাঙৰ ছোৱালীজনীৰ কাঁহীখন৷ তাইৰ অন্তৰখনে কিবা এটা হেৰুওৱাৰ বেদনাত হাহাকাৰ কৰি উঠিল৷ আজি শব্দটো হোৱা মানেই সদায়ে হোৱা আৰু ইয়াকে হ’লে তাইৰ বাস্তৱ জীৱনটো সদায় আউল লগাটো নিশ্চিত৷ নাই নাই, তাই আজিয়েই মিকিক এখন নতুন কাঁহী দিব৷ এইবাৰ আৰু তাই অতীতৰ লগত সম্পৰ্কিত কোনো কথাকেই ইমান ঘনিষ্ঠভাৱে লগত থাকিবলৈ নিদিয়ে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে